< সামসঙ্গীত 27 >

1 যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; মই কাক ভয় কৰিম? যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, মই কাৰ বাবে ত্ৰাসযুক্ত হম?
上主是我的光明,我的救援,我還畏懼何人﹖ 上主是我生命穩固的保障,我還害怕何人﹖
2 দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে, তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে।
當惡人前來攻擊我,要吃我的肉時,我的對手,我的仇敵,反而跌倒斷氣。
3 সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে, মোৰ হৃদয়ে ভয় নকৰিব; মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়, তেতিয়াও মই সাহসেৰে থাকিম।
雖有大軍向我進攻,我的心毫不戰慄;雖然戰爭向我迫近,我依然滿懷依恃。
4 যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ, মই তাকেই অন্বেষণ কৰিম: মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ, আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।
我有一事祈求上主,我要懇切請求此事:使我一生的歲月,常居住在上主的殿裏,欣賞上主的甘飴慈祥,瞻仰上主聖所的堂皇。
5 আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব, নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব; তেওঁ মোক শিলৰ ওপৰত তুলি থব।
因為在我困難的時他日,祂將我藏在祂的帳棚裏;將我藏在祂帳幕的深處,並將我高舉放在磐石。
6 যি শত্রুবোৰে মোক চাৰিওফালে বেৰি ধৰিছে, তেওঁলোকতকৈ মোৰ মূৰ উন্নত হব; মই তেওঁৰ তম্বুত আনন্দ জয়ধ্বনিৰে বলি উৎসৰ্গ কৰিম। মই যিহোৱাৰ উদ্দেশ্যে গীত-গান কৰিম!
現在我可昂首抬頭,卑視我周圍的仇人;我要在上主的帳幕裏,奉獻歡樂之祭,要向上主歡唱讚美的詩詞。
7 হে যিহোৱা, মই মাতিলে, তুমি শুনা। মোক কৃপা কৰা, মোক উত্তৰ দিয়া!
上主,求你俯聽我的呼號,上主,求你憐憫我,垂允我。
8 মোৰ হৃদয়ে তোমাৰ এই কথাকে ক’লে, “আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।” হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো।
論及你,我心中時常在想:你應該尋求祂的儀容。
9 তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; ক্ৰোধত তুমি তোমাৰ দাসক দূৰ নকৰিবা। তুমিয়েই মোৰ সহায় হৈ আহিছা; হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা!
求你不要向我掩住你的臉,你發怒時不要趕散你僕人。你向來就是我唯一的救援;救我的天主,不要棄我不管。
10 ১০ মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।
我的父母雖捨棄了我,然而上主卻收留了我。
11 ১১ হে যিহোৱা, মোৰ শত্রুবোৰৰ কাৰণে, তুমি মোক তোমাৰ পথ শিকোৱা; তুমি মোক সমান পথত চলোৱা।
上主,求你給我指示你的正路,為了我的仇敵,我踏上了坦途。
12 ১২ মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা; কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে; তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে।
求你不要將我交於仇人的私慾,因為殘暴的假見證來向我攻擊。
13 ১৩ মই বিশ্বাস কৰোঁ যে, জীৱিতসকলৰ দেশত মই যিহোৱাৰ মঙ্গল দেখা পাম!
我深信在此活人的地區,必定會享見上主的幸福。
14 ১৪ তুমি যিহোৱালৈ অপেক্ষা কৰা; সবল হোৱা; তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।
你要鼓起勇氣,期望上主!你要振作精神,期望上主!

< সামসঙ্গীত 27 >