< Proverbs 31 >
1 Àwọn ọ̀rọ̀-ìjìnlẹ̀ ti Lemueli ọba, ọ̀rọ̀ ẹ̀kọ́ tí ìyá rẹ̀ kọ́ ọ,
১ৰজা লমুৱেলৰ বাক্য; তেওঁৰ মাতৃয়ে তেওঁক ঈশ্বৰীয় বচন শিক্ষা দিয়া।
2 “Gbọ́ ìwọ ọmọ mi, gbọ́ ìwọ ọmọ inú mi! Gbọ́ ìwọ ọmọ ẹ̀jẹ́ mi.
২মোৰ পুত্র কি? আৰু মোৰ গৰ্ভৰ পৰা জন্মা পুত্ৰ কি? আৰু মোৰ সঙ্কল্পৰ পুত্র কি?
3 Má ṣe lo agbára rẹ lórí obìnrin, okun rẹ lórí àwọn tí ó pa àwọn ọba run.
৩তোমাৰ শক্তি মহিলাক নিদিবা, আৰু ৰজাক ধ্বংস কৰা সকলৰ পথত নচলিবা।
4 “Kì í ṣe fún àwọn ọba, ìwọ Lemueli, kì í ṣe fún ọba láti mu ọtí wáìnì, kì í ṣe fún alákòóso láti máa wá ọtí líle,
৪হে লমুৱেল, এইটো ৰজাসকলৰ বাবে নহয়, ৰজাসকলৰ বাবে সুৰা পান কৰা উপযুক্ত নহয়; অথবা “সুৰা ক’ত আছে?” বুলি শাসনকৰ্ত্তাই সোধা অনুচিত;
5 kí wọn má ba à mu ọtí yó kí wọn sì gbàgbé ohun tí òfin wí, kí wọn sì fi ẹ̀tọ́ àwọn tí ara ń ni dù wọ́n.
৫তেওঁলোকে পান কৰিব আৰু বিধানত কি আছে তাক পাহৰিব, আৰু সকলো দুৰ্দশাগ্রস্ত লোকৰ অধিকাৰক বিপথগামী কৰিব।
6 Fi ọtí líle fún àwọn tí ń ṣègbé wáìnì fún àwọn tí ó wà nínú ìrora.
৬বিনাশলৈ যোৱা জনক সুৰা দিয়া, আৰু বেদনাদায়ক যন্ত্রণাত ভুগি থকা সকলক দ্রাক্ষাৰস পান কৰোঁৱা।
7 Jẹ́ kí wọn mu ọtí kí wọn sì gbàgbé òsì wọn kí wọn má sì rántí òsì wọn mọ́.
৭তেওঁ পান কৰিব আৰু নিজৰ দৰিদ্রতাক পাহৰিব, আৰু তেওঁৰ সমস্যাৰ কথা মনত নাথাকিব।
8 “Sọ̀rọ̀ lórúkọ àwọn tí kò le sọ̀rọ̀ fúnra wọn fún ẹ̀tọ́ àwọn ẹni tí ń parun.
৮কথা ক’ব নোৱাৰা সকলৰ বাবে কথা কোৱা, বিনাশ হোৱা সকলৰ কাৰণ সমূহৰ বাবে কথা কোৱা।
9 Sọ̀rọ̀ kí o sì ṣe ìdájọ́ àìṣègbè jà fún ẹ̀tọ́ àwọn tálákà àti aláìní.”
৯আৰু ন্যায়ৰ জোখেৰে বিচাৰ কৰা, আৰু দৰিদ্ৰ আৰু অভাৱী লোকৰ বাবে আত্মসমৰ্থন কৰা।
10 Ta ni ó le rí aya oníwà rere? Ó níye lórí ju iyùn lọ.
১০প্রতিভাসম্পন্ন ভাৰ্যা কোনে বিচাৰি পায়? মূল্যবান ৰত্নতকৈ তেওঁৰ মূল্য অতি অধিক।
11 Ọkọ rẹ̀ ní ìgbẹ́kẹ̀lé púpọ̀ nínú rẹ̀ kò sì ṣí ìwà rere tí kò pé lọ́wọ́ rẹ̀.
১১তেওঁৰ স্বামীৰ হৃদয়ে তেওঁত বিশ্বাস কৰে, আৰু তেওঁৰ স্বামীৰ কেতিয়াও অভাৱ নহয়।
12 Ire ní ó ń ṣe fún un, kì í ṣe ibi ní gbogbo ọjọ́ ayé rẹ̀.
১২তেওঁ স্বামীৰ বাবে ভাল কাৰ্য কৰে, বেয়া কাৰ্য নকৰে।
13 Ó sa aṣọ irun àgùntàn olówùú àti ọ̀gbọ̀ Ó sì ṣiṣẹ́ pẹ̀lú ìyárí.
১৩তেওঁ ঊণ আৰু শণ সূতা বাচি লয়, আৰু সেই সূতাৰে নিজ হাতেৰে আনন্দেৰে কাম কৰে।
14 Ó dàbí ọkọ̀ ojú omi tí àwọn oníṣòwò; ó ń gbé oúnjẹ rẹ̀ wá láti ọ̀nà jíjìn.
১৪তেওঁ বণিকৰ জাহাজৰ দৰে, তেওঁ বহুত দূৰৰ পৰা নিজৰ খোৱা বস্তু আনে,
15 Ó dìde nígbà tí òkùnkùn sì kùn; ó ṣe oúnjẹ fún ìdílé rẹ̀ àti ìpín oúnjẹ fún àwọn ìránṣẹ́bìnrin rẹ̀.
১৫তেওঁ ৰাতিপুৱা নহওঁতেই সাৰ পায়, আৰু ঘৰৰ সকলোকে খাবলৈ আহাৰ দিয়ে, আৰু তেওঁ নিজৰ দাসীসকলক কাম ভগাই দিয়ে।
16 Ó kíyèsi oko kan, ó sì rà á; nínú ohun tí ó ń wọlé fún un ó gbin ọgbà àjàrà rẹ̀.
১৬তেওঁ খেতি পথাৰৰ বিষয়ে বিবেচনা কৰে, আৰু মাটি কিনি লয়; তেওঁ নিজৰ হাতৰ শ্ৰমৰ ফলেৰে দ্ৰাক্ষাবাৰী পাতে।
17 Ó bẹ̀rẹ̀ iṣẹ́ rẹ̀ tagbára tagbára apá rẹ̀ le koko fún iṣẹ́.
১৭তেওঁ নিজৰ শক্তিৰে পোচাক পৰিধান কৰে, আৰু নিজৰ বাহু বলৱান কৰে।
18 Ó rí i pé òwò òun pé fìtílà rẹ̀ kì í sì í kú ní òru.
১৮তেওঁৰ বাবে লাভ জনক, তেওঁ তেনে বিষয় চিন্তা কৰে, আৰু গোটেই ৰাতি তেওঁৰ চাকি নুনুমায়।
19 Ní ọwọ́ rẹ̀, ó di kẹ̀kẹ́ òwú mú ó sì na ọwọ́ rẹ̀ di ìrànwú mú.
১৯তেওঁ টাকুৰি ঘুৰাবলৈ নিজৰ হাত মেলে, আৰু তেওঁ সূতা ঘূৰাই হাত দাঙি ৰাখে।
20 O la ọwọ́ rẹ̀ sí àwọn tálákà ó sì na ọwọ́ rẹ̀ sí àwọn aláìní.
২০তেওঁ দৰিদ্ৰ লোকলৈ নিজৰ হাত মুকলি কৰে, অভাবি লোকলৈ তেওঁ নিজৰ হাত মেলে।
21 Nígbà tí òjò-dídì rọ̀, kò bẹ̀rù nítorí ìdílé rẹ̀ nítorí gbogbo wọn ni ó wọ aṣọ tí ó nípọn.
২১তেওঁ নিজৰ ঘৰৰ লোকৰ বাবে হিম পৰালৈ ভয় নকৰে; তেওঁৰ ঘৰৰ সকলো লোকে ৰঙা বৰণীয়া কাপোৰ পিন্ধে।
22 Ó ṣe aṣọ títẹ́ fún ibùsùn rẹ̀; ẹ̀wù dáradára àti elése àlùkò ni aṣọ rẹ̀.
২২তেওঁ নিজৰ বিছনাৰ বাবে বিছনা চাদৰ প্রস্তুত কৰে; তেওঁ মিহি শণ সুতাৰ বেঙুনীয়া ৰঙৰ পোচাক পিন্ধে।
23 A bọ̀wọ̀ fún ọkọ rẹ̀ ní ẹnu ibodè ìlú níbi tí ó ń jókòó láàrín àwọn àgbàgbà ìlú.
২৩যেতিয়া তেওঁ দেশত বৃদ্ধসকলৰ লগত বহে, তেতিয়া তেওঁৰ স্বামী সকলোৰে পৰিচিত হয়;
24 Ó ń ṣe àwọn aṣọ dáradára ó sì ń tà wọ́n ó sì ń kó ọjà fún àwọn oníṣòwò.
২৪তেওঁ শণ সুতাৰ বস্ত্ৰ প্ৰস্তুত কৰে, আৰু বিক্রী কৰে, আৰু তেওঁ ব্যৱসায়ী সকলক পাগুৰিৰ কাপোৰ যোগান ধৰে।
25 Agbára àti ọlá ni ó wò ọ́ láṣọ ó le fi ọjọ́ iwájú rẹ́rìn-ín.
২৫তেওঁ বল আৰু সন্মানেৰে পোচাক পিন্ধে; তেওঁ আহিব লগা দিনৰ বাবে নিশ্চিন্ত হৈ হাঁহে।
26 A sọ̀rọ̀ pẹ̀lú ọgbọ́n ìkọ́ni òtítọ́ sì ń bẹ létè e rẹ̀
২৬তেওঁ প্ৰজ্ঞাৰ কথা ক’বলৈ নিজৰ মুখ মেলে; আৰু তেওঁৰ জিভাত দয়াৰ শিক্ষা থাকে।
27 Ó ń bojútó gbogbo ètò ilé rẹ̀ kì í sì í jẹ oúnjẹ ìmẹ́lẹ́.
২৭তেওঁ নিজৰ ঘৰৰ লোকসকলৰ চালচলনলৈ দৃষ্টি ৰাখে, আৰু তেওঁ এলেহুৱাৰ আহাৰ নাখায়।
28 Àwọn ọmọ rẹ̀ dìde wọ́n sì pè é ní alábùkún ọkọ rẹ̀ pẹ̀lú ń gbóríyìn fún un.
২৮তেওঁৰ সন্তান সকলে সাৰ পায়, আৰু যি বস্তুৱে সিহঁতক সুখী কৰিব পাৰে, তেনে তেওঁ সিহঁতক দিয়ে। তেওঁৰ স্বামীয়ে তেওঁক প্ৰশংসা কৰি কয়,
29 “Ọ̀pọ̀lọpọ̀ obìnrin ní ń ṣe nǹkan ọlọ́lá ṣùgbọ́n ìwọ ju gbogbo wọn lọ.”
২৯“অনেক জীয়েকে ভাল কাৰ্য কৰে, কিন্তু তুমি তেওঁলোক সকলোকে অতিক্রম কৰিলা।”
30 Ojú dáradára a máa tan ni, ẹwà sì jẹ́ asán nítorí obìnrin tí ó bẹ̀rù Olúwa yẹ kí ó gba oríyìn.
৩০সৌন্দৰ্য বিভ্রান্তিকৰ, লাৱণ্য মূল্যহীন, কিন্তু যিহোৱালৈ ভয় ৰখা মহিলা প্ৰশংসনীয়।
31 Sì fún un ní èrè tí ó tọ́ sí i kí o sì jẹ́ kí iṣẹ́ rẹ̀ fún un ní ìyìn ní ẹnu ibodè ìlú.
৩১তেওঁৰ হাতৰ শ্রম অনুসাৰে তেওঁক ফল দিয়া, আৰু দুৱাৰত তেওঁৰ কামবোৰক প্রশংসা কৰা।