< Proverbs 18 >
1 Ènìyàn tí kò ba ni rẹ́ a máa lépa ìmọ̀ ara rẹ̀; ó kọjú ìjà sí gbogbo ìdájọ́ òdodo.
১যি জনে নিজকে পৃথকে ৰাখে, তেওঁ কেৱল নিজৰ আকাংক্ষা সিদ্ধিৰ চেষ্টা কৰে, আৰু সকলো সুপৰামৰ্শৰ বিৰুদ্ধে যুঁজ কৰে।
2 Aláìgbọ́n kò rí inú dídùn sí òye ṣùgbọ́n ó ní inú dídùn sí sísọ èrò tirẹ̀.
২অজ্ঞানী লোকে বিবেচনাত সন্তোষ নাপায়, কিন্তু কেৱল নিজৰ হৃদয়ত থকা কথা প্ৰকাশ কৰে।
3 Nígbà ti ènìyàn búburú dé ni ẹ̀gàn dé, nígbà ti ẹ̀gàn dé ni ìtìjú dé.
৩যেতিয়া দুষ্ট লোক আহে, তেওঁৰ লগত অপমানো আহে; আৰু অপমানৰ লগত নিন্দাও আহে।
4 Ọ̀rọ̀ ẹnu ènìyàn jẹ́ omi jíjìn, ṣùgbọ́n orísun ọgbọ́n jẹ́ odò tí ń sàn.
৪মানুহৰ মুখৰ কথা গভীৰ জলৰ দৰে; প্রজ্ঞাৰ ভুমুক বৈ থকা জুৰিৰ নিচিনা।
5 Kò dára kí ènìyàn ṣe ojúsàájú fún ènìyàn búburú tàbí kí a fi ìdájọ́ òdodo du aláìṣẹ̀.
৫দুষ্ট লোকলৈ পক্ষপাত হোৱা ভাল নহয়, আৰু ন্যায় কৰা সকলৰ বিচাৰ অগ্রাহ্য কৰা ভাল নহয়।
6 Ètè aláìgbọ́n dá ìjà sílẹ̀ ẹnu rẹ̀ sì ń ṣokùnfà ẹgba.
৬অজ্ঞানী লোকৰ ওঁঠে তেওঁৰ লগত বিবাদ আনে, আৰু তেওঁৰ মুখৰ কথাই তেওঁক মাৰ খোৱাই।
7 Ẹnu aláìgbọ́n ni ó ba tirẹ̀ jẹ́, ètè rẹ̀ sì jẹ́ ìdẹ̀kùn fún ọkàn rẹ̀.
৭অজ্ঞানী লোকৰ মুখে তেওঁৰ ধ্বংস আনে, আৰু তেওঁৰ ওঁঠে তেওঁক ফান্দত পেলাই।
8 Ọ̀rọ̀ olófòófó dàbí oúnjẹ àdídùn; wọ́n a sì wọ ìsàlẹ̀ inú lọ.
৮পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে; সেয়ে শৰীৰৰ ভিতৰৰ অংশলৈকে সোমায় যায়।
9 Ẹni tí kò ṣe déédé nínú iṣẹ́ rẹ̀ arákùnrin ló jẹ́ fún apanirun.
৯আৰু যি জনে নিজৰ কাৰ্যত অৱহেলা কৰে, তেওঁ ধ্বংসকাৰীৰ ভায়েকৰ দৰে।
10 Orúkọ Olúwa, ilé ìṣọ́ agbára ni; olódodo sá wọ inú rẹ̀, ó sì rí ìgbàlà.
১০যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ; সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।
11 Ọ̀rọ̀ olówó ni ìlú olódi wọn; wọ́n rò ó bí i wí pé odi tí kò ṣe é gùn ni.
১১ধনৱানৰ ধন-সম্পত্তিয়েই তেওঁৰ দৃঢ় নগৰ; আৰু তেওঁৰ কল্পনাত সেইবোৰ ওখ দেৱালৰ দৰে।
12 Ṣáájú ìṣubú ọkàn ènìyàn a kọ́kọ́ máa gbéraga, ṣùgbọ́n ìrẹ̀lẹ̀ ni ó máa ń ṣáájú ọlá.
১২পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয়, কিন্তু নম্ৰতা সন্মানৰ আগে আহে।
13 Ẹni tí ó ń fèsì kí ó tó gbọ́, èyí ni ìwà òmùgọ̀ àti ìtìjú rẹ̀.
১৩যি জনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে, সেয়ে তেওঁৰ অজ্ঞানতা আৰু অপমান।
14 Ọkàn ènìyàn a máa gbé e ró nígbà àìsàn, ṣùgbọ́n ta ni ó le forí ti ọkàn tí ó rẹ̀wẹ̀sì.
১৪মানুহৰ আত্মাই অসুস্থতাতো জীয়াই ৰাখিব; কিন্তু ভগ্ন আত্মাক কোনে সহিব পাৰে?
15 Ọkàn olóye ní i gba ìmọ̀; etí ọlọ́gbọ́n ní í ṣe àwárí rẹ̀.
১৫বুধিয়কৰ হৃদয়ে জ্ঞান অৰ্জন কৰে, আৰু জ্ঞানী লোকে শুনাৰ দ্বাৰাই জ্ঞান বিচাৰি পায়।
16 Ẹ̀bùn máa ń ṣí ọ̀nà fún ẹni tí ń fún ni lẹ́bùn a sì mú un wọlé sí ọ̀dọ̀ àwọn olókìkí.
১৬মানুহৰ উপহাৰে হয়তো পথ মুকলি কৰিব পাৰে, আৰু গণ্যমান্য লোকৰ আগলৈ তেওঁক লৈ যায়।
17 Ẹni tí ó kọ́kọ́ rọjọ́ máa ń dàbí i pé ó jàre, títí ẹlòmíràn yóò fi bọ́ síwájú kí ó sì tú àṣírí gbogbo.
১৭যেতিয়ালৈকে বিপক্ষ জন আহি তেওঁক প্রশ্ন নকৰে; তেতিয়ালৈকে গোচৰত প্ৰথমে উপস্থিত হোৱা জন নিৰ্দোষী যেন বোধ হয়;
18 Ìbò dídì máa ń parí ìjà a sì mú kí àwọn alátakò méjì jìnnà sí ara wọn.
১৮চিঠি-খেলে বিবাদ সমাপ্ত কৰে, আৰু পৰাক্রমী বিপক্ষ সকলক পৃথকে ৰাখে।
19 Arákùnrin tí a ṣẹ̀ sí ṣòro yípadà ju ìlú olódi lọ, ìjà wọ sì dàbí ọ̀pá ìdábùú ààfin.
১৯দৃঢ় নগৰ জয় কৰাতকৈ ক্ষুদ্ধ ভায়েকক জয় কৰা টান; আৰু বিবাদ দূৰ্গত লগোৱা মাৰিৰ দৰে।
20 Láti inú èso ẹnu rẹ̀ ikùn ènìyàn a yó; láti inú ìkórè ẹnu rẹ̀ ni ó ti jẹ yó.
২০নিজৰ মুখৰ ফলেৰে পেট পৰিপূৰ্ণ হয়; আৰু তেওঁৰ ওঁঠৰ শস্যৰে তেওঁ সন্তুষ্ট হয়।
21 Ikú àti ìyè ń bẹ nípa ahọ́n wọn, àwọn tí ó sì fẹ́ràn rẹ̀ yóò jẹ ẹ́.
২১জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে; আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব।
22 Ẹni tí ó rí aya fẹ́, rí ohun rere, o sì gba ojúrere lọ́dọ̀ Olúwa.
২২যি জনে ভাৰ্যা পায়, তেওঁ পৰম বস্তু পায়, আৰু যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।
23 Tálákà ń bẹ̀bẹ̀ fún àánú, ṣùgbọ́n ọlọ́rọ̀ a dáhùn pẹ̀lú ìkanra.
২৩দৰিদ্ৰ লোকে কৃপাৰ বাবে বিনয় কৰে; কিন্তু ধনৱান লোকে কঠুৱা উত্তৰ দিয়ে।
24 Ènìyàn tí ó ní ọ̀rẹ́ púpọ̀ le è parun, ṣùgbọ́n ọ̀rẹ́ kan wà tí ó súnmọ́ ni tímọ́tímọ́ ju arákùnrin.
২৪যি জনে অনেক লোকৰ সৈতে বন্ধুত্ব কৰে, তেওঁ নিজৰ সৰ্ব্বনাশলৈহে তাকে কৰে; কিন্তু এনে বন্ধু থাকে যি ভায়েকতকৈ আপোন হয়।