< ইসাইয়া 35 >
1 ১ মৰুপ্রান্ত আৰু নিৰ্জন ঠাইবোৰ আনন্দিত হ’ব, আৰু গোলাপ ফুলৰ দৰে, মৰুভূমি ফুল ফুলিব আৰু প্ৰফুল্লিত হ’ব।
El desierto y la tierra seca se alegrarán. El desierto se alegrará y florecerá como una rosa.
2 ২ প্রচুৰ পৰিমানে ফুলিব, আনন্দ আৰু গানেৰে সৈতে উল্লাসিত হ’ব; লিবানোনৰ গৌৰৱ, কৰ্মিল আৰু চাৰোণৰ মহিমা তাক দিয়া হ’ব; তেওঁলোকে যিহোৱাৰ গৌৰৱ, আৰু আমাৰ ঈশ্বৰৰ জ্যোতি দেখিবলৈ পাব।
Florecerá abundantemente, y se regocijan incluso con alegría y cantos. La gloria del Líbano le será otorgada, la excelencia de Carmel y Sharon. Verán la gloria de Yahvé, la excelencia de nuestro Dios.
3 ৩ তোমালোকে দুৰ্ব্বল হাত সবল কৰা, আৰু কঁপা আঠু সুস্থিৰ কৰা।
Fortalecer las manos débiles, y hacer firmes las débiles rodillas.
4 ৪ ভয়াতুৰ মনৰ লোকক কোৱা, “শক্তিশালী হোৱা, ভয় নকৰিবা! চোৱা, তোমালোকৰ ঈশ্বৰ প্ৰতিকাৰৰ সৈতে, প্ৰতিফল দিবলৈ আহিব; তেওঁ আহিব আৰু তোমালোকক উদ্ধাৰ কৰিব।”
Dile a los que tienen un corazón temeroso: “¡Sé fuerte! No tengas miedo. He aquí que tu Dios vendrá con la venganza, el castigo de Dios. Él vendrá y te salvará.
5 ৫ তেতিয়া অন্ধসকলে চকুৰে দেখিব, আৰু কাণেৰে নুশুনাসকলে কাণেৰে শুনিব,
Entonces se abrirán los ojos de los ciegos, y los oídos de los sordos no se taparán.
6 ৬ সেই সময়ত খোৰাসকলে হৰিণীৰ দৰে জাঁপ মাৰিব, আৰু বোবাসকলৰ জিভাই গান গাব, কাৰণ মৰুভূমিৰ পৰা পানীৰ ভুমুক আৰু মৰুপ্রান্তৰত জুৰিবোৰ ওলাব।
Entonces el cojo saltará como un ciervo, y la lengua del mudo cantará; porque las aguas brotarán en el desierto, y arroyos en el desierto.
7 ৭ জলন্ত বালি গভীৰ জলাশয় হ’ব, আৰু খৰাং মাটি পানীৰ ভুমুক হ’ব; শিয়ালৰ বাসতিস্থান, য’ত এসময়ত সিহঁত শুইছিল, তাত নল খাগৰি আৰু কুঁহিলাৰ ঘাঁহনি হ’ব।
La arena ardiente se convertirá en un estanque, y la tierra sedienta manantiales de agua. La hierba con cañas y juncos estará en la morada de los chacales, donde se acuestan.
8 ৮ তাত থকা ৰাজপথবোৰ পবিত্ৰ পথ বুলি মতা হ’ব। সেই পথেদি কোনো অশুচি লোকে যাত্রা নকৰিব। কিন্তু যি সকলে ইয়াত অহা-যোৱা কৰিব তেওঁলোকৰ বাবেহে হ’ব, কোনো মূর্খব্যক্তি সেই পথত নাযাব।
Habrá una carretera, un camino, y se llamará “El Camino Santo”. Los impuros no pasarán por encima, sino que será para los que caminan en el Camino. Los tontos malvados no irán allí.
9 ৯ সেই ঠাইত সিংহ নাথাকিব, কোনো হিংস্র জন্তু তাত নাথাকিব, তাত সিহঁতক পোৱা নাযাব, কিন্তু উদ্ধাৰ পোৱা সকলে তাত অহা যোৱা কৰিব।
No habrá ningún león, ni ningún animal voraz subirá a ella. No se encontrarán allí; pero los redimidos caminarán allí.
10 ১০ যিহোৱাৰ মুক্তিপণ ঘূৰি আহিব, আৰু গীত গানেৰে সৈতে চিয়োনলৈ আহিব; তেওঁলোকৰ মুৰত চিৰস্থায়ী আনন্দৰ মুকুট হ’ব; উল্লাস আৰু আনন্দই তেওঁলোকক লগ ধৰিব; শোক আৰু হুমুনিয়াহ দূৰ হৈ যাব।
Entonces volverán los rescatados de Yahvé, y venir con el canto a Sión; y la alegría eterna estará sobre sus cabezas. Obtendrán alegría y gozo, y la pena y el suspiro huirán”.