< প্রবচন 9 >

1 প্ৰজ্ঞাই নিজৰ গৃহ নিৰ্মাণ কৰিলে; তেওঁ শিলৰ পৰা সাতটা স্তম্ভ কাটিলে।
Nzeru inamanga nyumba yake; inayimika nsanamira zake zisanu ndi ziwiri.
2 তেওঁ ৰাতিৰ আহাৰৰ বাবে নিজৰ পশু আৰু দ্রাক্ষাৰস যুগুত কৰিলে; আৰু তেওঁ নিজৰ মেজ সজালে।
Inapha ziweto zake ndipo yasakaniza vinyo wake; inasakaniza vinyo wake ndi kuyala tebulo lake.
3 তেওঁ নিজৰ দাসীসকলক বাহিৰলৈ পঠাই নগৰৰ ওখ ঠাইৰ পৰা নিমন্ত্ৰণ কৰিলে।
Nzeruyo inatuma adzakazi ake, kuti akakhale pamwamba penipeni pa mzinda ndi kukalengeza kuti,
4 “যিসকল অশিক্ষিত, তেওঁলোক ইয়ালৈ আহক!” যিসকল জ্ঞানশূন্য তেওঁলোকক তেওঁ ক’লে,
“Aliyense amene ali munthu wamba, abwere kuno!” Kwa onse opanda nzeru inkanena kuti,
5 “আহাঁ, মোৰ আহাৰ ভোজন কৰা, আৰু মই মিহলাই থোৱা দ্ৰাক্ষাৰস পান কৰা।
“Bwerani, dzadyeni chakudya changa ndipo dzamweni vinyo amene ndakonza.
6 শিক্ষাবিহীন পথ এৰি জীৱন ধাৰণ কৰা, সুবিবেচনাৰ পথত চলা।
Lekani zopusa zanu kuti mukhale ndi moyo; yendani njira ya nzeru yomvetsa zinthu.”
7 যিজনে নিন্দক লোকক শিক্ষা দিয়ে, তেওঁ অপমান পায়, আৰু যিজনে দুষ্টক অনুযোগ কৰে, তেওঁ মনত আঘাত পায়।
Aliyense amene amayesa kukonza munthu wonyoza amadziputira minyozo; aliyense amene amadzudzula munthu woyipa amadetsa mbiri yake.
8 তুমি নিন্দক লোকক অনুযোগ নকৰিবা, কৰিলে তেওঁ তোমাক ঘিণ কৰিব; জ্ঞানী লোকক অনুযোগ কৰা, তেওঁ তোমাক প্ৰেম কৰিব।
Usadzudzule munthu wonyoza kuti angadzadane nawe; dzudzula munthu wanzeru ndipo adzakukonda.
9 জ্ঞানী লোকক শিক্ষা দিয়া, তেওঁ অধিক জ্ঞানী হ’ব; ধাৰ্মিক লোকক শিক্ষা দিয়া, তেওঁ শিক্ষাত বৃদ্ধি পাব।
Ukalangiza munthu wanzeru ndiye adzapitirira kukhala wanzeru; ukaphunzitsa munthu wolungama ndiye adzawonjezera kuphunzira kwake.
10 ১০ যিহোৱালৈ ভয় ৰখাই প্রজ্ঞাৰ আৰম্ভণ, আৰু পবিত্ৰজনাক জনাই সুবিবেচনা।
Kuopa Yehova ndiye chiyambi cha nzeru; kudziwa Woyerayo ndiko kukhala womvetsa bwino zinthu.
11 ১১ কিয়নো মোৰ দ্বাৰাই তোমাৰ আয়ুস বৃদ্ধি হ’ব, আৰু তোমাৰ জীৱনৰ বছৰবোৰ বাঢ়ি যাব।
Chifukwa cha ine nzeru, masiku ako adzachuluka, ndipo zaka za moyo wako zidzawonjezeredwa.
12 ১২ তুমি যদি জ্ঞানী, তেনেহ’লে তোমাৰ বাবেই তুমি জ্ঞানী, কিন্তু যদি তুমি নিন্দক, তেনেহ’লে তুমি অকলেই তাৰ ভাৰ ব’বা।”
Ngati ndiwe wanzeru, nzeru yakoyo idzakupindulitsa; ngati ndiwe wonyoza ena, udzavutika wekha.
13 ১৩ অজ্ঞানী মহিলা কোলাহলপূৰ্ণ- তেওঁ অশিক্ষিত, আৰু তেওঁ একো নাজানে।
Uchitsiru ndi mkazi waphokoso, wopulikira ndiponso wosadziwa zinthu.
14 ১৪ তেওঁ নিজৰ ঘৰৰ দুৱাৰত, আৰু নগৰৰ উচ্চ স্থানত বহে।
Iye amakhala pa mpando, pa khomo la nyumba yake, pamalo aatali a mu mzinda,
15 ১৫ যিসকলে সেই পথেৰে যায়, তেওঁলোকক মাতে; সেই লোকসকল নিজ পথত গৈ থাকিলেও তেওঁ মাতে,
kuti aziyitana anthu ongodutsa, amene akunka nayenda njira zawo.
16 ১৬ “যিসকলে শিক্ষা পোৱা নাই, তেওঁলোক ইয়ালৈ আহক!” যিসকল জ্ঞানশূন্য, তেওঁলোকক তেওঁ কয়,
Amati, “Onse amene ndi anthu wamba abwere kuno,” ndipo kwa wopanda nzeru amati,
17 ১৭ “চুৰ কৰা পানী মিঠা, আৰু গুপুতে খোৱা আহাৰ অতি সুস্বাদু।”
“Madzi akuba ndiye amatsekemera; chakudya chodya mobisa ndi chokoma!”
18 ১৮ কিন্তু মৃত্যু যে তাত আছে, আৰু তেওঁৰ অতিথি সকল যে চিয়োলৰ গভীৰ ঠাইত আছে, সেই কথা তেওঁ নাজানে। (Sheol h7585)
Koma amunawo sadziwa kuti akufa ali kale komweko, ndi kuti alendo ake alowa kale mʼmanda akuya. (Sheol h7585)

< প্রবচন 9 >