< সামসঙ্গীত 118 >
1 ১ যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।
ALABAD á Jehová, porque es bueno; porque para siempre [es] su misericordia.
2 ২ ইস্ৰায়েলে কওঁক, “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।”
Diga ahora Israel: Que para siempre [es] su misericordia.
3 ৩ হাৰোণৰ বংশই কওঁক, “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।”
Diga ahora la casa de Aarón: Que para siempre [es] su misericordia.
4 ৪ যিহোৱালৈ ভয় ৰাখোঁতাসকলে কওঁক, “তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।”
Digan ahora los que temen á Jehová: Que para siempre [es] su misericordia.
5 ৫ মই সঙ্কটৰ কালত যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ; যিহোৱাই মোক উত্তৰ দিলে আৰু এক বহল ঠাইত থলে।
Desde la angustia invoqué á JAH; y respondióme JAH, [poniéndome] en anchura.
6 ৬ যিহোৱা মোৰ পক্ষত আছে, মই ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে?
Jehová está por mí: no temeré lo que me pueda hacer el hombre.
7 ৭ মোক সহায় কৰিবলৈ যিহোৱা মোৰ পক্ষত আছে; গতিকে মই মোৰ বিৰোধীবোৰৰ পৰাজয় দেখা পাম।
Jehová está por mí entre los que me ayudan: por tanto yo veré [mi deseo] en los que me aborrecen.
8 ৮ মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল।
Mejor es esperar en Jehová que esperar en hombre.
9 ৯ অধিপতিসকলৰ ওপৰত ভাৰসা ৰখাতকৈ, যিহোৱাত আশ্ৰয় লোৱাই ভাল।
Mejor es esperar en Jehová que esperar en príncipes.
10 ১০ সমুদায় জাতিয়ে মোক আগুৰি ধৰিলে; মই যিহোৱাৰ অধিকাৰেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।
Todas las gentes me cercaron: en nombre de Jehová, que yo los romperé.
11 ১১ তেওঁলোকে মোক আগুৰি ধৰিলে, হয়, মোক আগুৰি ধৰিলে; মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।
Cercáronme y asediáronme: en nombre de Jehová, que yo los romperé.
12 ১২ তেওঁলোকে মৌ-মাখিৰ দৰে মোক বেৰি ধৰিলে; কাঁইটীয়া বনৰ জুইৰ দৰে ততালিকে তেওঁলোক নুমাই গ’ল; মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।
Cercáronme como abejas; fueron apagados como fuegos de espinos: en nombre de Jehová, que yo los romperé.
13 ১৩ মই যেন পৰি যাও, তাৰ বাবে তেওঁলোকে মোক জোৰকৈ ঠেলা মাৰিছিল, কিন্তু যিহোৱাই মোক সহায় কৰিলে।
Empujásteme con violencia para que cayese: empero ayudóme Jehová.
14 ১৪ যিহোৱা মোৰ বল আৰু প্রবল শক্তি; তেঁৱেই মোৰ পৰিত্ৰাণ হ’ল।
Mi fortaleza y mi canción es JAH; y él me ha sido por salud.
15 ১৫ ধাৰ্মিকসকলৰ তম্বুত বিজয়ৰ আনন্দপূর্ণ ধ্বনি হ’ল; “যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে।”
Voz de júbilo y de salvación hay en las tiendas de los justos: la diestra de Jehová hace proezas.
16 ১৬ যিহোৱাৰ সোঁ-হাত উত্তোলিত হ’ল; যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে।
La diestra de Jehová sublime: la diestra de Jehová hace valentías.
17 ১৭ মোৰ মৃত্যু নহ’ব, কিন্তু মই জীয়াই থাকিম, আৰু যিহোৱাই কৰা কাৰ্যবোৰ ঘোষণা কৰিম।
No moriré, sino que viviré, y contaré las obras de JAH.
18 ১৮ যিহোৱাই মোক বৰকৈ শাস্তি দিলে; কিন্তু তেওঁ মোক মৃত্যুৰ হাতত শোধাই নিদিলে।
Castigóme gravemente JAH: mas no me entregó á la muerte.
19 ১৯ মোলৈ ধাৰ্মিকতাৰ দুৱাৰবোৰ মুকলি কৰি দিয়া, যাতে সেইবোৰৰ ভিতৰত সোমাই মই যিহোৱাৰ ধন্যবাদ কৰিব পাৰোঁ।
Abridme las puertas de la justicia: entraré por ellas, alabaré á JAH.
20 ২০ এয়াই যিহোৱাৰ দুৱাৰ; ইয়াৰ মাজেদিয়েই ধাৰ্মিকসকল সোমায়।
Esta puerta de Jehová, por ella entrarán los justos.
21 ২১ মই তোমাৰ ধন্যবাদ কৰোঁ; কিয়নো তুমি মোক উত্তৰ দিলা; তুমি মোৰ পৰিত্ৰাণ থ’লো।
Te alabaré, porque me has oído, y me fuiste por salud.
22 ২২ ঘৰ নির্মাণকাৰীসকলে যি শিলক অগ্ৰাহ্য কৰিলে, সেয়ে সকলোতকৈ দৰকাৰী চুকৰ প্ৰধান শিল হৈ উঠিল।
La piedra que desecharon los edificadores, ha venido á ser cabeza del ángulo.
23 ২৩ এইয়া যিহোৱাৰেই কার্য, আমাৰ দৃষ্টিত অতি আচৰিত লাগে।
De parte de Jehová es esto: es maravilla en nuestros ojos.
24 ২৪ এয়ে সেই দিন, যি দিন যিহোৱাই নিৰূপণ কৰিলে; আহাঁ, আমি এই দিনত আনন্দ কৰোঁ আৰু উল্লাস কৰোঁ।
Este es el día que hizo Jehová: nos gozaremos y alegraremos en él.
25 ২৫ হে যিহোৱা, মিনতি কৰোঁ, তুমি আমাক ৰক্ষা কৰা! হে যিহোৱা, আমি তোমাক মিনতি কৰোঁ, সফলতা দান কৰা! শুভ কৰা।
Oh Jehová, salva ahora, te ruego: oh Jehová, ruégote hagas prosperar ahora.
26 ২৬ ধন্য সেইজন, যি জন যিহোৱাৰ নামেৰে আহিছে; আমি যিহোৱাৰ গৃহৰ পৰা তোমালোকক আশীর্বাদ কৰিছোঁ।
Bendito el que viene en nombre de Jehová: desde la casa de Jehová os bendecimos.
27 ২৭ যিহোৱাই ঈশ্বৰ আৰু তেঁৱেই আমাক দীপ্তি দিলে; তোমালোকে বলিৰ পশুবোৰ ৰছীৰে যজ্ঞবেদীৰ শিঙলৈকে বান্ধা।
Dios es Jehová que nos ha resplandecido: atad víctimas con cuerdas á los cuernos del altar.
28 ২৮ তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ ধন্যবাদ কৰিম; তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ মহিমা কীর্তন কৰিম।
Mi Dios eres tú, y á ti alabaré: Dios mío, á ti ensalzaré.
29 ২৯ তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; তেওঁৰ অসীম প্রেম চিৰকাললৈকে থাকে।
Alabad á Jehová porque es bueno; porque para siempre [es] su misericordia.