< ইসাইয়া 36 >
1 ১ ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চতুৰ্দ্দশ বছৰত, অচুৰৰ ৰজা চনহেৰীবে, গড়েৰে আবৃত যিহূদাৰ সকলো নগৰবোৰ আক্রমন কৰে আৰু সেইবোৰ অধিকাৰ কৰে।
En el año catorce del rey Ezequías, Senaquerib, rey de Asiria, atacó todas las ciudades fortificadas de Judá y las capturó.
2 ২ তাৰ পাছত ৰজা অচূৰীয়াই লাখীচৰ পৰা ৰবচাকিক বহুতো সৈন্যসামন্তই সৈতে যিৰূচালেমলৈ, ৰজা হিষ্কিয়াৰ ওচৰলৈ পঠালে। তেওঁ ধোবা-ঘাটলৈ যোৱা ৰাজ আলিৰ ওপৰত থকা পুখুৰীৰ নলাৰ ওচৰ চাপি তাৰ কাষত থিয় হ’ল।
El rey de Asiria envió a Rabsaces desde Laquis a Jerusalén al rey Ezequías con un gran ejército. Se paró junto al acueducto del estanque superior en la carretera del campo del batán.
3 ৩ তাতে হিল্কিয়াৰ পুত্ৰ ৰজাৰ ঘৰগিৰী ইলিয়াকীম, ৰাজ লিখক চেবনা, আৰু ইতিহাস লিখক আচফৰ পুত্ৰ যোৱাহে তেওঁৰে সৈতে সাক্ষাৎ কৰিবলৈ ওলাই গ’ল।
Entonces salieron hacia él Eliaquim, hijo de Hilcías, que estaba al frente de la casa, y Sebna, el escriba, y Joah, hijo de Asaf, el registrador.
4 ৪ ৰবচাকিয়ে তেওঁলোকক ক’লে, “হিষ্কিয়াক কোৱা যে, মহাৰাজ অচূৰীয়াই এই কথা কৈছে, ‘তোমাৰ আত্মবিশ্বাসৰ উৎস কি?
Rabsaces les dijo: “Ahora dile a Ezequías: “El gran rey, el rey de Asiria, dice: “¿Qué confianza es ésta en la que confías?
5 ৫ তুমি কেৱল মূল্যহীন কথা কোৱা, তুমি কোৱা যে যুদ্ধৰ কাৰণে পৰামৰ্শ আৰু শক্তি আছে। এতিয়া তুমি কাৰ ওপৰত নির্ভৰ কৰা! মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ কোনে তোমাক সাহ দিলে?
Yo digo que tu consejo y tu fuerza para la guerra son sólo palabras vanas. ¿En quién confías ahora que te has rebelado contra mí?
6 ৬ চোৱা, তুমি সেই থেতেলা খোৱা মিচৰৰ নল- খাগৰিত ভাৰসা কৰিছা, কিন্তু মানুহে যদি তাত ভৰ দিয়ে, সেয়ে তেওঁৰ হাতত লাগি ধৰিব আৰু ই বিন্ধিব। মিচৰৰ ৰজা ফৰৌণৰ ওপৰত যি সকলে ভৰসা কৰে তেওঁলোকৰ সেই দৰেই হ’ব।
He aquí que tú confías en el bastón de esta caña cascada, en Egipto, que si un hombre se apoya en él, se le mete en la mano y lo atraviesa. Así es el Faraón, rey de Egipto, para todos los que confían en él.
7 ৭ কিন্তু যদি তোমালোকে মোক কোৱা, “আমি আমাৰ ঈশ্বৰ যিহোৱাত ভাৰসা কৰিছোঁ,” তেনেহ’লে যিজনে যিহোৱাৰ পবিত্র মন্দিৰ আৰু যজ্ঞ বেদিবোৰ গুচাই দিলে, আৰু যিহূদা আৰু যিৰূচালেমৰ লোকসকলক ক’লে, যিৰূচালেমৰ যজ্ঞ বেদিৰ সন্মুখত নিশ্চয়কৈ সেৱা কৰিব লাগিব, তেওঁ সেই হিষ্কিয়াই নহয় নে?”
Pero si me dicen: ‘Confiamos en Yahvé, nuestro Dios’, ¿no es aquel cuyos lugares altos y cuyos altares ha quitado Ezequías, y ha dicho a Judá y a Jerusalén: ‘Ante este altar adoraréis’?”
8 ৮ সেই কাৰণে, মই এতিয়া মোৰ প্ৰভু ৰজা অচূৰীয়াৰ পৰা অহা এটা ভাল প্রতিশ্রুতিত তোমাক বান্ধিব বিচাৰিছোঁ। যদি তুমি ঘোঁৰাত উঠিব পৰা দুই হাজাৰ মানুহ দিব পাৰা, তেনেহ’লে মই তোমাক দুই হাজাৰ ঘোঁৰা দিম।
Ahora, pues, hazle una promesa a mi amo el rey de Asiria, y yo te daré dos mil caballos, si eres capaz de poner jinetes en ellos.
9 ৯ তুমি মোৰ প্ৰভুৰ দাস সকলৰ মাজৰ সকলোতকৈ সৰু সেনাপতি এজনক কেনেকৈ প্রতিহত কৰিবা? তুমি ৰথ আৰু অশ্বাৰোহীৰ কাৰণে মিচৰত ভাৰসা কৰিছা!
¿Cómo, pues, puedes rechazar el rostro de un capitán del más pequeño de los siervos de mi amo, y poner tu confianza en Egipto para carros y jinetes?
10 ১০ মই জানো যিহোৱাৰ অবিহনে ইয়ালৈ আহি এই দেশৰ বিৰুদ্ধে যুদ্ধ কৰি ধ্বংস কৰিম? যিহোৱাই মোক ক’লে, “এই দেশ আত্রুমন কৰা আৰু ধ্বংস কৰা।”
¿Acaso he subido ahora sin Yahvé contra esta tierra para destruirla? Yahvé me dijo: “Sube contra esta tierra y destrúyela””.
11 ১১ তেতিয়া ইলিয়াকীম, চেবনা, আৰু যোৱাহে ৰবচাকিক ক’লে, “অনুগ্রহ কৰি, আপোনাৰ দাস সকলক অৰামীয়া ভাষাত কথা কওক, কাৰণ আমি অৰমীয়া বুজি পাওঁ। কিন্তু গড়ৰ ওপৰত থকা লোকসকলে শুনাকৈ ইব্ৰী ভাষাৰে আমাক কথা নক’ব।”
Entonces Eliaquim, Sebna y Joa dijeron a Rabsaces: “Por favor, habla a tus siervos en arameo, porque lo entendemos. No nos hables en la lengua de los judíos a oídos del pueblo que está en el muro”.
12 ১২ কিন্তু ৰবচাকিয়ে ক’লে, “মোৰ প্ৰভুৱে তোমাৰ প্ৰভু আৰু তোমাৰ ওচৰলৈ জানো মোক এই বোৰ কথা ক’বলৈ পঠাইছে? যি সকলে তোমালোকৰ সৈতে নিজৰ বিষ্ঠা খাবলৈ, আৰু নিজৰ প্রস্রাৱ পান কৰিবলৈ গড়ৰ ওচৰত বহি আছে, তেওঁলোকৰ ওচৰলৈ জানো মোক পঠোৱা নাই?
Pero Rabsaces dijo: “¿Acaso mi amo me ha enviado sólo a tu amo y a ti para decir estas palabras, y no a los hombres que se sientan en el muro, que comerán su propio estiércol y beberán su propia orina contigo?”
13 ১৩ তাৰ পাছত ৰবচাকিয়ে থিয় হৈ ইব্ৰী ভাষাৰে ডাঙৰ মাতেৰে চিঞৰি ক’লে, তোমালোকে মহান ৰজা অচূৰীয়া কথা শুনা।
Entonces Rabsaces se puso de pie y gritó en voz alta en el idioma de los judíos y dijo: “¡Oigan las palabras del gran rey, el rey de Asiria!
14 ১৪ ৰজাই এইদৰে কৈছে, হিষ্কিয়াক তোমালোকক প্রতাৰণা কৰিবলৈ নিদিবা; কাৰণ তেওঁৰ তোমালোকক ৰক্ষা কৰিব পৰা সমর্থ নাই।
El rey dice: ‘No se dejen engañar por Ezequías, porque no podrá liberarlos.
15 ১৫ “যিহোৱাই আমাক অৱশ্যে উদ্ধাৰ কৰিব, ৰজা অচূৰীয়াৰ হাতত এই নগৰ কেতিয়াও শোধাই নিদিয়ে, এই বুলি কৈ হিষ্কিয়াই তোমালোকক যিহোৱাত ভাৰসা নকৰাওক।
No dejes que Ezequías te haga confiar en Yahvé, diciendo: “Yahvé seguramente nos librará. Esta ciudad no será entregada a la mano del rey de Asiria”.
16 ১৬ তোমালোকে হিষ্কিয়াৰ কথা নুশুনিবা; কাৰণ অচূৰীয়া ৰজাই এইদৰে কৈছে, তোমালোকে মোৰ সৈতে সন্ধি কৰা, আৰু মোৰ ওচৰলৈ ওলাই আহাঁ। তেতিয়া তোমালোকৰ প্রতেক জনে নিজৰ দ্ৰাক্ষাগুটি, নিজৰ ডিমৰু গছৰ গুটি আৰু নিজৰ নাদৰ পানী খাবা
No escuchen a Ezequías, porque el rey de Asiria dice: “Hagan las paces conmigo y salgan a mi encuentro; y cada uno de ustedes coma de su vid, y cada uno de su higuera, y cada uno de ustedes beba las aguas de su cisterna;
17 ১৭ যেতিয়ালৈকে মই আহি তোমালোকৰ নিজৰ দেশৰ দৰে শস্য আৰু নতুন দ্ৰাক্ষাৰস থকা দেশ, অন্ন আৰু দ্ৰাক্ষাবাৰী থকা দেশলৈ তোমালোকক লৈ নাযাওঁ তেতিয়া লৈকে তোমালোকে এই দৰে কৰিবা।’
hasta que yo venga y los lleve a una tierra como la suya, una tierra de grano y de vino nuevo, una tierra de pan y de viñedos.
18 ১৮ ‘যিহোৱাই আমাক উদ্ধাৰ কৰিব বুলি’ হিষ্কিয়াই তোমালোকক নুভুলাওক। লোকসকলৰ কোনো এজন দেৱতাই জানো ৰজা অচূৰীয়াৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিছিল?
Cuídense de que Ezequías no los persuada diciendo: “Yahvé nos librará”. ¿Acaso alguno de los dioses de las naciones ha librado sus tierras de la mano del rey de Asiria?
19 ১৯ হমাতৰ আৰু অৰ্পদৰ দেৱতাবোৰ ক’ত? চফৰ্বয়িমৰ দেৱতাবোৰ ক’ত? তেওঁলোকে জানো মোৰ শক্তিৰ পৰা চমৰিয়াক উদ্ধাৰ কৰিছিল?
¿Dónde están los dioses de Hamat y de Arpad? ¿Dónde están los dioses de Sefarvaim? ¿Han librado a Samaria de mi mano?
20 ২০ সেই দেশবোৰৰ দেৱতাবোৰৰ মাজত এনে কোনো দেৱতা আছে নে যি মোৰ শক্তিৰ পৰা তেওঁৰ দেশ উদ্ধাৰ কৰিছিল, যিহোৱাই মোৰ শক্তিৰ পৰা যিৰূচালেম যেন উদ্ধাৰ কৰিব পাৰিব?
¿Quiénes son, entre todos los dioses de estas naciones, los que han librado su país de mi mano, para que Yahvé libere a Jerusalén de mi mano?”
21 ২১ কিন্তু লোকসকল মনে মনে থাকিল আৰু উত্তৰ নিদিলে; কাৰণ ৰজাৰ আজ্ঞা আছিল, “তেওঁক উত্তৰ নিদিবা।”
Pero ellos permanecieron en silencio y no dijeron nada en respuesta, porque la orden del rey era: “No le respondan”.
22 ২২ তাৰ পাছত হিষ্কিয়াৰ পুত্ৰ ৰজাৰ ঘৰগিৰী ইলিয়াকীম, ৰাজলিখক চেবনা, আৰু ইতিহাস লিখক আচফৰ পুত্র যোৱাহে নিজৰ কাপোৰ ফালি হিল্কিয়াৰ ওচৰলৈ আহি ৰবচাকিৰ কথা জনালে।
Entonces Eliaquim, hijo de Jilquías, que estaba al frente de la casa, y Sebna, el escriba, y Joah, hijo de Asaf, el registrador, vinieron a Ezequías con las ropas rasgadas y le contaron las palabras de Rabsaces.