< সামসঙ্গীত 27 >

1 যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; মই কাক ভয় কৰিম? যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, মই কাৰ বাবে ত্ৰাসযুক্ত হম?
Ti Dafidi. Olúwa ni ìmọ́lẹ̀ mi àti ìgbàlà mi; ta ni èmi yóò bẹ̀rù? Olúwa ni ibi ìsádi ẹ̀mí mi, ẹ̀rù ta ni yóò bà mí?
2 দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে, তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে।
Nígbà tí àwọn ènìyàn búburú kọjú ìjà sí mi láti jẹ ẹran-ara mi, àní àwọn ọ̀tá mi àti àwọn abínúkú mi, wọn yóò kọsẹ̀, wọn yóò sì ṣubú.
3 সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে, মোৰ হৃদয়ে ভয় নকৰিব; মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়, তেতিয়াও মই সাহসেৰে থাকিম।
Bí ọmọ-ogun tilẹ̀ yí mi ká tí wọ́n sì dìde sí mi, ọkàn mi kì yóò bẹ̀rù; bí ogun tilẹ̀ dìde sí mi, nínú èyí ni ọkàn mi yóò le.
4 যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ, মই তাকেই অন্বেষণ কৰিম: মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ, আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।
Ohun kan ni mo béèrè lọ́dọ̀ Olúwa, òhun ni èmi yóò máa wá kiri: kí èmi kí ó le wà ní ilé Olúwa ní ọjọ́ ayé mi gbogbo, kí èmi: kí ó le kíyèsi ẹwà Olúwa, kí èmi kí ó sì máa wà ní tẹmpili rẹ̀.
5 আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব, নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব; তেওঁ মোক শিলৰ ওপৰত তুলি থব।
Nítorí pé ní ìgbà ìpọ́njú òun yóò pa mí mọ́ nínú àgọ́ rẹ̀; níbi ìkọ̀kọ̀ àgọ́ rẹ̀ ni òun yóò pa mí mọ́; yóò sì gbé mi sókè lórí àpáta.
6 যি শত্রুবোৰে মোক চাৰিওফালে বেৰি ধৰিছে, তেওঁলোকতকৈ মোৰ মূৰ উন্নত হব; মই তেওঁৰ তম্বুত আনন্দ জয়ধ্বনিৰে বলি উৎসৰ্গ কৰিম। মই যিহোৱাৰ উদ্দেশ্যে গীত-গান কৰিম!
Ní ìsinsin yìí, a ti gbé orí mi sókè ga ju ti àwọn ọ̀tá mi lọ tí ó yí mí ká; èmi yóò rú ẹbọ nínú àgọ́ rẹ, ẹbọ ariwo àti ti ayọ̀; èmi yóò kọrin àní orin dídùn sí Olúwa.
7 হে যিহোৱা, মই মাতিলে, তুমি শুনা। মোক কৃপা কৰা, মোক উত্তৰ দিয়া!
Gbọ́ ohùn mi nígbà tí ẹ̀mí bá à ń pè, Olúwa, ṣe àánú fún mi kí o sì dá mi lóhùn,
8 মোৰ হৃদয়ে তোমাৰ এই কথাকে ক’লে, “আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।” হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো।
Ọkàn mi wí pé, “Wá ojú u rẹ̀!” Ojú rẹ, Olúwa, ni ti èmí ń wá.
9 তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; ক্ৰোধত তুমি তোমাৰ দাসক দূৰ নকৰিবা। তুমিয়েই মোৰ সহায় হৈ আহিছা; হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা!
Má ṣe fi ojú rẹ pamọ́ kúrò lọ́dọ̀ mi, má ṣe fi ìbínú sá ìránṣẹ́ rẹ tì; ìwọ tí o ti jẹ́ olùrànlọ́wọ́ mi, Má ṣe fi mí sílẹ̀, má sì ṣe kọ̀ mí, háà! Ọlọ́run ìgbàlà mi.
10 ১০ মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।
Bí ìyá àti baba bá kọ̀ mí sílẹ̀, Olúwa yóò tẹ́wọ́ gbà mí.
11 ১১ হে যিহোৱা, মোৰ শত্রুবোৰৰ কাৰণে, তুমি মোক তোমাৰ পথ শিকোৱা; তুমি মোক সমান পথত চলোৱা।
Kọ́ mi ní ọ̀nà rẹ, Olúwa, kí o sì sìn mi lọ sí ọ̀nà tí ó tẹ́jú nítorí àwọn ọ̀tá mi.
12 ১২ মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা; কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে; তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে।
Má ṣe fi mí lé ìfẹ́ àwọn ọ̀tá mi lọ́wọ́, nítorí àwọn ẹlẹ́rìí èké ti dìde sí mi, wọ́n sì mí ìmí ìkà.
13 ১৩ মই বিশ্বাস কৰোঁ যে, জীৱিতসকলৰ দেশত মই যিহোৱাৰ মঙ্গল দেখা পাম!
Èmi ní ìgbàgbọ́ pé, èmi yóò rí ìre Olúwa ní ilẹ̀ alààyè.
14 ১৪ তুমি যিহোৱালৈ অপেক্ষা কৰা; সবল হোৱা; তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।
Dúró de Olúwa; kí ó jẹ alágbára, kí o sì mú ọkàn le àní dúró de Olúwa.

< সামসঙ্গীত 27 >