< Proverbs 21 >
1 Ọkàn ọba ń bẹ lọ́wọ́ Olúwa; a máa darí rẹ̀ lọ ibi tí ó fẹ́ bí ipa omi.
১ৰজাৰ হৃদয় যিহোৱাৰ হাতৰ পৰা বৈ থকা পানীৰ দৰে; তেওঁ এই পানী যি দিশলৈ ইচ্ছা কৰে, সেই দিশলৈ বোৱায়।
2 Gbogbo ọ̀nà ènìyàn dàbí i pé ó dára lójú rẹ̀, ṣùgbọ́n, Olúwa ló ń díwọ̀n ọkàn.
২সকলো মানুহৰ পথ তেওঁৰ নিজৰ দৃষ্টিত ন্যায়; কিন্তু যিহোৱাই হৃদয় জোখে।
3 Ṣíṣe ohun tí ó dára tí ó sì tọ̀nà ó ṣe ìtẹ́wọ́gbà sí Olúwa ju ẹbọ lọ.
৩যি সত্য আৰু ন্যায়, এনে কাৰ্য কৰা; বলিদানতকৈ এই কার্য সমূহ যিহোৱাৰ গ্রহণীয়।
4 Ojú tí ó gbéga àti ọkàn ìgbéraga, ìmọ́lẹ̀ àwọn ènìyàn búburú, ẹ̀ṣẹ̀ ni!
৪অহংকাৰী দৃষ্টি আৰু দাম্ভিক হৃদয়; দুষ্ট লোকৰ প্রদীপ পাপেৰে পৰিপূৰ্ণ।
5 Ètè àwọn olóye jásí èrè bí ìkánjú ṣe máa ń fa òsì kíákíá.
৫পৰিশ্ৰমী লোকৰ কল্পনাই কেৱল উন্নতিলৈ লৈ যায়; কিন্তু যি সকলে খৰকৈ কাৰ্য কৰে, তেওঁলোকলৈ কেৱল দৰিদ্ৰতা আহে।
6 Ìṣúra tí a kójọ nípasẹ̀ ahọ́n tí ń parọ́ jẹ́ ìrì lásán àti ìkẹ́kùn ikú.
৬মিছলীয়া জিভাৰ দ্বাৰাই অৰ্জন কৰা ধন-সম্পত্তি অস্থায়ী ভাপ, সেইবোৰ মৃত্যু বিচাৰে,
7 Ìwà ipá àwọn ènìyàn búburú yóò wọ́ wọn lọ, nítorí wọ́n kọ̀ láti ṣe ohun tí ó tọ́.
৭দুষ্ট লোকৰ অত্যাচাৰে তেওঁলোকক দূৰ কৰিব; কাৰণ তেওঁলোকে ন্যায় পথত চলিবলৈ অসন্মত হয়।
8 Ọ̀nà ẹlẹ́ṣẹ̀ kún fún ìwà ẹ̀ṣẹ̀ ṣùgbọ́n iṣẹ́ onínú funfun jẹ́ títọ́.
৮অপৰাধীৰ পথ কুটিল হয়, কিন্তু যি জন শুদ্ধ, তেওঁ সৎ কাৰ্য কৰে।
9 Ó sàn láti máa gbé ní kọ̀rọ̀ orí òrùlé ju láti ṣe àjọpín ilé pẹ̀lú aya oníjà.
৯দন্দুৰী স্বভাৱৰ ভাৰ্যাৰ সৈতে ঘৰত বাস কৰাতকৈ, ঘৰৰ চালৰ এচুকত বাস কৰাই ভাল।
10 Ènìyàn búburú ń fẹ́ ibi aládùúgbò rẹ̀ kì í rí àánú kankan gbà lọ́dọ̀ rẹ̀.
১০দুষ্ট লোকৰ আত্মাই পাপ আকাংক্ষা কৰে, আৰু তেওঁৰ পৰা তেওঁৰ চুবুৰীয়া কৃপা দৃষ্টি নাপায়।
11 Nígbà tí a bá ń fìyà jẹ ẹlẹ́gàn, òpè a máa kọ́gbọ́n, nígbà tí a bá sì kọ́ ọlọ́gbọ́n yóò ní ìmọ̀.
১১যেতিয়া নিন্দক লোকে দণ্ড পায়, তেতিয়া অশিক্ষিত লোক জ্ঞানী হয়, আৰু যেতিয়া জ্ঞানী লোকে নিৰ্দেশ পায়, তেতিয়া তেওঁৰ জ্ঞান বৃদ্ধি হয়।
12 Olódodo ṣàkíyèsí ilé ènìyàn búburú ó sì mú ènìyàn búburú wá sí ìparun.
১২যি জনে সৎ কাৰ্য কৰে, তেওঁ দুষ্ট লোকৰ ঘৰ পৰ্যবেক্ষণ কৰে; তেওঁ দুষ্ট লোকলৈ সৰ্ব্বনাশ কঢ়িয়াই আনে।
13 Ẹnikẹ́ni tí ó bá ti di etí rẹ̀ sí igbe olùpọ́njú, òun tìkára rẹ̀ yóò ké pẹ̀lú; ṣùgbọ́n a kì yóò gbọ́.
১৩যি জনে দৰিদ্ৰ লোকৰ কাতৰোক্তি নুশুনে, সেই জন যেতিয়া কান্দিব, তেতিয়া কোনেও নুশুনিব।
14 Ọ̀rẹ́ ìkọ̀kọ̀, mú ìbínú kúrò: àti owó àbẹ̀tẹ́lẹ̀ láti ibi ìkọ̀kọ̀ wá, dẹ́kun ìbínú líle.
১৪গুপ্ত উপহাৰ ক্রোধ শান্ত কৰে, আৰু গোপন উপহাৰে প্ৰচণ্ড ক্ৰোধৰ পৰা আঁতৰায় ৰাখে।
15 Ayọ̀ ni fún olódodo láti ṣe ìdájọ́: ṣùgbọ́n ìparun ni fún àwọn oníṣẹ́ ẹ̀ṣẹ̀.
১৫যেতিয়া ন্যায় বিচাৰ হয়, তেতিয়া ন্যায় কৰা জনে আনন্দ পায়; কিন্তু কুকৰ্ম কৰা জনলৈ সৰ্ব্বনাশ কঢ়িয়াই আনে।
16 Ẹni tí ó bá yà kúrò ní ọ̀nà òye, yóò máa gbé inú ìjọ àwọn òkú.
১৬যি জনে বিবেচনা শক্তিৰ পথৰ পৰা ভ্ৰমি ফুৰে, সেই জনে মৃত সকলৰ সমাজত জিৰণী ল’ব।
17 Ẹni tí ó bá fẹ́ afẹ́, yóò di tálákà: ẹni tí ó fẹ́ ọtí wáìnì pẹ̀lú òróró kò le lọ́rọ̀.
১৭যি মানুহে ৰং-ধেমালি কৰি ভাল পায়, তেওঁ দৰিদ্ৰ হ’ব; আৰু যি জনে দ্ৰাক্ষাৰস আৰু তেল ভাল পায় তেওঁ ধনৱান নহ’ব।
18 Ènìyàn búburú ni yóò ṣe owó ìràpadà fún olódodo, àti olùrékọjá fún ẹni dídúró ṣinṣin.
১৮সৎ কাৰ্য কৰা লোকৰ বাবে দুষ্টলোকে প্রায়শ্চিত পায়; আৰু ন্যায়পৰায়ণ লোকৰ বাবে বিশ্বাসঘাতকৰ প্রায়শ্চিত হয়।
19 Ó sàn láti jókòó ní aginjù ju pẹ̀lú oníjà obìnrin àti òṣónú lọ.
১৯দ্বন্দুৰী আৰু সকলো সময়তে অভিযোগ কৰি থকা মহিলাৰ সৈতে বাস কৰাতকৈ, মৰুভূমিত বাস কৰাই ভাল।
20 Ìṣúra iyebíye àti òróró wà ní ibùgbé ọlọ́gbọ́n; ṣùgbọ́n òmùgọ̀ ènìyàn n bà á jẹ́.
২০জ্ঞানী লোকৰ ঘৰত বহুমূল্য বস্তু আৰু তেল থাকে; কিন্তু অজ্ঞানী লোকে সেইবোৰ অপব্যৱহাৰ কৰে।
21 Ẹni tí ó bá tẹ̀lé òdodo àti àánú yóò rí ìyè, òdodo, àti ọlá.
২১যি জনে সৎ কাৰ্য কৰে আৰু দয়ালু হয়, তেওঁ জীৱন পায়, উচিত সিদ্ধান্ত লয়, আৰু সন্মান লাভ কৰে।
22 Ọlọ́gbọ́n gòkè odi ìlú àwọn alágbára, ó sì bi ibi gíga agbára ìgbẹ́kẹ̀lé wọn ṣubú.
২২জ্ঞানী লোকে বীৰসকলৰ নগৰৰ বিৰুদ্ধে উঠি যায়, আৰু সুৰক্ষা দিয়া দুৰ্গ তেওঁ ধ্বংস কৰে।
23 Ẹnikẹ́ni tí ó bá pa ẹnu àti ahọ́n rẹ̀ mọ́, ó pa ọkàn rẹ̀ mọ́ kúrò nínú ìyọnu.
২৩যি জনে নিজৰ মুখ আৰু জিভা চম্ভালি ৰাখে, তেওঁ সঙ্কটৰ পৰা নিজকে ৰক্ষা কৰে।
24 Agbéraga àti alágídí ènìyàn ń gan orúkọ ara rẹ̀ nítorí ó ń hùwà nínú ìwà ìgbéraga rẹ̀, àti nínú ìbínú púpọ̀púpọ̀.
২৪গৰ্ব্বি আৰু অহংকাৰী লোকক “নিন্দক” বুলি কোৱা হয়; তেওঁ দাম্ভিকতাৰে কাৰ্য কৰে।
25 Ẹlẹ́rìí èké yóò ṣègbé, àwọn tí ó gbọ́ ọ̀rọ̀ rẹ̀ yóò parun láé; nítorí tí ọwọ́ rẹ̀ kọ iṣẹ́ ṣíṣe.
২৫এলেহুৱা লোকৰ অভিলাষে তেওঁক বধ কৰে; কাৰণ তেওঁৰ হাতে কাম কৰিবলৈ অমান্তি হয়।
26 Ó ń fi ìlara ṣe ojúkòkòrò ní gbogbo ọjọ́: ṣùgbọ́n olódodo a máa fi fún ni kì í sì í dáwọ́ dúró.
২৬ওৰে দিনটো তেওঁ অধিকতকৈ অধিক পাবলৈ আকাংক্ষা কৰে; কিন্তু সৎ কাৰ্য কৰা জনে দান দিয়ে, আৰু দান দিয়া বন্ধ নকৰে।
27 Ẹbọ ènìyàn búburú, ìríra ni: mélòó mélòó ni nígbà tí ó mú un wá pẹ̀lú èrò ìwà ibi?
২৭দুষ্ট লোকৰ বলিদান ঘৃণনীয়; তাতে বেয়া মনোভাবেৰে অনাৰ বাবে তাতকৈ কিমান বেছি ঘৃণনীয় হ’ব।
28 Ẹlẹ́rìí èké yóò ṣègbé: ṣùgbọ́n ọ̀rọ̀ ẹni tí ó gbọ́, yóò dúró.
২৮মিছা সাক্ষী দিয়া জন ধ্বংস হ’ব; কিন্তু কথা শুনা জনে, তেওঁ সকলো সময়ৰ বাবে কথা ক’ব।
29 Ènìyàn búburú mú ojú ara rẹ̀ le: ṣùgbọ́n ẹni ìdúró ṣinṣin ni ó ń mú ọ̀nà rẹ̀ tọ́.
২৯দুষ্ট লোকে নিজকে পৰাক্রমী দেখুৱাই; কিন্তু ন্যায়পৰায়ণ লোকে নিজৰ পথ বিবেচনা কৰে।
30 Kò sí ọgbọ́n, kò sí ìmòye, tàbí ìmọ̀ràn tí ó le mókè níwájú Olúwa.
৩০যিহোৱাৰ বিৰুদ্ধে প্রজ্ঞা, বিবেচনা, বা পৰামৰ্শ একোৱেই স্থিৰ হ’ব নোৱাৰে।
31 A ń múra ẹṣin sílẹ̀ de ọjọ́ ogun: ṣùgbọ́n ìṣẹ́gun jẹ́ ti Olúwa.
৩১যুদ্ধৰ দিনৰ বাবে ঘোঁৰাক সু-সজ্জিত কৰা হয়, কিন্তু জয় যিহোৱাৰ কাৰণেহে হয়।