< Psalms 94 >

1 Olúwa Ọlọ́run ẹni tí ń gbẹ̀san, Ọlọ́run ẹni tí ń gbẹ̀san.
হে প্ৰতিফল দিওঁতা ঈশ্বৰ যিহোৱা, হে প্রতিফল দিওঁতা ঈশ্বৰ, তুমি দীপ্তি প্ৰকাশ কৰা।
2 Gbé ara rẹ sókè, ìwọ onídàájọ́ ayé; san ẹ̀san fún agbéraga ohun tí ó yẹ wọ́n.
হে পৃথিৱীৰ বিচাৰকৰ্ত্তা, তুমি উঠা, অহংকাৰীবোৰক তেওঁলোকৰ যি প্রাপ্য তাক তুমি দিয়া।
3 Báwo ní yóò ti pẹ́ tó, Olúwa tí àwọn ẹni búburú yóò kọ orin ayọ̀?
হে যিহোৱা, দুষ্টবোৰে কিমান কাল, দুষ্টবোৰেনো কিমান কাল উল্লাস কৰিব?
4 Wọ́n ń sọ̀rọ̀ ìgbéraga jáde; gbogbo àwọn olùṣe búburú kún fún ìṣògo.
তেওঁলোকৰ মুখৰ পৰা দাম্ভিক কথাবোৰ বাহিৰ হৈ আহে; সকলো দুষ্টলোকে গৰ্ব্ব কৰে।
5 Wọ́n fọ́ àwọn ènìyàn rẹ túútúú, Olúwa: wọ́n pọ́n ilẹ̀ ìní rẹ̀ lójú.
হে যিহোৱা, তোমাৰ লোকসকলক তেওঁলোকে চূর্ণ কৰিছে; তোমাৰ আধিপত্যক উপদ্রৱ কৰিছে।
6 Wọ́n pa àwọn opó àti àlejò, wọ́n sì pa àwọn ọmọ aláìní baba.
বিধৱা আৰু বিদেশী লোকক তেওঁলোকে বধ কৰিছে; অনাথ সকলক হত্যা কৰিছে;
7 Wọ́n sọ pé, “Olúwa kò rí i; Ọlọ́run Jakọbu kò sì kíyèsi i.”
তেওঁলোকে ক’য়, “যিহোৱাই নেদেখিব; যাকোবৰ ঈশ্বৰে মন নকৰিব।”
8 Kíyèsi i, ẹ̀yin aláìlóye nínú àwọn ènìyàn; ẹ̀yin aṣiwèrè, nígbà wo ni ẹ̀yin yóò lóye?
হে বিবেকহীনবোৰ, তোমালোকে বিবেচনা কৰা; হে নিৰ্বোধবোৰ, কেতিয়া তোমালোকৰ সুবুদ্ধি হ’ব?
9 Ẹni tí ó gbin etí, ó lè ṣe aláìgbọ́ bí? Ẹni tí ó dá ojú? Ó ha lè ṣe aláìríran bí?
যি জনাই কাণ সৃষ্টি কৰিলে, তেওঁ জানো নুশুনিব? যি জনাই চকু নিৰ্ম্মাণ কৰিলে, তেওঁ জানো নেদেখিব?
10 Ẹni tí ń bá orílẹ̀-èdè wí, ṣé kò lè tọ́ ni ṣọ́nà bí? Ẹni tí ń kọ́ ènìyàn ha lè ṣàìní ìmọ̀ bí?
১০যি জনাই সকলো জাতিকে শাসন কৰে আৰু লোকসকলক শিক্ষা দিয়ে, তেওঁ জানো শাস্তি নিদিয়াকৈ থাকিব?
11 Olúwa mọ èrò inú ènìyàn; ó mọ̀ pé asán ni wọ́n.
১১যিহোৱাই মানুহৰ সকলো চিন্তা জানে; তেওঁ জানে যে তেওঁলোক সকলো শ্বাস মাত্র।
12 Ìbùkún ni fún ènìyàn náà tí ìwọ bá wí, Olúwa, ẹni tí ìwọ kọ́ nínú òfin rẹ,
১২হে যিহোৱা, ধন্য সেইসকল লোক যাক তুমি শাসন কৰা, আৰু তোমাৰ ব্যৱস্থাৰ পৰা শিক্ষা দিয়া,
13 Ìwọ gbà á kúrò nínú ọjọ́ ibi, títí a ó fi wa ihò sílẹ̀ fún ẹni búburú.
১৩যাতে তেওঁলোকে বিপদৰ কালত জিৰণি পায়, যেতিয়ালৈকে দুষ্টসকলৰ কাৰণে গাত খন্দা শেষ নহয়।
14 Nítorí Olúwa kò ní kọ àwọn ènìyàn rẹ̀ sílẹ̀, Òun kò sì ní kọ ilẹ̀ ìní rẹ̀ sílẹ̀.
১৪কিয়নো যিহোৱাই নিজৰ লোকসকলক ত্যাগ নকৰিব, নিজৰ আধিপত্যক পৰিত্যাগ নকৰিব।
15 Ìdájọ́ yóò padà sí òdodo, àti gbogbo àwọn ọlọ́kàn dídúró ṣinṣin yóò tẹ̀lé e lẹ́yìn.
১৫ন্যায়বিচাৰ পুনৰ ধাৰ্মিকতাৰ ওচৰলৈ উভটি আহিব; শুদ্ধ মনৰ সকলোৱেই তাক মানি চলিব।
16 Ta ni yóò dìde fún mi sí àwọn olùṣe búburú? Tàbí ta ni yóò dìde sí àwọn oníṣẹ́ ẹ̀ṣẹ̀ fún mi?
১৬কোনে মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে উঠিব? মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে কোন থিয় হ’ব?
17 Bí kò ṣe pé Olúwa fún mi ní ìrànlọ́wọ́, èmi fẹ́rẹ̀ máa gbé ní ilẹ̀ tí ó dákẹ́.
১৭যদি যিহোৱাই মোক সহায় নকৰে, তেন্তে মৃত্যুৰ নীৰৱতাত মোৰ প্ৰাণে শীঘ্ৰেই বসতি কৰিলেহেঁতেন।
18 Nígbà tí mo sọ pé, “Ẹsẹ̀ mi ń yọ̀”, Olúwa, ìfẹ́ rẹ̀ ni ó tì mí lẹ́yìn.
১৮যেতিয়াই মই ভাৱো যে, মোৰ ভৰি পিছলি গৈছে, তেতিয়াই হে যিহোৱা, তোমাৰ অসীম প্রেমে মোক ধৰি ৰাখে।
19 Nígbà tí àníyàn ńlá wà nínú mi, ìtùnú rẹ̀ mú ayọ̀ sí ọkàn mi.
১৯মোৰ মন যেতিয়া দুঃচিন্তাৰে ভৰি পৰে, তেতিয়া তোমাৰ শান্ত্বনাই মোৰ প্রাণত আনন্দ দান কৰে।
20 Ìjọba ìbàjẹ́ ha lè kẹ́gbẹ́ pẹ̀lú rẹ ẹni tí ń fi òfin dì mọ́ ìwà ìkà?
২০দুর্নীতিপৰায়ণ শাসনকর্তাসকলে দুষ্কার্যৰ কাৰণে বিধি স্থাপন কৰে, তোমাৰ লগত তেওঁলোকৰ জানো সম্পৰ্ক থাকিব পাৰে?
21 Wọ́n kó ara wọn jọ sí olódodo wọ́n sì ń dá àwọn aláìṣẹ̀ lẹ́bi sí ikú.
২১তেওঁলোকে ধাৰ্মিকৰ প্ৰাণৰ বিৰুদ্ধে গোট খায়; তেওঁলোকে নিৰ্দ্দোষীক মৃত্যুদণ্ড বিহিবলৈ দোষী কৰে।
22 Ṣùgbọ́n, Olúwa ti di odi alágbára mi, àti Ọlọ́run mi ni àpáta nínú ẹni tí mo ti ń gba ààbò.
২২কিন্তু যিহোৱাই মোৰ দুৰ্গ; মোৰ ঈশ্বৰেই মোৰ আশ্ৰয় শিলা।
23 Òun yóò san ẹ̀san ibi wọn fún wọn yóò sì pa wọ́n run nítorí búburú wọn Olúwa Ọlọ́run wa yóò pa wọ́n run.
২৩তেওঁলোকৰ অপৰাধ তেওঁ তেওঁলোকৰ ওপৰলৈকে আনিব, তেওঁলোকৰ দুষ্কার্যতেই তেওঁ তেওঁলোকক বিনষ্ট কৰিব; আমাৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকক বিনষ্ট কৰিব।

< Psalms 94 >