< Psalms 102 >

1 Àdúrà olùpọ́njú tí àárẹ̀ mú, tí ó sí ọkàn rẹ̀ payá níwájú Olúwa. Gbọ́ àdúrà mi, Olúwa, jẹ́ kí igbe ẹ̀bẹ̀ mi kí ó wá sí ọ̀dọ̀ rẹ.
হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা; মোৰ কাতৰোক্তি তোমাৰ আগত উপস্থিত হওক।
2 Má ṣe pa ojú rẹ mọ́ kúrò lọ́dọ̀ mi ní ọjọ́ tí èmi wà nínú ìpọ́njú. Dẹ etí rẹ sí mi; nígbà tí mo bá pè, dá mi lóhùn kíákíá.
সঙ্কটৰ কালত তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; মোলৈ কাণ পাতা; মই প্ৰাৰ্থনা কৰা কালত শীঘ্ৰে মোক উত্তৰ দিয়া।
3 Nítorí tí ọjọ́ mi run bí èéfín; egungun mi sì jóná bí ààrò.
কিয়নো ধুঁৱাৰ নিচিনাকৈ মোৰ দিনবোৰ বিলীন হৈ গৈছে, মোৰ অস্থিবোৰ যেন অগ্নিশালৰ জুইত জ্বলিছে।
4 Àyà mi lù, ó sì rọ bí i koríko; mo gbàgbé láti jẹ oúnjẹ mi.
ৰ’দৰ তাপত লেৰেলি যোৱা ঘাঁহৰ নিচিনাকৈ মোৰ হৃদয় শুকাই গৈছে; এনে কি মই ভোজন কৰিবলৈও পাহৰি যাওঁ।
5 Nítorí ohùn ìkérora mi, egungun mi lẹ̀ mọ́ ẹran-ara mi.
মই বৰকৈ কেঁকাই থকাত মোৰ অস্থিবোৰ শৰীৰৰ ছালত লাগি গৈছে।
6 Èmi dàbí ẹyẹ igún ní ijù: èmi dàbí òwìwí ibi ahoro.
মই মৰুভূমিত বাস কৰা এটি ফেঁচাৰ নিচিনা হ’লো, ধ্বংসস্তূপত থকা এটা অকলশৰীয়া সৰু ফেঁচাৰ দৰে হ’লো।
7 Èmi dìde; èmi dàbí ẹyẹ lórí ilé.
মই টোপনি যাব নোৱাৰো; ঘৰৰ চালত থকা অকলশৰীয়া চৰাইজনীৰ সদৃশ হ’লো।
8 Ní ọjọ́ gbogbo, àwọn ọ̀tá ológoṣẹ́ mi ń gàn mí; àwọn tí ń ṣe ìkanra sí mi ń fi orúkọ mi bú.
মোৰ শত্ৰুবোৰে দিনে-ৰাতিয়ে মোক বিদ্রূপ কৰে; মোৰ বিৰুদ্ধে খঙত উন্মত্ত লোকসকলে মোৰ নাম শাও ৰূপে ব্যৱহাৰ কৰে।
9 Èmi jẹ eérú gẹ́gẹ́ bí oúnjẹ mi, èmi sì da ohun mímu mi pọ̀ pẹ̀lú omijé.
বাস্তৱিক মই আহাৰ স্বৰূপে ভস্ম খাওঁ; পেয় দ্রব্যৰে সৈতে মোৰ চকুলো মিহলাও;
10 Nítorí ìbínú ríru rẹ, nítorí ìwọ ti gbé mi sókè, ìwọ sì gbé mi ṣánlẹ̀.
১০ইয়াৰ কাৰণ হৈছে তোমাৰ ৰোষ আৰু তোমাৰ ক্রোধ; কিয়নো তুমি মোক ওপৰলৈ তুলি দলিয়াই পেলাই দিলা।
11 Ọjọ́ mi dàbí òjìji àṣálẹ́ èmi sì rọ bí koríko.
১১মোৰ দিনবোৰ সন্ধিয়া পৰৰ ছাঁৰ নিচিনা হৈছে; মই তৃণৰ দৰে শুকাই গৈছোঁ।
12 Ṣùgbọ́n ìwọ, Olúwa, ni yóò dúró láéláé; ìrántí rẹ láti ìran dé ìran.
১২কিন্তু, হে যিহোৱা, তুমি হ’লে তোমাৰ সিংহাসনত চিৰকাললৈকে থাকা; তোমাৰ নামৰ যশস্যা পুৰুষে পুৰুষে স্থায়ী।
13 Ìwọ ó dìde ìwọ ó sì ṣàánú fún Sioni, nítorí ìgbà àti ṣe ojúrere sí i; àkókò náà ti dé.
১৩তুমি উঠিবা, চিয়োনলৈ কৃপা কৰিবা; এতিয়াই তাৰ প্রতি দয়া কৰাৰ সময় হৈছে, কাৰণ নিৰূপিত সময় উপস্থিত হ’ল।
14 Nítorí tí àwọn òkúta jẹ́ inú dídùn sí àwọn ìránṣẹ́ rẹ; wọ́n sì káàánú erùpẹ̀ rẹ.
১৪তোমাৰ দাসবোৰৰ ওচৰত তাৰ শিলবোৰ প্রিয়, তাৰ ধুলিকণাৰ ওপৰতো তেওঁলোকৰ মমতা আছে।
15 Àwọn kèfèrí yóò bẹ̀rù orúkọ Olúwa, gbogbo ọba ayé yóò máa bẹ̀rù ògo rẹ.
১৫যিহোৱাৰ নামক সকলো জাতিয়ে ভয় কৰিব, পৃথিৱীৰ সমুদায় ৰজা তোমাৰ প্ৰতাপত ভীত হ’ব।
16 Torí tí Olúwa yóò gbé Sioni ró, yóò farahàn nínú ògo rẹ̀.
১৬কিয়নো যিহোৱাই পুনৰ চিয়োনক নিৰ্ম্মাণ কৰিব; তেওঁ নিজৰ মহিমাৰে দৰ্শন দিব।
17 Yóò dáhùn àdúrà àwọn aláìní; kì yóò sì gan ẹ̀bẹ̀ wọn.
১৭সেই সময়ত তেওঁ দীনহীনবোৰৰ প্রার্থনাৰ উত্তৰ দিব, তেওঁলোকৰ প্রার্থনাক তেওঁ অগ্রাহ্য নকৰিব।
18 Jẹ́ kí a kọ èyí fún ìran tí ń bọ̀, àwọn ènìyàn tí a kò tí ì dá yóò yin Olúwa:
১৮ভাৱী বংশধৰসকলৰ কাৰণে এই সকলো কথা লিখি থোৱা হ’ব, যাতে এতিয়া জন্ম নোহোৱা সন্তান সকলেও যিহোৱাৰ প্রশংসা কৰিব পাৰে।
19 “Olúwa wo ilẹ̀ láti òkè mímọ́ rẹ̀ wá láti ọ̀run wá ni ó bojú wo ayé,
১৯কিয়নো তেওঁৰ পবিত্র উচ্চ স্থানৰ পৰা তেওঁ তললৈ দৃষ্টি কৰিলে; যিহোৱাই স্বর্গৰ পৰা পৃথিৱীলৈ দৃষ্টি কৰিলে,
20 láti gbọ́ ìrora ará túbú, láti tú àwọn tí a yàn sí ikú sílẹ̀.”
২০যাতে বন্দীসকলৰ কেঁকনি শুনিব পাৰে, মৃত্যুদণ্ডৰে অভিযুক্ত সকলক মুক্ত কৰিব পাৰে।
21 Kí a lè sọ orúkọ Olúwa ní Sioni àti ìyìn rẹ̀ ní Jerusalẹmu.
২১চিয়োনত যিহোৱাৰ নাম প্রচাৰিত হ’ব, যিৰূচালেমত তেওঁৰ প্ৰশংসা-স্তুতি হ’ব,
22 Ní ìgbà tí a kó àwọn ènìyàn àti ìjọba pọ̀ láti máa sìn Olúwa.
২২যেতিয়া যিহোৱাৰ সেৱা কৰিবৰ কাৰণে সকলো জাতি আৰু ৰাজ্যবোৰ একত্রিত হ’ব।
23 Ní ipa ọ̀nà mi, ó rẹ agbára mi sílẹ̀, ó gé ọjọ́ mi kúrú.
২৩জীৱন পথৰ মাজতেই যিহোৱাই মোৰ শক্তি কমাই দিলে; মোৰ আয়ুস চুটি কৰি দিলে।
24 Èmi sì wí pé: “Ọlọ́run mi, má ṣe mú mi kúrò ní agbede-méjì ọjọ́ mi; ọdún rẹ̀ ń lọ láti ìran dé ìran.
২৪সেয়ে মই কৈছো, “হে মোৰ ঈশ্বৰ, জীৱনৰ মাজভাগতে তুমি মোক তুলি নিনিবা; তোমাৰ বছৰবোৰতো সর্বপুৰুষলৈকে স্থায়ী।”
25 Ní ìbẹ̀rẹ̀ ní ìwọ fi ìpìlẹ̀ ayé sọlẹ̀, ọ̀run sì jẹ́ iṣẹ́ ọwọ́ rẹ.
২৫অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা; আকাশমণ্ডল তোমাৰ হাতৰ কাৰ্য।
26 Wọn yóò ṣègbé, wọn yóò parun, ṣùgbọ́n ìwọ yóò wà; gbogbo wọn ni yóò gbó bí aṣọ. Bí ẹ̀wù ni ìwọ yóò pààrọ̀ wọn wọn yóò sì di àpatì.
২৬সেইবোৰ ধ্বংস হৈ যাব, কিন্তু তুমি হ’লে চিৰকাল থাকিবা; কাপোৰৰ দৰে সেই সকলো জীৰ্ণ হৈ যাব; তুমি সেইবোৰক বস্ত্ৰৰ নিচিনাকৈ সলনি কৰিবা; তাতে সেইবোৰ আৰু নাথাকিব।
27 Ṣùgbọ́n ìwọ wà digbí síbẹ̀, ọdún rẹ kò sì ní òpin.
২৭কিন্তু তুমি হ’লে সদায় একে, তোমাৰ বছৰৰ কেতিয়াও শেষ নহ’ব।
28 Àwọn ọmọ ìránṣẹ́ rẹ̀ yóò dúró ní iwájú rẹ pẹ́; a ó sì fi ẹsẹ̀ irú-ọmọ wọn sọlẹ̀ ní iwájú rẹ.”
২৮তোমাৰ দাসবোৰৰ সন্তান সকল জীয়াই থাকিব; তেওঁলোকৰ বংশধৰসকল তোমাৰ উপস্থিতিত থিৰে থাকিব।

< Psalms 102 >