< আদিপুস্তক 7 >
1 ১ তাৰ পাছত যিহোৱাই নোহক ক’লে, “তুমি আৰু তোমাৰ পৰিয়ালৰ সকলোৱে জাহাজত উঠাগৈ; কিয়নো মোৰ দৃষ্টিত এই কালৰ লোকসকলৰ মাজত কেৱল তুমিয়েই ধাৰ্মিক হৈ আছা।
Nígbà náà ni Olúwa wí fún Noa pé, “Wọ inú ọkọ̀ lọ ìwọ àti gbogbo ìdílé rẹ, nítorí ìwọ nìkan ni mo rí bí olódodo nínú ìran yìí.
2 ২ তুমি তোমাৰ লগত প্রতিবিধ শুচি পশুৰ মতা মাইকী সাতোটা সাতোটা আৰু অশুচি পশুৰ মতা মাইকী এযোৰ এযোৰ কৈ আনিবা।
Mú méje méje nínú àwọn ẹran tí ó mọ́, akọ àti abo, mú méjì méjì takọ tabo nínú àwọn ẹran aláìmọ́.
3 ৩ আকাশত উৰিফুৰা চৰাইবোৰৰো মতা মাইকী সাতোটা সাতোটা তোমাৰ লগত ল’বা; পৃথিৱীৰ ওপৰত সেইবোৰৰ বংশ জীয়াই ৰাখিবলৈ তুমি ইয়াকে কৰিবা।
Sì mú méje méje pẹ̀lú nínú onírúurú ẹyẹ, takọ tabo ni kí o mú wọn, wọlé sínú ọkọ̀ pẹ̀lú rẹ, kí á ba à lè pa wọ́n mọ́ láààyè ní gbogbo ayé.
4 ৪ সাত দিনৰ পাছত মই দিনে-ৰাতিয়ে চল্লিশ দিনলৈকে পৃথিবীৰ ওপৰত বৰষুণ বৰষাম আৰু মই সৃষ্টি কৰা সকলোবোৰ জীৱকুলকে পৃথিৱীৰ পৰা উচ্ছন্ন কৰিম।”
Nítorí ní ọjọ́ méje sí ìhín, èmi yóò rọ òjò sórí ilẹ̀ fún ogójì ọ̀sán àti ogójì òru, èmi yóò sì pa gbogbo ohun alààyè tí mo ti dá run kúrò lórí ilẹ̀.”
5 ৫ যিহোৱাৰ আজ্ঞা অনুসাৰে নোহে সকলোকে কৰিলে।
Noa sì ṣe ohun gbogbo tí Olúwa pàṣẹ fún un.
6 ৬ পৃথিৱীত জলপ্লাৱন হোৱাৰ সময়ত নোহৰ বয়স আছিল ছশ বছৰ।
Noa jẹ́ ọmọ ẹgbẹ̀ta ọdún nígbà tí ìkún omi dé sórí ilẹ̀.
7 ৭ জলপ্লাৱনৰ পৰা ৰক্ষা পাবৰ কাৰণে নোহ, তেওঁৰ ভাৰ্যা, তেওঁৰ পুত্ৰসকল আৰু তেওঁলোকৰ ভার্য্যাসকল জাহাজত উঠিল।
Noa àti ìyàwó rẹ̀ pẹ̀lú àwọn ọmọ rẹ̀ àti àwọn aya ọmọ rẹ̀ sì wọ inú ọkọ láti sá àsálà fún ìkún omi.
8 ৮ শুচি আৰু অশুচি পশু, চৰাই আৰু মাটিত বগাই ফুৰা সকলোবিধ জন্তুৰ
Méjì méjì ni àwọn ẹran tí ó mọ́ àti aláìmọ́, ti ẹyẹ àti ti gbogbo àwọn ẹ̀dá afàyàfà,
9 ৯ মতা মাইকী যোৰ যোৰকৈ নোহৰ ওচৰলৈ আহিল আৰু ঈশ্বৰে আজ্ঞা দিয়াৰ দৰে সেইবোৰ জাহাজত উঠিল।
akọ àti abo ni wọ́n wọlé pẹ̀lú Noa sínú ọkọ̀ bí Ọlọ́run ti pàṣẹ fún Noa.
10 ১০ সাত দিনৰ পাছত পৃথিৱীত জল-প্লাৱন হ’বলৈ ধৰিলে।
Lẹ́yìn ọjọ́ keje, ìkún omi sì dé sí ayé.
11 ১১ নোহৰ বয়স যেতিয়া ছশ বছৰ হৈছিল, সেই বছৰৰ দ্বিতীয় মাহৰ সোঁতৰ দিনৰ দিনা ভূগর্ভস্থৰ সকলো ভুমুক ফুটি পানী ওলাবলৈ ধৰিলে আৰু আকাশৰ খিড়িকিবোৰ মুকলি হ’ল।
Ní ọjọ́ kẹtàdínlógún oṣù kejì, tí Noa pé ọmọ ẹgbẹ̀ta ọdún, ni gbogbo ìsun ibú ya, fèrèsé ìṣàn omi ọ̀run sì ṣí sílẹ̀.
12 ১২ চল্লিশ দিন আৰু চল্লিশ ৰাতি পৃথিৱীত বৰষুণ হ’ল।
Òjò àrọ̀ìrọ̀dá sì rọ̀ fún ogójì ọ̀sán àti ogójì òru.
13 ১৩ যি দিনা বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে, সেই দিনা নোহ, তেওঁৰ ভাৰ্যা, তেওঁৰ তিনিজন পুত্র চেম, হাম, যেফৎ আৰু তিনিগৰাকী পুত্র-বোৱাৰী জাহাজত গৈ উঠিল।
Ní ọjọ́ tí ìkún omi yóò bẹ̀rẹ̀ gan an ni Noa àti Ṣemu, Hamu àti Jafeti pẹ̀lú aya Noa àti aya àwọn ọmọ rẹ̀ wọ inú ọkọ̀.
14 ১৪ তেওঁলোকৰ লগত বিধে বিধে সকলো বনৰীয়া পশু আৰু ঘৰচীয়া পশু, বিধে বিধে মাটিত বগাই ফুৰা সকলো প্ৰাণী আৰু সকলো বিধ চৰাই চিৰিকটিও উঠিল।
Wọ́n mú ẹranko igbó àti ohun ọ̀sìn ní onírúurú wọn, àwọn ẹ̀dá afàyàfà àti ẹyẹ àti àwọn ohun abìyẹ́ ni onírúurú wọn.
15 ১৫ শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণী এযোৰ এযোৰকৈ নোহৰ ওচৰলৈ আহি জাহাজত সোমাল।
Méjì méjì ni gbogbo ẹ̀dá tí ó ní èémí ìyè nínú wọlé pẹ̀lú Noa sínú ọkọ̀.
16 ১৬ ঈশ্বৰে তেওঁক যেনেদৰে আজ্ঞা দিছিল, সেই অনুসাৰে সকলো প্ৰাণীৰে মতা আৰু মাইকী জাহাজত সোমালগৈ; তাৰ পাছত যিহোৱাই জাহাজৰ দুৱাৰ বন্ধ কৰি দিলে।
Gbogbo wọ́n wọlé ní takọ tabo bí Ọlọ́run ti pàṣẹ fún Noa, Olúwa sì tì wọn mọ́ inú ọkọ̀.
17 ১৭ তাৰ পাছত চল্লিশ দিনলৈকে পৃথিবীৰ ওপৰত জলপ্লাৱনৰ পানী বাঢ়ি যাবলৈ ধৰিলে; পানী বাঢ়ি যোৱাত জাহাজখন মাটিৰ পৰা দাং খাই পানীত ওপঙি উঠিল।
Òjò náà sì rọ̀ ní àrọ̀ìrọ̀dá fún ogójì ọ̀sán àti ogójì òru, ọkọ̀ náà sì ń léfòó lórí omi, kúrò lórí ilẹ̀ bí omi náà ti ń pọ̀ sí i.
18 ১৮ পৃথিৱীৰ ওপৰত পানী বাঢ়ি বাঢ়ি গৈ থাকিল আৰু সোঁত প্রৱলৰূপে প্লাৱিত হোৱাত জাহাজখন পানীত ওপঙিবলৈ ধৰিলে।
Bí omi náà ti ń pọ̀ sí i, bẹ́ẹ̀ náà ni ọkọ̀ náà sì ń léfòó lójú omi.
19 ১৯ পৃথিবীৰ ওপৰত পানী কেৱল বাঢ়িয়েই থাকিল; সমুদায় আকাশৰ তলত থকা সকলো ওখ ওখ পৰ্ব্বত ডুব গ’ল।
Omi náà pọ̀ tó bẹ́ẹ̀ tí ó bo gbogbo àwọn òkè gíga tí ó wà lábẹ́ ọ̀run.
20 ২০ পাহাৰ-পর্ব্বতবোৰ ডুব গৈ পোন্ধৰ হাত ওপৰলৈকে পানী উঠিল।
Omi náà kún bo àwọn òkè, bí ìwọ̀n ìgbọ̀nwọ́ mẹ́ẹ̀ẹ́dógún.
21 ২১ পৃথিৱীৰ ওপৰত থকা সকলো জীৱিত প্রাণীৰে মৃত্যু হ’ল। চৰাই-চিৰিকতি, ঘৰচীয়া আৰু বনৰীয়া পশু, মাটিৰ ওপৰত জাক পাতি ঘূৰি ফুৰা কীট-পতঙ্গ আৰু সকলো মানুহৰেই মৃত্যু হ’ল।
Gbogbo ohun alààyè tí ó wà lórí ilẹ̀ parun: ẹyẹ, ohun ọ̀sìn, ẹranko igbó, àwọn ẹ̀dá afàyàfà àti ènìyàn.
22 ২২ শুকান মাটিৰ ওপৰত থকা সকলো প্রাণীৰে অর্থাৎ শ্বাস-প্রশ্বাস লৈ জীয়াই থকা আটাই প্ৰাণীৰে মৃত্যু হ’ল।
Gbogbo ohun tí ó wà lórí ìyàngbẹ ilẹ̀ tó ní èémí ìyè ní ihò imú wọn ni ó kú.
23 ২৩ এইদৰে পৃথিৱীৰ ওপৰি ভাগত থকা সকলো প্ৰাণীকে নিঃশেষ কৰা হ’ল - মানুহকে আদি কৰি ডাঙৰ ডাঙৰ পশু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰক উচ্ছন্ন কৰা হ’ল; কেৱল নোহ আৰু তেওঁৰ লগত যি সকল জাহাজত থাকিল সেইসকলহে জীয়াই থাকিল।
Gbogbo ohun alààyè tí ó wà lórí ilẹ̀ ayé ni a parẹ́: ènìyàn àti ẹranko, àwọn ohun tí ń rìn nílẹ̀, àwọn ẹyẹ ojú ọ̀run pátápátá ló ṣègbé. Noa àti àwọn tí ó wà pẹ̀lú rẹ̀ nínú ọkọ̀ ni ó ṣẹ́kù.
24 ২৪ এইদৰে পৃথিবীৰ ওপৰত এশ পঞ্চাশ দিনলৈকে জলপ্লাৱন হৈ আছিল।
Omi náà sì bo ilẹ̀ fún àádọ́jọ ọjọ́.