< Psalms 138 >

1 Ti Dafidi. Èmi yóò yìn ọ́ tinútinú mi gbogbo; níwájú àwọn òrìṣà ni èmi ó kọrin ìyìn sí ọ.
হে যিহোৱা, মোৰ সমস্ত চিত্তেৰে মই তোমাৰ ধন্যবাদ কৰিম; দেৱতাবোৰৰ আগত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
2 Èmi ó máa gbàdúrà sí ìhà tẹmpili mímọ́ rẹ̀ èmi ó sì máa yin orúkọ rẹ nítorí ìṣeun ìfẹ́ rẹ àti òtítọ́ rẹ; nítorí ìwọ gbé ọ̀rọ̀ rẹ ga ju orúkọ rẹ lọ.
তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম; তোমাৰ চিৰস্থায়ী প্রেম আৰু বিশ্ৱস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো তোমাৰ নাম আৰু তোমাৰ আজ্ঞাবোৰ সকলোতকৈ মহান।
3 Ní ọjọ́ tí mo ké pè é ọ́, ìwọ dá mi lóhùn, ìwọ sì fi ipa mú mi lára le ní ọkàn mi.
মই প্ৰাৰ্থনা কৰা কালত তুমি মোক উত্তৰ দিলা; তুমি মোৰ প্ৰাণক শক্তি দি মোক উৎসাহিত কৰিলা।
4 Gbogbo àwọn ọba ayé yóò yìn ọ́, Olúwa, ní ìgbà tí wọn bá gbọ́ ọ̀rọ̀ ẹnu rẹ.
হে যিহোৱা, পৃথিৱীৰ সকলো ৰজাই তোমাৰ ধন্যবাদ কৰিব; কিয়নো তেওঁলোকে তোমাৰ মুখৰ বাক্য শুনিলে।
5 Nítòótọ́, wọn ó máa kọrin ní ipa ọ̀nà Olúwa; nítorí pé ńlá ni ògo Olúwa.
তেওঁলোকে যিহোৱাৰ পথৰ বিষয়ে গান কৰিব; কিয়নো যিহোৱাৰ গৌৰৱ মহান।
6 Bí Olúwa tilẹ̀ ga, síbẹ̀ ó júbà àwọn onírẹ̀lẹ̀; ṣùgbọ́n agbéraga ni ó mọ̀ ní òkèrè réré.
কাৰণ যদিও যিহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে; কিন্তু অহংকাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে।
7 Bí èmi tilẹ̀ ń rìn nínú ìpọ́njú ìwọ ni yóò sọ mi di ààyè; ìwọ ó na ọwọ́ rẹ sí àwọn ọ̀tá mi, ọwọ́ ọ̀tún rẹ yóò sì gbà mí.
যেতিয়া মই সঙ্কটৰ মাজেদি গমন কৰোঁ, তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা; তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।
8 Olúwa yóò ṣe ohun tí ń ṣe tèmi láṣepé; Olúwa, àánú rẹ dúró láéláé; má ṣe kọ iṣẹ́ ọwọ́ ara rẹ sílẹ̀.
যিহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্য সিদ্ধ কৰিব; হে যিহোৱা, তোমাৰ প্রেম অনন্তকাল স্থায়ী। তুমি তোমাৰ হাতৰ কৰ্ম ত্যাগ নকৰিবা।

< Psalms 138 >