< যাকোব 5 >

1 এতেকে চাওক, হে ধনৱন্ত লোক, আপোনালোকৰ বাবে যি যি দূৰ্দশা আহিব ধৰিছে, তাৰ কাৰণে হাহাকাৰ কৰি ক্ৰন্দন কৰক।
Su vinu mpikaniri mwenga walunda! Mulili na kudaya toziya ya ntabiku yayifira kuwapata.
2 আপোনালোকৰ ধন-সম্পত্তি গেলি পচি যাব ধৰিছে; আপোনালোকৰ কাপোৰবোৰ পোকে খোৱা হ’ল।
Lunda zyenu ziwola, na nguwu zya zyenu waziliya wameyi.
3 আপোনালোকৰ সোণ-ৰূপ ক্ষয়ণীয় হ’ল আৰু সেই ক্ষয়ণীয়তাবোৰে আপোনালোকৰ বিপক্ষে সাক্ষ্য দিব আৰু সেইবোৰে জুইৰ নিচিনা হৈ আপোনালোকৰ মঙহ খাব। আপোনালোকে শেষ কালতহে ধন-সম্পত্তি সাঁচিলে।
Zahabu zyenu na mpiya ziwera kutu, na kutu ayi hayiwapitauliri, na yeni hayilii nshimba zyenu gambira motu. Mwenga mlimatira lunda mumashaka aga ga upeleru!
4 চাওক, আপোনালোকৰ পথাৰৰ শস্য দোৱা বনুৱাবোৰৰ যি বেচ আপোনালোকে প্ৰৱঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচেই আটাহ পাৰিছে; আৰু সেই দাওনী সকলৰ আৰ্ত্তস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে।
Msinda kuwalipa shibena mgongu yawatenda mahengu mumalambu genu. Mpikaniri malalamiku gawu! Kulila kwa awa yawabena malambu kusoka mumakutu ga Mtuwa yakawera na uwezu.
5 আপোনালোকে পৃথিৱীত সুখভোগ আৰু ইন্দ্ৰিয়-সুখাভিলাষেৰে জীয়াই থাকিলে; হত্যাৰ দিনটো আপোনালোকে নিজ নিজ হৃদয় তৃপ্ত কৰিলে।
Mulikala pasipanu mumakaliru ga kulinemeliziya na ga anasa. Mulinenepeziya kala maweni kwa lishaka lya kulikitulwa.
6 যিজনে আপোনালোকক প্ৰতিৰোধ নকৰে, সেই ধাৰ্মিক লোকজনক আপোনালোকে দোষী কৰি বধ কৰিলে।
Muwatoziti wantu yawamfiriziya Mlungu na kuwalaga, womberi wawabeleriti ndiri mwenga!
7 এতেকে, হে ভাইসকল, প্ৰভুৰ আগমণলৈ ধৈৰ্য ধৰি থাকক। চাওক, খেতিয়কে খেতিৰ বহুমূল্য শস্য পৃথিৱীৰ পৰা পাবৰ বাবে বাট চাই থাকে আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপাই, তেতিয়ালৈকে ধৈৰ্য ধৰি থাকে।
Su walongu wangu, muhepeleri mpaka Mtuwa pakiza. Muloli yakalima ntambu yakahepelera kwa kuhepera vimeru vyakuwi vilaviyi mabenu gagafiruwa nentu. Yomberi kahepelera kwa kuhepera kwanjira vula zya kuyalira mpaka vula zya upeleru.
8 তেনেদৰে আপোনালোকেও ধৈৰ্য ধৰক, নিজ নিজ হৃদয় থিৰে ৰাখক; কাৰণ প্ৰভুৰ আগমণ ওচৰ পালেহি।
Namwenga vulaa mfiruwa kuhepelera, mgoloki weri munjimiru yenu toziya lishaka lya kusoka kwakuwi Mtuwa lyapakwegera.
9 হে ভাইসকল, আপোনালোকৰ যাতে সোধ-বিচাৰ নহ’ব, তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ নকৰিব। চাওক, বিচাৰকৰ্তা দুৱাৰ-মুখতে থিয় হৈ আছে।
Walongu wangu, namuhinginika maweni gweka namwiza kutozwa na Mlungu. Yomberi ndo mtoza yakapakwegera, kapamlayangu.
10 ১০ হে ভাইসকল, যি ভাববাদী সকলে প্ৰভুৰ নামেৰে কথা কৈ গ’ল, তেখেত সকলক ‘ক্লেশ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে’ আৰ্হি বুলি মানিব।
Walongu wangu, pamufira kuwona uhepelera ntambu yawuwera muntabika, muliholi wambuyi wa Mlungu, watakuliti kwa uwezu wa Mtuwa.
11 ১১ চাওক, যি সকলে সহন কৰে, তেওঁলোকক আমি ধন্য বুলি কওঁ। ইয়োবৰ সহনৰ বিষয়ে আপোনালোকে শুনিছে আৰু প্ৰভুৰ কাৰ্যৰো শেষ দেখিলে যে, প্ৰভু অতি স্নেহৱান আৰু দয়ালু।
Tuwashema womberi mbaka toziya wahepeleriti. Mpikaniriti visoweru vya uhepelera wa Ayubu, na muvimana ntambu Mtuwa yakamtenderiti muupeleru. Toziya Mtuwa kamema lusungu na manemu.
12 ১২ কিন্তু, হে মোৰ ভাইসকল, বিশেষকৈ আপোনালোকে স্বৰ্গৰ, নাইবা পৃথিৱীৰ বা আন কোনো নামৰ শপতেৰে শপত নাখাব; কিন্তু আপোনালোকে যেন সোধ-বিচাৰত নপৰে এই কাৰণে আপোনালোকৰ ‘হয়’ যেন ‘হয়’ হওক আৰু ‘নহয়’ যেন ‘নহয়’ হওক।
Walongu wangu, pa goseri aga namulirapa kumpindi ama kwa pasipanu ama kwa shintu shimonga shoseri. Mlongi “Yina” pamfira kulonga yina na “Ndala” pamfira kulonga ndala, su hapeni mtozwi na Mlungu.
13 ১৩ আপোনালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰি আছে নে? তেওঁ প্ৰাৰ্থনাত বাধ্য হওক। কোনোবা হৰ্ষিত হৈছে নে? তেওঁ প্ৰশংসাৰ গীত গান কৰক।
Hashi, kwana muntu yoseri pakati penu yakawera na ntabiku? Kafiruwa kamluwi Mlungu. Ama kwana muntu yakawera na nemeleru? Kimbi lwimbu lwa uzyumi.
14 ১৪ কোনোবা নৰিয়াত পৰি আছে নে? তেওঁ মণ্ডলীৰ পৰিচাৰক সকলক মাতক; পাছত তেওঁলোকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল সানি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক;
Hashi, kwana mlweri pakati pamwenga? Kafiruwa kawashemi wazewi wa shipinga sha wantu yawamjimira Yesu, nawomberi hawamluwiri kwa Mlungu na kumswaga lipaki kwa litawu lya Mtuwa.
15 ১৫ তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়া জনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব; আৰু যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব।
Nawomberi pawaluwa kwa njimiru, mlweri ulii hakaponi, toziya Mtuwa hakamuwuziliri ukomu wakuwi. Na handa kaweriti katenditi vidoda vyoseri vilii, hakalekiziwi.
16 ১৬ এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।
Su muligambiri kuleka vidoda vyamtenditi maweni gweka na muliluwili kwa Mlungu maweni gweka su mpati kuponiziwa. Maluwa ga muntu muheri, gawera na makakala ga kutenda mavuwa.
17 ১৭ এলিয়া, আমাৰ নিচিনা অনুভূতিশীল লোক হৈয়ো, তেওঁ বৰষুণ নহ’বলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে; তাতে তিনি বছৰ ছয় মাহলৈকে দেশত বৰষুণ নহ’ল।
Eliya kaweriti muntu gambira twenga. Yomberi kaluwiti kwa kugangamala vula nayitowa, na vula itowiti ndiri paisi kwa shipindi sha vinja vitatu na nusu.
18 ১৮ পাছত আকৌ প্ৰাৰ্থনা কৰাত, আকাশৰ পৰা বৰষুণ হ’ল আৰু পৃথিৱীয়ে নিজ ফল উৎপন্ন কৰিলে।
Shakapanu kaluwiti kayi na mpindi itowiti vula na isi imeriziya viboga vyakuwi.
19 ১৯ হে মোৰ ভাইসকল, আপোনালোকৰ মাজৰ কোনো এজন যদি সত্যৰ পৰা ভ্ৰান্ত হয় আৰু তেওঁক যদি কোনোবাই ঘূৰাই আনে,
Walongu wangu, muntu yumu penu pakagamira kutali na unakaka, na muntu gwingi pakamwuziya,
20 ২০ তেনেহলে তেওঁ ইয়াকে জানক যে, যিজনে কোনো এজন পাপীক ভ্ৰষ্ট পথৰ পৰা ঘূৰাই আনে, তেওঁ সেই জনৰ প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু তেওঁৰ পাপ সমূহ ঢাকা হ’ব৷
muvimani kuwera ulii yakamwuziya muntu yakawera na vidoda kulawa munjira ya upotuziya, hakailopoziyi rohu ya muntu ulii kulawa mukuhowa na vidoda vivuwa havilekiziwi na Mungu.

< যাকোব 5 >