< Zechariah 12 >

1 Ọ̀rọ̀-ìmọ̀. Ọ̀rọ̀ Olúwa fún Israẹli ni. Olúwa wí, ẹni tí ó na àwọn ọ̀run, tí ó sì fi ìpìlẹ̀ ayé sọlẹ̀, tí ó sì da ẹ̀mí ènìyàn tí ń bẹ ni inú rẹ̀,
ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বক্তব্য - এয়ে যিহোৱাৰ ঘোষণা, যি জন আকাশ মণ্ডল বিস্তাৰ কৰোঁতা, পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰোঁতা আৰু মনুষ্যৰ অন্তৰত আত্মা গঠন কৰোঁতা:
2 “Kíyèsi í, èmi yóò sọ Jerusalẹmu dí àgọ́ ìwárìrì sí gbogbo ènìyàn yíká, nígbà tí wọn yóò dó ti Juda àti Jerusalẹmu.
চোৱা! মই যিৰূচালেমক চাৰিওফালে থকা আটাই জাতিবোৰক ঢলংপলং হোৱা পান-পাত্ৰস্বৰূপ কৰিম আৰু যিৰূচালেমক অৱৰোধ কৰা সময়ত এয়ে যিহূদাৰ বিৰুদ্ধেও ঘটিব।
3 Ní ọjọ́ náà, nígbà tí gbogbo orílẹ̀-èdè ayé bá parapọ̀ sí i, ni èmi yóò sọ Jerusalẹmu di òkúta ti ko ṣe yí kúrò fún gbogbo ènìyàn, gbogbo àwọn tí ó bá sì fẹ́ yí i ni a ó gé sí wẹ́wẹ́,
সেই দিনা মই যিৰূচালেমক সকলো জাতিৰ পক্ষে তুলিবলৈ কষ্টকৰ শিলস্বৰূপ কৰিম; আৰু যিসকলে তাক তুলিব, তেওঁলোকে নিজকে বৰকৈ আঘাত কৰিব আৰু পৃথিৱীৰ আটাই জাতিয়ে তাইৰ অহিতে গোট খাব।
4 ní ọjọ́ náà,” ni Olúwa wí, “Ni èmi yóò fi ìdágìrì lu gbogbo ẹṣin, àti fi òmùgọ̀ kọlu ẹni tí ń gun un; èmi yóò sì ṣí ojú mi sí ilé Juda, èmi yóò sì bu ìfọ́jú lu gbogbo ẹṣin tí orílẹ̀-èdè.
সেইদিনা যিহোৱাৰ ঘোষণা এই - “মই প্ৰত্যেক ঘোঁৰাক আঘাত কৰি ভয় লগাম আৰু তাত উঠা জনক বলীয়া কৰিম; মই যিহূদা বংশলৈ মোৰ চকু মুকলি কৰিম, কিন্তু সৈন্যসকলৰ প্ৰত্যেক ঘোঁৰাক আঘাত কৰি কণা কৰিম।
5 Àti àwọn baálẹ̀ Juda yóò sì wí ni ọkàn wọn pé, ‘Àwọn ara Jerusalẹmu ni agbára mi nípa Olúwa àwọn ọmọ-ogun ni Ọlọ́run wọn.’
তেতিয়া যিহূদাৰ প্ৰধান লোকসকলে নিজ নিজ মনতে ক’ব, ‘যিৰূচালেম নিবাসীসকল আমাৰ বল, কাৰণ বাহিনীসকলৰ যিহোৱা তেওঁলোকৰ ঈশ্বৰ’।
6 “Ní ọjọ́ náà, ni èmi yóò ṣe àwọn baálẹ̀ Juda bí ààrò iná kan láàrín igi, àti bi ẹ̀fúùfù iná láàrín ìtí; wọn yóò sì jẹ gbogbo àwọn ènìyàn run yíká lápá ọ̀tún àti lápá òsì, a ó sì tún máa gbé inú Jerusalẹmu ní ipò rẹ̀.
সেই দিনা মই যিহূদাৰ পৰিচাৰকসকলক খৰিৰ মাজত থকা জুই ধৰা পাত্ৰৰদৰে আৰু ডাঙৰিবোৰৰ মাজত জ্বলাই থোৱা আৰিয়াৰ দৰে কৰিম; তেওঁলোকে সোঁ আৰু বাওঁ ফালে চাৰিওকাষে আটাই জাতিক গ্ৰাস কৰিব আৰু নিজ ঠাই যিৰূচালেমতেই পুনৰায় বাস কৰিব।
7 “Olúwa pẹ̀lú yóò kọ́ tètè gba àgọ́ Juda là ná, kí ògo ilé Dafidi àti ògo àwọn ara Jerusalẹmu má ba gbé ara wọn ga sí Juda.
দায়ূদৰ বংশ আৰু যিৰূচালেম-নিবাসীসকল যিহূদাতকৈ বৰ বুলি বিবেচিত নহ’বৰ কাৰণে, যিহোৱাই যিহূদাৰ তম্বুবোৰ প্ৰথমে ৰক্ষা কৰিব।
8 Ní ọjọ́ náà ni Olúwa yóò dáàbò bò àwọn tí ń gbé Jerusalẹmu; ẹni tí ó bá sì ṣe àìlera nínú wọn ní ọjọ́ náà, yóò dàbí Dafidi; ilé Dafidi yóò sì dàbí Ọlọ́run, bí angẹli Olúwa níwájú wọn.
সেইদিনা যিহোৱা যিৰূচালেম-নিবাসীসকলৰ ঢালস্বৰূপ হ’ব আৰু তেওঁলোকৰ মাজৰ দুৰ্ব্বল লোক সেইদিনা দায়ূদৰ সদৃশ হ’ব আৰু দায়ূদৰ বংশ ঈশ্বৰৰ সদৃশ, তেওঁলোকৰ আগে আগে যোৱা যিহোৱাৰ দূতৰেই সদৃশ হ’ব।
9 Yóò sì ṣe ni ọjọ́ náà, èmi yóò wá láti pa gbogbo àwọn orílẹ̀-èdè run tí ó wá kọjú ìjà sí Jerusalẹmu.”
আৰু সেইদিনা যিৰূচালেমৰ বিৰুদ্ধে অহা আটাই জাতিক মই নষ্ট কৰিবলৈ থিৰ কৰিম।”
10 “Èmi ó sì tu ẹ̀mí oore-ọ̀fẹ́ àti ẹ̀bẹ̀ sórí ilé Dafidi àti sórí Jerusalẹmu, wọn ó sì máa wo ẹni tí wọn tí gún ni ọ̀kọ̀, wọn ó sì máa ṣọ̀fọ̀ rẹ̀, bí ẹnìkan ti ń ṣọ̀fọ̀ fún ọmọ rẹ̀ kan ṣoṣo àti gẹ́gẹ́ bí ènìyàn tí wọn yóò sì wà ni ìbànújẹ́, bí ẹni tí ń banújẹ́ fún àkọ́bí rẹ̀.
১০আৰু দায়ূদ-বংশৰ আৰু যিৰূচালেম নিবাসীসকলৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ কাৰণে আত্মা বাকি দিম; তেতিয়া তেওঁলোকে মোক যি দৰে বিন্ধিছিল, সেই বিষয়ে তেওঁলোকে চাব। একেটি পুত্ৰৰ কাৰণে বিলাপ কৰা নিচিনাকৈ তেওঁলোকে তেওঁৰ কাৰণে বিলাপ কৰিব আৰু প্ৰথমে জন্মা পুত্ৰৰ বিয়োগত মানুহে বেজাৰ পোৱাৰ দৰে তেওঁলোকে তেওঁৰ কাৰণে মনত বেজাৰ পাব।
11 Ní ọjọ́ náà ni ẹkún, ńlá ńlá yóò wà ni Jerusalẹmu, gẹ́gẹ́ bí ọ̀fọ̀ Hadadi Rimoni ni àfonífojì Megido.
১১মগিদ্দোন সমথলৰ হদদ-ৰিম্মোণত কৰা বিলাপৰ নিচিনাকৈ যিৰূচালেমত সেই দিনা মহা বিলাপ হ’ব।
12 Ilẹ̀ náà yóò ṣọ̀fọ̀, ìdílé, kọ̀ọ̀kan fun ara rẹ, lọ́tọ̀ọ̀tọ̀; ìdílé Dafidi lọ́tọ̀; àti àwọn aya wọn lọ́tọ̀; ìdílé Natani lọ́tọ̀, àti àwọn aya wọn lọ́tọ́.
১২দেশৰ প্ৰত্যেক গোষ্ঠীয়ে বেলেগে বেলেগে বিলাপ কৰিব; দায়ূদ-বংশৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে; নাথন বংশৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে বিলাপ কৰিব।
13 Ìdílé Lefi lọ́tọ̀, àti àwọn aya wọn lọ́tọ̀; ìdílé Ṣimei lọ́tọ̀, àti àwọn aya wọn lọ́tọ̀.
১৩লেবী-বংশৰ গোষ্ঠীয়ে বেলেগকৈ আৰু তেওঁলোকৰ পত্নীসকল বেলেগে; চিমিয়ীৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে;
14 Gbogbo àwọn ìdílé tí o kù, ìdílé, ìdílé, lọ́tọ̀ọ̀tọ̀, àti àwọn aya wọn lọ́tọ̀ọ̀tọ̀.
১৪প্রত্যেক অৱশিষ্ট গোষ্ঠীৰ মাজত এক এক গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকলে বেলেগে বেলেগে বিলাপ কৰিব।

< Zechariah 12 >