< Psalms 109 >
1 Fún adarí orin. Ti Dafidi. Saamu. Ọlọ́run, ti èmi ń fi ìyìn fún, má ṣe dákẹ́,
১হে মোৰ প্ৰশংসাৰ যোগ্য ঈশ্বৰ, তুমি নিজম দি নাথাকিবা;
2 nítorí àwọn ènìyàn búburú àti ẹlẹ́tàn ti ya ẹnu wọn sí mi wọ́n ti fi ahọ́n èké sọ̀rọ̀ sí mi.
২কিয়নো দুষ্ট আৰু ছলনাকাৰী লোকে মোৰ বিৰুদ্ধে মুখ মেলিছে; তেওঁলোকে মিছলীয়া জিভাৰে মোৰ বিৰুদ্ধে কথা কৈছে।
3 Wọ́n fi ọ̀rọ̀ ìríra yí mi káàkiri; wọ́n bá mi jà láìnídìí
৩তেওঁলোকে মোক ঘৃণনীয় কথা কৈ আগুৰি ধৰিছে; বিনা কাৰণতে মোক আক্রমণ কৰিছে।
4 Nípò ìfẹ́ mi, wọn ń ṣe ọ̀tá mi, ṣùgbọ́n èmi ń gba àdúrà.
৪মোৰ প্ৰেমৰ পৰিবর্তে তেওঁলোকে মোৰ বিৰুদ্ধে শত্ৰুতা কৰিছে; কিন্তু মই হ’লে তেওঁলোকৰ বাবে প্ৰাৰ্থনাত লাগি থাকোঁ।
5 Wọ́n sì fi ibi san ìre fún mi àti ìríra fún ìfẹ́ mi.
৫মই কৰা উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰ কৰিলে; মোৰ প্ৰেমৰ সলনি মোক ঘৃণা কৰিলে।
6 Yan àwọn ènìyàn búburú láti dojúkọ jẹ́ kí àwọn olùfisùn dúró ní ọwọ́ ọ̀tún rẹ̀.
৬“তুমি তেওঁলোকৰ ওপৰত দুষ্ট বিচাৰক নিযুক্ত কৰা; বিপক্ষ তেওঁলোকৰ সোঁহাতে থিয় হওঁক।
7 Kí a dá a lẹ́bi nígbà tí a bá ṣe ìdájọ́ kí àdúrà rẹ̀ kí ó lè di ìkọ̀sílẹ̀.
৭বিচাৰৰ সময়ত তেওঁলোকক দোষী সাব্যস্ত কৰা হওঁক; তেওঁলোকৰ প্ৰাৰ্থনা পাপৰূপে গণিত হওঁক।
8 Kí ọjọ́ rẹ̀ kí ó kúrú; kí ẹlòmíràn kí ó rọ́pò iṣẹ́ rẹ̀.
৮তেওঁলোকৰ আয়ুস চুটি হওঁক; অন্য লোকে তেওঁলোকৰ পদবী লৈ লওঁক।
9 Kí àwọn ọmọ rẹ̀ di aláìní baba kí aya rẹ̀ sì di opó.
৯তেওঁলোকৰ সন্তানবোৰ অনাথ হওঁক; তেওঁলোকৰ ভার্যাবোৰ বিধৱা হওঁক।
10 Jẹ́ kí àwọn ọmọ rẹ̀ máa ṣagbe kiri kí wọn máa tọrọ oúnjẹ jìnnà sí ibi ahoro wọn.
১০তেওঁলোকৰ সন্তানবোৰে পথে পথে ভিক্ষা কৰি ফুৰক, উচ্ছন্ন বাসস্থানৰ পৰা দূৰলৈ গৈ আহাৰ বিচাৰি ফুৰক।
11 Jẹ́ kí alọ́nilọ́wọ́gbà kí ó mú ohun gbogbo tí ó ní jẹ́ kí àlejò kí o kó èrè iṣẹ́ rẹ̀ lọ.
১১মহাজনে তেওঁলোকৰ সৰ্ব্বস্ব লৈ যাওক; বিদেশীবোৰে তেওঁলোকৰ শ্ৰমৰ ফল লুটি নিয়ক।
12 Má ṣe jẹ́ kí ẹnìkan ṣe àánú fún un tàbí kí wọn káàánú lórí àwọn ọmọ rẹ̀ aláìní baba.
১২তেওঁলোকলৈ দয়া কৰোঁতা কোনো নহওক; তেওঁলোকৰ অনাথ সন্তানবোৰৰ প্রতি কৃপা কৰিবলৈ কোনো নাথাকক।
13 Kí a gé àrọ́mọdọ́mọ rẹ̀ kúrò kí orúkọ wọn kí ó parẹ́ ní ìran tí ń bọ̀.
১৩তেওঁলোকৰ ভাবী বংশ উচ্ছন্ন হওক; দ্বিতীয় পুৰুষতে তেওঁৰ নাম লুপ্ত হওক!
14 Kí ẹ̀ṣẹ̀ àwọn baba rẹ̀ kí ó wà ní ìrántí ní ọ̀dọ̀ Olúwa. Má ṣe jẹ́ kí a yọ ẹ̀ṣẹ̀ ìyá wọn kúrò.
১৪তেওঁলোকৰ পিতৃবিলাকৰ অধৰ্মৰ কথা যিহোৱাৰ সোঁৱৰণত থাকক; তেওঁলোকৰ মাতৃসকলৰ পাপ মোচন কৰা নহওঁক।
15 Jẹ́ kí ẹ̀ṣẹ̀ wọn kí ó wà ní ìrántí níwájú Olúwa kí ó lè gé ìrántí wọn kúrò lórí ilẹ̀.
১৫সকলো সময়তে সেইবোৰ যিহোৱাৰ সন্মুখত থাকক, আৰু পৃথিৱীৰ পৰা তেওঁলোকৰ স্মৃতি লুপ্ত হওঁক।
16 Nítorí kò rántí láti ṣàánú, ṣùgbọ́n ó ṣe inúnibíni sí ọkùnrin tálákà àti olùpọ́njú, kí ó lè pa oníròbìnújẹ́ ọkàn.
১৬কাৰণ তেওঁলোকে কেতিয়াও দয়া দেখুৱাৰ কথা মনলৈ নানে, কিন্তু দুখী, দৰিদ্র আৰু হতাশগ্রস্ত লোকসকলক বধ কৰিবৰ কাৰণে তাড়না কৰে।
17 Ó fẹ́ràn láti máa mú ègún wá sí orí rẹ̀: bi inú rẹ̀ kò ti dùn si ìre, bẹ́ẹ̀ ni kí ó jìnnà sí.
১৭তেওঁলোকে শাও দিবলৈ ভাল পায়; সেই শাও তেওঁলোকৰ ওপৰলৈকে আহঁক। তেওঁলোকে আশীৰ্ব্বাদ ঘৃণা কৰে; সেয়ে আশীর্বাদ তেওঁলোকৰ পৰা দূৰ হওঁক।
18 Bí ó ti fi ègún wọ ará rẹ̀ láṣọ bí ẹ̀wù bẹ́ẹ̀ ni kí ó wá sí inú rẹ̀ bí omi.
১৮তেওঁলোকে শাওক নিজৰ বস্ত্ৰৰ দৰে পিন্ধিলে; সেয়ে পানীৰ নিচিনাকৈ তেওঁলোকৰ অন্তৰত প্রৱেশ কৰিলে, তেওঁলোকৰ অস্থিবোৰে তেলৰ নিচিনাকৈ শুহি ল’লে।
19 Jẹ́ kí ó rí fún un bí aṣọ tí a dà bò ó ní ara, àti fún àmùrè tí ó fi gba ọ̀já nígbà gbogbo.
১৯সেই শাৱে চাদৰৰ দৰে তেওঁলোকক ঢাকি ৰাখক; কঁকালত সদায় বন্ধা টঙালিৰ নিচিনা বান্ধি ৰাখক।”
20 Èyí ni èrè àwọn ọ̀tá mi láti ọwọ́ Olúwa wá; àti ti àwọn tí ń sọ̀rọ̀ ibi sí ọkàn mi.
২০মোৰ যি বিৰোধীবিলাকে মোৰ বিৰুদ্ধে বেয়া কথা কয়, তেওঁলোকে যিহোৱাৰ পৰা যেন এই প্ৰতিফল পায়।
21 Ṣùgbọ́n ìwọ, ìwọ ṣe fún mi Olúwa Olódùmarè, ṣe rere fún mi nítorí orúkọ rẹ. Nítorí tí àánú rẹ dára, ìwọ gbà mí.
২১কিন্তু হে মোৰ প্রভু যিহোৱা, তোমাৰ নামৰ অর্থে মোৰ পক্ষে দয়া ব্যৱহাৰ কৰা; কিয়নো তোমাৰ মঙ্গলময় অসীম প্রেমেৰে মঙ্গলময়, এতেকে মোক উদ্ধাৰ কৰা।
22 Nítorí pé tálákà àti aláìní ni mí, àyà mi sì gbọgbẹ́ nínú mi.
২২কিয়নো মই দুখী আৰু দৰিদ্ৰ; মোৰ ভিতৰৰ অন্তৰখন বিন্ধিছে।
23 Èmi ń kọjá lọ bí òjìji tí àṣálẹ́, mo ń gbọ̀n sókè bí eṣú.
২৩আবেলিৰ ছাঁৰ নিচিনাকৈ মই নোহোৱা হৈ গৈছো; কাকতি ফৰিঙৰ নিচিনাকৈ মোক উড়ুৱাই নিয়া হৈছে।
24 Eékún mi di aláìlera nítorí àwẹ̀ gbígbà ẹran-ara mi sì gbẹ nítorí àìlera mi.
২৪লঘোন দিয়াৰ কাৰণে মোৰ আঁঠু দুটা দুৰ্ব্বল হৈছে; মোৰ শৰীৰ ক্ষীণ হৈ শুকাই গৈছে।
25 Mo dàbí ẹ̀gàn fún àwọn olùfisùn mi; nígbà tí wọn wò mí, wọ́n gbọn orí wọn.
২৫মোৰ বিৰোধীসকলৰ ওচৰত মই নিন্দাৰ পাত্র হৈছোঁ; মোক দেখিলেই তেওঁলোকে মূৰ জোকাৰে।
26 Ràn mí lọ́wọ́, Olúwa Ọlọ́run mi; gbà mí gẹ́gẹ́ bí ìṣeun ìfẹ́ rẹ.
২৬হে মোৰ ঈশ্বৰ যিহোৱা! মোক সহায় কৰা, তোমাৰ দয়া অনুসাৰে মোক ৰক্ষা কৰা;
27 Jẹ́ kí wọn mọ̀ pé ọwọ́ rẹ ni èyí wí pé ìwọ, Olúwa, ni ó ṣe é.
২৭তেওঁলোকে জানক যে, এয়ে তোমাৰ হাত; হে যিহোৱা, তুমিয়েই এই সকলো কার্য কৰিলা।
28 Wọ́n ó máa gégùn ún, ṣùgbọ́n ìwọ máa súre, nígbà tí wọn bá dìde kí ojú kí ó tì wọ́n, ṣùgbọ́n ìránṣẹ́ rẹ yóò yọ̀.
২৮তেওঁলোকে শাও দিয়ক, কিন্তু তুমি হ’লে আশীৰ্ব্বাদ কৰিবা; তেওঁলোকে উঠিলে লজ্জিত হ’ব; কিন্তু তোমাৰ দাস আনন্দিত হ’ব।
29 Jẹ́ kí a wọ àwọn ọ̀tá mi ní aṣọ ìtìjú kí á sì fi ìdàrúdàpọ̀ bọ̀ wọ́n lára bí ẹ̀wù.
২৯মোৰ বিৰোধীবোৰে অপমানৰ বস্ত্রাবৰণ পৰিধান কৰক; চাদৰৰ নিচিনাকৈ তেওঁলোকে নিজৰ লাজক মেৰিয়াই থাকক।
30 Pẹ̀lú ẹnu mi èmi yóò máa yin Olúwa gidigidi ní àárín ọ̀pọ̀ ènìyàn èmi yóò máa yìn ín.
৩০মই নিজ মুখেৰে অতিশয় ৰূপে যিহোৱাৰ ধন্যবাদ কৰিম; লোক সমূহৰ মাজত মই তেওঁৰ প্ৰশংসা কৰিম;
31 Nítorí ó dúró ní apá ọ̀tún aláìní láti gbà á lọ́wọ́ àwọn tí ń dá ọkàn rẹ̀ lẹ́bi.
৩১যিজন অভাৱী, তেওঁ সেইজনক সহায় কৰে; মৃত্যুদণ্ডৰ ৰায়ৰ পৰা তেওঁৰ প্ৰাণ ৰক্ষা কৰে।