< Psalms 147 >
1 Ẹ fi ìyìn fún Olúwa. Nítorí ohun rere ni láti máa kọrin ìyìn sí Ọlọ́run wa, ó yẹ láti kọrin ìyìn sí i!
১তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা; কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম! কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত।
2 Olúwa kọ́ Jerusalẹmu; Ó kó àwọn Israẹli tí a lé sọnù jọ.
২যিহোৱাই যিৰূচালেমক পুনৰায় নিৰ্ম্মাণ কৰে; সিঁচৰতি হৈ পৰা ইস্ৰায়েলীয়াসকলক তেওঁ গোটাই একত্র কৰে।
3 Ó wo àwọn tí ọkàn wọ́n bàjẹ́ sàn ó sì di ọgbẹ́ wọ́n.
৩তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।
4 Ó ka iye àwọn ìràwọ̀ ó sì pe ọ̀kọ̀ọ̀kan wọn ní orúkọ.
৪তেওঁ তৰাবোৰ গণনা কৰে; তেওঁ সেইবোৰৰ প্রত্যেককে নাম ধৰি ধৰি মাতে।
5 Títóbi ni Olúwa wa ó sì pọ̀ ní agbára òye rẹ̀ kò sì ní òpin.
৫আমাৰ প্ৰভু মহান; তেওঁৰ পৰাক্ৰম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই।
6 Olúwa wa pẹ̀lú àwọn onírẹ̀lẹ̀ bẹ́ẹ̀ ni ó rẹ̀ àwọn ènìyàn búburú sílẹ̀.
৬যিহোৱাই নম্ৰ লোকক ধৰি ৰাখে; দুষ্টবোৰক মাটিলৈ পেলাই দিয়ে।
7 Fi ọpẹ́ kọrin sí Olúwa fi ohun èlò orin olókùn yin Ọlọ́run.
৭তোমালোকে যিহোৱাৰ উদ্দেশ্যে ধন্যবাদৰ গীত গোৱা; বীণাৰে সৈতে আমাৰ ঈশ্বৰৰ প্রশংসাৰ গীত গোৱা।
8 Ó fi ìkùùkuu bo àwọ̀ sánmọ̀ ó rọ òjò sí orílẹ̀ ayé ó mú kí koríko hù lórí àwọn òkè
৮যি জনাই আকাশমণ্ডল মেঘেৰে ঢাকে, যি জনাই পৃথিৱীলৈ বৰষুণৰ ব্যৱস্থা কৰে, যি জনাই পৰ্ব্বতবোৰৰ ওপৰত ঘাঁহ গজায়,
9 Ó pèsè oúnjẹ fún àwọn ẹranko àti fún àwọn ọmọ ẹyẹ ìwò ní ìgbà tí wọ́n bá ń ké.
৯পশু আৰু চিঁ চিঁয়াই থকা কাউৰী পোৱালিবোৰে মাতিলে তেওঁ আহাৰ দিয়ে।
10 Òun kò ní inú dídùn nínú agbára ẹṣin, bẹ́ẹ̀ ni Òun kò ní ayọ̀ sí ẹ̀ṣẹ̀ ọkùnrin
১০ঘোঁৰাৰ শক্তিত তেওঁ সন্তোষ নাপায়, মানুহৰ ভৰিৰ শক্তিতো তেওঁ সন্তুষ্ট নহয়;
11 Olúwa ni ayọ̀ nínú àwọn tí ó bẹ̀rù rẹ̀, sí àwọn tí ó ní ìrètí nínú àánú rẹ̀.
১১কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।
12 Yin Olúwa, ìwọ Jerusalẹmu; yin Ọlọ́run rẹ, ìwọ Sioni.
১২হে যিৰূচালেম, যিহোৱাৰ প্রশংসা কৰা; হে চিয়োন, তোমাৰ ঈশ্বৰৰ প্ৰশংসা কৰা।
13 Nítorí tí ó ti mú ọ̀pá ìdábùú ibodè rẹ̀ lágbára, Òun sì ti bùkún fún àwọn ọmọ rẹ̀ nínú rẹ
১৩কিয়নো তেওঁ তোমাৰ দুৱাৰৰ ডাংবোৰ দৃঢ় কৰিলে, তোমাৰ মাজত বাস কৰা তোমাৰ সন্তান সকলক আশীৰ্ব্বাদ দিলে।
14 Òun jẹ́ kí àlàáfíà wà ní àwọn ẹnu ibodè rẹ̀, òun sì fi jéró dáradára tẹ́ ọ lọ́rùn.
১৪তোমাৰ সীমাৰ ভিতৰত তেৱেঁই শান্তি ৰাখে; তোমাক উত্তম ঘেঁহুৰে পৰিতৃপ্ত কৰে।
15 Òun sì rán àṣẹ rẹ̀ sí ayé ọ̀rọ̀ rẹ̀ sáré tete.
১৫তেওঁ পৃথিৱীলৈ নিজৰ আজ্ঞা পঠায়; তেওঁৰ বাক্য ততালিকে ধাবমান হয়।
16 Ó fi yìnyín fún ni bi irun àgùntàn ó sì fọ́n ìrì dídì ká bí eérú
১৬তেওঁ মেৰ-ছাগৰ নোমৰ সদৃশ তুষাৰ দিয়ে, ছাঁইৰ দৰে নিয়ৰ সিঁচি দিয়ে।
17 Ó rọ òjò yìnyín rẹ̀ bí òkúta wẹ́wẹ́ ta ni ó lè dúró níwájú òtútù rẹ̀
১৭তেওঁ টুকুৰা টুকুৰ কৰি শিল বৰষায়; তেওঁৰ শীতৰ সন্মুখত কোন থাকিব পাৰে?
18 Ó rán ọ̀rọ̀ rẹ̀ jáde ó sì mú wọn yọ̀ ó mú kí afẹ́fẹ́ rẹ̀ fẹ́ ó sì mú odò rẹ̀ sàn.
১৮তেওঁ নিজৰ বাক্য পঠাই সেই সকলো দ্রৱীভূত কৰে; তেওঁ নিজৰ বতাহ বলালে পানী বৈ যায়।
19 Ó sọ ọ̀rọ̀ rẹ̀ di mí mọ̀ fún Jakọbu àwọn òfin àti ìlànà rẹ̀ fún Israẹli.
১৯তেওঁ যাকোবক নিজৰ বাক্য ঘোষণা কৰিলে; আৰু ইস্ৰায়েলৰ ওচৰত নিজৰ বিধি আৰু শাসন প্ৰণালীবোৰ জনালে।
20 Òun kó tí ṣe irú èyí sí orílẹ̀-èdè kan rí, bí ó ṣe ti ìdájọ́ rẹ̀ wọn ko mọ òfin rẹ̀. Ẹ fi ìyìn fún Olúwa.
২০অন্য কোনো জাতিৰ কাৰণে তেওঁ এইৰূপ ব্যৱহাৰ কৰা নাই; তেওঁৰ শাসন প্ৰণালীবোৰ তেওঁলোকে নাজানে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।