< Psalms 114 >

1 Nígbà tí Israẹli jáde ní Ejibiti, ilé Jakọbu láti inú ènìyàn àjèjì èdè
ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল, যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল,
2 Juda wà ní ibi mímọ́, Israẹli wà ní ìjọba.
তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান, ইস্ৰায়েল হ’ল তেওঁৰ ৰাজ্য।
3 Òkun sì rí i, ó sì wárìrì: Jordani sì padà sẹ́yìn.
সমুদ্ৰই তাকে দেখি পলায়ন কৰিলে; যৰ্দ্দন নদী উজাই গ’ল।
4 Àwọn òkè ńlá ń fò bí àgbò àti òkè kéékèèké bí ọ̀dọ́-àgùntàn.
পর্বতবোৰে মতা মেৰ-ছাগৰ নিচিনাকৈ, পাহাৰবোৰে মেৰ-ছাগ পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে।
5 Kí ni ó ṣe ọ́, ìwọ Òkun, tí ìwọ fi wárìrì? Ìwọ Jordani, tí ìwọ fi padà sẹ́yìn?
হে সমুদ্ৰ, তোমাৰ কি হ’ল? কিয় তুমি পলাই গ’লা? হে যৰ্দ্দন, কিয় তুমি উজাই গ’লা?
6 Ẹ̀yin òkè ńlá kí ló dé ti ẹ fi ń fò bí àgbò, àti ẹ̀yin òkè kéékèèké bí ọ̀dọ́-àgùntàn?
হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ-ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা? হে পাহাৰসমূহ, কিয় তোমালোকে মেৰ-ছাগ পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা?
7 Wárìrì, ìwọ ilẹ̀, níwájú Olúwa; ní iwájú Ọlọ́run Jakọbu
হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা, যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা।
8 tí ó sọ àpáta di adágún omi, àti òkúta-ìbọn di orísun omi.
তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে, চক্‌মকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।

< Psalms 114 >