< Zechariah 9 >

1 Ọ̀rọ̀-ìmọ̀. Ọ̀rọ̀ Olúwa kọjú ìjà sí Hadiraki, Damasku ni yóò sì jẹ́ ibi ìsinmi rẹ̀; nítorí ojú Olúwa ń bẹ lára ènìyàn, àti lára gbogbo ẹ̀yà Israẹli.
হদ্ৰক দেশৰ বিৰুদ্ধে যিহোৱাৰ বাক্য হ’ল আৰু দম্মেচকত তেওঁৰ আশ্ৰয় হ’ল; কিয়নো ইস্ৰায়েল আটাই ফৈদৰ ওপৰত থকাৰ দৰে মনুষ্য জাতিৰ ওপৰত যিহোৱাৰ দৃষ্টি হ’ব।
2 Àti Hamati pẹ̀lú yóò ṣe ààlà rẹ̀ Tire àti Sidoni bí o tilẹ̀ ṣe ọlọ́gbọ́n gidigidi.
আৰু দম্মেচকৰ সীমাত থকা হমাতো আশ্ৰয় হ’ব, চীদোনে সৈতে তূৰো হ’ব, যদিওবা সিহঁত বৰ জ্ঞানী।
3 Tire sì mọ odi líle fún ara rẹ̀, ó sì kó fàdákà jọ bí eruku, àti wúrà dáradára bí ẹrẹ̀ ìgboro.
তূৰে নিজৰ বাবে দৃঢ় কোঁঠ সাজিলে আৰু ধূলিৰ দৰে ৰূপ আৰু বাটৰ বোকাৰ দৰে উত্তম সোণ দ’ম কৰিলে।
4 Ṣùgbọ́n, Olúwa yóò kó gbogbo ohun ìní rẹ̀ lọ, yóò sì pa agbára rẹ̀ run ní ojú Òkun, a ó sì fi iná jó o run.
চোৱা প্ৰভুৱে তাইৰ আধিপত্য আতৰাব, আৰু সমুদ্ৰত থকা তাইৰ পৰাক্ৰম নষ্ট কৰিব আৰু তাইক অগ্নিৰ দ্বাৰাই গ্ৰাসিত কৰা হ’ব।
5 Aṣkeloni yóò rí í, yóò sì bẹ̀rù; Gasa pẹ̀lú yóò rí í, yóò sì káàánú gidigidi, àti Ekroni: nítorí tí ìrètí rẹ̀ yóò ṣákì í. Gasa yóò pàdánù ọba rẹ̀, Aṣkeloni yóò sì di ahoro.
ইয়াকে দেখি অস্কিলোনে ভয় কৰিব! কৰিব! আৰু ঘচায়ো দেখি গাজায়ো অত্যন্ত কঁপিব! ইক্ৰোণ, তাইৰ আশা হতবুদ্ধি হ’ব! কিয়নো তাইৰ আশাভূমি লাজ দিওঁতা হ’ব; ঘচাৰ পৰা ৰজা লুপ্ত হ’ব আৰু কোনেও অস্কিলোনত বাস নকৰিব!
6 Ọmọ àlè yóò sì gbé inú Aṣdodu, Èmi yóò sì gé ìgbéraga àwọn Filistini kúrò.
এক অচিনাকি জাতিয়ে অচ্‌দোদত বাস কৰিব, আৰু মই পলেষ্টীয়াসকলৰ গৰ্ব্ব বিচ্ছিন্ন কৰিম।
7 Èmi yóò sì mu ẹ̀jẹ̀ rẹ̀ kúrò ni ẹnu rẹ̀, àti àwọn ohun èèwọ̀ kúrò láàrín eyín rẹ̀: ṣùgbọ́n àwọn tó ṣẹ́kù yóò jẹ́ tí Ọlọ́run wa, wọn yóò sì jẹ baálẹ̀ ní Juda, àti Ekroni ni yóò rí bí Jebusi.
আৰু মই তেওঁৰ মুখৰ পৰা তেওঁ পান কৰা তেজ আৰু তেওঁৰ দাঁতৰ মাজৰ পৰা তেওঁৰ ঘিণলগীয়া প্ৰসাদ আতৰাই দিম; তেতিয়া তেৱোঁ আমাৰ ঈশ্বৰৰ পক্ষে অৱশিষ্ট লোক হ’ব, তেওঁ যিহূদাত প্ৰধান লোক বুলি গণিত হ’ব আৰু ইক্ৰোণ যিবুচীয়াস্বৰূপ হ’ব।
8 Èmi yóò sì dó yí ilẹ̀ mi ká nítorí ogun àwọn tí wọ́n ń wá ohun tí wọn yóò bàjẹ́ kiri, kò sí aninilára tí yóò bori wọn mọ́: nítorí ni ìsinsin yìí ni mo fi ojú ṣọ́ wọn.
কোনেও মাজেদি অহা-যোৱা কৰিব নোৱাৰাকৈ মোৰ বংশৰ চাৰিওফালে সৈন্যসামন্তৰ বিৰুদ্ধে মই ছাউনি পাতিম, তেতিয়া কোনো অত্যাচাৰী লোক তেওঁলোকৰ মাজেদি পুনৰায় যাব নোৱাৰিব; কাৰণ নিজ চকুৰে এতিয়া মই দৃষ্টি কৰিলোঁ!
9 Kún fún ayọ̀, ìwọ ọmọbìnrin Sioni, hó ìhó ayọ̀, ìwọ ọmọbìnrin Jerusalẹmu. Wò ó, ọba rẹ ń bọ̀ wá sọ́dọ̀ rẹ: òdodo ni òun, ó sì ní ìgbàlà; ó ní ìrẹ̀lẹ̀, ó sì ń gun kẹ́tẹ́kẹ́tẹ́, àní ọmọ kẹ́tẹ́kẹ́tẹ́.
হে চিয়োন-জীয়াৰী, অতিশয় উল্লাস কৰা, হে যিৰূচালেম-জীয়াৰী, জয়ধ্বনি কৰা! চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ ধাৰ্মিকতাৰে আহিছে তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ; তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে।
10 Èmi ó sì gbé kẹ̀kẹ́ kúrò ni Efraimu, àti ẹṣin ogun kúrò ni Jerusalẹmu, a ó sì ṣẹ́ ọrun ogun. Òun yóò sì kéde àlàáfíà sí àwọn kèfèrí. Ìjọba rẹ̀ yóò sì gbilẹ̀ láti Òkun dé Òkun, àti láti odò títí de òpin ayé.
১০মই ইফ্ৰয়িমৰ পৰা ৰথ আৰু যিৰূচালেমৰ পৰা ঘোঁৰা উচ্ছন্ন কৰিম আৰু যুদ্ধৰ ধনু উচ্ছন্ন কৰা হ’ব; কিয়নো তেওঁ জাতিবোৰক শান্তিৰ কথা ক’ব, তেওঁৰ ৰাজ্য সমুদ্ৰৰ পৰা সমুদ্ৰলৈকে আৰু নদীৰ পৰা পৃথিৱীৰ অন্তলৈকে হ’ব।
11 Ní tìrẹ, nítorí ẹ̀jẹ̀ májẹ̀mú mi pẹ̀lú rẹ, Èmi ó dá àwọn ìgbèkùn rẹ̀ sílẹ̀ kúrò nínú ọ̀gbun.
১১আৰু তোমাৰ বিষয়ে হ’লে, তোমাৰে সৈতে স্থাপন কৰা নিয়মটিৰ তেজৰ গুণত পানী নথকা গাতৰ পৰা মই তোমাৰ বন্দীয়াৰবোৰক মোকলালো।
12 Ẹ padà sínú odi agbára yín, ẹ̀yin òǹdè ti o ni ìrètí: àní lónìí yìí èmi sọ pé, èmi o san án fún ọ ni ìlọ́po méjì.
১২হে আশা কৰা বন্দীয়াৰসকল, তোমালোকে উলটি সংৰক্ষিত দুৰ্গলৈ আহাঁ! মই আজিয়েই প্ৰকাশ কৰিছোঁ যে, মই তোমাক দুগুণ মঙ্গল দান কৰিম।
13 Èmi ó fa Juda le bí mo ṣe fa ọrun mi le, mo sì fi Efraimu kún un, Èmi yóò gbé àwọn ọmọ rẹ ọkùnrin dìde, ìwọ Sioni, sí àwọn ọmọ rẹ̀ ọkùnrin, ìwọ Giriki, mo ṣe ọ́ bí idà alágbára.
১৩কিয়নো মই যিহূদাক মোৰ পক্ষে ধনুস্বৰূপে ভিৰালোঁ আৰু ইফ্ৰয়িমক কাঁড়স্বৰূপে গুণত জুৰিলোঁ। হে চিয়োন, তোমাৰ সন্তান সকলৰ বিৰুদ্ধে তোমাৰ সন্তান সকলক মই উচটাম, আৰু গ্রীকসকল, মই তোমাক এজন বীৰৰ তৰোৱালস্বৰূপ কৰিম!
14 Olúwa yóò sì fi ara hàn ní orí wọn; ọfà rẹ̀ yóò sì jáde lọ bí mọ̀nàmọ́ná. Olúwa Olódùmarè yóò sì fọn ìpè, Òun yóò sì lọ nínú atẹ́gùn ìjì gúúsù.
১৪যিহোৱাই তেওঁলোকৰ ওপৰত দেখা দিব আৰু তেওঁৰ কাঁড় বিজুলীৰ নিচিনাকৈ ওলাব! প্ৰভু যিহোৱাই শিঙা বজাব আৰু দক্ষিণ অঞ্চলৰ বা’মাৰলী বায়ুস্বৰূপ ৰথত গমন কৰিব।
15 Olúwa àwọn ọmọ-ogun yóò dáàbò bò wọ́n; wọn ó sì jẹ ni run, wọn ó sì tẹ òkúta kànnàkànnà mọ́lẹ̀; wọn ó sì mu ẹ̀jẹ̀ wọn bí wáìnì, wọn ó sì kún bí ọpọ́n, wọn ó sì rin ṣinṣin bí àwọn igun pẹpẹ.
১৫বাহিনীসকলৰ যিহোৱা তেওঁলোকৰ ঢালস্বৰূপ হ’ব আৰু তেওঁলোকে শত্ৰুৰ মঙহ খাব আৰু ফিঙ্গাৰ শিলস্বৰূপে সিহঁতক ভৰিৰ তলত গচকিব। তেতিয়া তেওঁলোকে সিহঁতৰ তেজ পান কৰিব আৰু দ্ৰাক্ষাৰস পান কৰি গোলমাল কৰাৰ দৰে গোলমাল কৰিব; আৰু তেজ ৰখা পাত্ৰৰ নিচিনাকৈ তেওঁলোক তেজেৰে পূৰ হ’ব আৰু যজ্ঞবেদীৰ চাৰি চুকৰ নিচিনা হ’ব।
16 Olúwa Ọlọ́run wọn yóò sì gbà wọ́n là ni ọjọ́ náà bí agbo ènìyàn rẹ̀: nítorí wọn ó dàbí àwọn òkúta adé, tí a gbé sókè bí àmì lórí ilẹ̀ rẹ̀.
১৬সেইদিনা তেওঁলোকৰ ঈশ্বৰ যিহোৱাই নিজৰ মেৰ-ছাগৰ জাকস্বৰূপ প্ৰজা বুলি তেওঁলোকক উদ্ধাৰ কৰিব; কিয়নো তেওঁলোক দেশৰ ওপৰত তেওঁৰ কিৰীটিৰ এটি জকমকোৱা মুকুতাস্বৰূপ হ’ব।
17 Nítorí oore rẹ̀ tí tóbi tó, ẹwà rẹ̀ sì tí pọ̀! Ọkà yóò mú ọ̀dọ́mọkùnrin dárayá, àti ọtí wáìnì tuntun yóò mú àwọn ọ̀dọ́mọbìnrin ṣe bẹ́ẹ̀ pẹ̀lú.
১৭কাৰণ তেওঁৰ মঙ্গল কেনে মহৎ! আৰু তেওঁৰ সৌন্দৰ্য্য বা কেনে মহৎ! শস্যই যুৱাসকলক আৰু নতুন দ্ৰাক্ষাৰসে যুৱতীসকলক সতেজ কৰিব।

< Zechariah 9 >