< ১ পিতৰ 2 >

1 এতেকে সকলো মন্দ, প্ৰৱঞ্চনা, কপটতা, হিংসা আৰু পৰচৰ্চা, দূৰ কৰক৷
Saboda haka, ku rabu da kowace ƙeta da dukan ruɗu, munafunci, kishi, da kuma kowace irin ɓata suna.
2 নতুনকৈ জন্ম হোৱা শিশু সকলৰ দৰে, মিহলি নোহোৱা শুদ্ধ আত্মিক গাখীৰলৈ অতিশয় হাবিয়াহ কৰক, আৰু তাৰ দ্বাৰাই পৰিত্রাণৰ অৰ্থে আপোনালোকে বৃদ্ধি হওক,
Kamar sababbin jarirai, ku yi marmarin madara zalla ta ruhaniya, domin ta wurinta za ku yi girma cikin cetonku,
3 যদিহে আপোনালোকে প্ৰভু স্নেহশীল বুলি আস্বাদ পালে৷
yanzu da kuka ɗanɗana alherin Ubangiji.
4 তেওঁৰ ওচৰলৈ আহক, যি জন জীৱনময় শিল মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ল, কিন্তু তেওঁ ঈশ্বৰৰ দ্বাৰাই মনোনীত আৰু বহুমুলীয়া৷
Da kuka zo gare shi, rayayyen Dutse, da mutane suka ƙi amma Allah ya zaɓa, kuma mai daraja a gare shi
5 আপোনালোকে নিজেও জীৱন্ত শিলৰ দৰে গঁথা হৈ, যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰমগ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ কৰিবলৈ, পবিত্ৰ পুৰোহিত সমূহ হ’বৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছে।
ku ma, a matsayinku na duwatsu masu rai, ana gina ku ga zama gidan ruhaniya don ku zama tsattsarkar ƙungiyar firistoci, kuna miƙa hadayun ruhaniya, abin karɓa ga Allah ta wurin Yesu Kiristi.
6 কিয়নো ধৰ্মশাস্ত্ৰত এইদৰে লিখা আছে, চোৱা, মই চিয়োনত মনোনীত আৰু বহুমূল্য চুকৰ এক প্ৰধান শিল স্থাপন কৰোঁ; যি জনে তেওঁত বিশ্বাস কৰে, তেওঁ কোনোমতে লাজত নপৰিব।
Gama a cikin Nassi an ce, “Ga shi, na kafa dutse a Sihiyona, zaɓaɓɓen dutse na kusurwar gini mai daraja, wanda kuma ya dogara gare shi ba zai taɓa kunyata ba.”
7 এতেকে বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ কাৰণেই সেই শিল বহুমূল্যৰ; কিন্তু, অবিশ্বাস কৰা সকলৰ কাৰণে, ঘৰ-সজীয়া সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল,
A gare ku da kuka gaskata, wannan dutse mai daraja ne. Amma ga waɗanda ba su gaskata ba, “Dutsen da magina suka ƙi ya zama dutsen kusurwar gini,
8 আৰু, “উজুটি খুউৱা শিল, আৰু বিঘ্নজনক শিল হ’ল।” তেওঁলোক বিঘ্নজনক, তেওঁলোকে বাক্য অমান্য কৰাত উজুটি খায়, তাৰ কাৰণে তেওঁলোক নিযুক্তও হৈছিল।
kuma, “Dutse ne da yake sa mutane tuntuɓe kuma fā ne da yake sa su fāɗi.” Sun yi tuntuɓe domin sun ƙi su yi biyayya da saƙon, wanda kuma yake abin da aka ƙaddara musu.
9 কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে৷ এই কাৰণে
Amma ku zaɓaɓɓu ne, ƙungiyar firistocin babban Sarki, al’umma mai tsarki, jama’a mallakar Allah, domin ku shaida yabon shi wanda ya kira ku daga cikin duhu zuwa haskensa mai banmamaki.
10 ১০ আগেয়ে আপোনালোক প্ৰজা নাছিল, কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হ’ল; দয়াৰ পাত্ৰ নাছিল, কিন্তু এতিয়া দয়াৰ পাত্ৰ হ’ল।
Dā ku ba mutane ba ne, amma yanzu ku mutanen Allah ne; Dā ba ku karɓi jinƙai ba, amma yanzu kun karɓi jinƙai.
11 ১১ হে প্ৰিয় সকল, আপোনালোক বিদেশী আৰু প্ৰবাসী; সেয়েহে মই আপোনালোকক মিনতি কৰোঁ যে আত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা মাংসিক অভিলাষৰ পৰা পৃথকে থাকক৷
Abokaina ƙaunatattu, ina roƙonku, a matsayin bare da kuma baƙi a duniya, ku rabu da sha’awace-sha’awacen zunubin da suke yaƙi da ranku.
12 ১২ আপোনালোকক অনা-ইহুদী সকলে যি বিষয়ত দুষ্কৰ্ম্মকাৰী বুলি বিৰোধী কথা কয়, সেই বিষয়ত তেওঁলোকে আপোনালোকৰ সৎকৰ্ম দেখি কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, তাৰ কাৰণে তেওঁলোকৰ মাজত আপোনালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক।
Ku yi irin rayuwa mai kyau a cikin masu bautar gumaka, yadda ko da sun zarge ku da yin laifi, za su iya ganin ayyukanku nagari, su ɗaukaka Allah a ranar da zai ziyarce mu.
13 ১৩ আপোনালোকে প্ৰভুৰ কাৰণে মনুষ্যৰ দ্বাৰাই স্থাপিত সকলো ৰীতিৰ বশীভূত হওক; যেনেদৰে ৰজা সকলোৰে ওপৰ,
Saboda Ubangiji, ku yi biyayya ga kowace hukumar da aka kafa cikin mutane, ko ga sarki, a matsayi wanda ya fi iko,
14 ১৪ আৰু দেশাধিপতি সকলক, দুষ্কৰ্ম্মকাৰী সকলৰ প্ৰতিকাৰৰ অৰ্থে আৰু সৎকৰ্মকাৰী সকলৰ প্ৰশংসাৰ অৰ্থে তেওঁৰ দ্বাৰাই পঠোৱা হৈছে বুলি, তেওঁলোকৰ বশীভূত হওক।
ko ga gwamnoni, waɗanda ya aika domin su hukunta masu laifi su kuma yabi masu aikata abin da yake daidai.
15 ১৫ আপোনালোকে সৎ কৰ্ম কৰি কৰি যেন নিৰ্ব্বোধ লোক সকলৰ অজ্ঞানতাক নিৰুত্তৰ কৰে, ঈশ্বৰৰ এই ইচ্ছা৷
Gama nufin Allah ne cewa ta wurin yin nagarta za ku toshe jahilcin marasa azanci.
16 ১৬ আপোনালোকে স্বাধীন লোকৰ দৰে হয়; কিন্তু সেই স্বাধীনতাক দুষ্টতাৰ ঢাকনি নকৰিব, বৰং ঈশ্বৰৰ দাস সকলৰ দৰে জীৱন-যাপন কৰক।
Ku yi rayuwa kamar mutanen da aka’yantar, sai dai kada ku yi amfani da’yancinku a matsayin hujjar aikata mugunta; ku yi rayuwa kamar bayin Allah.
17 ১৭ সকলোকে সমাদৰ কৰক৷ ভাইমাত্ৰকে প্ৰেম কৰক৷ ঈশ্বৰৰলৈ ভয় ৰাখক৷ ৰজাক সমাদৰ কৰক।
Ku nuna ladabin da ya dace ga kowa. Ku ƙaunaci’yan’uwantakar masu bi, ku ji tsoron Allah, ku girmama sarki.
18 ১৮ হে দাস সকল, তোমালোক সম্পূৰ্ণ ভয়েৰে নিজ নিজ প্ৰভুৰ বশীভূত হোৱা; কেৱল উত্তম আৰু ক্ষান্ত স্বভাৱী সকলৰ নহয়, কিন্তু কুটিল-মনৰ লোক সকলৰো বশীভূত হোৱা।
Bayi, ku yi biyayya ga iyayengijinku da matuƙar ladabi, ba kawai ga waɗanda suke da kirki da masu sauƙinkai ba, amma har ga masu zafin rai ma.
19 ১৯ কিয়নো কোনোৱে যদি ঈশ্বৰৰ উদ্দেশ্যে বিবেকৰ কাৰণে অন্যায় ভোগ কৰি দুখ সহন কৰে, তেনেহলে সেয়েই প্ৰশংসনীয়।
Gama abin yabo ne in mutum ya yi haƙuri cikin zafin wahalar rashin adalci saboda yana sane da Allah.
20 ২০ কাৰণ পাপ কৰি ভুকু খাই যদি সহন কৰা, তেনেহলে তাত কি প্ৰশংসা আছে? কিন্তু সৎ কৰ্ম কৰি দুখভোগ কৰি যদি সহন কৰা, তেনেহলে সেয়েহে ঈশ্বৰৰ আগত গ্ৰহণীয়।
Amma ina abin taƙama in kuka sha duka saboda kun yi laifi kuka kuma jimre? Sai dai in kuka sha wahala saboda yin nagari kuka kuma jimre, abin yabo ne a gaban Allah.
21 ২১ কাৰণ তাৰ বাবেই তোমালোক আমন্ত্ৰিত হ’লা; কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি থৈ গ’ল।
Ga wannan ne aka kira ku, domin Kiristi ya sha wahala dominku, ya bar muku gurbin da ya kamata ku bi.
22 ২২ তেওঁ কোনো পাপ নকৰিলে; তেওঁৰ মুখত কোনো ছলনা পোৱা নগ’ল;
“Bai taɓa yin laifi ba sam, ba a kuma sami ƙarya a bakinsa ba.”
23 ২৩ তেওঁ নিন্দিত হলেও কাকো নিন্দা নকৰিলে; দুখ পোৱা কালত, ডাবি-ধমকি নিদিলে, কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতা জনৰ ওপৰত ভাৰ দিলে৷
Sa’ad da suka zazzage shi, bai rama ba; sa’ad da ya sha wahala, bai yi barazana ba. A maimakon haka, ya miƙa kansa ga wanda yake shari’ar adalci.
24 ২৪ তাতে আমি যেন পাপৰ সম্বন্ধে মৰি, ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকো, আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠৰ ওপৰলৈ নিলে৷ তেওঁৰ সাঁচৰ দ্বাৰাই আপোনালোক সুস্থ হ’ল৷
Shi kansa ya ɗauki zunubanmu a jikinsa a kan itace, domin mu mutu ga zunubai mu kuma rayu ga adalci; ta wurin raunukansa ne kuka sami warkarwa.
25 ২৫ আপোনালোকে সকলোৱে ভ্ৰান্ত মেৰৰ নিচিনাকৈ ভ্ৰমি ফুৰিছিল; কিন্তু এতিয়া আপোনালোকৰ আত্মাৰ ৰক্ষক আৰু অধ্যক্ষৰ ওচৰলৈ আপোনালোক উভতি আহিছে৷
Gama dā kuna kama da tumakin da suka ɓace, amma yanzu kun dawo ga Makiyayi da kuma Mai lura da rayukanku.

< ১ পিতৰ 2 >