< Zechariah 8 >
1 Ọ̀rọ̀ Olúwa àwọn ọmọ-ogun si tún tọ́ mí wá.
১তেতিয়া বাহিনীসকলৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
2 Báyìí ni Olúwa àwọn ọmọ-ogun wí, “Owú ńlá ńlá ni mo jẹ fún Sioni, pẹ̀lú ìbínú ńlá ńlá ni mo fi jowú fún un.”
২“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মই চিয়োনৰ অৰ্থে মহা অন্তৰ্জ্বালাৰে জ্বলিছোঁ, মই তাইৰ অৰ্থে মহা ক্ৰোধেৰে জ্বলিছোঁ!’
3 Báyìí ni Olúwa wí, “Mo yípadà sí Sioni èmi ó sì gbé àárín Jerusalẹmu. Nígbà náà ni a ó sì pé Jerusalẹmu ni ìlú ńlá òtítọ́; àti òkè ńlá Olúwa àwọn ọmọ-ogun, ni a ó pè ní òkè ńlá mímọ́.”
৩বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মই চিয়োনলৈ উলটি আহিলোঁ আৰু যিৰূচালেমৰ মাজত বাস কৰিম, কাৰণ যিৰূচালেম সত্যপুৰী বুলি আৰু বাহিনীসকলৰ যিহোৱাৰ পৰ্ব্বতখন পবিত্ৰ বুলি প্ৰখ্যাত হ’ব’!”
4 Báyìí ni Olúwa àwọn ọmọ-ogun wí, “Arúgbó ọkùnrin, àti arúgbó obìnrin, yóò gbé ìgboro Jerusalẹmu, àti olúkúlùkù pẹ̀lú ọ̀pá ni ọwọ́ rẹ̀ fún ogbó.
৪বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: অতি বুঢ়া হোৱাৰ কাৰণে পুনৰায় যিৰূচালেমৰ চকবোৰত বহিব, প্ৰতিজন বুঢ়া-বুঢ়ীয়ে নিজ নিজ হাতত লাখুটি ল’ব।
5 Ìgboro ìlú yóò sì kún fún ọmọdékùnrin, àti ọmọdébìnrin, tí ń ṣiré ní ìta wọn.”
৫আৰু ল’ৰা-ছোৱালীবোৰৰ খেল ধেমালিৰে সেই নগৰৰ আলিবাটবোৰ পৰিপূৰ্ণ হ’ব!”
6 Báyìí ni Olúwa àwọn ọmọ-ogun wí pé, “Bí ó bá ṣe ìyanu ní ojú ìyókù àwọn ènìyàn yìí ni ọjọ́ wọ̀nyí, ǹjẹ́ ó ha lè jẹ́ ìyanu ni ojú mi bí?” ni Olúwa àwọn ọmọ-ogun wí.
৬বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “সেই দিনত এই লোকসকলৰ যি অৱশিষ্ট ভাগ থাকিব, সেই লোকসকলৰ দৃষ্টিত সেয়ে আচৰিত বোধ হ’ব; মোৰ দৃষ্টিতো সেয়ে আচৰিত বোধ হ’ব নে?” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
7 Báyìí ní Olúwa àwọn ọmọ-ogun wí pé, “Kíyèsi i, èmi ó gba àwọn ènìyàn mi kúrò ni ilẹ̀ ìlà-oòrùn, àti kúrò ni ilẹ̀ ìwọ̀-oòrùn.
৭বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই পূৱ আৰু পশ্চিম দেশৰ পৰা মোৰ প্ৰজাসকলক নিস্তাৰ কৰি আনিম!
8 Èmi ó sì mú wọn padà wá, wọn ó sì máa gbé àárín Jerusalẹmu. Wọn ó sì jẹ́ ènìyàn mi, èmi ó sì jẹ́ Ọlọ́run wọn, ní òtítọ́, àti ní òdodo.”
৮কিয়নো যিৰূচালেমত বাস কৰিবলৈ মই তেওঁলোকক ঘূৰাই আনিম, যাতে তেওঁলোক পুনৰায় মোৰ প্ৰজা হ’ব, আৰু সত্যতাত আৰু ধাৰ্মিকতাত মই তেওঁলোকৰ ঈশ্বৰ হ’ম!”
9 Báyìí ni Olúwa àwọn ọmọ-ogun wí pé, “Jẹ́ kí ọwọ́ yín le ẹ̀yin ti ń gbọ́ ọ̀rọ̀ wọ̀nyí ní ọjọ́ wọ̀nyí ni ẹnu àwọn wòlíì tí ó wà ni ọjọ́ tí a fi ìpìlẹ̀ ilé Olúwa àwọn ọmọ-ogun lélẹ̀, jẹ́ ki ọwọ́ rẹ̀ le kí a bá lè kọ́ tẹmpili.
৯“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তোমালোক সাহিয়াল হোৱা, যি কথা বর্তমান শুনি আছা সেই একেই বাক্য ভাববাদীসকলৰ মুখেৰে কোৱা হৈছিল, যেতিয়া তেওঁলোকে বাহিনীসকলৰ যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা হৈছিল, তেতিয়াই মন্দিৰ নিৰ্মান কৰা হৈছিল।
10 Nítorí pé, ṣáájú ọjọ́ wọ̀nyí, owó ọ̀yà ènìyàn kò tó nǹkan, bẹ́ẹ̀ ni ọ̀yà ẹran pẹ̀lú, bẹ́ẹ̀ ni kò sí àlàáfíà fún ẹni ń jáde lọ, tàbí ẹni ti ń wọlé bọ, nítorí ìpọ́njú náà: nítorí mo dojú gbogbo ènìyàn, olúkúlùkù kọ aládùúgbò rẹ̀.
১০কিয়নো সেই কালৰ পূৰ্বে কোনো লোকক মজুৰি দিবৰ বাবে বা কোনো পশুক কেৰেয়া ল’বৰ বাবে টকা নাছিল। আৰু বাহিৰলৈ যোৱাজনৰেই হওঁক বা কি ভিতৰলৈ অহা জনৰেই হওঁক শত্রুৰ পৰা কোনো শান্তি নাছিল। কিয়নো মই প্ৰতিজনক নিজ নিজ ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে উচটাই দিছিলোঁ।
11 Ṣùgbọ́n ní ìsinsin yìí èmi kì yóò ṣè sí ìyókù àwọn ènìyàn yìí gẹ́gẹ́ bí tí ìgbà àtijọ́,” ni Olúwa àwọn ọmọ-ogun wí.
১১কিন্তু এতিয়া মই পূৰ্ব কালৰ দৰে এই লোকসকলৰ অৱশিষ্ট ভাগলৈ ব্যৱহাৰ নকৰিম!’” এইটোৱেই হ’ল বাহিনীসকলৰ যিহোৱাৰ ঘোষণা।
12 “Nítorí irúgbìn yóò gbilẹ̀, àjàrà yóò ṣo èso rẹ̀, ilẹ̀ yóò sì hu ọ̀pọ̀lọpọ̀ nǹkan rẹ̀ jáde, àwọn ọ̀run yóò sì mu ìrì wọn wá; èmi ó sì mu kí èyí jẹ ogún ìní àwọn ìyókù ènìyàn yìí ni gbogbo nǹkan wọ̀nyí.
১২“কিয়নো কুশলযুক্ত কঠীয়া সিচাঁ হ’ব। দ্ৰাক্ষালতাই নিজ নিজ ফল ধৰিব, ভূমিয়ে নিজৰ শস্য উৎপন্ন কৰিব, আৰু আকাশ-মণ্ডলে নিজৰ নিয়ৰ বৰষাব, কাৰণ মই এই অৱশিষ্ট লোকসকলক সেই সকলোৰে অধিকাৰী কৰিম।
13 Yóò sì ṣe, gẹ́gẹ́ bí ẹ̀yin tí jẹ́ ègún láàrín àwọn kèfèrí, ẹ̀yin ilé Juda, àti ilé Israẹli, bẹ́ẹ̀ ni èmi ó gbà yín sílẹ̀; ẹ̀yin o sì jẹ́ ìbùkún, ẹ má bẹ̀rù, ṣùgbọ́n jẹ́ ki ọwọ́ yín le.”
১৩জাতিবোৰৰ মাজত তোমালোক যেনেকৈ শাওৰ উদাহৰণস্বৰূপ হৈছিলা, হে যিহূদা বংশ আৰু হে ইস্ৰায়েল বংশ, তেনেকৈ এতিয়া মই তোমালোকক উদ্ধাৰ কৰিম আৰু তোমালোক আশীৰ্ব্বাদৰ বিষয় হ’বা। ভয় নকৰিবা, তোমালোকৰ হাত সবল হওঁক!”
14 Nítorí báyìí ni Olúwa àwọn ọmọ-ogun wí: “Gẹ́gẹ́ bí mo ti rò láti ṣe yín níbi nígbà tí àwọn baba yín mú mi bínú,” ni Olúwa àwọn ọmọ-ogun wí, tí èmi kò sì ronúpìwàdà.
১৪কিয়নো বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “তোমালোকৰ পূৰ্ব-পুৰুষসকলে মোৰ ক্ৰোধ তোলা সময়ত মই যেনেকৈ তোমালোকৰ অমঙ্গল কৰিবলৈ সঙ্কল্প কৰিছিলোঁ,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে, ‘আৰু মই মন পালটোৱা নাছিলোঁ,
15 “Bẹ́ẹ̀ ni èmi sì ti ro ọjọ́ wọ̀nyí láti ṣe rere fún Jerusalẹmu, àti fún ilé Juda: ẹ má bẹ̀rù.
১৫তেনেকৈ আকৌ এই কালত যিৰূচালেমৰ আৰু যিহূদা-বংশৰ মঙ্গল কৰিবলৈ সঙ্কল্প কৰিছোঁ! তোমালোকে ভয় নকৰিবা!
16 Wọ̀nyí ni nǹkan tí ẹ̀yin ó ṣe: ki olúkúlùkù yín kí ó máa ba ọmọnìkejì rẹ̀ sọ òtítọ́; ṣe ìdájọ́ tòótọ́ àti àlàáfíà ní àwọn ibodè yín.
১৬তোমালোকে কৰিবলগীয়া কাৰ্য এইবোৰ: প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ সৈতে সত্য আলাপ কৰিবা, তোমালোকে নগৰৰ দুৱাৰত যথাৰ্থ আৰু শান্তিজনক বিচাৰ সিদ্ধ কৰিবা।
17 Ẹ má ṣe jẹ́ kí ẹnìkan ro ibi ni ọkàn rẹ̀ sí ẹnìkejì rẹ̀; ẹ má fẹ́ ìbúra èké; nítorí gbogbo nǹkan wọ̀nyí ni mo kórìíra,” ni Olúwa wí.
১৭তোমালোক কোনেও নিজ মনত নিজ ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে কু-কল্পনা নকৰিবা আৰু মিছা শপত নিদিবা; কিয়নো এই আটাইবোৰ মই ঘিণ কৰোঁ!” এই কথা যিহোৱাই কৈছে।
18 Ọ̀rọ̀ Olúwa àwọn ọmọ-ogun sì tọ mi wá wí pé.
১৮পাছে বাহিনীসকলৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
19 Báyìí ni Olúwa àwọn ọmọ-ogun wí pé: “Àwẹ̀ oṣù kẹrin, karùn-ún, keje, àti tí ẹ̀kẹwàá, yóò jẹ́ ayọ̀ àti dídùn inú, àti àpéjọ àríyá fún ilé Juda; nítorí náà, ẹ fẹ́ òtítọ́ àti àlàáfíà.”
১৯“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চতুৰ্থ, পঞ্চম, সপ্তম আৰু দশম মাহৰ উপবাস যিহূদা-বংশৰ কাৰণে আনন্দ ও উল্লাসৰ বিষয় আৰু সন্তোষজনক উৎসৱ হ’ব! এই হেতুকে তোমালোকে সত্যক আৰু শান্তিক ভাল পোৱা!”
20 Báyìí ni Olúwa àwọn ọmọ-ogun wí pé, “Àwọn ènìyàn yóò sá à tún wa, àti ẹni tí yóò gbe ìlú ńlá púpọ̀.
২০“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘লোকসকল আকৌ আহিব, আনকি ভিন ভিন নগৰত নিবাস কৰা লোকসকলো আহিব।
21 Àwọn ẹni tí ń gbé ìlú ńlá kan yóò lọ sí òmíràn, wí pé, ‘Ẹ jẹ́ kí a yára lọ gbàdúrà kí a sì wá ojúrere Olúwa, àti láti wá Olúwa àwọn ọmọ-ogun. Èmi pẹ̀lú yóò sì lọ.’
২১আৰু এখন নগৰৰ নিবাসীসকলে আন এখন নগৰলৈ গৈ ক’ব, ‘ব’লা, যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আৰু বাহিনীসকলৰ যিহোৱাক বিচাৰিবলৈ আমি বেগাই যাওঁহঁক! ময়ো যাম’!
22 Nítòótọ́, ọ̀pọ̀lọpọ̀ ènìyàn àti àwọn alágbára orílẹ̀-èdè yóò wá láti wá Olúwa àwọn ọmọ-ogun ní Jerusalẹmu; àti láti gbàdúrà, àti láti wá ojúrere Olúwa.”
২২হয়, অনেক দেশৰ লোক আৰু পৰাক্ৰমী জাতি সমূহ যিৰূচালেমত বাহিনীসকলৰ যিহোৱাক বিচাৰিবলৈ আৰু যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আহিব’!”
23 Báyìí ni Olúwa àwọn ọmọ-ogun wí pé, “Ní àwọn ọjọ́ wọ̀nyí ni ọkùnrin mẹ́wàá láti inú gbogbo èdè àti orílẹ̀-èdè yóò dìímú, àní yóò di etí aṣọ ẹni tí i ṣe Júù mú, wí pé, ‘Àwa yóò ba ọ lọ, nítorí àwa tí gbọ́ pé, Ọlọ́run wà pẹ̀lú rẹ.’”
২৩বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘সেই দিনা জাতি সমূহৰ মাজৰ আটাই ভাষা ক’ব পৰা দহ জন লোকে এজন যিহুদী লোকৰ কাপোৰৰ আঁচল ধৰি ক’ব, “আমি তোমালোকৰ লগত যাম, কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে!”