< Psalms 115 >
1 Kì í ṣe fún wa, Olúwa kì í ṣe fún wa, ṣùgbọ́n fún orúkọ rẹ ni a fi ògo fún, fún àánú àti òtítọ́ rẹ.
১হে যিহোৱা, আমাক নহয়, আমাক নহয়, কিন্তু তোমাৰ নামকহে গৌৰৱাম্বিত কৰা; তোমাৰ অসীম প্রেম আৰু বিশ্ৱস্ততাৰ অর্থেই কৰা।
2 Torí kí ni àwọn kèfèrí yóò ṣe sọ pé, níbo ni Ọlọ́run wa wà.
২আন জাতিবোৰে কিয় ক’ব, “ক’ত আছে তেওঁলোকৰ ঈশ্বৰ?”
3 Ṣùgbọ́n Ọlọ́run wa wà lọ́run: tí ó ń ṣe èyí tí ó wù ú.
৩আমাৰ ঈশ্বৰ হ’লে স্বৰ্গত আছে; তেওঁ যিহকে ইচ্ছা কৰে, তাকে কৰে।
4 Fàdákà òun wúrà ni èrè àwọn aláìkọlà, iṣẹ́ ọwọ́ ènìyàn ni.
৪তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ, মনুষ্যৰ হাতৰ কাৰ্য।
5 Wọ́n ní ẹnu, ṣùgbọ́n wọn kò le sọ̀rọ̀, wọ́n ní ojú, ṣùgbọ́n wọn kò fi ríran.
৫সেইবোৰৰ মুখ আছে, কিন্তু কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে;
6 Wọ́n ní etí, ṣùgbọ́n wọn kò fi gbọ́rọ̀: wọ́n ní imú, ṣùgbọ́n wọn kò fi gbóòórùn.
৬কাণ আছে, কিন্তু নুশুনে; নাক আছে, কিন্তু ঘ্ৰাণ ল’ব নোৱাৰে;
7 Wọ́n ní ọwọ́, ṣùgbọ́n wọn kò lò ó, wọ́n ní ẹsẹ̀, ṣùgbọ́n wọn kò rìn; bẹ́ẹ̀ ni wọn kò sọ̀rọ̀ nínú òfin wọn.
৭হাত আছে, কিন্তু চুব নোৱাৰে; ভৰি আছে, কিন্তু খোজ কাঢ়িব নোৱাৰে; কন্ঠই একো মাত উলিয়াব নোৱাৰে।
8 Àwọn tí ń ṣe wọ́n dàbí wọn; gẹ́gẹ́ bẹ́ẹ̀ ni olúkúlùkù ẹni tí ó gbẹ́kẹ̀ rẹ̀ lé wọn.
৮যিসকলে সেইবোৰক নিৰ্ম্মাণ কৰে আৰু সেইবোৰত নির্ভৰ কৰে, তেওঁলোক সেইবোৰৰ নিচিনাই।
9 Ìwọ Israẹli gbẹ́kẹ̀lé Olúwa: òun ni ìrànwọ́ àti ààbò wọn
৯হে ইস্ৰায়েল, যিহোৱাত ভাৰসা কৰা! তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
10 Ẹ̀ yin ilé Aaroni, gbẹ́kẹ̀lé Olúwa: òun ni ìrànwọ́ àti ààbò wọn.
১০হে হাৰোণৰ বংশ, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
11 Ẹ̀ yin tí ó bẹ̀rù Olúwa, gbẹ́kẹ̀lé Olúwa: òun ní ìrànwọ́ àti ààbò wọn.
১১হে যিহোৱাৰ ভয়কাৰী লোক, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
12 Olúwa tí ń ṣe ìrántí wa; yóò bùkún ilé Israẹli; yóò bùkún ilé Aaroni.
১২যিহোৱাই আমাক সোঁৱৰণ কৰিলে, সেইবাবে তেওঁ আমাক আশীৰ্ব্বাদ কৰিব; ইস্ৰায়েলৰ বংশক আশীৰ্ব্বাদ কৰিব; হাৰোণৰ বংশক আশীর্ব্বাদ কৰিব;
13 Ìbùkún ni fún àwọn tí ó bẹ̀rù Olúwa, àti kékeré àti ńlá.
১৩যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোক সকলোকে তেওঁ আশীর্ব্বাদ কৰিব, সৰু কি বৰ সকলোকে আশীৰ্ব্বাদ কৰিব।
14 Olúwa yóò mú ọ pọ̀ sí i síwájú àti síwájú, ìwọ àti àwọn ọmọ rẹ̀.
১৪যিহোৱাই তোমালোকক বৃদ্ধি কৰক; তোমালোকক আৰু তোমালোকৰ সন্তান সকলক বৃদ্ধি কৰক।
15 Ẹ fi ìbùkún fún Olúwa ẹni tí ó dá ọ̀run òun ayé.
১৫যিহোৱা, যিজন স্বৰ্গ আৰু পৃথিৱীৰ স্ৰজনকৰ্ত্তা, তেওঁ তোমালোকক আশীৰ্ব্বাদ কৰক।
16 Ọ̀run àní ọ̀run ni ti Olúwa: ṣùgbọ́n ayé ló fi fún ọmọ ènìyàn.
১৬স্বৰ্গ হৈছে যিহোৱাৰেই স্বৰ্গ; কিন্তু পৃথিৱীখন হ’লে তেওঁ মনুষ্যক দিলে।
17 Òkú kò lè yìn Olúwa, tàbí ẹni tí ó ti lọ sí ìsàlẹ̀ ìdákẹ́ jẹ́ẹ́.
১৭মৃতলোকে যিহোৱাৰ প্রশংসা নকৰে; যিসকলে নিস্তব্ধ স্থানলৈ নামি যায়, তেওঁলোক কোনেও তেওঁৰ স্তুতি নকৰে।
18 Ṣùgbọ́n àwa ó fi ìbùkún fún Olúwa láti ìsinsin yìí lọ àti títí láéláé. Ẹ yin Olúwa.
১৮কিন্তু আমি হ’লে যিহোৱাৰ ধন্যবাদ কৰিম, এতিয়াৰ পৰা অনন্ত কাল পর্যন্ত কৰিম। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।