< Psalms 105 >
1 Ẹ fi ọpẹ́ fún Olúwa, ké pe orúkọ rẹ̀, jẹ́ kí a mọ ohun tí ó ṣe láàrín àwọn orílẹ̀-èdè.
১যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামত প্ৰাৰ্থনা কৰা; জাতিবোৰৰ মাজত তেওঁৰ কাৰ্যবোৰ জনোৱা।
2 Kọrin sí i, kọrin ìyìn sí i; sọ ti iṣẹ́ ìyanu rẹ̀ gbogbo.
২তেওঁৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা; তেওঁৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে কোৱা।
3 Ṣògo nínú orúkọ mímọ́ rẹ̀, jẹ́ kí ọkàn àwọn tí ń wá Olúwa kí ó yọ̀.
৩তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; যিহোৱাক বিচৰাসকলৰ হৃদয়ে আনন্দ কৰক।
4 Wá Olúwa àti ipá rẹ̀; wa ojú rẹ̀ nígbà gbogbo.
৪তোমালোকে যিহোৱা আৰু তেওঁৰ শক্তি বিচাৰা; নিতৌ তেওঁৰ সাক্ষাৎ হ’বলৈ বিচাৰা।
5 Rántí àwọn ìyanu tí ó ti ṣe, ìyanu rẹ̀, àti ìdájọ́ tí ó sọ,
৫তেওঁ কৰা আচৰিত কাৰ্যবোৰ সোঁৱৰণ কৰা; তেওঁৰ অদ্ভুত কার্য আৰু তেওঁৰ মুখে কৰা বিচাৰবোৰ সোঁৱৰণ কৰা।
6 ẹ̀yin ìran Abrahamu ìránṣẹ́ rẹ̀, ẹ̀yin ọmọkùnrin Jakọbu, àyànfẹ́ rẹ̀.
৬তোমালোক তেওঁৰ দাস অব্ৰাহামৰ বংশধৰ, তেওঁৰ মনোনীত যাকোবৰ সন্তান।
7 Òun ni Olúwa Ọlọ́run wa: ìdájọ́ rẹ̀ wà ní gbogbo ayé.
৭তেৱেঁই আমাৰ ঈশ্বৰ যিহোৱা; তেওঁৰ শাসন-প্ৰণালী সমুদায় পৃথিৱীত বিদ্যমান।
8 Ó rántí májẹ̀mú rẹ̀ láéláé, ọ̀rọ̀ tí ó pàṣẹ, fún ẹgbẹẹgbẹ̀rún ìran,
৮তেওঁ অনন্তকাললৈকে নিজ নিয়ম সোঁৱৰণ কৰে, আৰু সেই বাক্যৰ আদেশ তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দিলে।
9 májẹ̀mú tí ó dá pẹ̀lú Abrahamu, ìbúra tí ó ṣe pẹ̀lú fún Isaaki.
৯সেই নিয়ম তেওঁ অব্ৰাহামৰে সৈতে স্থাপন কৰিছিল আৰু ইচহাকৰ আগত প্রতিজ্ঞা কৰিছিল।
10 Ó ṣe ìdánilójú u rẹ̀ fún Jakọbu gẹ́gẹ́ bí àṣẹ, sí Israẹli, gẹ́gẹ́ bi májẹ̀mú ayérayé:
১০তেওঁ তাক যাকোবৰ কাৰণে এক বিধি ৰূপে, ইস্ৰায়েলৰ কাৰণে এটি অনন্তকলীয়া নিয়ম ৰূপে স্থিৰ কৰিলে।
11 “Fún ìwọ ni èmi ó fún ní ilẹ̀ Kenaani gẹ́gẹ́ bí ìpín tí ìwọ ó jogún.”
১১তেওঁ ক’লে, “মই তোমাক কনান দেশখন দিম; সেয়াই হ’ব তোমাৰ আধিপত্য।
12 Nígbà tí wọn kéré níye, wọ́n kéré jọjọ, àti àwọn àjèjì níbẹ̀
১২সেই কালত তেওঁলোকৰ সংখ্যা অধিক নাছিল, তেওঁলোক অতি তাকৰ আছিল আৰু তাত তেওঁলোক প্ৰবাসী আছিল;
13 wọ́n rìn kiri láti orílẹ̀-èdè sí orílẹ̀-èdè, láti ìjọba kan sí èkejì.
১৩তেওঁলোকে যেতিয়া তাত এটা জাতিৰ পৰা আন জাতিৰ ওচৰলৈ, এক ৰাজ্যৰ পৰা আন লোক সমূহৰ মাজত ভ্ৰমি ফুৰিছিল,
14 Kò gba ẹnikẹ́ni láààyè láti pọ́n wọn lójú; ó fi ọba bú nítorí tiwọn:
১৪তেতিয়া তেওঁ কোনো মনুষ্যকে তেওঁলোকৰ ওপৰত উপদ্রৱ কৰিবলৈ নিদিলে; বৰং তেওঁলোকৰ কাৰণে তেওঁ ৰজাসকলক ধমক দি কৈছিল,
15 “Má ṣe fọwọ́ kan ẹni àmì òróró mi; má sì ṣe wòlíì mi níbi.”
১৫“তোমালোকে মোৰ অভিষিক্ত ব্যক্তিসকলক স্পর্শ নকৰিবা; মোৰ ভাববাদীসকলৰো কোনো অপকাৰ নকৰিবা।”
16 Ó pe ìyàn sórí ilẹ̀ náà ó sì pa gbogbo ìpèsè oúnjẹ wọn run;
১৬তেওঁ সেই দেশলৈ দুৰ্ভিক্ষ মাতি আনিলে, তেওঁ সম্পূর্ণৰূপে শস্যৰ ভঁৰালবোৰ ধ্বংস কৰি পেলালে।
17 Ó sì rán ọkùnrin kan síwájú wọn Josẹfu tí a tà gẹ́gẹ́ bí ẹrú.
১৭তেতিয়া তেওঁ তেওঁলোকৰ আগেয়ে এজন মানুহ পঠালে- যিজনৰ নাম যোচেফ আছিল; তেওঁক দাসৰূপে বেচা হ’ল।
18 Wọn fi ṣẹ́kẹ́ṣẹkẹ̀ bọ ẹsẹ̀ rẹ̀ a gbé ọrùn rẹ̀ sínú irin,
১৮লোকসকলে তেওঁৰ ভৰিত বেৰীৰ শিকলিৰে দুখ দিলে; লোহাৰ শিকলিৰে তেওঁৰ ডিঙি বন্ধা হ’ল।
19 títí ọ̀rọ̀ tí ó sọtẹ́lẹ̀ fi ṣẹ títí ọ̀rọ̀ Olúwa fi dá a láre.
১৯যেতিয়ালৈকে তেওঁ কোৱা বাক্য সিদ্ধ নহয়, তেতিয়ালৈকে যিহোৱাৰ বাক্যই তেওঁক পৰীক্ষা কৰি আছিল।
20 Ọba ránṣẹ́ lọ tú u sílẹ̀ àwọn aláṣẹ ènìyàn tú u sílẹ̀
২০ৰজাই লোক পঠাই তেওঁক মুকলি কৰি দিলে, লোকসকলৰ শাসনকর্তাই তেওঁক মুক্ত কৰিলে।
21 Ó fi jẹ olúwa lórí ilẹ̀ rẹ̀, aláṣẹ lórí ohun gbogbo tí ó ní,
২১তেওঁ তেওঁক নিজৰ ৰাজগৃহৰ প্ৰভু পাতিলে, সকলো সম্পত্তিৰ কর্তা কৰিলে।
22 gẹ́gẹ́ bí ìfẹ́ rẹ̀, kí ó máa ṣe àkóso àwọn ọmọ-aládé kí ó sì kọ́ àwọn àgbàgbà rẹ̀ ní ọgbọ́n.
২২যাতে তেওঁ তেওঁৰ ৰাজকর্মচাৰীসকলক ইচ্ছা অনুসাৰে অধীনত ৰাখিব পাৰে, আৰু তেওঁৰ বৃদ্ধসকলক জ্ঞানৰ পৰামর্শ দিব পাৰে।
23 Israẹli wá sí Ejibiti; Jakọbu sì ṣe àtìpó ní ilé Hamu.
২৩তাৰ পাছত ইস্ৰায়েল মিচৰ দেশলৈ আহিল, যাকোবে হাম বংশীয়সকলৰ দেশত প্ৰবাস কৰিলে।
24 Olúwa, sì mú àwọn ọmọ rẹ̀ bí sí i ó sì mú wọn lágbára jù àwọn ọ̀tá wọn lọ
২৪ঈশ্বৰে নিজৰ লোকসকলৰ বংশ অতিশয় বৃদ্ধি কৰিলে, শত্ৰুবোৰতকৈয়ো তেওঁলোকক শক্তিশালী কৰিলে।
25 Ó yí wọn lọ́kàn padà láti kórìíra àwọn ènìyàn láti ṣe àrékérekè sí àwọn ìránṣẹ́ rẹ̀.
২৫তেওঁ মিচৰীয়সকলৰ অন্তৰক এনে পৰিবর্তন আনি দিলে যে, তেওঁলোকে তেওঁৰ লোকসকলক ঘৃণা কৰিলে; তেওঁৰ দাসবোৰৰ প্রতি ধূর্ত ব্যৱহাৰ কৰিলে।
26 Ó rán Mose ìránṣẹ́ rẹ̀, àti Aaroni tí ó ti yàn.
২৬তেওঁ নিজ দাস মোচিক আৰু তেওঁৰ মনোনীত হাৰোণক পঠালে;
27 Wọ́n ń ṣe iṣẹ́ ìyanu láàrín wọn ó ṣe iṣẹ́ ìyanu ní Hamu.
২৭তেওঁলোকে তেওঁলোকৰ মাজত নানা চিন আৰু হাম দেশত অদ্ভুত লক্ষণবোৰ দেখুৱালে;
28 Ó rán òkùnkùn, o sì mú ilẹ̀ ṣú wọn kò sì sọ̀rọ̀-òdì sí ọ̀rọ̀ rẹ̀.
২৮তেওঁ অন্ধকাৰ পঠালে, তাতে সেই দেশ আন্ধাৰ হ’ল; তেওঁৰ বাক্যৰ বিৰুদ্ধে তেওঁলোকে বিৰুদ্ধাচৰণ নকৰিলে।
29 Ó sọ omi wọn di ẹ̀jẹ̀, ó pa ẹja wọn.
২৯তেওঁলোকৰ জল সমূহক তেওঁ তেজলৈ পৰিণত কৰিলে; তাতে তেওঁলোকৰ সকলো মাছ মৰিল।
30 Ilẹ̀ mú ọ̀pọ̀lọ́ jáde wá, èyí tí ó lọ sí ìyẹ̀wù àwọn ọba wọn.
৩০তেওঁলোকৰ দেশ বেঙেৰে ভৰি পৰিল; এনে কি, তেওঁলোকৰ ৰজাসকলৰ ৰাজপ্রাসাদো বেঙেৰে ভৰি পৰিল।
31 Ó sọ̀rọ̀, onírúurú eṣinṣin sì dìde, ó sì hu kantíkantí ní ilẹ̀ wọn
৩১তেওঁৰ কথাতেই তেওঁলোকৰ সকলো অঞ্চলত জাকে জাকে ডাঁহ আৰু ওকণী আহিল।
32 Ó sọ òjò di yìnyín, àti ọ̀wọ́-iná ní ilẹ̀ wọn;
৩২তেওঁ তেওঁলোকক বৰষুণৰ পৰিবর্তে শিলাবৃষ্টি দিলে; গোটেই দেশ বিজুলী আৰু বজ্ৰপাতৰ অগ্নি বৰষালে।
33 Ó lu àjàrà wọn àti igi ọ̀pọ̀tọ́ wọn ó sì dá igi orílẹ̀-èdè wọn.
৩৩তেওঁলোকৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰত তেওঁ আঘাত কৰিলে, আৰু দেশৰ গছবোৰ ভাঙি পেলালে।
34 Ó sọ̀rọ̀, eṣú sì dé, àti kòkòrò ní àìníye,
৩৪তেওঁৰ কথাতেই কাকতি ফৰিং আহিল, অসংখ্য সৰু ফৰিঙো আহিল।
35 wọn sì jẹ gbogbo ewé ilẹ̀ wọn, wọ́n sì jẹ èso ilẹ̀ wọn run.
৩৫সেইবোৰে তেওঁলোকৰ দেশৰ সকলো শাক-পাচলি আৰু ভূমিৰ সকলো শস্য খাই পেলালে।
36 Nígbà náà, ó kọlu gbogbo àwọn ilẹ̀ wọn, ààyò gbogbo ipá wọn.
৩৬তাৰ পাছত তেওঁলোকৰ সকলো শক্তিৰ প্রথম ফল অর্থাৎ দেশৰ জ্যেষ্ঠ পুত্র সংহাৰ কৰিলে।
37 Ó mú Israẹli jáde ti òun ti fàdákà àti wúrà, nínú ẹ̀yà rẹ̀ kò sí aláìlera kan.
৩৭পাছত তেওঁ লোকসকলক ৰূপ আৰু সোণে সৈতে উলিয়াই আনিলে; তেওঁৰ ফৈদ সমূহৰ মাজত এজনো দুৰ্ব্বল হোৱা নাছিল।
38 Inú Ejibiti dùn nígbà tí wọn ń lọ, nítorí ẹ̀rù àwọn Israẹli ń bá wọ́n.
৩৮তেওঁলোক গুছি যোৱাত মিচৰীয়সকলে আনন্দ কৰিলে, কিয়নো তেওঁলোকে ইস্রায়েলীয়াসকলক ভীষণ ভয় কৰিছিল।
39 Ó ta àwọsánmọ̀ fún ìbòrí, àti iná láti fún wọn ní ìmọ́lẹ̀ lálẹ́.
৩৯তেওঁ চন্দ্ৰতাপৰ কাৰণে মেঘ বিস্তাৰ কৰিলে; ৰাতি পোহৰ দিবৰ কাৰণে অগ্নি দিলে।
40 Wọn béèrè, ó sì mú ẹyẹ àparò wá, ó sì fi oúnjẹ ọ̀run tẹ́ wọn lọ́rùn.
৪০তেওঁলোকে আহাৰ বিচাৰিছিলে, তাতে তেওঁ তেওঁলোকক বটা চৰাই আনি দিলে; আৰু স্বর্গীয় আহাৰেৰে তেওঁলোকক তৃপ্ত কৰিলে।
41 Ó sì la àpáta, ó sì mú omi jáde; gẹ́gẹ́ bí odò tí ń sàn níbi gbígbẹ.
৪১তেওঁ শিল খুলি দিলে, তাতে জল ওলাই আহিল; সেয়ে নদীৰ দৰে মৰুভূমিৰ মাজেদি বৈ গ’ল।
42 Nítorí ó rántí ìlérí mímọ́ rẹ̀ àti Abrahamu ìránṣẹ́ rẹ̀.
৪২তেওঁ তেওঁৰ পবিত্ৰ প্রতিজ্ঞা সোঁৱৰণ কৰিলে; তেওঁৰ দাস অব্ৰাহামকো সোঁৱৰণ কৰিলে।
43 Ó sì fi ayọ̀ mú àwọn ènìyàn rẹ̀ jáde pẹ̀lú ayọ̀ ní ó yan àyànfẹ́ rẹ̀
৪৩এইদৰে তেওঁ নিজৰ লোক সমূহক আনন্দেৰে সৈতে, তেওঁৰ মনোনীত লোকসকলক গীত-মাতেৰে সৈতে উলিয়াই আনিলে।
44 Ó fún wọn ní ilẹ̀ ìní náà, wọ́n sì jogún iṣẹ́ àwọn ènìyàn náà,
৪৪তেওঁ তেওঁলোকক অন্যান্য জাতিবোৰৰ দেশবোৰ দিলে; সেই সকলো জাতিৰ পৰিশ্রমৰ ফল তেওঁৰ লোকসকলে অধিকাৰ কৰিলে,
45 kí wọn kí ó lè máa pa àṣẹ rẹ̀ mọ́ kí wọn kí ó lè kíyèsi òfin rẹ̀. Ẹ fi ìyìn fún Olúwa.
৪৫যেন তেওঁলোকে তেওঁৰ বিধিবোৰ পালন কৰে আৰু তেওঁৰ ব্যৱস্থাবোৰ মানি চলে। তোমালোকে যিহোৱাৰ প্রশংসা কৰা।