< Psalms 149 >
1 Ẹ fi ìyìn fún Olúwa. Ẹ kọrin tuntun sí Olúwa. Ẹ yìn ín ní àwùjọ àwọn ènìyàn mímọ́.
১তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা, ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা,
2 Jẹ́ kí Israẹli kí ó ní inú dídùn sí ẹni tí ó dá a jẹ́ kí àwọn ọmọ Sioni kí ó ní ayọ̀ nínú ọba wọn.
২ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক; চিয়োনৰ সন্তান সকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক।
3 Jẹ́ kí wọn kí ó fi ijó yin orúkọ rẹ̀ jẹ́ kí wọn kí ó fi ohun èlò orin kọrin ìyìn sí i.
৩তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক, খঞ্জৰী আৰু বীণা লৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক।
4 Nítorí Olúwa ní inú dídùn sí àwọn ènìyàn rẹ̀ ó fi ìgbàlà dé àwọn onírẹ̀lẹ̀ ládé.
৪কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়; তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।
5 Jẹ́ kí àwọn ènìyàn mímọ́ kí ó yọ̀ nínú ọlá rẹ̀ kí wọn kí ó máa kọrin fún ayọ̀ ní orí ibùsùn wọn.
৫ভক্তসকলে বিজয়ত উল্লাসিত হওক; তেওঁলোকে নিজ নিজ শয্যাত আনন্দ গান কৰক।
6 Kí ìyìn Ọlọ́run kí ó wà ní ẹnu wọn àti idà olójú méjì ní ọwọ́ wọn.
৬তেওঁলোকৰ কন্ঠত ঈশ্বৰৰ উচ্চ প্ৰশংসা থাকক, তেওঁলোকৰ হাতত দুধৰীয়া তৰোৱাল থাকক;
7 Láti gba ẹ̀san lára àwọn orílẹ̀-èdè, àti ìjìyà lára àwọn ènìyàn,
৭যাতে তেওঁলোকে জাতিবোৰৰ ওপৰত প্ৰতিশোধ লব পাৰে, আৰু লোক সমূহক শাস্তি দিব পাৰে;
8 láti fi ẹ̀wọ̀n de àwọn ọba wọn àti láti fi ṣẹ́kẹ́ṣẹkẹ̀ irin de àwọn ọlọ́lá wọn.
৮যেন তেওঁলোকৰ ৰজাসকলক শিকলিৰে বান্ধিব পাৰে, তেওঁলোকৰ মান্যৱন্ত লোকক লোহাৰ বেৰিৰে বান্ধিব পাৰে;
9 Láti ṣe ìdájọ́ tí àkọsílẹ̀ rẹ̀ sí wọn èyí ni ògo àwọn ènìyàn mímọ́ rẹ̀. Ẹ fi ìyìn fún Olúwa.
৯যেন তেওঁলোকৰ বিৰুদ্ধে লিখিত বিচাৰ নিষ্পত্তি কৰিব পাৰে, এয়েই তেওঁৰ সকলো ভক্তৰ গৌৰৱ। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।