< কলচীয়া 3 >
1 ১ এতেকে আপুনি যদি খ্ৰীষ্টৰ সৈতে তোলা হ’ল; তেনেহলে য’ত ঈশ্ৱৰৰ সোঁ হাতে খ্ৰীষ্ট বহি আছে, সেই ঠাইৰ বিষয়ে অনুসন্ধান কৰক৷
Vinu handa mzyuka pamuhera na Kristu, muliholi ga kumpindi, kulii Kristu kwakawera, aku kankulivaga pahala pa wega wa uwezu wa Mlungu.
2 ২ ওপৰৰ বিষয়বোৰ ভাবক, কিন্তু পৃথিৱীত যি আছে সেই বিষয়ে নাভাবিব;
Muliholeli vitwatira vya kumpindi, na vitwatira ndiri vyaviweri panu pasipanu.
3 ৩ কিয়নো আপোনালোকৰ মৃত্যু হ’ল আৰু ঈশ্ৱৰে আপোনালোকৰ জীৱন খ্ৰীষ্টৰ সৈতে গুপ্ত ৰাখিছে।
Toziya mwenga muhowa na ukomu wenu ufifwa pamuhera na Kristu mngati mwa Mlungu.
4 ৪ আমাৰ জীৱন স্বৰূপ খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হ’ব, তেতিয়া তেওঁৰ সৈতে আপোনালোকো প্ৰতাপত প্ৰকাশিত হ’ব।
Ukomu wenu ndo Kristu, na pakalawira, na mwenga viraa hamlawili pamuhera nayomberi muukwisa wakuwi.
5 ৫ এতেকে আপোনালোকে, পৃথিৱীত থকা এই সকলোকে মাৰি পেলাওঁক; নিজ নিজ অঙ্গ-প্ৰত্যঙ্গ স্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কু-অভিলাষ আৰু লোভ, যেনে মূৰ্তিপূজা৷
Hangu mshilagi kila shintu shikondola shashiwera mngati mwenu, uhumba na uhakata na lumatamata ludoda na shamata na maholu madoda aga galifana na kuguwira shinyagu.
6 ৬ এইবোৰৰ কাৰণে ঈশ্বৰৰ ক্ৰোধ অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ আহে;
Toziya ya vitwatira avi maya ga Mlungu gawizira woseri yawamjimira ndiri.
7 ৭ পূৰ্বতে আপোনালোকে যেতিয়া এইবোৰত জীয়াই আছিল, তেতিয়া আপোনালোকেও এইবোৰত চলিছিল।
Makashu maweni mwenga mlikaliti hangu, patukolitwi mlima na yomberi.
8 ৮ কিন্তু এতিয়া ক্ৰোধ, খং, কু-অভিলাষ, নিন্দা আৰু মুখৰ পৰা ওলোৱা অবচনীয় বচন, এইবোৰ দূৰ কৰক৷
Kumbiti vinu mgaleki goseri aga, maya na shamata, na ukondola, kuhigilanga, na visoweru vidoda navilawa mumilomu mwenu.
9 ৯ ইজনে সিজনক মিছা কথা নক’ব; কিয়নো আপোনালোকে তাৰ কর্মৰ সৈতে সেই আগৰ পুৰুষক ফটা বস্ত্ৰ স্বৰূপে সোলোকাই পেলালে;
Namlipayira, toziya mwenga mvula kala uwuntu ugona, pamuhera na makondola gakuwi goseri,
10 ১০ আৰু যি নিজ সৃষ্টিকৰ্ত্তাৰ প্ৰতিমূৰ্তিৰ দৰে, তত্ব জ্ঞানৰ কাৰণে নতুন কৰোঁৱা হৈ আছে, সেই নতুন পুৰুষক বস্ত্ৰ স্ৱৰূপে পিন্ধিলে৷
mvala uwuntu wa syayi. Uwuntu awu wendereya kutendwa hweri na Mlungu, yakauwumbiti su tulifani nayomberi.
11 ১১ এই জ্ঞানত কোনো গ্ৰীক বা ইহুদী, চুন্নৎ বা অচুন্নৎ, অসভ্য লোক, স্কুথীয়া, দাস, স্বাধীন, এনে কোনো থাকিব নোৱাৰে; কিন্তু খ্ৰীষ্টই সকলো বিষয় আৰু সকলোতে থাকে৷
Muntambu ayi, kwahera ntambu ya gweka kwa Mgiriki na Muyawudi, yakingiziwitwi jandu na yakingiziwitwi ndiri jandu, muhenga na mweni kaya, mmanda na muntu mlekeru. Kumbiti Kristu ndo kila shintu, na kamuvyoseri.
12 ১২ এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক;
Mwenga mwawantu wakuwi Mlungu, yomberi kawafiriti na kawasyagula, vinu muweri na moyu gwa lusungu na uheri na unanaga, na upoli na uhepelera.
13 ১৩ আপোনালোক পৰস্পৰ সহনীয় হওক; ইজনে সিজনৰ প্ৰতি দয়ালু হওক; আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দোষ দিয়াৰ কাৰণ থাকে, তেনেহলে পৰস্পৰে ক্ষমা কৰক; কিয়নো প্ৰভুৱে যেনেকৈ আপোনালোকক ক্ষমা কৰিলে, আপোনালোকেও তেনেকৈ ক্ষমা কৰক৷
Mhepelerani na kulekiziyana vidoda, handa muntu kana toziya ya kumlawumu myaguwi. Mlekiziyani vidoda handa Mtuwa ntambu yakawalekiziyani mwenga.
14 ১৪ এই সকলোৰে ওপৰত প্ৰেমত থাকক; ই সৰ্ব্বসিদ্ধিৰ বান্ধনি।
Kwa goseri aga ganongoleriti kulonga, muwongeri mafiliru, toziya mafiliru ganamataziya vintu vyoseri muwumu wawuwera mkamilika.
15 ১৫ এতিয়া আপোনালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰক; আপোনালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ’ল; আৰু কৃতজ্ঞ হওক।
Na ponga ya Kristu iyingira mumioyu mwenu, toziya ya aga mwenga mshemitwi munshimba yimu ayi. Kayi mlongi mayagashii!
16 ১৬ খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক।
Ujumbi wa Kristu ulikali mngati mwenu. Pamuhera na ulunda wakuwi woseri. Mulifundi na kalitakuziana kwa luhala loseri, mwimbi zaburi, na nyimbu za shirohu, mumwimbili Mlungu mumioyu kwa kulonga mayagashii.
17 ১৭ আৰু আপোনালোকে যি কৰিব পাৰে, সেইবোৰ বাক্যতে হওক বা কাৰ্যতে হওক, সকলোকে প্ৰভু যীচুৰ নামত কৰক; আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।
Na shoseri shamtenda ama shamtakula, mshitendi kwa litawu lya Mtuwa Yesu na kulonga mayagashii Mlungu Tati kupitira yomberi.
18 ১৮ হে ভাৰ্যা সকল, আপোনালোক নিজ নিজ স্বামীৰ বশীভূত হওক কিয়নো এয়ে প্ৰভুৰ মতে উচিত।
Mwenga wadala, muwapikaniri wapalu wenu, ntambu yaimuherepeziya Mtuwa.
19 ১৯ হে পুৰুষ সকল, আপোনালোকে নিজ নিজ ভাৰ্যাক প্ৰেম কৰক আৰু তেওঁলোকলৈ তিতা ব্যৱহাৰ নকৰিব।
Namwenga wapalu muwafiri wadala wenu, namuwera wakalipa kwa womberi.
20 ২০ হে সন্তান সকল, আপোনালোকে সকলো বিষয়তে পিতৃ-মাতৃৰ আজ্ঞাধীন হওক; কিয়নো প্ৰভুত সেয়ে সন্তোষজনক।
Namwenga mwananguta, muwapikaniri walera wenu mugoseri, toziya shitwatira ashi shimfirizia Mtuwa.
21 ২১ হে পিতৃ সকল, আপোনালোকে নিজ নিজ সন্তান সকলক প্ৰৰোচিত কৰি নাথাকিব, তাতে তেওঁলোক যেন নিৰাশ নহয়।
Namwenga ashina tati namwasoziya wananguta wenu, nawiza kuwuya kumbeli.
22 ২২ হে দাস সকল, আপোনালোকে সকলো বিষয়তে মাংস-সম্বন্ধীয় নিজ নিজ প্ৰভু সকলৰ আজ্ঞাধীন হওক। আপোনালোকৰ চকুৰ সন্মুখত, মানুহৰ সন্তোষজনক নহৈ কিন্তু আন্তৰিকতাৰে প্ৰভুলৈ ভয় ৰাখি, তেওঁলোকৰ সেৱা কৰক৷
Namwenga wamanda muwapikaniri muvyoseri walii watuwa wa pasipanu pawawaloreni ndiri gweka yakuwi toziya mfira kuwoneka waherepa, kumbiti mtendi hangu kwa moyu guherepa, toziya ya kumguwira Mtuwa.
23 ২৩ আপোনালোকে যি কৰে, সেইবোৰ মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যেৰে মনে চিত্তে সৈতে কৰক;
Shoseri shamtenda, mtendi kwa moyu goseri, toziya mumtendera Mtuwa, mumtendera ndiri muntu.
24 ২৪ আপোনালোকে প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপ প্ৰতিদান পাব বুলি আপোনালোকে জানে৷ আপোনালোকে প্ৰভু খ্ৰীষ্টৰ কাৰণে সেৱাকৰ্ম কৰক।
Muliholi Mtuwa hakawapanani lifupu lwa uhala lyakawatuliliti wantu wakuwi. Mumtenderi Kristu Mtuwa!
25 ২৫ কিয়নো যি জনে অন্যায় কৰে, তেওঁ নিজে কৰা অন্যায়ৰ প্ৰতিফল পাব আৰু তাত পক্ষপাতীত্ব নাই।
Toziya kila muntu yakatenda vidoda hakanki shibena mgongu sha ukondola wakuwi wala kwahera kubagula.