< Romans 11 >

1 Ǹjẹ́ mo ní, Ọlọ́run ha ta àwọn ènìyàn rẹ̀ nù bí? Kí a má ri. Nítorí Israẹli ni èmi pẹ̀lú, láti inú irú-ọmọ Abrahamu, ni ẹ̀yà Benjamini.
তেনেহলে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলে নে? এনে নহওক; কিয়নো ময়ো অব্ৰাহামৰ বংশৰ বিন্যামীন ফৈদৰ এজন ইস্ৰায়েলীয়া।
2 Ọlọ́run kò ta àwọn ènìyàn rẹ̀ nù ti ó ti mọ̀ tẹ́lẹ̀. Tàbí ẹ̀yin kò mọ bí ìwé mímọ́ ti wí ní ti Elijah? Bí ó ti ń bẹ̀bẹ̀ lọ́dọ̀ Ọlọ́run fún Israẹli, wí pé:
ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই। নতুবা, এলিয়াৰ বিৱৰণত শাস্ত্ৰই কি কৈছে, সেই বিষয়ে আপোনালোকে নাজানে নে? তেওঁ ইস্ৰায়েলৰ লোকৰ বিৰুদ্ধে ঈশ্বৰৰ আগত কিদৰে নিবেদন কৰিছিল? তেওঁ কৈছিল,
3 “Olúwa, wọ́n ti pa àwọn wòlíì rẹ, wọn sì ti wó àwọn pẹpẹ rẹ lulẹ̀; èmi nìkan ṣoṣo ni ó sì kù, wọ́n sì ń wá ẹ̀mí mi.”
“হে প্ৰভু, লোক সকলে তোমাৰ ভাববাদী সকলক বধ কৰিলে, তোমাৰ বেদিবোৰ খান্দি পেলালে; আৰু এতিয়া মইহে অৱশিষ্ট আছোঁ; মোৰো প্ৰাণ তেওঁলোকে বিচাৰি আছে”।
4 Ṣùgbọ́n ìdáhùn wo ni Ọlọ́run fi fún un? “Mo ti ṣẹ́ ẹ̀ẹ́dẹ́gbàárin ènìyàn kù sílẹ̀ fún ara mi, àwọn tí kò tẹ eékún ba fún Baali.”
কিন্তু উত্তৰত ঈশ্বৰে তেওঁক কি কয়? “বাল দেৱতাৰ আগত আঁঠু নোলোৱাকৈ থকা এনে সাত হাজাৰ মানুহ মই নিজলৈ অৱশিষ্ট ৰাখিলোঁ।”
5 Gẹ́gẹ́ bẹ́ẹ̀ sì ni, ní àkókò yìí àṣẹ́kù àwọn ènìyàn kan wà nípa ìyànfẹ́ ti oore-ọ̀fẹ́.
এইদৰে বৰ্ত্তমান কালতো অনুগ্ৰহেৰে মনোনীত কৰা অৱশিষ্ট লোক আছে।
6 Bí ó bá sì ṣe pé nípa ti oore-ọ̀fẹ́ ni, ǹjẹ́ kì í ṣe ti iṣẹ́ mọ́; bí bẹ́ẹ̀ kọ́ oore-ọ̀fẹ́ kì yóò jẹ́ oore-ọ̀fẹ́ mọ́. Ṣùgbọ́n bí ó ṣe pé nípa ti iṣẹ́ ni, ǹjẹ́ kì í ṣe ti oore-ọ̀fẹ́ mọ́; bí bẹ́ẹ̀ kọ́, iṣẹ́ kì í ṣe iṣẹ́ mọ́.
কিন্তু সেয়ে যদি অনুগ্ৰহেৰে হয় তেনেহলে কৰ্মেৰে নহয়; অন্যথা সেই অনুগ্ৰহ, অনুগ্ৰহ হৈ নাথাকে।
7 Kí ha ni? Ohun tí Israẹli ń wá kiri, òun náà ni kò rí; ṣùgbọ́n àwọn ẹni àyànfẹ́ ti rí i, a sì sé àyà àwọn ìyókù le.
তেনেহলে কি? ইস্ৰায়েলে যি বিচাৰিছে, সেই পোৱা নাই, কিন্তু মনোনীত লোকেহে তাক পালে; অৱশিষ্ট সকলক কঠিন কৰা হ’ল।
8 Gẹ́gẹ́ bí a ti kọ ọ́ pé: “Ọlọ́run ti fún wọn ní ẹ̀mí oorun, àwọn ojú tí kò le ríran àti àwọn etí tí kò le gbọ́rọ̀, títí ó fi di òní olónìí yìí.”
এই বিষয়ে এইদৰে লিখাও আছে, “ঈশ্বৰে সিঁহতক মূৰ্চ্ছাজনক আত্মা, আৰু যাতে নেদেখিব, এনে চকু আৰু যাতে নুশুনিব, এনে কাণ দিলে; আজিলৈকে তেওঁলোক সেইদৰেই আছে।”
9 Dafidi sì wí pé: “Jẹ́ kí tábìlì wọn kí ó di ìdẹ̀kùn àti tàkúté, ohun ìkọ̀sẹ̀ àti ẹ̀san fún wọn.
আৰু দায়ুদেও কৈছে, “সিঁহতৰ ভোজনৰ মেজ, সিহঁতলৈ ফান্দ আৰু কুন্দা, বিঘিনি আৰু প্ৰতিফল স্বৰূপ হওক;
10 Jẹ́ kí ojú wọn ṣókùnkùn, kí wọn kí ó má le ríran, Kí wọn kí ó sì tẹ ẹ̀yìn wọn ba nígbà gbogbo.”
১০সিহঁতে নেদেখিবলৈ, সিহঁতৰ চকু অন্ধকাৰময় হওক৷” আৰু আপুনি সিহঁতৰ পিঠি সদায় কুঁজী কৰক।
11 Ǹjẹ́ mo ní, wọ́n ha kọsẹ̀ kí wọn kí ó lè ṣubú? Kí a má ri i, ṣùgbọ́n nípa ìṣubú wọn, ìgbàlà dé ọ̀dọ̀ àwọn Kèfèrí, láti mú Israẹli jowú.
১১তেনেহলে মই কওঁ, তেওঁলোকে পৰিবলৈ উজুটি খালে নে? এনে নহওক। কিন্তু তেওঁলোকৰ অন্তৰ্জ্বালা জন্মাবলৈ তেওঁলোকৰ অপৰাধৰ দ্বাৰাই অনা-ইহুদী সকলৰ পৰিত্রাণ হ’ল।
12 Ṣùgbọ́n bí ìṣubú wọn bá di ọrọ̀ ayé, àti bí ìfàsẹ́yìn wọn bá di ọrọ̀ àwọn Kèfèrí; mélòó mélòó ni kíkún ọrọ̀ wọn?
১২পাছত তেওঁলোকৰ অপৰাধেই যদি জগতৰ ধন আৰু তেওঁলোকৰ হানিয়েই যদি অনা-ইহুদী সকলৰ ধন হয়, তেনেহলে তেওঁলোকৰ পৰিপূৰ্ণতা তাতকৈ কিমান অধিক হ’ব?
13 Ẹ̀yin tí i ṣe Kèfèrí ni èmi sá à ń bá sọ̀rọ̀, níwọ̀n bí èmi ti jẹ́ aposteli àwọn Kèfèrí, mo gbé oyè mi ga
১৩এতিয়া অনা-ইহুদী লোক যি আপোনালোক, আপোনালোকক মই কৈছোঁ। যেতিয়ালৈকে মই অনা-ইহুদী সকলৰ নিযুক্ত পাঁচনি হৈ আছোঁ, মোৰ সেই পৰিচৰ্যা পদৰ গৌৰৱ কৰিছোঁ;
14 bí ó le ṣe kí èmi kí ó lè mú àwọn ará mi jowú, àti kí èmi kí ó lè gba díẹ̀ là nínú wọn.
১৪কিজানি কোনোমতে মোৰ স্বজাতীয় সকলৰ অন্তৰ্জ্বালা জন্মাই, তেওঁলোকৰ কিছুমানৰ পৰিত্ৰাণ কৰাব পাৰোঁ।
15 Nítorí bí títanù wọn bá jẹ́ ìlàjà ayé, gbígbà wọn yóò ha ti rí, bí kò sí ìyè kúrò nínú òkú?
১৫কিয়নো তেওঁলোকক ত্যাগ কৰাই যদি জগতৰ মিলন হয়, তেনেহলে তেওঁলোকক গ্ৰহন কৰাই মৃত সকলৰ জীৱন লাভৰ বাহিৰে আনকি হ’ব পাৰে?
16 Ǹjẹ́ bí àkọ́so bá jẹ́ mímọ́, bẹ́ẹ̀ ni àkópọ̀ yóò jẹ́ mímọ́; bí gbòǹgbò bá sì jẹ́ mímọ́, bẹ́ẹ̀ sì ni àwọn ẹ̀ka rẹ̀ náà.
১৬যদি সনা পিঠাগুড়িৰ প্ৰথম ভাগ পবিত্ৰ, তেনেহলে গোটেই লদাই পবিত্ৰ; আৰু যদি শিপা পবিত্ৰ, তেনেহলে ডালবোৰো পবিত্ৰ।
17 Ṣùgbọ́n bí a bá ya nínú àwọn ẹ̀ka kúrò, tí a sì lọ́ ìwọ, tí í ṣe igi òróró igbó sára wọn, tí ìwọ sì ń bá wọn pín nínú gbòǹgbò àti ọ̀rá igi olifi náà,
১৭কিন্তু কেতবোৰ ডাল যদি ভাঙি পেলোৱা হ’ল আৰু আপুনি বনৰীয়া জলফাই গছ হৈয়ো, যদি সেইবোৰৰ মাজত কলম স্বৰূপে লগোৱা হ’ল আৰু আপুনি জলফাইৰ শিপাৰ ৰসৰ সহভাগী হ’ল,
18 má ṣe ṣe féfé sí àwọn ẹ̀ka igi náà. Ṣùgbọ́n bí ìwọ bá ṣe féfé, ìwọ kọ́ ni ó rù gbòǹgbò, ṣùgbọ́n gbòǹgbò ni ó rù ìwọ.
১৮তেনেহলে ডালবোৰৰ বিৰুদ্ধে দৰ্প নকৰিব। যদিও দৰ্প কৰে, তথাপি আপুনি যে শিপাক ভৰণ-পোষণ দি আছে, এনে নহয়, কিন্তু শিপাইহে আপোনাক ভৰণ-পোষণ দি আছে৷
19 Ǹjẹ́ ìwọ ó wí pé, “A ti fa àwọn ẹ̀ka náà ya, nítorí kí a lè lọ́ mi sínú rẹ̀.”
১৯ইয়াতে আপুনি ক’ব, “মোক কলম স্বৰূপে লগাবলৈহে ডালবোৰ ভাঙি পেলোৱা হ’ল।”
20 Ó dára; nítorí àìgbàgbọ́ ni a ṣe fà wọn ya kúrò, ìwọ sì dúró nípa ìgbàgbọ́ rẹ. Má ṣe gbé ara rẹ ga, ṣùgbọ́n bẹ̀rù.
২০সঁচা, তেওঁলোকৰ অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হ’ল, আপুনি হ’লে বিশ্বাসৰ দ্বাৰাই স্থিৰ হৈ আছে। উচ্চমনা নহ’ব, বৰং ভয় কৰক৷
21 Nítorí bí Ọlọ́run kò bá dá ẹ̀ka-ìyẹ́ka sí, kíyèsára kí ó má ṣe ṣe àìdá ìwọ náà sí.
২১কাৰণ যদি ঈশ্বৰে স্বাভাৱিক ডালবোৰক মৰম নকৰিলে, তেনেহলে আপোনাকো মৰম নকৰিব।
22 Nítorí náà wo oore àti ìkáàánú Ọlọ́run; lórí àwọn tí ó ṣubú, ìkáàánú; ṣùgbọ́n lórí ìwọ, oore, bi ìwọ bá dúró nínú oore rẹ̀; kí a má bá ké ìwọ náà kúrò.
২২এতেকে ঈশ্বৰৰ স্নেহ আৰু তীক্ষ্ণ ভাব চাওক৷ এফালে যি সকল ইহুদী পৰিল, তেওঁলোকৰ বাবে হৈছে তীক্ষ্ণ ভাব; আনফালে আপোনালোকৰ বাবে তেওঁৰ ভাব হৈছে স্নেহশীল৷ যদি আপুনি সেই স্নেহ ভাবত থাকে, তেতিয়াহে; নহ’লে, আপুনিও কটা যাব।
23 Àti àwọn pẹ̀lú, bí wọn kò bá jókòó sínú àìgbàgbọ́, a ó lọ́ wọn sínú rẹ̀, nítorí Ọlọ́run le tún wọn lọ́ sínú rẹ̀.
২৩যদি সেইবোৰ অবিশ্বাসত নাথাকে, তেনেহলে সেইবোৰকো কলম স্বৰূপে লগোৱা হ’ব; কিয়নো সেইবোৰক পুনৰ কলম স্বৰূপে লগাবলৈ ঈশ্বৰ সক্ষম।
24 Nítorí bí a bá ti ké ìwọ kúrò lára igi òróró igbó nípa ẹ̀dá rẹ̀, tí a sì lọ́ ìwọ sínú igi òróró rere lòdì sí ti ẹ̀dá; mélòó mélòó ni a ó lọ́ àwọn wọ̀nyí, tí í ṣe ẹ̀ka-ìyẹ́ka sára igi òróró wọn?
২৪কাৰণ স্বাভাৱিক বনৰীয়া জলফাই গছৰ পৰা কটা যোৱা যি আপুনি, আপুনি যদি স্বভাৱৰ বিপৰীতে উত্তম জলফাই গছত কলম স্বৰূপে লগোৱা হ’ল, তেনেহলে স্বাভাৱিক ডাল যি সেইবোৰ, সেই ইহুদী সকল কিমান অধিক নিঃসন্দেহে নিজৰ জলফাই গছত কলম স্বৰূপে লগোৱা হ’ব।
25 Ará, èmi kò ṣá fẹ́ kí ẹ̀yin kí ó wà ní òpè ní ti ohun ìjìnlẹ̀ yìí, kí ẹ̀yin má ba á ṣe ọlọ́gbọ́n ní ojú ara yín, pé ìfọ́jú bá Israẹli ní apá kan, títí kíkún àwọn Kèfèrí yóò fi dé.
২৫কিয়নো, হে ভাই সকল, আপোনালোকে যেন নিজকে জ্ঞানৱন্ত বুলি নামানে, এই কাৰণে, যেতিয়ালৈকে অনা-ইহুদী লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইস্ৰায়েলী লোকৰ যে কঠিনতা জন্মিল, এই নিগূঢ়-তত্ত্ব আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।
26 Bẹ́ẹ̀ ni a ó sì gba gbogbo Israẹli là, gẹ́gẹ́ bí a ti kọ ọ́ pé: “Ní Sioni ni Olùgbàlà yóò ti jáde wá, yóò sì yìí àìwà-bí-Ọlọ́run kúrò lọ́dọ̀ Jakọbu.
২৬এইদৰে সকলো ইস্ৰায়েলী লোকে পৰিত্ৰাণ পাব; এই বিষয়ে লিখাও আছে: চিয়োনৰ পৰা উদ্ধাৰকৰ্ত্তা আহিব; তেওঁ যাকোবৰ বংশৰ পৰা ভক্তি লঙ্ঘন দূৰ কৰিব;
27 Èyí sì ni májẹ̀mú mi pẹ̀lú wọn. Nígbà tí èmi yóò mú ẹ̀ṣẹ̀ wọn kúrò.”
২৭আৰু এয়েই তেওঁলোকে সৈতে মোৰ নিয়ম হ’ব, তেতিয়া মই তেওঁলোকৰ পাপ গুচাম৷”
28 Nípa ti ìyìnrere, ọ̀tá ni wọ́n nítorí yín; bí ó sì ṣe ti ìyànfẹ́ ni, olùfẹ́ ni wọ́n nítorí ti àwọn baba.
২৮এফালে তেওঁলোক শুভবাৰ্তাৰ সম্বন্ধে আপোনালোকৰ কাৰণে শত্ৰু; কিন্তু আনফালে ঈশ্বৰৰ মনোনীতৰ সম্বন্ধে তেওঁলোক ওপৰ-পুৰুষ সকলৰ কাৰণে প্ৰিয়পাত্ৰ।
29 Nítorí àìlábámọ̀ ni ẹ̀bùn àti ìpè Ọlọ́run.
২৯কিয়নো ঈশ্বৰৰ অনুগ্ৰহৰ বৰ আৰু আমন্ত্ৰণ অপৰিৱৰ্তনীয়।
30 Nítorí gẹ́gẹ́ bí ẹ̀yin kò ti gba Ọlọ́run gbọ́ rí, ṣùgbọ́n nísinsin yìí tí ẹ̀yin rí àánú gbà nípa àìgbàgbọ́ wọn.
৩০কাৰণ যেনেকৈ আপোনালোকে আগেয়ে ঈশ্বৰৰ অবাধ্য আছিল, কিন্তু এতিয়া তেওঁলোকৰ অবাধ্যতাৰ কাৰণে দয়া পালে,
31 Gẹ́gẹ́ bẹ́ẹ̀ ni àwọn wọ̀nyí tí ó ṣe àìgbọ́ràn nísinsin yìí, kí àwọn pẹ̀lú bá le rí àánú gbà nípa àánú tí a fihàn yín.
৩১তেনেকৈ এতিয়া এই ইহুদী সকলেও যেন আপোনালোকৰ দয়া প্ৰাপ্তিৰ কাৰণে দয়া পায়, তাৰ বাবে তেওঁলোক এতিয়া অবাধ্য হ’ল;
32 Nítorí Ọlọ́run sé gbogbo wọn mọ́ pọ̀ sínú àìgbàgbọ́, kí ó le ṣàánú fún gbogbo wọn. (eleēsē g1653)
৩২কিয়নো ঈশ্বৰে সকলোকে দয়া কৰিবৰ বাবে, সকলোকে অবাধ্যতাত বন্ধ কৰিলে। (eleēsē g1653)
33 A! Ìjìnlẹ̀ ọ̀rọ̀ àti ọgbọ́n àti ìmọ̀ Ọlọ́run! Àwámárídìí ìdájọ́ rẹ̀ ti rí, ọ̀nà rẹ̀ sì jù àwárí lọ!
৩৩ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য!
34 “Nítorí ta ni ó mọ ọkàn Olúwa? Tàbí ta ni í ṣe ìgbìmọ̀ rẹ̀?”
৩৪“কিয়নো প্ৰভুৰ মন কোনে জানিলে? আৰু তেওঁৰ মন্ত্ৰণাকাৰীয়ে বা কোন হ’ল?
35 “Tàbí ta ni ó kọ́ fi fún un, tí a kò sì san padà fún un?”
৩৫নতুবা কোনে ঈশ্বৰলৈ আগেয়ে দিলে যে, তাৰ বাবে তেওঁক প্ৰতিদান কৰিব লাগে?”
36 Nítorí láti ọ̀dọ̀ rẹ̀, àti nípa rẹ̀, àti fún un ni ohun gbogbo; ẹni tí ògo wà fún láéláé! Àmín. (aiōn g165)
৩৬কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়; তেওঁৰেই মহিমা চিৰকাল হওক। আমেন। (aiōn g165)

< Romans 11 >