< ১ পিতৰ 1 >
1 ১ মই পিতৰ, যীচু খ্ৰীষ্টৰ মনোনীত পাঁচনি, যি সকল প্ৰবাসী লোক পন্ত, গালাতীয়া, কোপ্পাদকিয়া, এচিয়া আৰু বিথুনিয়া দেশত গোট গোট হৈ আছে, তেখেত সকলৰ সমীপলৈ৷
Bitrus, manzon Yesu Kiristi, Zuwa ga zaɓaɓɓu na Allah, baƙi a duniya, da suke a warwatse ko’ina a Fontus, Galatiya, Kaffadokiya, Asiya da kuma Bitiniya,
2 ২ এতিয়া পিতৃ ঈশ্ৱৰৰ পূৰ্বজ্ঞান অনুসাৰে যীচু খ্ৰীষ্টৰ আজ্ঞাধীন হ’বলৈ পবিত্ৰ আত্মাৰ দ্ৱাৰাই শুচি কৰা হ’ল আৰু তেওঁৰ তেজ ছটিয়াই দিয়া হ’ল৷ আপোনালোকলৈ অনুগ্ৰহ হওক আৰু আপোনালোকৰ শান্তি বৃদ্ধি হওক৷
waɗanda aka zaɓa bisa ga rigyasanin Allah Uba, ta wurin aikin tsarkakewar Ruhu, don biyayya ga Yesu Kiristi, su kuma sami yayyafan jininsa. Alheri da salama su zama naku a yalwace.
3 ৩ ঈশ্ৱৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ধন্য; তেওঁৰ প্ৰচুৰ দয়া অনুসাৰে মৃত লোকৰ মাজৰ পৰা যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ কাৰণে আৰু অক্ষয়, নিৰ্ম্মল আৰু অজৰ উত্তৰাধিকাৰৰ কাৰণে আমাক নতুন জন্ম দিলে;
Yabo ya tabbata ga Allah Uban Ubangijinmu Yesu Kiristi! Cikin jinƙansa mai girma ya ba mu sabuwar haihuwa cikin bege mai rai ta wurin tashin Yesu Kiristi daga matattu,
4 ৪ সেই উত্তৰাধিকাৰ স্বৰ্গত আপোনালোকৰ কাৰণে সঞ্চিত আছে; ই চিৰস্থায়ী, কলঙ্কিত নহয়; শুদ্ধ৷
da kuma cikin gādon da ba zai taɓa lalacewa, ɓacewa ko koɗewa ba, ajiyayye a sama dominku,
5 ৫ শেষৰ কালত প্ৰকাশিত হ’বলৈ যুগুত হোৱা পৰিত্রাণৰ কাৰণে, ঈশ্বৰৰ শক্তিত আপোনালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈ আছে।
ku waɗanda ta wurin bangaskiya ake kiyayewa ta wurin ikon Allah har yă zuwa ceton da yake a shirye da za a bayyana a ƙarshen lokaci.
6 ৬ যদিও এতিয়া বিভিন্ন দুখ-কষ্টই আপোনালোকক শোকৰ অনুভৱ আনি দিছে, তথাপি এই কথা ভাবি আপোনালোকে অানন্দ কৰক৷
A kan wannan kuke cike da farin ciki ƙwarai, ko da yake yanzu na ɗan lokaci kuna fuskantar baƙin ciki daga gwaje-gwaje iri-iri.
7 ৭ অাপোনালোকৰ এই বিশ্বাস পৰীক্ষাসিদ্ধ হ’ব লাগে, কিয়নো আপোনালোকৰ বিশ্ৱাস সোণতকৈও মূল্যবান। বিশ্ৱাসৰ পৰীক্ষাত যদি আপোনালোকৰ বিশ্বাস অটল দেখা যায়, তেনেহলে যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত অাপোনালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যদা পাব৷
Wannan kuwa domin a tabbatar da sahihancin bangaskiyarku ne, wadda ta fi zinariya daraja nesa, ita zinariya kuwa, ko da yake mai ƙarewa ce, akan gwada ta da wuta, domin bangaskiyan nan taku ta jawo muku yabo da girma da ɗaukaka a bayyanar Yesu Kiristi.
8 ৮ তেওঁক আপোনালোকে দেখা নাই, কিন্তু আপোনালোকে তেওঁক প্ৰেম কৰিছে; এতিয়াও আপোনালোকে তেওঁক দেখা নাই কিন্তু আপোনালোকে তেওঁক বিশ্বাস কৰি আছে আৰু আপোনালোক অনির্বচনীয় উল্লাসত মহা আনন্দিত হৈ গৌৰৱময় হৈছে৷
Ko da yake ba ku taɓa ganinsa ba, kuna ƙaunarsa; kuma ko da yake ba kwa ganinsa yanzu, kun gaskata shi, kun kuma cika da farin ciki ƙwarai, wanda ya fi gaban faɗi,
9 ৯ এতিয়া আপোনালোকৰ নিজৰ বিশ্বাসৰ ফল আপোনালোকে গ্ৰহণ কৰিছে, সেয়া আপোনালোকৰ আত্মাৰ পৰিত্রাণ৷
gama kuna samun sakamakon bangaskiyarku, ceton rayukanku ke nan.
10 ১০ যি ভাববাদী সকলে আপোনালোকৰ কাৰণে নিৰূপিত অনুগ্ৰহৰ বিষয়ে ভাববাণী কৰিছিল, তেখেত সকলে সেই পৰিত্রাণৰ বিষয়ে যত্নেৰে বিচাৰ আৰু অনুসন্ধান কৰিছিল৷
Game da ceton nan, annabawa, waɗanda suka yi maganar alherin da za tă zo gare ku, sun yi bincike mai zurfi, a natse,
11 ১১ কেনেকুৱা ধৰণৰ পৰিত্ৰাণ আহিবলগীয়া আছিল, সেই বিষয়ে তেখেত সকলে অনুসন্ধান কৰি জানিব বিচাৰিছিল৷ এই বিষয়ে খ্ৰীষ্টৰ আত্মাই কোৱা সেই কাল বা সময়ৰ কথাও অনুসন্ধান কৰি জানিবলৈ বিচাৰিছিল৷ খ্ৰীষ্টৰ প্ৰতি ঘটিবলগীয়া দুখভোগ আৰু পাছত তেওঁলৈ আহিবলগীয়া মহিমাবোৰৰ বিষয়ে সেই আত্মাই তেখেত সকলক আগতীয়াকৈ কৈছিল৷
suna ƙoƙari su san lokaci da kuma yanayin da Ruhun Kiristi da yake cikinsu yana nunawa sa’ad da ya yi faɗi a kan wahalolin Kiristi da kuma ɗaukaka da za tă bi.
12 ১২ এই ভাববাদী সকললৈ প্ৰকাশিত হ’ল যে, তেখেত সকলে নিজৰ কাৰণে নহয়, কিন্তু আপোনালোকৰ কাৰণে সেই সকলো বিষয়ৰ পৰিচৰ্যা কৰিছিল; সেই সকলো সম্বাদ, স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ আত্মাৰে যি সকলে আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিল, তেওঁলোকৰ দ্বাৰাই সম্প্ৰতি আপোনালোকক দিয়া হ’ল; এই বিষয়বোৰ স্বৰ্গৰ দূত সকলেও প্ৰকাশ হোৱাটো ইচ্ছা কৰে৷
Aka bayyana musu cewa ba kansu ne suke bauta wa ba sai ku, sa’ad da suka yi maganar abubuwan da aka faɗa muku ta wurin waɗanda suka yi muku wa’azin bishara, ta wurin Ruhu Mai Tsarki wanda aka aika daga sama. Ko mala’iku ma suna marmari su ga waɗannan abubuwa.
13 ১৩ এতেকে মনৰ কঁকাল বান্ধক৷ আপোনাৰ চিন্তা শান্ত হওক৷ যীচু খ্ৰীষ্ট প্ৰকাশিত হোৱা কালত আপোনালোকলৈ যি অনুগ্ৰহ দিয়া হ’ব, সেই অনুগ্ৰহত সম্পূৰ্ণৰূপে ভাৰসা ৰাখক৷
Saboda haka, ku shirya kanku don aiki; ku zama masu kamunkai; ku kafa begenku duka a kan alherin da za a ba ku sa’ad da aka bayyana Yesu Kiristi.
14 ১৪ আজ্ঞাধীন হোৱা সন্তান সকলৰ যেনে উপযুক্ত, তেনেকৈ আপোনালোক পুৰ্ব্বৰ অজ্ঞান অৱস্থাৰ অভিলাষৰ অনুৰূপ নহব৷
Kamar’ya’ya masu biyayya, kada ku bi mugayen sha’awace-sha’awacen da dā kuke da su sa’ad da kuke rayuwa a cikin jahilci.
15 ১৫ আপোনালোকক আমন্ত্ৰণ কৰা জন যেনে পবিত্ৰ, আপোনালোকো সকলো আচাৰ-ব্যৱহাৰত তেনে পবিত্ৰ হওক৷
Amma kamar yadda wanda ya kira ku yake mai tsarki, haka ku ma sai ku kasance masu tsarki cikin dukan abubuwan da kuke yi;
16 ১৬ কিয়নো লিখা আছে, ‘তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ।’
gama a rubuce yake cewa, “Ku zama masu tsarki, domin ni mai tsarki ne.”
17 ১৭ আৰু যি জনে পক্ষপাত নকৰাকৈ প্ৰত্যেক জনৰ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰে, তেওঁক যদি পিতৃ বুলি মাতিছে, তেনেহলে আপোনালোকৰ জীৱন-যাপনৰ কাল ভক্তিৰে নিয়াব৷
Tun da yake kuna kira ga Uba wanda yake yin wa kowane mutum shari’a bisa ga ayyukansa ba bambanci, sai ku yi rayuwarku a nan kamar baƙi cikin tsoro mai bangirma.
18 ১৮ আপোনালোকে জানে যে, আপোনালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ-ব্যৱহাৰৰ পৰা, আপোনালোক সোণ, ৰূপ আদিৰ ক্ষয়ণীয় বস্তুৰ দ্বাৰাই যে মুক্ত হ’ল, এনে নহয়,
Gama kun san cewa ba da abubuwa masu lalacewa kamar azurfa ko zinariya ce aka fanshe ku daga rayuwar banza da kuka karɓa daga kakanni-kakanninku ba,
19 ১৯ কিন্তু নিৰ্দোষী আৰু নিষ্কলঙ্ক মেৰ-পোৱালি স্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হ’ল৷
sai dai an fanshe ku da jini mai daraja na Kiristi, ɗan rago marar aibi ko lahani.
20 ২০ জগত স্থাপনৰ পুৰ্ব্বৰে পৰা তেওঁ মনোনীত আছিল, কিন্তু কালৰ শেষত, তেওঁ আপোনালোকৰ কাৰণে প্ৰকাশিত হ’ল;
An zaɓe shi kafin halittar duniya, amma an bayyana shi a zamanin ƙarshe saboda ku.
21 ২১ তেওঁৰ দ্বাৰাই আপোনালোক, মৃত লোকৰ মাজৰ পৰা তেওঁক তোলোঁতা আৰু গৌৰৱ দিওঁতা ঈশ্বৰৰ বিশ্বাসকাৰী লোক হ’ল; তাতে আপোনালোকৰ বিশ্বাস আৰু দৃঢ় আস্থা ঈশ্ৱৰত আছে।
Ta gare shi ne kuka gaskata da Allah, wanda ya tā da shi daga matattu, aka kuma ɗaukaka shi, ta haka bari bangaskiyarku da begenku su kasance ga Allah.
22 ২২ আপোনালোকে সত্যৰ আজ্ঞাধীনতাৰ দ্ৱাৰা অকপট ভাতৃপ্ৰেমৰ অৰ্থে নিজৰ আত্মা শুচি কৰিবলৈ, পৰস্পৰক হৃদয়েৰে আন্তৰিক প্ৰেম কৰক।
Yanzu da kuka tsarkake kanku ta wurin yin biyayya ga gaskiyan nan, don ku kasance da ƙauna mai gaskiya wa’yan’uwanku, sai ku ƙaunaci juna ƙwarai, daga zuciya.
23 ২৩ কিয়নো আপোনালোক ক্ষয়ণীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, ঈশ্বৰৰ জীৱনময় আৰু চিৰকাল স্থায়ী যি বাক্য, সেই বাক্যৰ দ্বাৰাই নতুন জন্ম পোৱা হৈছে। (aiōn )
Gama an sāke haihuwarku, ba da iri da yake lalacewa ba, sai dai marar lalacewa, ta wurin rayayyiya da kuma madawwamiyar maganar Allah. (aiōn )
24 ২৪ কাৰণ মৰ্ত্ত্যমাত্ৰেই তৃণ সদৃশ আৰু তাৰ সকলো গৌৰৱ তৃণৰ ফুল সদৃশ। তৃণ শুকাই আৰু ফুলো সৰে;
Gama, “Dukan mutane kamar ciyawa suke, darajarsu kuma kamar furannin jeji ne; ciyawa takan yanƙwane furannin kuma su kakkaɓe,
25 ২৫ কিন্তু প্ৰভুৰ বাক্য চিৰকাল থাকে; যি বাক্য আপোনালোকৰ আগত প্ৰচাৰ কৰা হ’ল, এয়ে সেই শুভবাৰ্তাৰ বাক্য। (aiōn )
amma maganar Ubangiji tana nan har abada.” Wannan kuwa ita ce kalmar da aka yi muku wa’azi. (aiōn )