< Proverbs 17 >
1 Òkèlè gbígbẹ tòun tàlàáfíà àti ìdákẹ́ jẹ́ẹ́ sàn ju ilé tí ó kún fọ́fọ́ fún ẹran àti ìjà.
১বিবাদযুক্ত ভোজেৰে সৈতে পৰিপূৰ্ণ হোৱা ঘৰতকৈ, শান্তিৰে সৈতে শুদাই এগৰাহ খোৱাই ভাল।
2 Ọlọ́gbọ́n ìránṣẹ́ yóò ṣàkóso adójútini ọmọ, yóò sì pín ogún gẹ́gẹ́ bí ọ̀kan nínú àwọn ọmọ.
২এজন জ্ঞানী দাসে লাজ দিওঁতা পুত্ৰৰ ওপৰত শাসন কৰিব, আৰু ভায়েকসকলৰ এজন যেন হৈ উত্তৰাধিকাৰ ভগাই লব।
3 Iná ni a fi fọ́ fàdákà àti wúrà, ṣùgbọ́n Olúwa ló ń dán ọkàn wò.
৩ৰূপৰ কাৰণে ধাতু গলোৱা পাত্ৰ, আৰু সোণৰ কাৰণে ভাতী, কিন্তু যিহোৱাই হৃদয় শোধন কৰে।
4 Ènìyàn búburú ń tẹ́tí sí ètè tí ń sọ ibi; òpùrọ́ a máa fetí sí ahọ́n búburú.
৪যি লোকে কুকৰ্ম কৰে, তেওঁ নীতিহীন কথা কোৱাসকলৰ কথা শুনে, আৰু মিছলীয়াই বেয়া বিষয়ৰ কথা কওতা জনলৈ মনোযোগ দিয়ে।
5 Ẹnikẹ́ni tí ó bá sín olùpọ́njú jẹ, ó gan Ẹlẹ́dàá rẹ̀, ẹnikẹ́ni tí ń yọ̀ sí ìyọnu kò ní lọ láìjìyà.
৫দৰিদ্ৰক পৰিহাস কৰা জনে তেওঁৰ স্ৰজনকৰ্ত্তাকে অপমান কৰে; আৰু যি জনে দুৰ্ভাগ্যত আনন্দ কৰে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকিব।
6 Ọmọ ọmọ ni adé orí arúgbó, ògo àwọn ọmọ sì ni òbí jẹ.
৬বৃদ্ধসকলৰ নাতি নাতিনী তেওঁলোকৰ কিৰীটি স্বৰূপ; আৰু পিতৃসকল তেওঁলোকৰ নিজৰ সন্তানৰ গৌৰৱ স্বৰূপ।
7 Ọ̀rọ̀ dídùn kò yẹ aṣiwèrè, bẹ́ẹ̀ ni ètè èké kò yẹ ọmọ-aládé!
৭বাকপটু ওঁঠ মুৰ্খৰ কাৰণে উপযোগী নহয়; তেন্তে তাতকৈ কিমান কম পৰিমাণে মিছলীয়া ওঁঠ ৰাজভক্ত ব্যক্তিৰ উপযোগী হয়।
8 Òkúta iyebíye jẹ́ ẹ̀bùn ní ojú ẹni tí ó ni í, ibikíbi tí ó yí sí, á ṣe rere.
৮দিয়া জনৰ বাবে ভেঁটি যাদুৰ পাথৰৰ দৰে; যি ফালেই তেওঁ যায়, সেই ফালেই তেওঁ সফল হয়।
9 Ẹni tí ó fojú fo ẹ̀ṣẹ̀ tí wọ́n ṣẹ̀ ẹ́ mú kí ìfẹ́ gbòòrò sí i. Ṣùgbọ́n ẹnikẹ́ni tí ń tẹnumọ́ ọ̀rọ̀ yóò pín ọ̀rẹ́ tímọ́tímọ́ méjì ní yà.
৯যি জনে অপৰাধ ঢাকে, তেওঁ প্ৰেমৰ চেষ্টা কৰে; কিন্তু যি কোনোৱে একে বিষয় বাৰে বাৰে কৈ থাকে, তেওঁ প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়।
10 Ọ̀rọ̀ ìbáwí dun olóye ènìyàn ju ọgọ́rùn-ún pàṣán lọ lẹ́yìn òmùgọ̀.
১০যি দৰে মূৰ্খৰ ওপৰত এশ কোবে কাম কৰে, সেই দৰে সুবিবেচকৰ মনলৈ অনুযোগ গভীৰ ভাবে সোমায়।
11 Orí kunkun ni ènìyàn ìkà máa ń ṣe, ìjòyè aláìláàánú ni a ó rán sí i.
১১দুষ্ট লোকে কেৱল বিদ্ৰোহৰ চেষ্টা কৰে; সেয়ে নিষ্ঠুৰ বাৰ্ত্তাবাহকক তেওঁৰ বিপক্ষে পঠোৱা হ’ব।
12 Ó sàn kí ènìyàn pàdé beari tí a ti kó lọ́mọ jù aláìgbọ́n nínú ìwà òmùgọ̀ rẹ̀.
১২নিজৰ অজ্ঞানতাত মগ্ন হোৱা অজ্ঞানী লোকৰ লগত সাক্ষাৎ হোৱাতকৈ, পোৱালি আজুৰি নিয়া ভালুকৰ লগত সাক্ষাৎ হোৱাই ভাল।
13 Bí ènìyàn kan bá fi ibi san ìre, ibi kì yóò kúrò nílé rẹ̀ láéláé.
১৩যেতিয়া কোনো এজনে উপকাৰৰ সলনি অপকাৰ কৰে, তেতিয়া অপকাৰে তেওঁৰ ঘৰ পৰিত্যাগ নকৰে।
14 Bíbẹ̀rẹ̀ ìjà dàbí ẹni tí ó dá ojú fún adágún omi; nítorí náà mẹ́nu kúrò nínú ọ̀rọ̀ kí ó tó di ìjà.
১৪বিবাদৰ আৰম্ভণি কোনো এজনে পানী চাৰিওফালে এৰি দিয়াৰ দৰে; এই হেতুকে দন্দ্ব-কাজিয়া নোহোৱাৰ আগতেই বিবাদৰ পৰা আঁতৰি থাকা।
15 Gbígbé ẹ̀bi fún aláre àti dídá ẹni jàre lẹ́bi, Olúwa kórìíra méjèèjì.
১৫যি জনে দুষ্টক নিৰ্দোষী কৰে, আৰু ধাৰ্মিকক দোষী কৰে, তেওঁলোক দুয়ো সমানে যিহোৱাৰ ঘিণলগীয়া।
16 Kí ni ìwúlò owó lọ́wọ́ aṣiwèrè, níwọ̀n bí kò ti ní èròǹgbà láti rí ọgbọ́n?
১৬যিহেতু অজ্ঞানী লোকৰ শিক্ষা গ্রহণ কৰাৰ দক্ষতা নাই সেয়ে তেওঁ প্ৰজ্ঞা আহৰণ কৰিবলৈ কিয় ধন খৰচ কৰিব?
17 Ọ̀rẹ́ a máa fẹ́ni nígbà gbogbo, arákùnrin sì wà fún ìgbà ìpọ́njú.
১৭বন্ধু সকলো সময়তে প্রিয় হয়; আৰু ভায়েকৰ দুৰ্দ্দশাৰ দিনৰ বাবে জন্ম হয়।
18 Ènìyàn aláìgbọ́n ṣe ìbúra, ó sì ṣe onídùúró fún aládùúgbò rẹ̀.
১৮জ্ঞানশূন্য লোকে প্রতিজ্ঞাত আৱদ্ধ হয়; আৰু চুবুৰীয়াৰ ধাৰৰ দ্বায়ীত্ব লয়।
19 Ẹni tí ó fẹ́ràn ìjà fẹ́ràn ẹ̀ṣẹ̀; ẹni tí ó kọ́ ibodè gígàn ń wá ìparun.
১৯যিজনে বিবাদ ভাল পায়, তেওঁ পাপ ভাল পায়; যি কোনোৱে নিজৰ প্রবেশ দুৱাৰ ওখ কৰে, তেওঁ বিনাশৰ চেষ্টা কৰে।
20 Ènìyàn aláyídáyidà ọkàn kì í gbèrú, ẹni tí ó ní ahọ́n ẹ̀tàn bọ́ sínú ìyọnu.
২০কুটিল মনৰ লোকে কোনো বিষয়তে মঙ্গল বিচাৰি নাপায়; যিজনে মিছা কথা কয়, তেওঁ বিপদত পৰে।
21 Láti bí aláìgbọ́n lọ́mọ a máa fa ìbànújẹ́ ọkàn, kò sí ayọ̀ fún baba ọmọ tí kò gbọ́n.
২১যিজনে অজ্ঞানীক জন্ম দিয়ে, তেওঁ নিজলৈ খেদ আনে; আৰু অজ্ঞানীৰ পিতৃয়ে আনন্দ কৰিব নোৱাৰে।
22 Ọkàn tí ó túká jẹ́ oògùn gidi, ṣùgbọ́n ọkàn tí ó bàjẹ́ a máa mú kí egungun gbẹ.
২২আনন্দিত হৃদয় ভাল ঔষধ হয়; কিন্তু ভগ্ন হৃদয়ে হাড়বোৰ শুকুৱায়।
23 Ènìyàn búburú a gba àbẹ̀tẹ́lẹ̀ ní ìkọ̀kọ̀ láti yí ìdájọ́ po.
২৩ন্যায়ৰ পথ বিপথগামী কৰিবলৈ দুষ্টলোকে গুপুতে দিয়া ভেঁটি গ্ৰহণ কৰে।
24 Olóye ènìyàn gbójú wo ọgbọ́n níwájú, ṣùgbọ́n ojú aláìgbọ́n ń wò káàkiri ilẹ̀ ayé.
২৪যিজনৰ সুবিবেচনা থাকে, তেওঁ প্রজ্ঞাৰ সন্মুখত থাকে; কিন্তু অজ্ঞানী লোকৰ চকু পৃথিবীৰ অন্তত থাকে।
25 Aṣiwèrè ọmọ mú ìbànújẹ́ bá baba rẹ̀ àti ìkorò fún ẹni tí ó bí i lọ́mọ.
২৫অজ্ঞানী পুত্ৰই তেওঁৰ পিতৃক বেজাৰ দিয়ে, আৰু তেওঁক জন্ম দিয়া মহিলাৰ কাৰণে তেওঁ দুখ দায়ক।
26 Kò dára láti fìyà jẹ ènìyàn tí kò ṣẹ̀, tàbí láti na ìjòyè lórí òtítọ́ inú wọn.
২৬ন্যায় কৰা জনক শাস্তি দিয়া অনুচিত; আৰু সাধুলোকক তেওঁৰ সৰলতাৰ বাবে প্ৰহাৰ কৰা ভাল নহয়।
27 Ènìyàn tó ní ìmọ̀ máa ń ṣọ́ra fún àwọn ọ̀rọ̀ tí ó ń sọ, ènìyàn olóye sì máa ń ní sùúrù.
২৭জ্ঞানী লোকে ক’ম কথা কয়; আৰু ধীৰ মনৰ লোক বিবেচক।
28 Kódà aláìgbọ́n máa ń dàbí ọlọ́gbọ́n bí ó bá dákẹ́, àti bí olóye bí ó bá fètèmétè.
২৮এনেকি অজ্ঞানী লোকে নিমাতে থাকিলে জ্ঞানী বুলি ভবা যায়; তেওঁ যেতিয়া মুখ বন্ধ কৰি ৰাখে, তেতিয়া তেওঁ বুধিয়ক বুলি গণিত হয়।