< Psalms 69 >
1 Fún adarí orin. Tí ohùn “Àwọn Lílì.” Ti Dafidi. Gbà mí, Ọlọ́run, nítorí omi ti kún dé ọrùn mi.
১হে ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা; কিয়নো মই জলপ্লাৱনত ডিঙিলৈ ডুবি যাব ধৰিছোঁ।
2 Mo ń rì nínú irà jíjìn, níbi tí kò sí ibi ìfẹsẹ̀lé. Mo ti wá sínú omi jíjìn; ìkún omi bò mí mọ́lẹ̀.
২মই গভীৰ বোকাত তল গৈছো, তাত থিয় হবলৈ ঠাই নাই; গভীৰ জলত আহি পৰিলোঁ, ধল পানী মোৰ ওপৰৰে বৈ গৈছে।
3 Agara dá mi, mo ń pè fún ìrànlọ́wọ́; ọ̀fun mí gbẹ, ojú mi ṣú, nígbà tí èmi dúró de Ọlọ́run mi.
৩মই কান্দি কান্দি ভাগৰিলোঁ, মোৰ ডিঙি শুকাই গ’ল; মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে, মোৰ চকু দুৰ্ব্বল হৈ পৰিল।
4 Àwọn tí ó kórìíra mi láìnídìí wọ́n ju irun orí mi lọ, púpọ̀ ni àwọn ọ̀tá mi láìnídìí, àwọn tí ń wá láti pa mí run. A fi ipá mú mi láti san ohun tí èmi kò jí.
৪অকাৰণে মোক ঘিণাওঁতাসকল মোৰ মূৰৰ চুলিতকৈয়ো অধিক; অকাৰণে মোৰ শত্ৰু হৈ মোক নষ্ট কৰিব খোজাসকল অতি শক্তিশালী; মই যি চূৰ কৰা নাই, তাক মই ওলোটাই দিব লাগে।
5 Ìwọ mọ òmùgọ̀ mi, Ọlọ́run; ẹ̀bi mi kò pamọ́ lójú rẹ.
৫হে ঈশ্বৰ, তুমিয়েই মোৰ মুৰ্খতা জানি আছা; আৰু মোৰ দোষবোৰ তোমাৰ আগত লুকাই নাথাকে।
6 Má ṣe dójútì àwọn tí ó ní ìrètí nínú rẹ nítorí mi, Olúwa, Olúwa àwọn ọmọ-ogun; má ṣe jẹ́ kí àwọn tó ń wá ọ dààmú nítorí mi, Ọlọ́run Israẹli.
৬হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমালৈ অপেক্ষা কৰাসকল মোৰ দ্বাৰাই যেন লাজত নপৰে; হে ইস্ৰায়েলৰ ঈশ্বৰ, তোমাক বিচাৰাসকল মোৰ দ্বাৰাই অপমানিত নহওক।
7 Nítorí rẹ ni mo ń ru ẹ̀gàn, ìtìjú sì bo ojú mi.
৭তোমাত মই আসক্ত হোৱাৰ কাৰণে লোকসকলে মোক অপমানিত কৰে; তেওঁলোকে মোক সম্পূর্ণ ভাবে অপদস্থ কৰিলে।
8 Mo jẹ́ àjèjì si àwọn arákùnrin mi; àlejò sí àwọn arákùnrin ìyá mi;
৮মই মোৰ ভাইসকলৰ মাজত বিদেশী হলোঁ; তেওঁলোকে মোক বিদেশীৰ দৰে ব্যৱহাৰ কৰে।
9 nítorí ìtara ilé rẹ jẹ mí run, àti ẹ̀gàn àwọn tí ń gàn ọ́ ṣubú lù mí.
৯কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে; আৰু তোমাক নিন্দা কৰাবিলাকৰ নিন্দা মোৰ ওপৰত পৰিল।
10 Nígbà tí mo sọkún tí mo sì ń fi àwẹ̀ jẹ ara mi ní ìyà èyí náà sì dín ẹ̀gàn mi kù;
১০যেতিয়া মই কান্দি কান্দি লঘোনেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ; তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হ’ল।
11 nígbà tí mo wọ aṣọ àkísà, àwọn ènìyàn ń pa òwe mọ́ mi.
১১যেতিয়া মই চট কাপোৰ পিন্ধি দুখ প্রকাশ কৰিছিলোঁ; তেতিয়া মই তেওঁলোকৰ দৃষ্টান্ত স্বৰূপ হলোঁ।
12 Àwọn tí ó jókòó ní ẹnu ibodè ń bú mi, mo sì di orin àwọn ọ̀mùtí.
১২নগৰৰ দুৱাৰমুখত বহাসকলে মোৰ বিষয়ে কথা পাতে; মই মতলীয়াবোৰৰ গানৰ বিষয় হলোঁ।
13 Ṣùgbọ́n bí ó ṣe ti èmi ni ìwọ ni èmi ń gbàdúrà mi sí Olúwa, ní ìgbà ìtẹ́wọ́gbà Ọlọ́run, nínú ìfẹ́ títóbi rẹ, dá mi lóhùn pẹ̀lú ìgbàlà rẹ tí ó dájú.
১৩কিন্তু হে যিহোৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ তাক তুমি গ্রহণ কৰা; তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া।
14 Gbà mí kúrò nínú ẹrẹ̀, má ṣe jẹ́ kí n rì; gbà mí lọ́wọ́ àwọn tí ó kórìíra mi, kúrò nínú ibú omi.
১৪বোকাৰ পৰা মোক উদ্ধাৰ কৰা, ডুবি যাবলৈ নিদিবা; মোক ঘিণাওঁতাবোৰৰ পৰা আৰু গভীৰ জলৰ পৰাও মোক উদ্ধাৰ কৰা।
15 Má ṣe jẹ́ kí ìkún omi bò mí mọ́lẹ̀ bẹ́ẹ̀ ni má ṣe jẹ́ kí ọ̀gbìn gbé mi mì kí o má sì ṣe jẹ́ kí ihò pa ẹnu rẹ̀ dé mọ́ mi.
১৫ধল পানীয়ে মোক তল নিনিয়াওক, গভীৰ জলে মোক গ্ৰাস নকৰক; আৰু মৈদামৰ মুখ মোৰ ওপৰত বন্ধ নহওক।
16 Dá mí lóhùn, Olúwa, nínú ìṣeun ìfẹ́ rẹ; nínú ọ̀pọ̀ àánú rẹ yípadà sí mi.
১৬হে যিহোৱা, মোৰ প্রার্থনাৰ উত্তৰ দিয়া, কিয়নো তোমাৰ প্ৰতিজ্ঞা বিশ্বস্ততা উত্তম; তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোলৈ মুখ ঘূৰুৱা।
17 Má ṣe pa ojú rẹ mọ́ fún ọmọ ọ̀dọ̀ rẹ: yára dá mi lóhùn, nítorí mo wà nínú ìpọ́njú.
১৭তোমাৰ দাসৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা; কাৰণ মই সঙ্কটত আছোঁ; শীঘ্ৰে মোক উত্তৰ দিয়া।
18 Súnmọ́ tòsí kí o sì gbà mí là; rà mí padà nítorí àwọn ọ̀tá mi.
১৮তুমি মোৰ ওচৰ চাপি মোৰ প্ৰাণ মুক্ত কৰা; মোৰ মুক্তিপণ দি শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা।
19 Ìwọ ti mọ ẹ̀gàn mi, ìtìjú mi àti àìlọ́lá; gbogbo àwọn ọ̀tá mi wà níwájú rẹ.
১৯মোৰ অপযশ, লাজ, আৰু অপমান তুমিয়েই জানি আছা; মোৰ সকলো প্রতিদ্বন্দী তোমাৰ আগত আছে।
20 Ẹ̀gàn ba ọkàn mi jẹ́, wọ́n fi mí sílẹ̀ láìsí ìrànlọ́wọ́; mo ń wá aláàánú, ṣùgbọ́n kò sí, mo ń wá olùtùnú, ṣùgbọ́n n kò rí ẹnìkankan.
২০তীব্র তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল; কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালোঁ, কিন্তু কোনো নাছিল; শান্ত্বনা কৰাসকললৈ অপেক্ষা কৰিলোঁ, কিন্তু এজনো নাপালোঁ।
21 Wọ́n fi òróró fún mi pẹ̀lú ohun jíjẹ mi, àti ní òùngbẹ mi, wọ́n fi ọtí kíkan fún mi.
২১তেওঁলোকে মোক আহাৰৰ বাবে বিহ দিলে; মোৰ পিয়াহত তেওঁলোকে মোক টেঙা ৰস পান কৰালে।
22 Jẹ́ kí tábìlì wọn kí ó di ìkẹ́kùn ní iwájú wọn, kí ó sì di okùn dídẹ fún àwọn tó wà ní àlàáfíà.
২২তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফান্দৰ দৰে হ’ব; আৰু তেওঁলোকৰ সম্পত্তিয়ে তেওঁলোকক জালত পেলাব।
23 Kí ojú wọn kì í ó ṣókùnkùn, kí wọn má ṣe ríran, kí ẹ̀yin wọn di títẹ̀ títí láé.
২৩তেওঁলোকে কেতিয়াও দেখা নাপাবলৈ তেওঁলোকৰ চকু অন্ধ হওক; তুমি তেওঁলোকৰ কঁকাল সদায় কঁপি থকা কৰা।
24 Tú ìbínú rẹ jáde sí wọn; kí ìbínú gbígbóná rẹ bò wọ́n mọ́lẹ̀.
২৪তেওঁলোকৰ ওপৰত তোমাৰ অতিশয় ক্ৰোধ দেখুৱা; তোমাৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকক আতঙ্কগ্রস্থ কৰক।
25 Kí ibùjókòó wọn di ahoro; kí ẹnikẹ́ni má ṣe gbé nínú wọn.
২৫তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক; তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক।
26 Nítorí wọ́n ń ṣe inúnibíni sí ẹni tí ìwọ ti lù, àti ìrora àwọn tí ó ti ṣèṣe.
২৬কিয়নো তেওঁলোকক নির্যাতন কৰা জনকেই তুমি প্রহাৰ কৰা; তেওঁলোকে তুমি শাস্তি দিয়া সকলৰ দুখৰ বিষয়ে কথা পাতে।
27 Fi ẹ̀sùn kún ẹ̀sùn wọn; Má ṣe jẹ́ kí wọn pín nínú ìgbàlà rẹ.
২৭তুমি তেওঁলোকৰ অপৰাধৰ ওপৰত অপৰাধ যোগ দিয়া; তেওঁলোকে তোমাৰ ধাৰ্মিকতাৰ ভাগী নহওক।
28 Jẹ́ kí a yọ wọ́n kúrò nínú ìwé ìyè kí á má kà wọ́n pẹ̀lú àwọn olódodo.
২৮জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক; আৰু ধাৰ্মিকসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক।
29 Ṣùgbọ́n tálákà àti ẹni-ìkáàánú ni èmí, Ọlọ́run, jẹ́ kí ìgbàlà rẹ gbé mi lékè.
২৯কিন্তু মই হলে, দুখ আৰু বেদনা পাইছো; হে ঈশ্বৰ, তোমাৰ পৰিত্ৰাণে মোক উন্নত কৰক।
30 Èmi yóò fi orin gbé orúkọ Ọlọ́run ga èmi yóò fi ọpẹ́ gbé orúkọ rẹ̀ ga.
৩০মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম; ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম।
31 Eléyìí tẹ́ Olúwa lọ́rùn ju ọ̀dá màlúù lọ ju akọ màlúù pẹ̀lú ìwo rẹ̀ àti bàtà rẹ̀.
৩১তেওঁলোকৰ অনুগ্রহ যিহোৱালৈ ভতৰা গৰুতকৈ উত্তম; নাইবা শিং আৰু খুৰা থকা ভতৰাতকৈয়ো, সেয়ে যিহোৱাক অধিক সন্তোষ দিব।
32 Àwọn òtòṣì yóò rí, wọn yóò sì yọ̀: ẹ̀yin yóò wá Ọlọ́run, ọkàn yín yóò sì wà láààyè!
৩২নম্ৰসকলে তাকে দেখি আনন্দিত হ’ব; হে ঈশ্বৰক বিচাৰাসকল তোমালোকৰ হৃদয় পুনৰ্জীৱিত হওক।
33 Olúwa, gbọ́ ti aláìní, kì ó sì kọ àwọn ìgbèkùn sílẹ̀.
৩৩কিয়নো যিহোৱাই দৰিদ্ৰসকললৈ কাণ পাতে; আৰু তেওঁ নিজৰ বন্দীয়াৰসকলক হেয়জ্ঞান নকৰে।
34 Kí ọ̀run àti ayé yìn ín, òkun àti àwọn tí ń gbé inú rẹ̀,
৩৪আকাশ আৰু পৃথিবীয়ে তেওঁৰ প্ৰশংসা কৰক; সাগৰ আৰু তাৰ মাজত চৰি ফুৰা সমুদায় প্ৰাণীয়ে তেওঁৰ স্তুতি কৰক।
35 nítorí tí Ọlọ́run yóò gba Sioni là yóò sì tún àwọn ìlú Juda wọ̀nyí kọ́. Kí wọn ó lè máa gbé ibẹ̀, kí wọn ó lè máa ní ní ilẹ̀ ìní;
৩৫কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব; লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব।
36 àwọn ọmọ ọmọ ọ̀dọ̀ ni yóò máa jogún rẹ̀, àwọn tí ó fẹ́ orúkọ rẹ ni yóò máa gbé inú rẹ̀.
৩৬তেওঁৰ দাসবোৰৰ বংশয়ো তাক অধিকাৰ কৰিব; তেওঁৰ নাম প্ৰেম কৰোঁতাসকলে তাত বাস কৰিব।