< Psalms 74 >
1 Maskili ti Asafu. Ọlọ́run, èéṣe tí ìwọ fi kọ̀ wá sílẹ̀ títí láé? Èéṣe tí ìbínú rẹ̀ fi dìde sí àwọn àgùntàn pápá rẹ?
১হে ঈশ্বৰ, তুমি কিয় আমাক এইদৰে পৰিত্যাগ কৰিলা? তোমাৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ জাকৰ বিৰুদ্ধে তোমাৰ ক্ৰোধাগ্নি কিয় জ্বলিছে?
2 Rántí àwọn ènìyàn tí ìwọ ti rà nígbà àtijọ́, ẹ̀yà ilẹ̀ ìní rẹ, tí ìwọ ti rà padà. Òkè Sioni, níbi tí ìwọ ń gbé.
২তুমি পূৰ্বতে মুক্ত কৰা লোকসকলৰ উদ্দেশ্যে তোমাৰ অধিকাৰৰ ফৈদ হ’বলৈ ক্রয় কৰা; আৰু তুমি নিবাস কৰা চিয়োন পৰ্ব্বতক সোঁৱৰণ কৰা।
3 Yí ẹsẹ̀ rẹ padà sí ìparun ayérayé wọn, gbogbo ìparun yìí tí ọ̀tá ti mú wá sí ibi mímọ́.
৩তুমি চিৰকালৰ এই ধ্বংস-স্তূপৰ ঠাইলৈ আগবাঢ়ি আহি চোৱা; পবিত্র স্থানত শত্রুৱে সকলোবোৰ ভাঙি-চিঙি চূৰ-মাৰ কৰিলে।
4 Àwọn ọ̀tá rẹ ń bú ramúramù láàrín ènìyàn rẹ, wọ́n ń gbé àsíá wọn sókè fún àmì.
৪তোমাৰ বিৰোধকাৰীয়ে তোমাৰ পবিত্র স্থানৰ মাজত গৰ্জ্জন কৰিছে; তেওঁলোকে তাত যুদ্ধৰ পতাকা সংস্থাপন কৰিছে।
5 Wọ́n ń rí bí ọkùnrin tí ó gbé àáké rẹ̀ sókè láti gé igi igbó dídí.
৫ভাব হয় যেন তেওঁলোকে জাৰণিৰ গছবোৰৰ অহিতে কুঠাৰ চলাইছিল।
6 Ṣùgbọ́n nísinsin yìí, iṣẹ́ ọnà fínfín, ni wọ́n fi àáké wó lulẹ̀ ní ẹ̀ẹ̀kan náà.
৬তেওঁলোকে নক্সা কটা আটাই কাঠবোৰ থেতাঁলি ভাঙিছে; কুঠাৰ আৰু হাতুৰীৰে একেবাৰে ভাঙি পেলাইছে।
7 Wọ́n sun ibi mímọ́ rẹ lulẹ̀ wọ́n ba ibùgbé orúkọ rẹ jẹ́.
৭তেওঁলোকে তোমাৰ পবিত্র স্থানত জুই লগাই দিছে; তোমাৰ নামৰ নিবাসক মাটিত মিলাই অপবিত্ৰ কৰিলে।
8 Wọ́n wí ní ọkàn wọn. “Àwa ó run wọ́n pátápátá!” Wọ́n sun gbogbo ibi ìjọ́sìn Ọlọ́run ní ilẹ̀ náà.
৮তেওঁলোকে নিজৰ মনতে কলে, “আমি সকলোকে একেবাৰে ধ্বংস কৰোঁ।” তেওঁলোকে মাটিৰ ওপৰত থকা ঈশ্বৰৰ সকলো সভা গৃহ পুৰি ভস্ম কৰিলে।
9 A kò fún wa ní àmì iṣẹ́ ìyanu kankan; kò sí wòlíì kankan ẹnìkankan wa kò mọ ìgbà tí eléyìí yóò dà.
৯আমি কোনো আলৌকিক চিহ্ন ঈশ্বৰৰ পৰা দেখা পোৱা নাই, তাত কোনো ভাববাদীও নাই; কিমান কাললৈকে আৰু এইদৰে হৈ থাকিব, তাক জানোতাও আমাৰ ইয়াত কোনো নাই।
10 Àwọn ọ̀tá yóò ti kùn sí ọ pẹ́ tó, Ọlọ́run? Àwọn ọ̀tá yóò ha ba orúkọ rẹ jẹ́ títí láé?
১০হে ঈশ্বৰ, শত্রুৱেনো আৰু কিমান কাললৈ তোমাক নিন্দা কৰি থাকিব? বিৰোধীতা কৰা সকলে চিৰকাললৈকে তোমাৰ নাম তিৰস্কাৰ কৰি থাকিব নে?
11 Èéṣe tí ìwọ fi dá ọwọ́ rẹ dúró, ọwọ́ ọ̀tún rẹ? Mú un kúrò nínú ìṣẹ́po aṣọ rẹ kí o sì run wọ́n!
১১তুমি কিয় তোমাৰ হাতখন, সেই তোমাৰ সোঁ হাতখন কোঁচাই ৰাখিছা? তুমি পিন্ধি থকা বস্ত্রৰ পৰা সোহাঁত খন উলিওৱা আৰু তেওঁলোকক ধ্বংস কৰা।
12 Ṣùgbọ́n ìwọ Ọlọ́run ni ọba mi láti ìgbà pípẹ́; Ó mú ìgbàlà wá sórí ilẹ̀ ayé.
১২তথাপিও ঈশ্বৰ পূৰ্বকালৰে পৰা মোৰ ৰজা; তেওঁ পৃথিবীৰ মাজত পৰিত্ৰাণৰ কার্য কৰিছে।
13 Ìwọ ni ó la òkun sílẹ̀ nípa agbára rẹ; ìwọ fọ́ orí ẹ̀mí búburú nínú omi.
১৩তুমিয়েই নিজৰ শক্তিৰে সমুদ্ৰক দুভাগ কৰিছিলা; তুমিয়েই সাগৰৰ পানীত থকা দৈত্যৰ মূৰ থেতাঁলি ভাঙিছিলা।
14 Ìwọ fọ́ orí Lefitani túútúú, o sì fi ṣe oúnjẹ fun àwọn ẹ̀dá tí ń gbé inú ijù tìrẹ ni ọ̀sán, tìrẹ sì ni alẹ́ pẹ̀lú; ìwọ fi ìdí oòrùn àti òṣùpá lélẹ̀.
১৪তুমিয়েই লিবিয়াথন জন্তুৰ মূৰ কেইটা গুড়ি কৰিছিলা; তুমিয়েই তাক মৰুভূমিৰ জন্তুবোৰক আহাৰৰ বাবে দিছিলা।
15 Ìwọ ya orísun omi àti ìṣàn omi; Ìwọ mú kí odò tó ń sàn gbẹ.
১৫তুমিয়েই পৰিত্যক্ত অবস্থাত ভুমুক আৰু জুৰি বোৱাইছিলা; সদায় বৈ থকা নদীকো শুকুৱাই দিছিলা।
16 Tìrẹ ni ọ̀sán, tìrẹ ni òru pẹ̀lú; ìwọ yà oòrùn àti òṣùpá.
১৬দিন তোমাৰ, আৰু ৰাতিও তোমাৰেই; তুমিয়েই চন্দ্ৰ আৰু সূৰ্যক নিজ নিজ স্থানত স্থাপন কৰিলা।
17 Ìwọ pààlà etí ayé; Ìwọ dá ìgbà ẹ̀ẹ̀rùn àti ìgbà òtútù.
১৭তুমিয়েই পৃথিবীৰ সকলো সীমা স্থাপন কৰিলা; তুমিয়েই শীত আৰু গ্রীষ্ম কাল স্রজিলা।
18 Rántí bí àwọn ọ̀tá ń kẹ́gàn rẹ, Olúwa bí àwọn aṣiwèrè ènìyàn ti ń ba orúkọ rẹ jẹ́.
১৮হে যিহোৱা, তুমি পাহৰি নাযাবা শত্ৰুৱে যে তোমাক ঠাট্টা নিন্দা কৰিছে; মূর্খ লোকবোৰে যে তোমাৰ নাম অনাদৰ কৰিছে।
19 Má ṣe fi ẹ̀mí àdàbà rẹ fún ẹranko igbó búburú; má ṣe gbàgbé ẹ̀mí àwọn ènìyàn rẹ tí a ń pọ́n lójú títí láé.
১৯তোমাৰ প্রিয় কপৌৰ প্ৰাণ বনৰীয়া জন্তুক শোধাই নিদিবা; তোমাক অপদস্থ কৰা সকলৰ জীৱনৰ কথা চিৰকাললৈকে নাপাহৰিবা।
20 Bojú wo májẹ̀mú rẹ, nítorí ibi òkùnkùn ayé kún fún ibùgbé ìkà.
২০তোমাৰ ব্যৱস্থা নিয়মটিলৈ দৃষ্টি কৰা; কিয়নো পৃথিৱীৰ অন্ধকাৰময় ঠাইবোৰ অত্যাচাৰীবিলাকৰ বাসস্থানৰে ভৰি পৰিছে।
21 Má ṣe jẹ́ kí àwọn aninilára padà sẹ́yìn nínú ìtìjú jẹ́ kí àwọn aláìní àti tálákà yin orúkọ rẹ.
২১উপদ্ৰৱ পোৱাবিলাক লাজ পাই উলটি নাহক; দুখী-অভাবী লোকসকলে তোমাৰ নামৰ প্ৰশংসা কৰক।
22 Dìde, Ọlọ́run, gba ẹjọ́ ara rẹ rò; rántí bí àwọn aṣiwèrè ti ń kẹ́gàn rẹ ní gbogbo ọjọ́.
২২হে ঈশ্বৰ, উঠা, তোমাৰ আত্ম-সন্মান ৰক্ষা কৰা; মূর্খ ব্যক্তিয়ে ওৰে দিনটো তোমাক নিন্দা কৰিছে, তাক পাহৰি নাযাবা।
23 Má ṣe gbàgbé ohùn àwọn ọ̀tá rẹ, bíbú àwọn ọ̀tá rẹ, tí ó ń pọ̀ sí i nígbà gbogbo.
২৩তোমাৰ শত্রুবোৰৰ মাত নাপাহৰিবা; তোমাৰ অহিতে নিতৌ উঠা হুলস্থূল তুচ্ছ কৰা।