< Psalms 86 >
1 Àdúrà ti Dafidi. Gbọ́, Olúwa, kí o sì dá mi lóhùn, nítorí mo jẹ́ tálákà àti aláìní.
১হে যিহোৱা, মোৰ কথালৈ কাণ দিয়া, মোক উত্তৰ দিয়া; কিয়নো মই দুখী আৰু দৰিদ্ৰ।
2 Dáàbò bò ayé mi, nítorí a ti yà mí sọ́tọ̀ fún ọ: ìwọ ni Ọlọ́run mi, gbà ìránṣẹ́ rẹ là tí ó gbẹ́kẹ̀lé ọ.
২মোৰ প্ৰাণ ৰক্ষা কৰা; কিয়নো মই তোমাৰ ভক্ত; তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ ওপৰত ভাৰসা কৰা দাসক তুমি পালন কৰা।
3 Ṣàánú fún mi, Olúwa, nítorí èmi ń pè ọ́ ní gbogbo ọjọ́.
৩হে প্ৰভু, মোক কৃপা কৰা; কিয়নো ওৰে দিনটো মই তোমাৰ আগত প্ৰাৰ্থনা কৰি আছোঁ।
4 Mú ayọ̀ wà fún ìránṣẹ́ rẹ, nítorí ìwọ, Olúwa, ni mo gbé ọkàn mí sókè sí.
৪তোমাৰ দাসৰ মনত আনন্দ দান কৰা; কিয়নো হে প্ৰভু, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
5 Ìwọ ń dáríjì, ìwọ sì dára, Olúwa, ìwọ sì ṣàánú fún gbogbo àwọn tí ń ké pè ọ́.
৫হে প্ৰভু, তুমি মঙ্গলময় আৰু ক্ষমাদানকাৰী; তোমাৰ আগত প্ৰাৰ্থনা কৰা সকলৰ প্রতি তুমি দয়াৰে পৰিপূর্ণ।
6 Gbọ́ àdúrà mi, Olúwa; tẹ́tí sí ẹkún mi fún àánú.
৬হে যিহোৱা, মোৰ প্ৰাৰ্থনালৈ কাণ পাতা, মোৰ মিনতিৰ ক্রন্দন তুমি শুনা।
7 Ní ọjọ́ ìpọ́njú mi èmi yóò pè ọ́, nítorí ìwọ yóò dá mi lóhùn.
৭সঙ্কটৰ কালত মই তোমাৰ আগত প্ৰাৰ্থনা কৰিম; কিয়নো তুমি মোক উত্তৰ দিবা।
8 Nínú àwọn òrìṣà kò sí ẹni tí ó dàbí i rẹ, Olúwa: kò sí àwọn iṣẹ́ tí a lè fiwé tìrẹ.
৮হে প্ৰভু, দেৱতাবোৰৰ মাজত তোমাৰ তুল্য কোনো নাই; তোমাৰ কাৰ্যৰ লগত কোনো কাৰ্যৰ তুলনা নহয়।
9 Gbogbo àwọn orílẹ̀-èdè tí ìwọ dá yóò wá láti wá jọ́sìn níwájú rẹ, Olúwa; wọn ó mú ògo wà fún orúkọ rẹ̀.
৯হে প্ৰভু, তুমি সৃষ্টি কৰা সমস্ত জাতিয়ে আহি তোমাৰ আগত প্ৰণিপাত কৰিব; তেওঁলোকে তোমাৰ মহিমা কীর্তন কৰিব।
10 Nítorí pé ìwọ tóbi, ìwọ sì ń ṣe ohun ìyanu; ìwọ nìkan ni Ọlọ́run.
১০কিয়নো তুমি মহান আৰু তুমি আচৰিত কৰ্ম কৰোঁতা। কেৱল তুমিয়েই ঈশ্বৰ।
11 Kọ́ mi ní ọ̀nà rẹ, Olúwa, èmi ó sì máa rìn nínú òtítọ́ rẹ; fún mi ní ọkàn tí kì í yapa, kí èmi kí ó ba lè bẹ̀rù orúkọ rẹ.
১১হে যিহোৱা, তোমাৰ পথৰ বিষয়ে মোক শিক্ষা দিয়া, যাতে মই তোমাৰ সত্যত চলিব পাৰোঁ; তোমাৰ নামক ভয় কৰাৰ কাৰণে মোৰ দুই মনৰ অন্তৰক এক মন দিয়া।
12 Èmi ó yìn ọ́, Olúwa Ọlọ́run mi, pẹ̀lú gbogbo ọkàn mi; èmi ó fògo fún orúkọ rẹ títí láé.
১২হে মোৰ ঈশ্বৰ যিহোৱা, মই সমস্ত হৃদয়ৰে তোমাৰ প্ৰশংসা কৰিম, চিৰকাল তোমাৰ নামৰ গৌৰৱ কৰিম।
13 Nítorí títóbi ni ìfẹ́ rẹ si mi; ìwọ ti gbà mí kúrò nínú ọ̀gbun isà òkú. (Sheol )
১৩কিয়নো মোৰ প্ৰতি তোমাৰ গভীৰ প্রেম অসীম; চিয়োলৰ অতি গভীৰ অধোলোকৰ পৰা তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা। (Sheol )
14 Àwọn onígbèéraga ń dojúkọ mí, Ọlọ́run; àti ìjọ àwọn alágbára ń wá ọkàn mi kiri, wọn kò sì fi ọ́ pè.
১৪হে ঈশ্বৰ, অহঙ্কাৰীবোৰ মোৰ বিৰুদ্ধে উঠিছে; অত্যাচাৰীবোৰৰ দলে মোৰ প্ৰাণ লব বিচাৰিছে; তেওঁলোকে তোমাক নিজৰ সন্মুখত নাৰাখে।
15 Ṣùgbọ́n ìwọ, Olúwa, jẹ́ aláàánú àti Ọlọ́run olójúrere, Ó lọ́ra láti bínú, Ó sì pọ̀ ní ìfẹ́ àti òtítọ́.
১৫কিন্তু হে প্ৰভু, তুমি দয়াৰে পৰিপূর্ণ অনুগ্রহকাৰী ঈশ্বৰ; তুমি ক্ৰোধত ধীৰ, গভীৰ প্রেম আৰু বিশ্ৱস্ততাত মহান।
16 Yípadà sí mi kí o sì ṣàánú fún mi; fún àwọn ènìyàn rẹ ní agbára kí o sì gba ọ̀dọ́mọkùnrin ìránṣẹ́bìnrin rẹ là.
১৬তুমি মোলৈ ঘূৰা আৰু মোক কৃপা কৰা; তোমাৰ দাসক তোমাৰ শক্তি দান কৰা; তোমাৰ দাসীৰ পুত্ৰক তুমি ৰক্ষা কৰা।
17 Fi àmì hàn mí fún rere, kí àwọn tí ó kórìíra mi lè ri, kí ojú lè tì wọ́n, nítorí ìwọ Olúwa ni ó ti tù mí nínú.
১৭মোক তোমাৰ কৰুণাৰ এটি চিন দেখুৱা, যাতে মোক যি সকলে ঘৃণা কৰে তেওঁলোকে তাকে দেখি লাজ পায়; কাৰণ, হে যিহোৱা, তুমিয়েই মোক সহায় কৰিলা আৰু শান্তনা দিলা।