< Psalms 99 >

1 Olúwa jẹ ọba; jẹ́ kí ayé kí ó wárìrì Ó jókòó lórí ìtẹ́ kérúbù jẹ́ kí ayé kí ó wárìrì.
যিহোৱাই ৰজা; জাতি সমূহ কম্পিত হওঁক। তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে; পৃথিৱী কঁপি উঠক।
2 Olúwa tóbi ní Sioni; Ó sì ga jù gbogbo orílẹ̀-èdè lọ.
চিয়োনত যিহোৱা মহান; সমুদায় জাতিৰ উর্দ্ধত তেওঁক উন্নীত কৰা হ’ল।
3 Kí wọ́n sì yin orúkọ rẹ̀ tí ó tóbi tí ó ni ẹ̀rù, Mímọ́ ni Òun.
জাতিবোৰে তেওঁৰ মহৎ আৰু ভয়াবহ নামৰ প্ৰশংসা কৰক; তেওঁ পবিত্ৰ।
4 Ọba náà ní agbára, ó sì fẹ́ òdodo, ìwọ fi ìdí àìṣègbè múlẹ̀; ìwọ ṣe ohun tí ó tọ́ àti ohun tí ó yẹ nínú Jakọbu.
শক্তিশালী ৰজাই ন্যায় ভাল পায়; তুমিয়েই ন্যায়বিচাৰ স্থাপন কৰিলা; তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সাধন কৰিলা।
5 Gbígbéga ni Olúwa Ọlọ́run wa ẹ foríbalẹ̀ níbi ẹsẹ̀ rẹ̀; ó jẹ́ mímọ́.
আমাৰ ঈশ্বৰ যিহোৱাৰ উচ্চ প্রশংসা কীৰ্ত্তন কৰা, তেওঁৰ ভৰিপীৰা সন্মুখত প্ৰণিপাত কৰা; তেওঁ পবিত্ৰ।
6 Mose àti Aaroni wà nínú àwọn àlùfáà rẹ̀ Samuẹli wà nínú àwọn tí ó ń ké pe orúkọ rẹ̀ wọ́n ké pe Olúwa, ó sì dá wọn lóhùn.
তেওঁৰ পুৰোহিতসকলৰ মাজৰ মোচি আৰু হাৰোণ, আৰু প্ৰার্থনা কৰা লোকসকলৰ মাজৰ চমূৱেলে প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ উত্তৰ দিছিল।
7 Ó sọ̀rọ̀ sí wọn nínú ọ̀wọ́n àwọsánmọ̀, wọ́n pa ẹ̀rí rẹ̀ mọ́ àti ìlànà tí ó fún wọn.
তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল; তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিছিল।
8 Olúwa Ọlọ́run wa, ó dá wọn lóhùn; ó jẹ́ Ọlọ́run tí ó ń dáríjì àwọn ọmọ Israẹli ìwọ tí ó ń fi ìyà àìṣedéédéé wọn jẹ wọ́n.
হে আমাৰ ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ প্রার্থনাৰ উত্তৰ দিছিলা; তুমি তেওঁলোকলৈ এজন ক্ষমাৱান ঈশ্বৰ আছিলা, তথাপিও তেওঁলোকৰ ভুল কর্মৰ প্রতিফল দিছিলা।
9 Gbígbéga ni Olúwa Ọlọ́run wa kí a sìn ín ní òkè mímọ́ rẹ̀ nítorí Olúwa Ọlọ́run wa jẹ́ mímọ́.
তোমালোকে আমাৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, তেওঁৰ পবিত্ৰ পৰ্ব্বত অভিমুখে প্ৰণিপাত কৰা: কিয়নো আমাৰ ঈশ্বৰ যিহোৱা পবিত্ৰ।

< Psalms 99 >