< Proverbs 14 >
1 Ọlọ́gbọ́n obìnrin kọ́ ilé e rẹ̀, ṣùgbọ́n aṣiwèrè obìnrin fi ọwọ́ ara rẹ̀ fà á lulẹ̀.
১জ্ঞানৱতী মহিলাই নিজৰ ঘৰ নিৰ্মাণ কৰে; কিন্তু অজ্ঞানী মহিলাই নিজৰ হাতেৰে তাক ভাঙি পেলায়।
2 Ẹni tí ń rìn déédé bẹ̀rù Olúwa, ṣùgbọ́n ẹni tí ọ̀nà rẹ̀ kò tọ́ kẹ́gàn Olúwa.
২যি জনে সৰল পথত চলে, তেওঁ যিহোৱাক ভয় কৰে; কিন্তু যি জনে নিজৰ পথত সত্যতাৰে নচলে সেইজনে তেওঁক হেয়জ্ঞান কৰে।
3 Ọ̀rọ̀ aṣiwèrè a máa ṣokùnfà pàṣán fún ẹ̀yìn rẹ̀, ṣùgbọ́n ọ̀rọ̀ ètè ọlọ́gbọ́n a máa dáàbò bò ó.
৩অজ্ঞানীলোকৰ মুখৰ পৰা তেওঁৰ অহঙ্কাৰৰ অঙ্কুৰ ওলাই; কিন্তু জ্ঞানীলোকৰ ওঁঠে সেইবোৰ সংৰক্ষিত কৰে।
4 Níbi tí kò sí ẹran, ibùjẹ ẹran a máa mọ́ tónítóní, ṣùgbọ́n, nípa agbára akọ màlúù ni ọ̀pọ̀ ìkórè ti ń wá.
৪য’ত গৰু নাথাকে তাত দানা পাত্ৰ নিকা হৈ থাকে; কিন্তু ষাঁড় গৰুৰ বলেৰে অধিক শস্য উৎপন্ন হয়।
5 Ẹlẹ́rìí tí ń ṣọ òtítọ́ kì í tan ni ṣùgbọ́n ẹlẹ́rìí èké a máa tú irọ́ jáde.
৫বিশ্বাসী সাক্ষীয়ে মিছা কথা নকয়; কিন্তু মিছা সাক্ষীয়ে মিছা কথাকেহে কয়।
6 Ẹlẹ́gàn ń wá ọgbọ́n kò sì rí rárá, ṣùgbọ́n ìmọ̀ máa ń wà fún olóye.
৬নিন্দক লোকে প্ৰজ্ঞা বিচাৰিলে তাক নাপায়; কিন্তু বুদ্ধিমানৰ পক্ষে জ্ঞান সুলভ হয়।
7 Má ṣe súnmọ́ aláìgbọ́n ènìyàn, nítorí ìwọ kì yóò rí ìmọ̀ ní ètè rẹ̀.
৭অজ্ঞানী লোকৰ পৰা আঁতৰি থাকা; কাৰণ তেওঁৰ মুখত জ্ঞানৰ কথা বিচাৰি নাপাবা।
8 Ọgbọ́n olóye ni láti ronú jinlẹ̀ nípa ọ̀nà wọn ṣùgbọ́n ìwà òmùgọ̀ aṣiwèrè ni ìtànjẹ.
৮নিজৰ পথ বুজি পোৱাই দূৰদৰ্শীসকলৰ প্রজ্ঞা; কিন্তু অজ্ঞানীলোকৰ অজ্ঞানতাই প্ৰবঞ্চনা মাথোন।
9 Aláìgbọ́n ń dẹ́ṣẹ̀ nígbà tí ó yẹ kí ó ṣe àtúnṣe ẹ̀ṣẹ̀ rẹ̀ ṣùgbọ́n láàrín àwọn olódodo ni a ti rí ojúrere.
৯দোষাৰ্থক বলি উৎসৰ্গ কৰোঁতে অজ্ঞানীলোকে নিন্দা কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ মাজত অনুগ্ৰহ থাকে।
10 Ọkàn kọ̀ọ̀kan ló mọ ẹ̀dùn ọkàn tirẹ̀ kò sì ṣí ẹnìkan tó le è bá ọkàn mìíràn pín ayọ̀ rẹ̀.
১০হৃদয়ে নিজৰ বেদনা নিজে বুজি পায়; কিন্তু অচিনাকী লোকে সেই আনন্দত ভাগ ল’ব নোৱাৰে।
11 A ó pa ilé ènìyàn búburú run, ṣùgbọ́n àgọ́ olódodo yóò máa gbèrú sí i.
১১দুষ্টলোকৰ ঘৰ ধ্বংস কৰা হ’ব; কিন্তু ন্যায়পৰায়ণ লোকৰ তম্বু মঙ্গলে থাকিব।
12 Ọ̀nà kan wà tí ó dàbí i pé ó dára lójú ènìyàn, ṣùgbọ́n ní ìgbẹ̀yìn gbẹ́yín, a máa jásí ikú.
১২কোনো কোনো পথ মানুহৰ দৃষ্টিত সৰল বোধ হয়; কিন্তু শেষত সেয়ে মৃত্যুৰ পথ।
13 Kódà nígbà tí a ń rẹ́rìn-ín, ọkàn le è máa kérora; ayọ̀ sì le è yọrí sí ìbànújẹ́.
১৩দুখৰ সময়তো হৃদয়ে হাঁহিব পাৰে, আৰু আনন্দ শেষত দুখলৈ পৰিণত হ’ব পাৰে।
14 A ó san án lẹ́kùnrẹ́rẹ́ fún aláìgbàgbọ́ gẹ́gẹ́ bí ọ̀nà rẹ̀, ènìyàn rere yóò sì gba èrè fún tirẹ̀.
১৪যি জন অবিশ্বাসী, তেওঁ নিজৰ আচৰণৰ ফল ভোগ কৰিব; কিন্তু ভাল লোকে তেওঁৰ যি আছে তাকেই পাব।
15 Òpè ènìyàn gba ohun gbogbo gbọ́ ṣùgbọ́n olóye ènìyàn ronú lórí àwọn ìgbésẹ̀ rẹ̀.
১৫যি জন শিক্ষিত নহয়, তেওঁ সকলো বিশ্বাস কৰে; কিন্তু দূৰদৰ্শী লোকে নিজৰ খোজ চিন্তা কৰে।
16 Ọlọ́gbọ́n bẹ̀rù Ọlọ́run ó sì kórìíra ibi ṣùgbọ́n aláìgbọ́n jẹ́ alágídí àti aláìṣọ́ra.
১৬জ্ঞানী লোকে ভয় কৰে আৰু বেয়াৰ পৰা আঁতৰি থাকে; কিন্তু অজ্ঞান লোকে দৃঢ়তাৰে সাৱধান বাণী অৱজ্ঞা কৰে।
17 Ẹni tí ó máa ń tètè bínú máa ń hùwà aṣiwèrè, a sì kórìíra eléte ènìyàn.
১৭ক্ষন্তেকতে খং উঠা লোকে অজ্ঞানীৰ দৰে কাম কৰে; আৰু যিজনে কু-কল্পনা কৰে তেওঁ ঘৃণনীয় হয়।
18 Òpè jogún ìwà òmùgọ̀ ṣùgbọ́n a dé ọlọ́gbọ́n ní adé ìmọ̀.
১৮অশিক্ষিত লোকৰ মুৰ্খতা বংশানুক্রমে থাকে; কিন্তু দূৰদৰ্শী লোকসকল জ্ঞানেৰে পৰিপূৰ্ণ।
19 Ènìyàn ìkà yóò tẹríba níwájú àwọn ènìyàn rere àti ènìyàn búburú níbi ìlẹ̀kùn àwọn olódodo.
১৯যিসকল পাপী, তেওঁলোকে সৎ লোকৰ আগত প্রণিপাত কৰে; আৰু যিসকল দুষ্ট তেওঁলোকে ধাৰ্মিকলোকৰ দুৱাৰ ডলিত প্রণিপাত কৰে।
20 Kódà àwọn aládùúgbò tálákà kò fẹ́ràn rẹ̀, ṣùgbọ́n, ọlọ́rọ̀ ní ọ̀rẹ́ púpọ̀.
২০দৰিদ্ৰ লোকক তেওঁলোকৰ নিজৰ সঙ্গীয়েই ঘৃণা কৰে; কিন্তু ধনী লোকৰ অনেক বন্ধু থাকে।
21 Ẹni tí ó kẹ́gàn aládùúgbò o rẹ̀ ti dẹ́ṣẹ̀ ṣùgbọ́n ìbùkún ni fún ẹni tí ó ṣàánú àwọn aláìní.
২১যি জনে চুবুৰীয়াক হেয়জ্ঞান কৰে, তেওঁ পাপ কৰে; কিন্তু যি জনে দৰিদ্ৰ লোকক দয়া কৰে, তেওঁ অনন্দিত হয়।
22 Ǹjẹ́ àwọn tí ń pète ibi kì í ṣìnà bí? Ṣùgbọ́n àwọn tí ń gbèrò ohun rere ń rí ìfẹ́ àti òtítọ́.
২২যি সকলে বেয়া পৰিকল্পনা কৰে, তেওঁলোক জানো বিপথগামী নহয়? কিন্তু যি সকলে মঙ্গল কল্পনা কৰে, তেওঁলোক বিশ্বস্ততা আৰু বিশ্বাসযোগ্য চুক্তি গ্রহণ কৰিব।
23 Gbogbo iṣẹ́ àṣekára ló máa ń mú èrè wá, ṣùgbọ́n ẹjọ́ rírò lásán máa ń ta ni lósì ni.
২৩সকলো কঠিন পৰিশ্ৰমৰ দ্বাৰাই লাভ হয়; কিন্তু যেতিয়া কেৱল আলোচনা হয়, তেতিয়া দৰিদ্রতালৈ আগবাঢ়ি যায়।
24 Ọrọ̀ ọlọ́gbọ́n ènìyàn ni adé orí wọn ṣùgbọ́n ìwà aláìgbọ́n ń mú ìwà òmùgọ̀ wá.
২৪জ্ঞানী লোকসকলৰ সম্পত্তি তেওঁলোকৰ মুকুট; কিন্তু অজ্ঞানীৰ মূৰ্খতাই কেৱল অধিক মূৰ্খতাহে আনে।
25 Ẹlẹ́rìí tí ó ṣọ òtítọ́ gba ẹ̀mí là ṣùgbọ́n ẹlẹ́rìí èké jẹ́ ẹlẹ́tàn.
২৫সত্যবাদী সাক্ষীয়ে জীৱন ৰক্ষা কৰে; কিন্তু মিছা সাক্ষীয়ে মিছা কথা কয়।
26 Nínú ìbẹ̀rù Olúwa ni ìgbẹ́kẹ̀lé tí ó lágbára, yóò sì tún jẹ́ ibi ààbò fún àwọn ọmọ rẹ̀.
২৬যিহোৱাক ভয় কৰাই দৃঢ়-বিশ্বাস, আৰু এয়ে তেওঁৰ সন্তান সকলৰ বাবে আশ্ৰয় স্থল হ’ব।
27 Ìbẹ̀rù Olúwa jẹ́ orísun ìyè, tí ń yí ènìyàn padà kúrò nínú ìkẹ́kùn ikú.
২৭যিহোৱালৈ ভয় ৰখাই জীৱনৰ ভুমুক-স্বৰূপ, ইয়াৰে কোনো এজনে মৃত্যুৰ ফান্দৰ পৰা আঁতৰি থাকিব পাৰিব।
28 Ènìyàn púpọ̀ ní ìlú jẹ́ ògo ọba, ṣùgbọ́n láìsí ìjòyè, ọba á parun.
২৮ৰজাৰ গৌৰৱ অধিক সংখ্যক প্ৰজাত বিচাৰি পোৱা যায়; কিন্তু প্ৰজা অবিহনে ৰজা ধ্বংস হয়।
29 Onísùúrù ènìyàn ní òye tí ó pọ̀, ṣùgbọ́n onínú-fùfù ènìyàn máa ń fi ìwà aṣiwèrè hàn.
২৯ধৈৰ্যশীল লোকৰ বিবেচনা শক্তি অধিক; কিন্তু বেগাই খং উঠা লোকে নিজৰ মুৰ্খতা প্রকাশ কৰে।
30 Ọkàn tí ó lálàáfíà fi ìyè mú kí ọjọ́ ayé gùn fún ara, ṣùgbọ́n ìlara mú kí egungun jẹrà.
৩০শান্ত হৃদয় শৰীৰৰ বাবে জীৱন স্বৰূপ; কিন্তু ঈৰ্ষা হাড়ৰ ক্ষয়স্বৰূপ।
31 Ẹni tí ó fi ìyà jẹ aláìní ń fi ìkórìíra hàn ṣùgbọ́n ẹnikẹ́ni tí ó ṣoore fún aláìní bu ọlá fún Ọlọ́run.
৩১যি লোকে দৰিদ্ৰক অত্যাচাৰ কৰে, তেওঁ নিজৰ সৃষ্টিকৰ্ত্তাক শাও দিয়ে; কিন্তু যি জনে অভাৱীলোকক দয়া কৰে, তেওঁ তেওঁক সন্মান কৰে।
32 Nígbà tí ìyọnu bá dé, a fa àwọn búburú lulẹ̀, kódà nínú ikú àwọn olódodo ni ààbò.
৩২দুষ্ট লোক নিজৰ কু-কৰ্মৰ দ্বাৰাই পতিত হয়; কিন্তু ধাৰ্মিক লোকে মৃত্যুতো আশ্ৰয় পায়।
33 Ọgbọ́n wà nínú ọkàn olóye kódà láàrín àwọn aláìlóye, ó jẹ́ kí wọn mọ òun.
৩৩প্রজ্ঞা হৃদয়ৰ সক্ষ্মদর্শীতাত প্রতিষ্ঠিত হয়; কিন্তু অজ্ঞানীলোক সকলৰ মাজতো তেওঁ নিজকে প্রকাশ কৰে।
34 Òdodo a máa gbé orílẹ̀-èdè lékè, ṣùgbọ́n ìtìjú ni ẹ̀ṣẹ̀ jẹ́ fún àwùjọ káwùjọ.
৩৪সৎ কাৰ্য কৰা দ্বাৰাই দেশৰ উন্নতি হয়; কিন্তু পাপ যি কোনো লোকৰ বাবে কলঙ্কস্বৰূপ।
35 Ọba a máa ní inú dídùn sí ìránṣẹ́ tí ó gbọ́n ṣùgbọ́n ìbínú rẹ̀ wá sórí ìránṣẹ́ adójútini.
৩৫জ্ঞানেৰে কাৰ্য কৰা দাসলৈ ৰজাৰ অনুগ্ৰহ থাকে; কিন্তু লজ্জাজনক কাম কৰা দাসলৈ তেওঁৰ ক্ৰোধ জন্মে।