< Psalms 65 >
1 Fún adarí orin. Saamu ti Dafidi. Orin. Ìyìn ń dúró dè ọ́, Ọlọ́run, ní Sioni; sí ọ ni a ó mú ẹ̀jẹ́ wa ṣẹ.
১হে ঈশ্বৰ, চিয়োনত প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে; তোমালৈ সঙ্কল্প সিদ্ধ কৰা হব।
2 Ìwọ tí ó ń gbọ́ àdúrà, gbogbo ènìyàn yóò sì wá sọ́dọ̀ rẹ.
২হে প্ৰাৰ্থনা শুনোতা জনা, তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।
3 Ọ̀ràn àìṣedéédéé borí mi bí ó ṣe ti ìrékọjá wa ni! Ìwọ ni yóò wẹ̀ wọ́n nù kúrò.
৩আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে; তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা।
4 Ìbùkún ni fún àwọn tí o yàn tí o mú wa láti máa gbé àgọ́ rẹ! A tẹ́ wá lọ́rùn pẹ̀lú ohun rere inú ilé rẹ, ti tẹmpili mímọ́ rẹ.
৪ধন্য সেই লোক, যি লোকক তুমি বাচি লৈ নিজৰ কাষলৈ আনা; তেওঁ তোমাৰ চোতাল কেইখনত বাস কৰিব, আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তুষ্ট হ’ম।
5 Ìwọ dá wa lóhùn pẹ̀lú ohun ìyanu ti òdodo, Ọlọ́run olùgbàlà wa, ẹni tí ṣe ìgbẹ́kẹ̀lé gbogbo òpin ayé àti àwọn tí ó jìnnà nínú òkun,
৫তোমাৰ ধাৰ্মিকতাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা; ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা; পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি; সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকা সকলৰো।
6 ìwọ tí ó dá òkè nípa agbára rẹ, tí odi ara rẹ ní àmùrè agbára,
৬এই জনেই তুমি যি জনে পৰাক্ৰমেৰে পৰ্ব্বতবোৰ সৃষ্টি কৰি দৃঢ় কৰে; শক্তি স্বৰূপ টঙালিৰে বিশেষ ভাৱে নিজকে বান্ধে।
7 ẹni tí ó mú rírú omi òkun dákẹ́, ríru ariwo omi wọn, àti ìdágìrì àwọn ènìyàn.
৭সমুদ্ৰ আৰু তাৰ ঢৌৰ গৰ্জন শান্ত কৰে, আৰু তাৰ ঢৌৰ গর্জন, লোক সকলৰ কোলাহল শান্ত কৰে;
8 Àwọn tí ó ń gbé òkèrè bẹ̀rù, nítorí àmì rẹ wọ̀n-ọn-nì; ìwọ mú ìjáde òwúrọ̀ àti ti àṣálẹ́ yọ̀, ìwọ pè fún orin ayọ̀.
৮পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে; সূর্য উঠা দিশৰ পৰা অস্ত যোৱালৈকে আনন্দিত কৰে।
9 Ìwọ bẹ ayé wò, o sì bomirin; ìwọ mú un ọ̀rọ̀ púpọ̀. Odò Ọlọ́run kún fún omi láti pèsè ọkà fún àwọn ènìyàn, nítorí ibẹ̀ ni ìwọ ti yàn án.
৯তুমি পৃথিবীৰ বুজ-বিচাৰ ল’লা, আৰু তাত জল বৰষালা; তুমি তাক বহু ফলৱান কৰিলা; ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ; তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা।
10 Ìwọ fi bomirin sí aporo rẹ̀ ìwọ tẹ́ ògúlùtu rẹ̀; ìwọ fi òjò mú ilẹ̀ rẹ̀ rọ̀, o sì bùkún ọ̀gbìn rẹ̀.
১০তুমি তাৰ সীৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা; তুমি তাৰ সীৰলুবোৰৰ মাজত মাটিবোৰ বহালা; তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা; তুমি ভূমিৰ মাজত গজা অঙ্কুৰবোৰক আশীৰ্ব্বাদ কৰিলা।
11 Ìwọ fi oore rẹ dé ọdún ní adé, ọ̀rá ń kán ní ipa ọ̀nà rẹ.
১১তুমি তোমাৰ মঙ্গলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা; আৰু তোমাৰ ৰথ যোৱা পথবোৰত পুষ্টিকৰ দ্ৰব্য পোৱা যায়।
12 Pápá tútù ní aginjù ń kan àwọn òkè kéékèèké fi ayọ̀ di ara wọn ní àmùrè.
১২অৰণ্যৰ চৰণীয়া পথাৰতহে তাক পোৱা যায়; আৰু পাহাৰবোৰে তাত আনন্দৰ ভূষণ পৰিধান কৰে।
13 Agbo ẹran ni a fi wọ pápá tútù náà ní aṣọ; àfonífojì ni a fi ọkà bò mọ́lẹ̀, wọ́n hó fún ayọ̀, wọ́n ń kọrin pẹ̀lú.
১৩চৰণীয়া পথাৰবোৰ জাক জাক মেৰ-ছাগৰ বস্ত্ৰেৰে বিভূষিত হৈছে; উপত্যকাবোৰ শস্যৰে ঢকা হৈছে; সেইবোৰে জয়-ধ্বনি কৰে আৰু গীত গান কৰে।