< Ruth 1 >
1 Ní ìgbà tí àwọn onídàájọ́ ń ṣe àkóso ilẹ̀ Israẹli, ìyàn kan mú ní ilẹ̀ náà, ọkùnrin kan láti Bẹtilẹhẹmu ti Juda, òun àti aya rẹ̀ pẹ̀lú àwọn ọmọ rẹ̀ ọkùnrin méjì lọ láti máa gbé ní ilẹ̀ Moabu fún ìgbà díẹ̀.
১বিচাৰকৰ্ত্তা সকলে শাসন কৰা সময়ত, দেশত এবাৰ আকাল হৈছিল৷ সেয়ে যিহূদাৰ বৈৎলেহেমৰ এজন ব্যক্তিয়ে তেওঁৰ ভাৰ্যা আৰু তেওঁৰ পুতেক দুজনৰ সৈতে মোৱাব দেশত বাস কৰিবলৈ গৈছিল।
2 Orúkọ ọkùnrin náà ń jẹ́ Elimeleki, orúkọ ìyàwó rẹ̀ ni Naomi, orúkọ àwọn ọmọ rẹ̀ méjèèjì sì ni Maloni àti Kilioni àwọn ará Efrata, ti Bẹtilẹhẹmu ti Juda. Wọ́n sì lọ sí ilẹ̀ Moabu, wọ́n ń gbé níbẹ̀.
২সেই ব্যক্তিৰ নাম ইলীমেলক আছিল। তেওঁৰ ভাৰ্যাৰ নাম নয়মী, অাৰু তেওঁৰ পুতেক দুজনৰ নাম মহলোন আৰু কিলিয়োন আছিল৷ তেওঁলোক যিহূদাৰ বৈৎলেহেম নিবাসী ইফ্ৰাথীয়া মানুহ আছিল। তেওঁলোকে মোৱাব দেশলৈ গ’ল আৰু সেই দেশ পোৱাৰ পাছত তেওঁলোকে তাতে বাস কৰিবলৈ ল’লে।
3 Ní àsìkò tí wọ́n ń gbé ibẹ̀, Elimeleki, ọkọ Naomi kú, ó sì ku òun pẹ̀lú àwọn ọmọ rẹ̀ ọkùnrin méjèèjì.
৩পাছত নয়মীৰ স্বামী ইলীমেলকৰ মৃত্যু হ’ল আৰু তেওঁ পুত্র দুজনৰ সৈতে তাতে নিবাস কৰিবলৈ ল’লে।
4 Wọ́n sì fẹ́ àwọn ọmọbìnrin ará Moabu méjì, orúkọ ọ̀kan ń jẹ́ Oripa, èkejì sì ń jẹ́ Rutu. Lẹ́yìn ìgbà tí wọ́n sì ti gbé níbẹ̀ fún bí ọdún mẹ́wàá,
৪তেওঁৰ পুত্র দুজনে তাতে দুজনী মোৱাবীয়া ছোৱালী বিয়া কৰালে; তাৰে এজনীৰ নাম অর্পা আৰু আন এজনীৰ নাম ৰূথ। তেওঁলোকে সেই ঠাইত প্ৰায় দহ বছৰ বসবাস কৰি থাকিল।
5 Maloni àti Kilioni náà sì kú, Naomi sì wà láìsí ọkọ tàbí ọmọ kankan fún un mọ́.
৫তাৰ পাছত মহলোন আৰু কিলিয়োন নামৰ এই পুত্র দুজনৰো মৃত্যু হ’ল; নয়মী পুত্ৰহাৰা আৰু স্বামীহীনা হ’ল।
6 Nígbà tí Naomi gbọ́ ní Moabu tí ó wà wí pé Olúwa ti bẹ àwọn ènìyàn rẹ̀ wò nípa fífún wọn ní ọ̀pọ̀ oúnjẹ. Ó sì dìde pẹ̀lú àwọn ìyàwó ọmọ rẹ̀ méjèèjì láti padà sí ìlú rẹ̀.
৬পাছত নয়মীয়ে দুজনী বোৱাৰীয়েকৰে সৈতে মোৱাব দেশ ত্যাগ কৰি যিহূদা দেশলৈ উভটি যোৱাৰ সিদ্ধান্ত ল’লে৷ তেওঁ মোৱাব দেশতে শুনিবলৈ পাইছিল যে, যিহূদা দেশত থকা নিজৰ লোকসকলক যিহোৱাই প্রয়োজনৰ সময়ত সহায় কৰে আৰু খোৱা বস্তু যোগায়।
7 Òun pẹ̀lú àwọn ìyàwó ọmọ rẹ̀ méjèèjì ni wọ́n jọ fi ibi tí ó ń gbé sílẹ̀ tí wọ́n sì bẹ̀rẹ̀ ìrìnàjò wọn padà sí ilẹ̀ Juda.
৭সেয়ে নয়মীয়ে বোৱাৰী দুজনীৰ সৈতে সেই দেশ পৰিত্যাগ কৰি যিহূদা দেশলৈ খোজকাঢ়ি উভতি আহিবলৈ সিদ্ধান্ত ল’লে৷
8 Ṣùgbọ́n ní ojú ọ̀nà, Naomi wí fún àwọn aya ọmọ rẹ̀ méjèèjì pé, “Kí ẹnìkọ̀ọ̀kan yín padà sí ilé ìyá rẹ̀. Kí Olúwa ṣe àánú fún yín bí ẹ ti ṣe sí èmi àti àwọn ọkọ yín tí ó kú.
৮সেয়ে নয়মীয়ে বোৱাৰীয়েক দুজনীক ক’লে, “তোমালোকে নিজ নিজ মাতৃৰ ঘৰলৈ উভটি যোৱা, তোমালোকে যি দৰে মৃতবোৰলৈ আৰু মোলৈকো দয়া কৰিছিলা, সেইদৰে যিহোৱাই তোমালোককো দয়া কৰক।
9 Kí Olúwa kí ó fi yín lọ́kàn balẹ̀ ní ilé ọkọ mìíràn.” Naomi sì fi ẹnu kò wọ́n ní ẹnu wí pé “Ó dìgbà,” wọ́n sì sọkún kíkankíkan.
৯তোমালোকে যেন পুনৰ স্বামী গ্ৰহণ কৰি তেওঁলোকৰ ঘৰত বিশ্ৰাম কৰিব পোৱা, যিহোৱাই তোমালোকক এনে বৰ দিয়ক।” তাৰ পাছত তেওঁ দুয়োকে চুমা খোৱাত, তেওঁলাকে চিঞঁৰি কান্দিবলৈ ধৰিলে।
10 Wọ́n sì wí fún un pé, “Rárá, a ó bà ọ lọ sí ọ̀dọ̀ àwọn ènìyàn rẹ.”
১০আৰু তেওঁক তেওঁলোকে ক’লে, “নহয় নহয়; আমি হ’লে আপোনাৰ লগত আপোনাৰ লোকসকলৰ ওচৰলৈ যাম।”
11 Ṣùgbọ́n Naomi dáhùn wí pé, “Ẹ padà sílé ẹ̀yin ọmọ mi. Nítorí kí ni ẹ fi fẹ́ wá pẹ̀lú mi? Ṣé mo tún le bí àwọn ọmọkùnrin mìíràn ni, tí ó le ṣe ọkọ yin?
১১তেতিয়া নয়মীয়ে ক’লে, “হে মোৰ আইটিহঁত উভটি যোৱা; তোমালোকে মোৰ লগত কিয় যাব ওলাইছা? তোমালোকৰ স্বামী হ’বৰ বাবে এতিয়া জানো মই গৰ্ভত পুত্ৰ ধাৰণ কৰিব পাৰিম?
12 Ẹ padà sílé, ẹ̀yin ọmọ mi, nítorí èmi ti di arúgbó jù láti ní ọkọ mìíràn. Bí èmí wí pé, èmí ní ìrètí, bí èmí tilẹ̀ ní ọkọ mìíràn ní alẹ́ yìí, tí èmí sì bí àwọn ọmọkùnrin mìíràn,
১২হে মোৰ আইটিহঁত, নিজ বাটে উভটি যোৱা, কিয়নো মই অতি বৃদ্ধা, আকৌ বিয়া হ’ব নোৱাৰো, আৰু যদিও মোৰ আশা আছে বুলি মই কওঁ, আৰু মই বিয়া হৈ আজি ৰাতিয়েই যদি পুত্ৰ প্ৰসৱ কৰোঁ,
13 ẹ̀yin ha le è dúró dìgbà tí wọ́n yóò fi dàgbà? Ẹ̀yin ó le è dúró dè wọ́n láì fẹ́ ọkọ mìíràn? Rárá, ẹ̀yin ọmọbìnrin mi, nítorí pé inú mi bàjẹ́ gidigidi ju tiyín lọ, nítorí tí ọwọ́ Olúwa fi jáde sí mi!”
১৩তথাপি তোমালোকে জানো সিহঁত ডাঙৰ হোৱালৈকে সিহঁতৰ কাৰণে বিয়া নোহোৱাকৈ অপেক্ষাত থাকিব পাৰিবা? হে মোৰ আইটিহঁত, মই তোমালোকতকৈয়ো অতি বেছি দুখিত, কাৰণ যিহোৱাৰ হাত মোৰ বিৰুদ্ধে উঠিল।”
14 Wọ́n sì gbé ohùn wọn sókè, wọ́n sì tún sọkún. Nígbà náà ní Oripa fi ẹnu ko ìyá ọkọ rẹ̀ ní ẹnu wí pé ó dìgbà, ṣùgbọ́n Rutu dì mọ́ ọn síbẹ̀.
১৪তেতিয়া তেওঁলোকে পুনৰ চিঞঁৰি কান্দিবলৈ ধৰিলে, আনহাতে অর্পাই শাহুৱেকক চুমা খাই বিদায় ল’লে; কিন্তু ৰূথ তেওঁৰ লগতে থাকিল।
15 Naomi wí pé, “Wò ó, arábìnrin rẹ ti padà lọ sí ọ̀dọ̀ àwọn ènìyàn rẹ̀ àti òrìṣà rẹ̀, ìwọ náà padà pẹ̀lú rẹ̀.”
১৫তেতিয়া নয়মীয়ে ক’লে, “সৌৱা চোৱা, তোমাৰ জায়েৰাই নিজ লোকসকলৰ আৰু নিজ দেৱতাৰ ওচৰলৈ ঘূৰি গ’ল; তুমিও তোমাৰ জায়েৰাৰ সৈতে উভটি যোৱা।”
16 Ṣùgbọ́n Rutu dáhùn wí pé, “Má ṣe rọ̀ mí láti fi ọ́ sílẹ̀ tàbí láti padà lẹ́yìn rẹ. Ibi tí ìwọ bá lọ ní èmi yóò lọ, ibi ti ìwọ bá dúró ni èmi yóò dúró, àwọn ènìyàn rẹ ni yóò jẹ́ ènìyàn mi, Ọlọ́run rẹ ni yóò sì jẹ́ Ọlọ́run mi.
১৬কিন্তু ৰূথে ক’লে, “আপোনাক এৰি আপোনাৰ ওচৰৰ পৰা যাবলৈ মোক নকব৷ কিয়নো, আপুনি য’লৈকে যাই, ময়ো তালৈকে যাম, আৰু আপুনি য’ত থাকিব, মইয়ো তাতে থাকিম, আপোনাৰ লোকসকলে মোৰ লোক হ’ব, আৰু আপোনাৰ ঈশ্বৰেই মোৰো ঈশ্বৰ হ’ব৷
17 Níbi tí ìwọ bá kú sí ni èmi yóò kú sí, níbẹ̀ ni wọn yóò sì sin mí sí. Kí Olúwa jẹ mí ní ìyà tí ó lágbára, bí ohunkóhun bí kò ṣe ikú bá yà wá.”
১৭আপোনাৰ যি ঠাইত মৃত্যু হ’ব, মোৰো সেই ঠাইতে মত্যু হ’ব, আৰু তাতেই মোৰ মৈদামো হ’ব; কেৱল মৃত্যুৰ বাহিৰে আন কোনোৱে যদি মোক আপোনাৰ পৰা পৃথক কৰিব পাৰে, তেন্তে যিহোৱাইহে মোক অধিক দণ্ড দিয়ক।”
18 Nígbà tí Naomi rí i wí pé Rutu ti pinnu láti tẹ̀lé òun kò rọ̀ láti padà mọ́.
১৮যেতিয়া নয়মীয়ে দেখিলে যে, ৰূথ তেওঁৰ লগত যাবলৈ দৃঢ় প্ৰতিজ্ঞ, তেতিয়া তেওঁ তাইক পুনৰ বাধা নকৰিলে।
19 Àwọn méjèèjì sì ń lọ títí wọ́n fi dé ìlú Bẹtilẹhẹmu. Nígbà tí wọ́n dé ibẹ̀, ariwo ìpadàbọ̀ wọn gba ìlú kan, àwọn obìnrin ibẹ̀ sì kígbe ní ohùn rara wí pé, “Naomi ni èyí bí?”
১৯পাছত তেওঁলোক দুয়ো বৈৎলেহেম চহৰ নোপোৱালৈকে গৈ থাকিল আৰু তেওঁলোকে বৈৎলেহেম নগৰ পোৱাৰ পাছত, তেওঁলোকৰ বিষয় লৈ নগৰৰ লোকসকল উত্তেজিত হৈ পৰিল, আৰু মহিলাসকলে আহি সুধিলে, “এৱেঁই নয়মী নহয় নে?”
20 Naomi sì dáhùn wí pé, “Ẹ má ṣe pè mí ní Naomi mọ́, ẹ pè mí ní Mara, nítorí wí pé Olódùmarè ti mú kí ayé mi di kíkorò.
২০তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোক নয়মী বুলি নামাতিবা, কিন্তু মাৰা বুলি মাতিবা। কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ জীৱন তিক্ততাৰে পৰিপূৰ্ণ কৰিলে।
21 Mo jáde ní kíkún, ṣùgbọ́n Olúwa mú mi padà ní òfo. Nítorí náà kín ló dé tí ẹ fi ń pè mí ní Naomi, nígbà tí Olódùmarè ti kọ̀ mí sílẹ̀, tí ó sì mú ìdààmú bá mi?”
২১মই পূৰ্ণ সংসাৰ লৈ ওলাই গৈছিলোঁ, কিন্তু যিহোৱাই মোৰ সংসাৰ শূন্য কৰি ঘৰলৈ উভটাই আনিলে। সেয়ে তোমালোকে মোক কিয় নয়মী বুলি মাতিছা? যিহোৱাই মোৰ বিৰুদ্ধে সাক্ষ্য দিছে, আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে মোক যাতনাদায়ক কৰিলে।”
22 Báyìí ni Naomi ṣe padà láti Moabu pẹ̀lú Rutu, ará Moabu ìyàwó ọmọ rẹ̀. Wọ́n gúnlẹ̀ sí Bẹtilẹhẹmu ní ìbẹ̀rẹ̀ ìkórè ọkà barle.
২২এইদৰে নয়মী আৰু তেওঁৰ মোৱাবীয়া বোৱাৰীয়েক ৰূথ মোৱাব দেশৰ পৰা উভটি আহিল আৰু তেওঁলোকে যৱ ধান দাৱলৈ আৰম্ভ কৰা কালত বৈৎলেহেম আহি পালে।