< প্রবচন 14 >

1 জ্ঞানৱতী মহিলাই নিজৰ ঘৰ নিৰ্মাণ কৰে; কিন্তু অজ্ঞানী মহিলাই নিজৰ হাতেৰে তাক ভাঙি পেলায়।
Mkazi wanzeru amamanga banja lake, koma mkazi wopusa amalimasula ndi manja ake omwe.
2 যি জনে সৰল পথত চলে, তেওঁ যিহোৱাক ভয় কৰে; কিন্তু যি জনে নিজৰ পথত সত্যতাৰে নচলে সেইজনে তেওঁক হেয়জ্ঞান কৰে।
Amene amayenda molungama amaopa Yehova, koma amene njira zake ndi zoyipa amanyoza Yehova.
3 অজ্ঞানীলোকৰ মুখৰ পৰা তেওঁৰ অহঙ্কাৰৰ অঙ্কুৰ ওলাই; কিন্তু জ্ঞানীলোকৰ ওঁঠে সেইবোৰ সংৰক্ষিত কৰে।
Kuyankhula kwa chitsiru kumamuyitanira ndodo pa msana, koma milomo ya munthu wanzeru imamuteteza.
4 য’ত গৰু নাথাকে তাত দানা পাত্ৰ নিকা হৈ থাকে; কিন্তু ষাঁড় গৰুৰ বলেৰে অধিক শস্য উৎপন্ন হয়।
Pakasowa ngʼombe zolima gome limakhala lopanda chakudya, koma pakakhala ngʼombe zamphamvu zakudya zimachulukanso.
5 বিশ্বাসী সাক্ষীয়ে মিছা কথা নকয়; কিন্তু মিছা সাক্ষীয়ে মিছা কথাকেহে কয়।
Mboni yokhulupirika sinama, koma mboni yonyenga imayankhula zabodza.
6 নিন্দক লোকে প্ৰজ্ঞা বিচাৰিলে তাক নাপায়; কিন্তু বুদ্ধিমানৰ পক্ষে জ্ঞান সুলভ হয়।
Wonyoza anzake amafunafuna nzeru koma osayipeza, koma munthu womvetsa bwino amadziwa zinthu msanga.
7 অজ্ঞানী লোকৰ পৰা আঁতৰি থাকা; কাৰণ তেওঁৰ মুখত জ্ঞানৰ কথা বিচাৰি নাপাবা।
Khala kutali ndi munthu wopusa chifukwa sudzapeza mawu a nzeru.
8 নিজৰ পথ বুজি পোৱাই দূৰদৰ্শীসকলৰ প্রজ্ঞা; কিন্তু অজ্ঞানীলোকৰ অজ্ঞানতাই প্ৰবঞ্চনা মাথোন।
Nzeru za munthu wochenjera zagona pakuzindikira njira zake. Koma uchitsiru wa zitsiru umapusitsidwa ndi chinyengo chawo chomwe.
9 দোষাৰ্থক বলি উৎসৰ্গ কৰোঁতে অজ্ঞানীলোকে নিন্দা কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ মাজত অনুগ্ৰহ থাকে।
Zitsiru zimanyoza za kulapa machimo, awo, koma kufuna kwabwino kumapezeka mwa anthu olungama.
10 ১০ হৃদয়ে নিজৰ বেদনা নিজে বুজি পায়; কিন্তু অচিনাকী লোকে সেই আনন্দত ভাগ ল’ব নোৱাৰে।
Mtima uliwonse umadziwa wokha zowawa zake, ndipo palibe wina aliyense angadziwe kukondwa kwake.
11 ১১ দুষ্টলোকৰ ঘৰ ধ্বংস কৰা হ’ব; কিন্তু ন্যায়পৰায়ণ লোকৰ তম্বু মঙ্গলে থাকিব।
Nyumba ya munthu woyipa idzapasuka, koma tenti ya munthu wowongoka mtima idzakhazikika.
12 ১২ কোনো কোনো পথ মানুহৰ দৃষ্টিত সৰল বোধ হয়; কিন্তু শেষত সেয়ে মৃত্যুৰ পথ।
Pali njira ina yooneka ngati yabwino kwa munthu, koma kumatsiriziro kwake ndi ku imfa.
13 ১৩ দুখৰ সময়তো হৃদয়ে হাঁহিব পাৰে, আৰু আনন্দ শেষত দুখলৈ পৰিণত হ’ব পাৰে।
Ngakhale poseka mtima utha kumva kuwawa, ndipo mathero achimwemwe akhoza kukhala chisoni.
14 ১৪ যি জন অবিশ্বাসী, তেওঁ নিজৰ আচৰণৰ ফল ভোগ কৰিব; কিন্তু ভাল লোকে তেওঁৰ যি আছে তাকেই পাব।
Munthu wosakhulupirika adzalandira zogwirizana ndi ntchito yake, koma munthu wabwino adzalandira mphotho ya ntchito yake.
15 ১৫ যি জন শিক্ষিত নহয়, তেওঁ সকলো বিশ্বাস কৰে; কিন্তু দূৰদৰ্শী লোকে নিজৰ খোজ চিন্তা কৰে।
Munthu wopusa amakhulupirira chilichonse, koma munthu wochenjera amaganizira bwino mayendedwe ake.
16 ১৬ জ্ঞানী লোকে ভয় কৰে আৰু বেয়াৰ পৰা আঁতৰি থাকে; কিন্তু অজ্ঞান লোকে দৃঢ়তাৰে সাৱধান বাণী অৱজ্ঞা কৰে।
Munthu wanzeru amaopa Mulungu ndipo amapewa zoyipa, koma munthu wopusa ndi wokula mtima amakhala wosasamala.
17 ১৭ ক্ষন্তেকতে খং উঠা লোকে অজ্ঞানীৰ দৰে কাম কৰে; আৰু যিজনে কু-কল্পনা কৰে তেওঁ ঘৃণনীয় হয়।
Munthu wopsa mtima msanga amachita zinthu za uchitsiru, ndipo anthu amadana ndi munthu wachinyengo.
18 ১৮ অশিক্ষিত লোকৰ মুৰ্খতা বংশানুক্রমে থাকে; কিন্তু দূৰদৰ্শী লোকসকল জ্ঞানেৰে পৰিপূৰ্ণ।
Anthu opusa amalandira uchitsiru, koma anthu ochenjera amavekedwa chipewa cha ulemerero wa kudziwa zinthu.
19 ১৯ যিসকল পাপী, তেওঁলোকে সৎ লোকৰ আগত প্রণিপাত কৰে; আৰু যিসকল দুষ্ট তেওঁলোকে ধাৰ্মিকলোকৰ দুৱাৰ ডলিত প্রণিপাত কৰে।
Anthu oyipa adzagwada pamaso pa anthu abwino, ndipo anthu oyipa adzapempha thandizo kwa anthu olungama.
20 ২০ দৰিদ্ৰ লোকক তেওঁলোকৰ নিজৰ সঙ্গীয়েই ঘৃণা কৰে; কিন্তু ধনী লোকৰ অনেক বন্ধু থাকে।
Munthu wosauka ngakhale anansi ake omwe amamuda, koma munthu wolemera ali ndi abwenzi ambiri.
21 ২১ যি জনে চুবুৰীয়াক হেয়জ্ঞান কৰে, তেওঁ পাপ কৰে; কিন্তু যি জনে দৰিদ্ৰ লোকক দয়া কৰে, তেওঁ অনন্দিত হয়।
Wonyoza mnansi wake ndi wochimwa koma ndi wodala amene amachitira chifundo anthu osowa.
22 ২২ যি সকলে বেয়া পৰিকল্পনা কৰে, তেওঁলোক জানো বিপথগামী নহয়? কিন্তু যি সকলে মঙ্গল কল্পনা কৰে, তেওঁলোক বিশ্বস্ততা আৰু বিশ্বাসযোগ্য চুক্তি গ্রহণ কৰিব।
Kodi amene amakonzekera zoyipa sasochera? Koma amene amakonzekera zabwino anthu amawaonetsa chikondi ndi kukhulupirika.
23 ২৩ সকলো কঠিন পৰিশ্ৰমৰ দ্বাৰাই লাভ হয়; কিন্তু যেতিয়া কেৱল আলোচনা হয়, তেতিয়া দৰিদ্রতালৈ আগবাঢ়ি যায়।
Ntchito iliyonse imakhala ndi phindu, koma kuyankhulayankhula kumabweretsa umphawi.
24 ২৪ জ্ঞানী লোকসকলৰ সম্পত্তি তেওঁলোকৰ মুকুট; কিন্তু অজ্ঞানীৰ মূৰ্খতাই কেৱল অধিক মূৰ্খতাহে আনে।
Chipewa chaulemu cha anthu a nzeru ndi chuma chawo chomwe, koma malipiro a zitsiru ndi uchitsiru.
25 ২৫ সত্যবাদী সাক্ষীয়ে জীৱন ৰক্ষা কৰে; কিন্তু মিছা সাক্ষীয়ে মিছা কথা কয়।
Mboni yokhulupirika imapulumutsa miyoyo, koma mboni yabodza imaphetsa.
26 ২৬ যিহোৱাক ভয় কৰাই দৃঢ়-বিশ্বাস, আৰু এয়ে তেওঁৰ সন্তান সকলৰ বাবে আশ্ৰয় স্থল হ’ব।
Amene amaopa Yehova ali ndi chitetezo chokwanira ndipo iye adzakhala pothawira pa ana ake.
27 ২৭ যিহোৱালৈ ভয় ৰখাই জীৱনৰ ভুমুক-স্বৰূপ, ইয়াৰে কোনো এজনে মৃত্যুৰ ফান্দৰ পৰা আঁতৰি থাকিব পাৰিব।
Kuopa Yehova ndiye kasupe wamoyo, kumathandiza munthu kuti apewe msampha wa imfa.
28 ২৮ ৰজাৰ গৌৰৱ অধিক সংখ্যক প্ৰজাত বিচাৰি পোৱা যায়; কিন্তু প্ৰজা অবিহনে ৰজা ধ্বংস হয়।
Gulu lalikulu la anthu ndiye ulemerero wa mfumu, koma popanda anthu kalonga amawonongeka.
29 ২৯ ধৈৰ্যশীল লোকৰ বিবেচনা শক্তি অধিক; কিন্তু বেগাই খং উঠা লোকে নিজৰ মুৰ্খতা প্রকাশ কৰে।
Munthu wosapsa mtima msanga amamvetsa zinthu kwambiri, koma munthu wopsa mtima msanga amaonetsa uchitsiru wake.
30 ৩০ শান্ত হৃদয় শৰীৰৰ বাবে জীৱন স্বৰূপ; কিন্তু ঈৰ্ষা হাড়ৰ ক্ষয়স্বৰূপ।
Mtima wodekha umapatsa thupi moyo, koma nsanje imawoletsa mafupa.
31 ৩১ যি লোকে দৰিদ্ৰক অত্যাচাৰ কৰে, তেওঁ নিজৰ সৃষ্টিকৰ্ত্তাক শাও দিয়ে; কিন্তু যি জনে অভাৱীলোকক দয়া কৰে, তেওঁ তেওঁক সন্মান কৰে।
Amene amapondereza mʼmphawi amanyoza mlengi wake, koma wochitira chifundo munthu wosowa amalemekeza Mulungu.
32 ৩২ দুষ্ট লোক নিজৰ কু-কৰ্মৰ দ্বাৰাই পতিত হয়; কিন্তু ধাৰ্মিক লোকে মৃত্যুতো আশ্ৰয় পায়।
Anthu oyipa adzakanthidwa chifukwa cha ntchito zawo zomwe, koma olungama adzatetezedwa mwa imfa yawo.
33 ৩৩ প্রজ্ঞা হৃদয়ৰ সক্ষ্মদর্শীতাত প্রতিষ্ঠিত হয়; কিন্তু অজ্ঞানীলোক সকলৰ মাজতো তেওঁ নিজকে প্রকাশ কৰে।
Nzeru zimakhala mu mtima mwa anthu omvetsa zinthu, koma nzeru sipezeka mu mtima mwa zitsiru.
34 ৩৪ সৎ কাৰ্য কৰা দ্বাৰাই দেশৰ উন্নতি হয়; কিন্তু পাপ যি কোনো লোকৰ বাবে কলঙ্কস্বৰূপ।
Chilungamo chimakweza mtundu wa anthu, koma uchimo umachititsa manyazi mtundu uliwonse.
35 ৩৫ জ্ঞানেৰে কাৰ্য কৰা দাসলৈ ৰজাৰ অনুগ্ৰহ থাকে; কিন্তু লজ্জাজনক কাম কৰা দাসলৈ তেওঁৰ ক্ৰোধ জন্মে।
Mfumu imasangalatsidwa ndi wantchito wanzeru, koma imachitira ukali wantchito wochititsa manyazi.

< প্রবচন 14 >