< Proverbs 24 >
1 Má ṣe ṣe ìlara àwọn ènìyàn búburú má ṣe jẹ́ kí àwùjọ wọn wù ọ́;
১দুষ্ট লোকক ঈৰ্ষা নকৰিবা, নাইবা তেওঁলোকৰ লগত থাকিবলৈ ইচ্ছা নকৰিবা;
2 nítorí ọkàn wọn ń gbèrò ohun búburú, ètè wọn sì ń sọ̀rọ̀ nípa dídá rúgúdù sílẹ̀.
২কাৰণ তেওঁলোকৰ হৃদয়ে অত্যাচাৰৰ চক্রান্ত কৰে, আৰু তেওঁলোকৰ ওঁঠে সমস্যাৰ কথা কয়।
3 Nípa ọgbọ́n ni ilé di kíkọ́ nípa òye sì ni ó ti fìdímúlẹ̀;
৩প্ৰজ্ঞাৰ দ্বাৰাই ঘৰ নিৰ্মাণ হয়, আৰু বিবেচনাৰ দ্বাৰাই ঘৰ সংস্থাপন হয়।
4 nípa ìmọ̀ ni àwọn yàrá rẹ̀ kún pẹ̀lú àwọn ohun ọ̀ṣọ́ tí ó lẹ́wà tí ó sì ṣọ̀wọ́n.
৪জ্ঞানৰ দ্বাৰাই কোঁঠালিবোৰ পৰিপূৰ্ণ হয়, লগতে সকলো বহুমুল্য আৰু আনন্দদায়ক বস্তুৰে পৰিপূৰ্ণ হয়।
5 Ọlọ́gbọ́n ènìyàn ní agbára púpọ̀, ènìyàn tí ó ní ìmọ̀ sì ń ní agbára sí i.
৫সাহসী লোক বলৱান হয়, কিন্তু বলৱান লোকতকৈ জ্ঞানী লোক ভাল।
6 Láti jagun, ó nílò ìtọ́sọ́nà: nínú ìṣẹ́gun ni ọ̀pọ̀ onígbìmọ̀.
৬সুপৰামৰ্শৰ দ্বাৰাই তুমি তোমাৰ যুদ্ধ আৰম্ভ কৰিব পাৰা, আৰু বহুতো উপদেষ্টাৰ সৈতে জয় লাভ হয়।
7 Ọgbọ́n ga ju fún aṣiwèrè àti gbọ̀ngàn ìlú níbi ibodè kò ní ohun tí yóò wí.
৭অজ্ঞানী লোকৰ বাবে প্ৰজ্ঞা অতি উচ্চ বিষয়; আৰু দুৱাৰত তেওঁ কথা কয়।
8 Ẹni tí ń pète ibi ni a ó mọ̀ bí ènìyàn ibi.
৮তাত আমাৰ এজন দুষ্ট কাৰ্য কল্পনা কৰা লোক আছে, লোকসকলে তেওঁক পৰিকল্পনাৰ পৰিচালক বুলি কয়।
9 Ète òmùgọ̀ ènìyàn jẹ́ ẹ̀ṣẹ̀, àwọn ènìyàn sì kórìíra ẹlẹ́gàn.
৯জ্ঞানহীন আঁচনি পাপ, আৰু নিন্দক লোকক মানুহে ঘৃণা কৰে।
10 Bí ìwọ bá dákú lásìkò ìdààmú báwo ni agbára rẹ ha ti kéré tó!
১০সমস্যাৰ দিনত যদি তোমাৰ ভীৰুতা দেখুওৱা, তেনেহ’লে তুমি নিশকতীয়া।
11 Gba àwọn tí a ń wọ́ lọ sí ibi ikú là; fa àwọn tó ń ta gbọ̀nọ́ngbọ̀nọ́n lọ sí ibi ìparun padà.
১১মৃত্যুলৈ লৈ যোৱা লোকসকলক ৰক্ষা কৰা, আৰু বধ কৰিবলৈ নিওতে যিসকল হতভম্ব হয় তেওঁলোকক তুমি যদি পাৰা ঘূৰাই আনা।
12 Bí ìwọ bá wí pé, “Ṣùgbọ́n a kò mọ nǹkan kan nípa èyí,” ǹjẹ́ ẹni tí ń díwọ̀n ọkàn kò kíyèsi i? Ǹjẹ́ ẹni tí ń ṣọ́ ẹ̀mí rẹ kò mọ̀ ọ́n? Ǹjẹ́ kò ní san án fún ẹnìkọ̀ọ̀kan gẹ́gẹ́ bí ohun tí ó ti ṣe?
১২তুমি যদি কোৱা, “আমি এই বিষয়ে একো নাজানো।” তুমি কি কৈছা? সেই বিষয়ে যি জনাই হৃদয় পৰীক্ষা কৰে, তেওঁ জানো নুবুজে? আৰু যিজনাই তোমাৰ জীৱন ৰক্ষা কৰে, তেওঁ জানো এই বিষয়ে নাজানে? ঈশ্বৰে মানুহক কৰ্ম অনুসাৰে জানো ফল নিদিয়ে?
13 Jẹ oyin, ìwọ ọmọ mi, nítorí tí ó dára, oyin láti inú afárá oyin dùn lẹ́nu.
১৩হে মোৰ পুত্র, মৌ খোৱা, কাৰণ ই ভাল, আৰু মৌচাকৰ পৰা নিগৰি অহা মৌ তোমাৰ জিভাৰ বাবে সুস্বাদু।
14 Mọ̀ pẹ̀lú pé ọgbọ́n pẹ̀lú dùn fún ọkàn rẹ bí ìwọ bá rí i ìrètí ọjọ́ iwájú wà fún ọ ìrètí rẹ kì yóò sì já ṣófo.
১৪তেনেকৈ প্ৰজ্ঞা তোমাৰ আত্মাৰ বাবে তুমি যদি তাক বিচাৰি পোৱা, তেনেহ’লে তাত তোমাৰ ভবিষ্যত আছে, আৰু তোমাৰ আশা খণ্ডন কৰা নহব।
15 Má ṣe ba ní ibùba bí ènìyàn búburú láti gba ibùjókòó olódodo, má ṣe fi ibi ìsinmi rẹ̀ ṣe ìjẹ;
১৫ন্যায় কাৰ্য কৰাসকলৰ ঘৰ যিজনে আক্রমণ কৰে, তেনে দুষ্ট মানুহৰ দৰে তুমি মিছা কথা নকবা, তেওঁলোকৰ ঘৰ ধ্বংস নকৰিবা।
16 nítorí bí olódodo ènìyàn bá tilẹ̀ ṣubú ní ìgbà méje, yóò tún padà dìde sá á ni, ṣùgbọ́n ìdààmú yóò fa ènìyàn búburú lulẹ̀.
১৬কাৰণ যিসকলে ন্যায় কাৰ্য কৰে, তেওঁলোক সাতবাৰ পৰিলেও, তেওঁ পুনৰ উঠিব। কিন্তু দুষ্ট লোক দুৰ্যোগত পৰি বিনষ্ট হয়।
17 Má ṣe yọ̀ nígbà tí ọ̀tá rẹ bá ṣubú; nígbà tí ó bá kọsẹ̀, má ṣe jẹ́ kí ọkàn rẹ kí ó yọ̀.
১৭যেতিয়া তোমাৰ শত্ৰুৰ পতন হয়, তেতিয়া আনন্দ নকৰিবা, আৰু যেতিয়া তেওঁ উজুতি খায়, তেতিয়া তোমাৰ মনক উল্লাসিত হ’বলৈ নিদিবা।
18 Àìṣe bẹ́ẹ̀ Olúwa yóò rí i yóò sì bínú yóò sì yí ìbínú rẹ̀ padà kúrò lọ́dọ̀ rẹ̀.
১৮কিয়নো যিহোৱাই চাব আৰু অগ্রাহ্য কৰিব, আৰু তেওঁৰ পৰা তেওঁৰ ক্ৰোধ দূৰ কৰিব।
19 Má ṣe fòyà nítorí àwọn ènìyàn ibi tàbí jowú àwọn ènìyàn búburú,
১৯কুকৰ্ম কৰা সকলৰ বাবে উদ্বিগ্ন নহবা, আৰু দুষ্ট লোকক ঈৰ্ষা নকৰিবা,
20 nítorí ẹni ibi kò ní ìrètí ọjọ́ iwájú a ó sì pa fìtílà àwọn ènìyàn búburú kú.
২০কাৰণ দুষ্ট লোকৰ কোনো ভবিষ্যত নাই, আৰু দুষ্ট লোকৰ প্ৰদীপ নুমাই যাব।
21 Bẹ̀rù Olúwa àti ọba, ọmọ mi, má sì ṣe darapọ̀ pẹ̀lú àwọn olórí kunkun.
২১হে মোৰ পুত্র, যিহোৱালৈ ভয় কৰা, আৰু ৰজাক ভয় কৰা। তেওঁলোকৰ বিৰুদ্ধে বিদ্রোহ কৰা সকলৰ সৈতে সহযোগ নকৰিবা।
22 Nítorí àwọn méjèèjì yóò rán ìparun òjijì sórí wọn, ta ni ó sì mọ irú ìyọnu tí wọ́n lè mú wá?
২২কাৰণ হঠাতে তেওঁলোকলৈ বিপৰ্যয় আহিব, তেওঁলোক দুয়োৰে পৰা বিনাশ কিমান পৰিমানে হ’ব কোনে জানে?
23 Àwọn wọ̀nyí pẹ̀lú tún jẹ́ ọ̀rọ̀ ọlọ́gbọ́n: láti ṣe ojúsàájú níbi ìdájọ́ kò dára rárá.
২৩এই সকলো জ্ঞানী লোকৰ বচন। বিচাৰত পক্ষপাত কৰা উচিত নহয়।
24 Ẹnikẹ́ni tí ó wí fún ẹlẹ́bi pé, “Ìwọ lo jàre,” àwọn ènìyàn yóò ṣẹ́ èpè fún un àwọn orílẹ̀-èdè yóò sì kọ̀ ọ́.
২৪যি জনে দোষীজনক কয়, “তুমি নিৰ্দোষী হোৱা,” তেওঁক মানুহে শাও দিব, আৰু দেশবাসীয়ে ঘিণ কৰিব।
25 Ṣùgbọ́n yóò dára fún àwọn tí ń dá ẹlẹ́bi lẹ́bi, ọ̀pọ̀ ìbùkún yóò sì wá sórí wọn.
২৫কিন্তু যিসকলে দুষ্টলোকক নিন্দা কৰে, তেওঁলোক আনন্দিত হ’ব, আৰু তেওঁলোকলৈ ওপৰত উত্তম আশীৰ্ব্বাদ আহে।
26 Ìdáhùn òtítọ́ dàbí ìfẹnukoni ní ẹnu.
২৬যিজনে সত্যতাত উত্তৰ দিয়ে, তেওঁ ওঁঠক চুমা খায়।
27 Parí gbogbo iṣẹ́ ajé rẹ sì rí i pé oko rẹ ti ṣe dáradára; lẹ́yìn náà kọ́ ilé rẹ.
২৭তোমাৰ বাহিৰৰ কাম প্রস্তুত কৰা, আৰু নিজৰ বাবে মুকলি ঠাইত সকলো বস্তু যুগুত কৰা, আৰু তাৰ পাছতহে তোমাৰ গৃহ নিৰ্মাণ কৰা।
28 Má ṣe rojọ́ èké mọ́ aládùúgbò rẹ láìnídìí, tàbí kí o fi ètè rẹ tannijẹ.
২৮কাৰণ নোহোৱাকৈ তোমাৰ চুবুৰীয়াৰ অহিতে সাক্ষী নহবা; আৰু তোমাৰ মুখেৰে প্ৰতাৰণা নকৰিবা।
29 Má ṣe wí pé, “Èmi yóò ṣe é fún un gẹ́gẹ́ bí ó ti ṣe fún mi; Èmi yóò san ohun tí ó ṣe fún mi padà fún un.”
২৯এইদৰে নকবা, “তেওঁ মোলৈ যিদৰে কৰিলে, মইয়ো তালৈ সেইদৰেই কৰিম; তেওঁ যি কৰিলে তাৰ প্রতিফল মই তেওঁক দিম।”
30 Mo kọjá níbi oko ọ̀lẹ, mo kọjá níbi ọgbà àjàrà aláìgbọ́n ènìyàn;
৩০মই এলেহুৱা মানুহৰ পথাৰৰ মাজেৰে গৈছিলোঁ, জ্ঞানশূন্য মানুহৰ দ্ৰাক্ষাবাৰীৰ ওচৰেদি গৈছিলোঁ।
31 ẹ̀gún ti hù ní ibi gbogbo, koríko ti gba gbogbo oko náà.
৩১চাৰিওফালে কাঁইটীয়া বন গজিছিল, গোটেই পথাৰ কাঁইটে ঢাকি ধৰিছিল, আৰু সীমাত থকা শিলৰ বেৰা ভাঙি গৈছিল।
32 Mo fi ọkàn mi sí nǹkan tí mo kíyèsi mo sì kẹ́kọ̀ọ́ lára ohun tí mo rí;
৩২তাৰ পাছত মই চাই বিবেচনা কৰিলোঁ; আৰু চালোঁ আৰু শিক্ষা পালোঁ।
33 oorun díẹ̀, òògbé díẹ̀, ìkáwọ́gbera díẹ̀ láti sinmi,
৩৩“অলপ টোপনি, আৰু অলপ টোপনি, জীৰণি লবলৈ হাত সাৱটি থাকিলে,
34 òsì yóò sì dé bá ọ bí adigunjalè àti àìní bí olè.
৩৪দৰিদ্ৰতা ডকাইতৰ দৰে তোমালৈ আহিব, আৰু তোমাৰ প্রয়োজনীয়তা সুসজ্জিত যুদ্ধাৰুৰ দৰে আহিব।