Preface
Read
+
Publisher
Nainoia, Inc.
PO Box 462, Bellefonte, PA 16823
(814) 470-8028
Nainoia Inc, Publisher
LinkedIn/NAINOIA-INC
Third Party Publisher Resources
Request Custom Formatted Verses
Please contact us below
Submit your proposed corrections
I understand that the Aionian Bible republishes public domain and Creative Commons Bible texts and that volunteers may be needed to present the original text accurately. I also understand that apocryphal text is removed and most variant verse numbering is mapped to the English standard. I have entered my corrections under the verse(s) below. Proposed corrections to the Assamese Bible, Psalms Chapter 27 https://www.AionianBible.org/Bibles/Assamese---Assamese-Bible/Psalms/27 1 ১) যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; মই কাক ভয় কৰিম? যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, মই কাৰ বাবে ত্ৰাসযুক্ত হম? 2 ২) দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে, তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে। 3 ৩) সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে, মোৰ হৃদয়ে ভয় নকৰিব; মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়, তেতিয়াও মই সাহসেৰে থাকিম। 4 ৪) যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ, মই তাকেই অন্বেষণ কৰিম: মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ, আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ। 5 ৫) আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব, নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব; তেওঁ মোক শিলৰ ওপৰত তুলি থব। 6 ৬) যি শত্রুবোৰে মোক চাৰিওফালে বেৰি ধৰিছে, তেওঁলোকতকৈ মোৰ মূৰ উন্নত হব; মই তেওঁৰ তম্বুত আনন্দ জয়ধ্বনিৰে বলি উৎসৰ্গ কৰিম। মই যিহোৱাৰ উদ্দেশ্যে গীত-গান কৰিম! 7 ৭) হে যিহোৱা, মই মাতিলে, তুমি শুনা। মোক কৃপা কৰা, মোক উত্তৰ দিয়া! 8 ৮) মোৰ হৃদয়ে তোমাৰ এই কথাকে ক’লে, “আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।” হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো। 9 ৯) তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; ক্ৰোধত তুমি তোমাৰ দাসক দূৰ নকৰিবা। তুমিয়েই মোৰ সহায় হৈ আহিছা; হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা! 10 ১০) মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব। 11 ১১) হে যিহোৱা, মোৰ শত্রুবোৰৰ কাৰণে, তুমি মোক তোমাৰ পথ শিকোৱা; তুমি মোক সমান পথত চলোৱা। 12 ১২) মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা; কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে; তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে। 13 ১৩) মই বিশ্বাস কৰোঁ যে, জীৱিতসকলৰ দেশত মই যিহোৱাৰ মঙ্গল দেখা পাম! 14 ১৪) তুমি যিহোৱালৈ অপেক্ষা কৰা; সবল হোৱা; তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা। Additional comments?
Refresh Captcha
The world's first Holy Bible un-translation!