< Proverbs 22 >
1 Yíyan orúkọ rere sàn ju púpọ̀ ọrọ̀ lọ, àti ojúrere dára ju fàdákà àti wúrà lọ.
১প্ৰচুৰ ধনতকৈয়ো সুনাম মনোনীত কৰা, সোণ আৰু ৰূপতকৈ অনুগ্ৰহ উত্তম।
2 Ọlọ́rọ̀ àti tálákà péjọpọ̀: Olúwa ni ẹlẹ́dàá gbogbo wọn.
২ধনী আৰু দৰিদ্ৰ লোক উভয়ৰে মাজত কোনো পাৰ্থক্য নাই, তেওঁলোকৰ সকলোৰে সৃষ্টিকৰ্ত্তা যিহোৱা হয়।
3 Ọlọ́gbọ́n ènìyàn ti rí ibi tẹ́lẹ̀, ó ṣé ara rẹ̀ mọ́: ṣùgbọ́n àwọn òpè tẹ̀síwájú, a sì jẹ wọ́n ní yà.
৩দূৰদৰ্শী লোকে বিপদ দেখা পায়, আৰু নিজকে লুকুৱাই ৰাখে; কিন্তু অশিক্ষিত লোক আগুৱাই যায়, আৰু তেওঁলোকে ইয়াৰ বাবে কষ্ট পায়।
4 Èrè ìrẹ̀lẹ̀ àti ìbẹ̀rù Olúwa ni ọrọ̀ ọlá, àti ìyè.
৪যিহোৱালৈ ৰখা ভয় নম্ৰতা, সম্পত্তি, আৰু জীৱনলৈ সন্মান আনে।
5 Ègún àti ìdẹ̀kùn ń bẹ ní ọ̀nà aláyídáyidà: ẹni tí ó bá pa ọkàn rẹ̀ mọ́ yóò jìnnà sí wọn.
৫কুটিল লোকৰ পথত কাঁইট আৰু প্রৱঞ্চনাৰ ফান্দ থাকে; যিজনে নিজৰ আত্মা ৰক্ষা কৰে, তেওঁ সেইবোৰৰ পৰা দূৰত থাকে।
6 Tọ́ ọmọdé ní ọ̀nà tí yóò tọ̀: nígbà tí ó bá dàgbà, kì yóò kúrò nínú rẹ̀.
৬সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া, তাতে তেওঁ প্রাপ্ত বয়স্ক হ’লেও তেওঁ তাৰ পৰা ঘূৰি নাহিব।
7 Ọlọ́rọ̀ ṣe olórí olùpọ́njú, ajigbèsè sì ṣe ìránṣẹ́ fún ẹni tí a jẹ ní gbèsè.
৭ধনী লোকে দৰিদ্ৰ লোকৰ ওপৰত শাসন কৰে, আৰু যিজনে ধাৰ লয়, তেওঁ ধাৰ দিয়া জনৰ দাস হয়।
8 Ẹni tí ó bá fúnrúgbìn ẹ̀ṣẹ̀, yóò ká asán: ọ̀pá ìbínú rẹ̀ yóò kùnà.
৮যি জনে দুষ্টতাৰ গুটি সিচেঁ, তেওঁ সমস্যাৰ শস্য দাব; আৰু তেওঁৰ ক্ৰোধৰ লাঠি ব্যৱহাৰ কৰা নহ’ব।
9 Ẹni tí ó ní ojú àánú ni a ó bùkún fún; nítorí tí ó fi nínú oúnjẹ rẹ̀ fún olùpọ́njú.
৯উদাৰ দৃষ্টিৰ লোক আশীৰ্ব্বাদপ্রাপ্ত হ’ব, কাৰণ তেওঁ দৰিদ্ৰৰ সৈতে নিজৰ আহাৰ ভাগ কৰে।
10 Lé ẹlẹ́gàn sí ìta, ìjà yóò sì jáde; nítòótọ́ ìjà àti ẹ̀gàn yóò dẹ́kun.
১০নিন্দকক উলিয়াই পঠোৱা, তেতিয়া তাত আৰু বিবাদ নহ’ব, এনে কি বিৰোধ আৰু অপমানো নহ’ব।
11 Ẹni tí ó fẹ́ ìwà funfun ti àyà, tí ó sì ń sọ̀rọ̀ iyì jáde, ọba yóò ṣe ọ̀rẹ́ rẹ̀.
১১যিজনে শুদ্ধ হৃদয় ভাল পায়, আৰু যাৰ কথা অমায়িক, তেওঁৰ বন্ধুৰ বাবে তেওঁৰ এজন ৰজা হ’ব।
12 Ojú Olúwa pa ìmọ̀ mọ́, ó sì yí ọ̀rọ̀ olùrékọjá pò.
১২যিহোৱাৰ চকুৱে জ্ঞানৰ ওপৰত দৃষ্টি ৰাখে; কিন্তু তেওঁ বিশ্বাসঘাতকৰ কথা উৎখাত কৰে।
13 Ọ̀lẹ wí pé, “Kìnnìún ń bẹ lóde! Yóò pa mí ní ìgboro!”
১৩এলেহুৱাই কয়, “বাটত এটা সিংহ আছে! মুকলি ঠাইত মোক বধ কৰিব।”
14 Ẹnu àwọn àjèjì obìnrin, ihò jíjìn ni; ẹni tí a ń bínú sí láti ọ̀dọ̀ Olúwa wá ni yóò ṣubú sínú rẹ̀.
১৪ব্যভিচাৰিণীৰ মুখ দ’ গাতৰ দৰে; যি কোনোৱে সেই গাতত পৰিব তেওঁৰ বিৰুদ্ধে যিহোৱাৰ ক্রোধ প্রজ্বলিত হ’ব।
15 Àyà ọmọdé ni ìwà wèrè dì sí; ṣùgbọ́n pàṣán ìtọ́ni ni yóò lé e jìnnà kúrò lọ́dọ̀ rẹ̀.
১৫সন্তানৰ হৃদয়ত মুৰ্খতা আৱদ্ধ হৈ থাকে; কিন্তু চেকনীৰ অনুশাসনে তাক তাৰ পৰা দূৰ কৰে।
16 Ẹni tó ń ni tálákà lára láti ní ọrọ̀, tí ó sì ń ta ọlọ́rọ̀ lọ́rẹ, yóò di aláìní bí ó ti wù kó rí. Gbọ́ ọ̀rọ̀ ọlọ́gbọ́n ènìyàn.
১৬নিজৰ ধন বৃদ্ধি কৰিবলৈ দৰিদ্ৰ লোকক উপদ্ৰৱ কৰা জন, বা ধনী লোকক দান দিয়া জন, দৰিদ্ৰ হ’ব।
17 Dẹtí rẹ sílẹ̀, kí o gbọ́ ọ̀rọ̀ àwọn ọlọ́gbọ́n, kí o sì fi àyà rẹ sí ẹ̀kọ́ mi.
১৭জ্ঞানী লোকৰ কথা শুনা; আৰু মনোযোগ দিয়া; আৰু মোৰ জ্ঞানৰ কথাত তোমাৰ হৃদয় মনোনিবেশ কৰা।
18 Nítorí ohun dídùn ni bí ìwọ bá pa wọ́n mọ́ ní inú rẹ; nígbà tí a sì pèsè wọn tán ní ètè rẹ.
১৮কাৰণ তুমি যদি সেইবোৰক তোমাৰ অন্তৰত ৰাখা, আৰু যদি সেই সকলোবোৰ তোমাৰ ওঁঠত থাকে, তেনেহ’লে সেয়ে তোমাৰ বাবে সুখজনক হ’ব।
19 Kí ìgbẹ́kẹ̀lé rẹ lè wà ní ti Olúwa, èmi fihàn ọ́ lónìí, àní fún ọ.
১৯সেয়ে তোমাৰ বিশ্বাস যাতে যিহোৱাত হ’ব পাৰে, মই আজি সেইবোৰ তোমাক শিকালোঁ, এনে কি কেৱল তোমাকেই এই সকলো শিকালোঁ।
20 Èmi kò ha ti kọ̀wé ohun dáradára sí ọ ní ti ìmọ̀ràn àti ní ti ẹ̀kọ́,
২০পৰামৰ্শ আৰু জ্ঞানৰ বিষয়ে মই তোমাৰ বাবে ত্রিশটা নীতিবচন লিখা নাই নে?
21 kí ó lè mú ọ mọ ìdájú ọ̀rọ̀ òtítọ́; kí ìwọ le máa fi ìdáhùn òtítọ́ fún àwọn tí ó rán ọ?
২১তোমাক বিশ্বাসযোগ্য বাক্যৰ সত্যতাক শিকালোঁ, যাতে তোমাক পঠোৱা সকলক তুমি বিশ্বাসযোগ্য উত্তৰ দিব পাৰা।
22 Má ṣe ja tálákà ní olè, nítorí tí ó jẹ́ tálákà: bẹ́ẹ̀ ni kí o má sì ṣe ni olùpọ́njú lára ní ibodè,
২২দৰিদ্ৰ লোকৰ বস্তু কাঢ়ি নলবা, কিয়নো তেওঁ দৰিদ্র; বা দুৱাৰত থকা অভাবি লোকক দমন নকৰিবা।
23 nítorí Olúwa yóò gbèjà wọn, yóò sì gba ọkàn àwọn tí ń gba tiwọn náà.
২৩কিয়নো যিহোৱাই তেওঁলোকৰ অভিযোগৰ প্ৰতিবাদ কৰিব, আৰু যি সকলে তেওঁলোকৰ বস্তু কাঢ়ি লয়, তেওঁ তেওঁলোকৰ জীৱন কাঢ়ি ল’ব।
24 Má ṣe bá oníbìínú ènìyàn ṣe ọ̀rẹ́; má sì ṣe bá ọkùnrin onínú-fùfù rìn.
২৪যিজনে ক্রোধেৰে শাসন কৰে, তেওঁৰ সৈতে বন্ধুত্ব নকৰিবা, আৰু ক্ৰোধী লোকৰ সৈতে তুমি যোৱা উচিত নহয়;
25 Kí ìwọ má ba à kọ́ ìwà rẹ̀, ìwọ a sì gba ìkẹ́kùn fún ara rẹ.
২৫নহ’লে তুমি তেওঁৰ আচৰণ শিকিবা, আৰু তুমি নিজকে নিজে ফান্দত পেলাবা।
26 Má ṣe wà nínú àwọn tí ń ṣe ìgbọ̀nwọ́, tàbí nínú àwọn tí ó dúró fún gbèsè.
২৬ধনৰ বিষয়ে প্ৰতিজ্ঞা কৰা জনৰ দৰে নহবা, আৰু তুমি অন্য লোকৰ ধাৰৰ বাবে জামিনদাৰ হোৱা উচিত নহয়।
27 Bí ìwọ kò bá ní nǹkan tí ìwọ ó fi san, nítorí kín ni yóò ṣe gba ẹni rẹ kúrò lábẹ́ rẹ?
২৭যদি ধাৰ শুজিবলৈ তোমাৰ উপায় নাথাকে, তেনেহ’লে তোমাৰ শোৱাপাটি তোমাৰ পৰা তেওঁ লৈ যোৱাত কিহে বাধা দিব পাৰিব?
28 Má ṣe yẹ ààlà ilẹ̀ ìgbàanì, tí àwọn baba rẹ ti pa.
২৮তোমাৰ পিতৃয়ে স্থাপন কৰা, পূৰ্বৰ সীমাৰ শিল নুগুচাবা।
29 Ìwọ ha rí ènìyàn tí ó ń fi àìṣe ìmẹ́lẹ́ ṣe iṣẹ́ rẹ̀? Òun yóò dúró níwájú àwọn ọba; òun kì yóò dúró níwájú àwọn ènìyàn lásán.
২৯নিজৰ কামত নিপুন থকা লোকক তুমি দেখিছা নে? তেওঁ ৰজাৰ আগত থিয় হ’ব, তেওঁ সৰ্ব্বসাধাৰণ লোকৰ আগত থিয় নহ’ব।