< আদিপুস্তক 10 >

1 নোহৰ পুত্ৰ চেম, হাম আৰু যেফতৰ বংশৰ বিৱৰণ এই: জলপ্লাৱনৰ পাছত তেওঁলোকৰ বহুতো সন্তান জন্ম হ’ল।
Èyí ni ìran àwọn ọmọ Noa: Ṣemu, Hamu àti Jafeti, tí àwọn náà sì bí ọmọ lẹ́yìn ìkún omi.
2 যেফতৰ সন্তানসকলৰ নাম গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক আৰু তীৰচ।
Àwọn ọmọ Jafeti ni: Gomeri, Magogu, Madai, Jafani, Tubali, Meṣeki àti Tirasi.
3 গোমৰৰ সন্তান সকল হ’ল অস্কিনজ, ৰীফৎ, আৰু তোগৰ্মা।
Àwọn ọmọ Gomeri ni: Aṣkenasi, Rifati àti Togarma.
4 যাবনৰ সন্তান সকল হ’ল ইলীচা, তৰ্চীচ, কিত্তীম আৰু দোদানীম।
Àwọn ọmọ Jafani ni: Eliṣa, Tarṣiṣi, Kittimu, àti Dodanimu.
5 যাবনৰ বংশৰ লোকসকলে সাগৰৰ কাষৰীয় অঞ্চল আৰু দ্বীপবোৰত বসবাস কৰিলে। তেওঁলোকৰ বংশধৰসকল বিভক্ত হৈ বিভিন্ন জাতি হ’ল আৰু প্রত্যেক জাতিৰ নিজস্ব ভাষা, গোষ্ঠী আৰু অঞ্চল হ’ল।
(Láti ọ̀dọ̀ àwọn wọ̀nyí ni àwọn tí ń gbé agbègbè tí omi wà ti tàn ká agbègbè wọn, gẹ́gẹ́ bí ẹ̀yà wọn, ìdílé wọn ní orílẹ̀-èdè wọn, olúkúlùkù pẹ̀lú èdè tirẹ̀).
6 হামৰ সন্তান সকলৰ নাম কুচ, মিচৰ, পূট, আৰু কনান।
Àwọn ọmọ Hamu ni: Kuṣi, Ejibiti, Puti àti Kenaani.
7 কুচৰ সন্তান সকল হ’ল চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা; ৰয়মাৰ সন্তান সকল হ’ল চিবা আৰু দদান।
Àwọn ọmọ Kuṣi ni: Seba, Hafila, Sabta, Raama, àti Sabteka. Àwọn ọmọ Raama ni: Ṣeba àti Dedani.
8 কুচৰ পুত্ৰৰ নাম নিম্ৰোদ; এই নিম্রোদ পৃথিবীত এজন মহা-পৰাক্ৰমী পুৰুষ হৈ উঠিছিল।
Kuṣi sì bí Nimrodu, ẹni tí ó di alágbára jagunjagun ní ayé.
9 যিহোৱাৰ সন্মুখত তেওঁ আছিল এজন পৰাক্ৰমী চিকাৰী। সেইবাবে তেওঁৰ তুলনা দি এই লোক-প্রবাদ আছে, “নিম্রোদৰ নিচিনা, যিহোৱাৰ সন্মুখতো এজন পৰাক্রমী চিকাৰী।”
Ó sì jẹ́ ògbójú ọdẹ níwájú Olúwa; nítorí náà ni a ṣe ń wí pé, “Bí Nimrodu, ògbójú ọdẹ níwájú Olúwa.”
10 ১০ নিম্রোদৰ ৰাজত্বৰ প্রথম ঠাইবোৰ আছিল চিনাৰ দেশৰ বাবিল, এৰক, অক্কদ, আৰু কলনি।
Ìjọba rẹ̀ bẹ̀rẹ̀ ni Babeli, Ereki, Akkadi, Kalne, gbogbo wọn wà ní ilẹ̀ Ṣinari.
11 ১১ তেওঁ সেই ঠাইৰ পৰা অচুৰ দেশলৈকে গ’ল; তেওঁ নীনবি, ৰহোবোৎ-ঈৰ, কেলহ,
Láti ilẹ̀ náà ni ó ti lọ sí Asiria, níbi tí ó ti tẹ ìlú Ninefe, Rehoboti àti Kala,
12 ১২ আৰু ৰেচন, এইবোৰ নগৰ নির্ম্মাণ কৰিলে। নীনবি আৰু কেলহৰ মাজত অৱস্থিত ৰেচন এখন মহানগৰ আছিল।
àti Resini, tí ó wà ní àárín Ninefe àti Kala, tí ó jẹ́ ìlú olókìkí.
13 ১৩ লুদীয়া, অনামীয়া, লহাবীয়া, নপ্তুহীয়া,
Ejibiti sì bí Ludimu, Anamimu, Lehabimu, Naftuhimu.
14 ১৪ পথ্ৰোচীয়া, কচলুহীয়া আৰু কপ্তোৰীয়াসকল মিচৰৰ বংশৰ লোক আছিল। পলেষ্টীয়াসকল এই কচলুহীয়াসকলৰ পৰা আহিছিল।
Patrusimu, Kasluhimu (láti ọ̀dọ̀ ẹni tí àwọn ará Filistini ti wá) àti àwọn ará Kaftorimu.
15 ১৫ কনান, চীদোন আৰু হেতৰ পিতৃ আছিল। চীদোন আছিল কনানৰ প্রথম সন্তান।
Kenaani sì bí Sidoni àkọ́bí rẹ̀, àti Heti.
16 ১৬ যিবুচীয়া ইমোৰীয়া, গিৰ্গাচীয়া,
Àti àwọn ará Jebusi, àti àwọn ará Amori, àti àwọn ará Girgaṣi,
17 ১৭ হিব্বীয়া, অৰ্কীয়া, চীনীয়া,
àti àwọn ará Hifi, àti àwọn ará Arki, àti àwọn ará Sini,
18 ১৮ অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলো কনানৰ বংশৰ লোক আছিল। পাছত কনানীয়া গোষ্ঠীবোৰ বিস্তাৰিত হৈ পৰিল।
àti àwọn ará Arfadi, àti àwọn ará Semari, àti àwọn ará Hamati. Lẹ́yìn èyí ni àwọn ẹ̀yà Kenaani tànkálẹ̀.
19 ১৯ কনানীয়াসকলৰ সীমা চীদোনপৰা গৰাৰৰ ফালে গাজা পর্যন্ত আৰু চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীমলৈ যোৱাৰ ফালে লেচা পর্যন্ত আছিল।
Ààlà ilẹ̀ àwọn ará Kenaani sì dé Sidoni, lọ sí Gerari títí dé Gasa, lọ sí Sodomu, Gomorra, Adma àti Seboimu, títí dé Laṣa.
20 ২০ নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল হামৰ বংশৰ লোক।
Àwọn wọ̀nyí ni àwọn ọmọ Hamu, gẹ́gẹ́ bí ẹ̀yà wọn, àti èdè wọn, ní ìpínlẹ̀ wọn àti ní orílẹ̀-èdè wọn.
21 ২১ যেফতৰ ডাঙৰ ককায়েক চেমৰো সন্তান-সন্ততি হ’ল। চেম এবৰৰ বংশধৰসকলৰ আদি পুৰুষ আছিল।
A bí àwọn ọmọ fún Ṣemu tí Jafeti jẹ́ ẹ̀gbọ́n rẹ̀ ọkùnrin: Ṣemu sì ni baba gbogbo àwọn ọmọ Eberi.
22 ২২ চেমৰ পুত্রসকল থ’ল এলম, অচুৰ, অৰ্ফকচদৰ, লুদ আৰু অৰাম।
Àwọn ọmọ Ṣemu ni: Elamu, Aṣuri, Arfakṣadi, Ludi àti Aramu.
23 ২৩ অৰামৰ পুত্রসকল উচ, হুল, গেথৰ, আৰু মচ।
Àwọn ọmọ Aramu ni: Usi, Huli, Geteri àti Meṣeki.
24 ২৪ অৰ্ফকচদৰ সন্তানৰ নাম চেলহ আৰু চেলহৰ সন্তানৰ নাম এবৰ।
Arfakṣadi sì bí Ṣela, Ṣela sì bí Eberi.
25 ২৫ এবৰৰ দুজন পুত্ৰ আছিল। তেওঁলোকৰ এজনৰ নাম পেলগ, কিয়নো তেওঁৰ দিনতে পৃথিৱী বিভক্ত হৈছিল। পেলগৰ ভায়েকৰ নাম আছিল যক্তন।
Eberi sì bí ọmọ méjì: ọ̀kan ń jẹ́ Pelegi, nítorí ní ìgbà ọjọ́ rẹ̀ ni ilẹ̀ ya; orúkọ arákùnrin rẹ̀ ni Joktani.
26 ২৬ যক্তনৰ পুত্ৰসকলৰ নাম অলমোদদ, চেলফ, হচমাবৎ, যেৰহ,
Joktani sì bí Almodadi, Ṣelefi, Hasarmafeti, Jera.
27 ২৭ হদোৰাম, উজল, দিক্লা,
Hadoramu, Usali, Dikla,
28 ২৮ ওবল, অবীমায়েল, চিবা,
Obali, Abimaeli, Ṣeba.
29 ২৯ ওফীৰ, হবীলা আৰু যোবব; এইলোক সকলোৱেই যক্তনৰ সন্তান।
Ofiri, Hafila àti Jobabu. Gbogbo àwọn wọ̀nyí ni ọmọ Joktani.
30 ৩০ মেচাৰ পৰা পূব দিশৰ ছফাৰ পৰ্ব্বতলৈকে যোৱা অঞ্চলত তেওঁলোকে বসবাস কৰিছিল।
Agbègbè ibi tí wọn ń gbé bẹ̀rẹ̀ láti Meṣa títí dé Sefari, ní àwọn ilẹ̀ tó kún fún òkè ní ìlà-oòrùn.
31 ৩১ নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল চেমৰ বংশৰ লোক।
Àwọn wọ̀nyí ni àwọn ẹ̀yà ọmọ Ṣemu gẹ́gẹ́ bí ìdílé wọn, ní èdè wọn, ní ilẹ̀ wọn àti ní orílẹ̀-èdè wọn.
32 ৩২ এয়াই হ’ল বংশানুক্রমে আৰু জাতি অনুসাৰে নোহৰ পুত্রসকলৰ গোষ্ঠী। জলপ্লাৱনৰ পাছত এওঁলোকৰ বংশৰ লোকসকলেই পৃথক পৃথক জাতি হ’ল আৰু গোটেই পৃথিৱীতে সিচঁৰিত হ’ল।
Àwọn wọ̀nyí ni àwọn ẹ̀yà ọmọ Noa gẹ́gẹ́ bí ìran wọn, ní orílẹ̀-èdè wọn. Ní ipasẹ̀ wọn ni àwọn ènìyàn ti tàn ká ilẹ̀ ayé lẹ́yìn ìkún omi.

< আদিপুস্তক 10 >