< Psalms 126 >

1 Orin fún ìgòkè. Nígbà tí Olúwa mú ìkólọ Sioni padà, àwa dàbí ẹni tí ó ń lá àlá.
যিহোৱাই যেতিয়া চিয়োনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে, তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লো।
2 Nígbà náà ni ẹnu wa kún fún ẹ̀rín, àti ahọ́n wa kọ orin; nígbà náà ni wọ́n wí nínú àwọn kèfèrí pé, Olúwa ṣe ohun ńlá fún wọn.
তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল, আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল; আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে, “যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্য কৰিলে।”
3 Olúwa ṣe ohun ńlá fún wa; nítorí náà àwa ń yọ̀.
যিহোৱাই আমাৰ কাৰণে অনেক মহৎ কৰ্ম কৰিলে; সেয়ে আমি আনন্দ কৰিলোঁ।
4 Olúwa mú ìkólọ wa padà, bí ìṣàn omi ní gúúsù.
হে যিহোৱা, নেগেভ মৰুভূমিৰ জুৰিবোৰৰ নিচিনাকৈ, তুমি আমাৰ ভৱিষ্যত আগৰ অৱস্থালৈ ঘূৰাই আনা।
5 Àwọn tí ń fi omijé fún irúgbìn yóò fi ayọ̀ ka.
যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দেৰে দাব।
6 Ẹni tí ń fi ẹkún rìn lọ, tí ó sì gbé irúgbìn lọ́wọ́, lóòtítọ́, yóò fi ayọ̀ padà wá, yóò sì ru ìtí rẹ̀.
যিসকলে কান্দি কান্দি কঠীয়া ববলৈ ওলাই যায়, তেওঁলোকে নিশ্চয়ে আনন্দেৰে নিজৰ নিজৰ ডাঙৰি লৈ উলটি আহিব।

< Psalms 126 >