< Proverbs 11 >

1 Olúwa kórìíra òsùwọ̀n èké, ṣùgbọ́n òsùwọ̀n òtítọ́ jẹ́ inú dídùn un rẹ̀.
ভুল তুলাচনী যিহোৱাৰ ঘিণলগীয়া; কিন্তু সঠিক জোখ তেওঁৰ সন্তোষ জনক।
2 Nígbà tí ìgbéraga bá dé, nígbà náà ni ìdójútì dé, ṣùgbọ́n pẹ̀lú ìrẹ̀lẹ̀ ni ọgbọ́n ń wá.
যেতিয়া অহংকাৰ হয়, তেতিয়া অপমানো হয়; কিন্তু নম্ৰতাই প্রজ্ঞা আনে।
3 Òtítọ́ inú ẹni dídúró ṣinṣin ń ṣe amọ̀nà rẹ̀, ṣùgbọ́n aláìṣòótọ́ yóò parun nípasẹ̀ àìṣòótọ́ wọn.
সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক; কিন্তু বিশ্বাস-ঘাতকসকলৰ কুটিলতাই তেওঁলোকক বিনষ্ট কৰে।
4 Ọ̀rọ̀ kò níláárí ní ọjọ́ ìbínú, ṣùgbọ́n òdodo a máa gbani lọ́wọ́ ikú.
ক্ৰোধৰ দিনত ধন-সম্পত্তি মূল্যহীন; কিন্তু সত্যতাই মৃত্যুৰ পৰা তোমাক উদ্ধাৰ কৰে।
5 Òdodo aláìlẹ́gàn ṣe ọ̀nà tààrà fún wọn, ṣùgbọ́n ìwà búburú ènìyàn búburú yóò fà á lulẹ̀.
সিদ্ধলোকৰ ধাৰ্মিকতাই তেওঁৰ পথ সমান কৰে; কিন্তু দুষ্টলোক নিজৰ দুষ্টতাৰ দ্বাৰাই পতিত হয়।
6 Òdodo ẹni ìdúró ṣinṣin gbà wọ́n là, ṣùgbọ́n ìdẹ̀kùn ètè búburú mú aláìṣòótọ́.
যিজনে সিদ্ধ কাৰ্যৰ দ্বাৰাই ঈশ্বৰক আনন্দিত কৰে, তেওঁ ৰক্ষা পায়; কিন্তু নিজৰ আকাংক্ষাৰ বাবে বিশ্বাসঘাতক সকলে ফান্দত পৰে।
7 Nígbà tí ènìyàn búburú bá kú, ìrètí rẹ̀ a parun; gbogbo ohun tó ń fojú ṣọ́nà fún nípa agbára rẹ̀ já ṣófo.
দুষ্টলোকৰ যেতিয়া মৃত্যু হয়, তেতিয়া তেওঁৰ আশাবোৰ বিলুপ্ত হৈ যায়; আৰু আশা যি তেওঁৰ শক্তি আছিল, সেই শক্তি ব্যৰ্থ হৈ যায়।
8 A gba olódodo kúrò lọ́wọ́ ibi dípò o rẹ̀, ibi wá sórí ènìyàn búburú.
সৎ কাৰ্য কৰা জনে সঙ্কটৰ পৰা ৰক্ষা পায়; কিন্তু ইয়াৰ পৰিৱৰ্তে দুষ্টলোকলৈ সঙ্কট আহে।
9 Aláìmọ Ọlọ́run fi ẹnu rẹ̀ ba aládùúgbò rẹ̀ jẹ́, ṣùgbọ́n nípasẹ̀ ìmọ̀ olódodo sá àsálà.
তেওঁ নিজৰ অবিশ্বাসী মুখেৰে চুবুৰীয়াক ধ্বংস কৰে; কিন্তু জ্ঞানেৰে যিজনে সৎ কাৰ্য কৰে, তেওঁ সুৰক্ষিত হয়।
10 Nígbà tí olódodo ń gbèrú, ìlú a yọ̀; nígbà tí ènìyàn búburú parun, ariwo ayọ̀ gba ìlú kan.
১০যেতিয়া সৎ কাৰ্য কৰা লোকৰ উন্নতি হয়, তেতিয়া নগৰখনে উল্লাস কৰে; কিন্তু যেতিয়া দুষ্টলোকৰ বিনাশ ঘটে, তেতিয়া আনন্দ-ধ্বনি হয়।
11 Nípasẹ̀ ìbùkún, olódodo a gbé ìlú ga: ṣùgbọ́n nípasẹ̀ ẹnu ènìyàn búburú, a pa ìlú run.
১১ঈশ্বৰক সন্তুষ্ট কৰা লোকসকলৰ আশীৰ্ব্বাদৰ দ্বাৰাই নগৰৰ উন্নতি হয়; কিন্তু দুষ্টলোকৰ মুখৰ দ্বাৰাই নগৰ উচ্ছন্ন হয়।
12 Ẹni tí kò gbọ́n fojú kékeré wo aládùúgbò rẹ̀ ṣùgbọ́n ẹni tí ó ní òye pa ẹnu rẹ̀ mọ́.
১২বন্ধুক অবজ্ঞা কৰা লোক জ্ঞানশূন্য; কিন্তু সুবিবেচনা কৰা লোক নিমাতে থাকে।
13 Olófòófó tú àṣírí ìkọ̀kọ̀ ṣùgbọ́n ẹni tó ṣe é gbẹ́kẹ̀lé a pa àṣírí mọ́.
১৩পৰচৰ্চ্চা কৰা লোকে গুপুত কথা প্ৰকাশ কৰে; কিন্তু বিশ্বাসী লোকে বিষয়বোৰ গুপুতে ৰাখে।
14 Nítorí àìní ìtọ́sọ́nà orílẹ̀-èdè ṣubú ṣùgbọ́n nípasẹ̀ ọ̀pọ̀lọpọ̀ olùbádámọ̀ràn ìṣẹ́gun dájú.
১৪যি খন দেশ জ্ঞানেৰে পৰিচালিত নহয়, সেই দেশৰ পতন হয়; কিন্তু বহুত উপদেষ্টাৰ আলোচনাৰ দ্বাৰাই দেশৰ উন্নতি হয়।
15 Ẹni tí ó ṣe onígbọ̀wọ́ fún àlejò yóò rí ìyọnu, ṣùgbọ́n ẹnikẹ́ni tí ó kọ̀ láti ṣe onígbọ̀wọ́ yóò wà láìléwu.
১৫যিজনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ নিশ্চয় অনিষ্ট হ’ব; কিন্তু যিজনে জামিন হ’বলৈ ইচ্ছা নকৰে, তেওঁ নিৰাপদে থাকে।
16 Obìnrin oníwà rere gba ìyìn ṣùgbọ́n alágbára aláìbìkítà ènìyàn gba ọrọ̀ nìkan.
১৬দয়ালু মহিলাই সন্মান পায়; কিন্তু নিৰ্দয় লোকে সম্পত্তিক ধৰি ৰাখে।
17 Ènìyàn rere ń ṣe ara rẹ̀ lóore ṣùgbọ́n ènìyàn ìkà ń mú ìyọnu wá sórí ara rẹ̀.
১৭দয়ালু লোকে নিজৰ উপকাৰ কৰে; কিন্তু নিৰ্দয় লোকে নিজৰ অনিষ্ট কৰে।
18 Ènìyàn búburú gba èrè ìtànjẹ ṣùgbọ́n ẹni tó fúnrúgbìn òdodo yóò gba èrè tó dájú.
১৮দুষ্টলোকে উপাৰ্জনৰ বাবে মিছা কথা কয়; কিন্তু যি জনে সত্যৰ গুটি সিঁচে তেওঁ প্ৰকৃত পুৰস্কাৰ পায়।
19 Olódodo tòótọ́ rí ìyè ṣùgbọ́n ẹni tí ń lépa ibi lé e sí ibi ikú ara rẹ̀.
১৯যি সাধুলোকে সৎ কাৰ্য কৰে, তেওঁ জীৱন লাভ কৰে; কিন্তু যিলোকে দুষ্টতা অনুসৰণ কৰে, তেওঁৰ মৃত্যুৰ হ’ব।
20 Olúwa kórìíra àwọn ènìyàn ọlọ́kàn búburú ṣùgbọ́n ó ní inú dídùn sí àwọn tí ọ̀nà wọn kò lábùkù.
২০কুটিল মনৰ লোক যিহোৱাৰ ঘিণ লগা; কিন্তু যিসকলৰ আচৰণ সিদ্ধ, তেওঁলোকত তেওঁ আনন্দ পায়।
21 Mọ èyí dájú pé, ènìyàn búburú kì yóò lọ láìjìyà, ṣùgbọ́n àwọn olódodo yóò lọ láìjìyà.
২১নিশ্চিত হোৱা যে, দুষ্ট লোকে শাস্তি নোপোৱাকৈ নাথাকিব; কিন্তু সত্যতাত চলা লোকসকলৰ বংশই উদ্ধাৰ পাব।
22 Bí òrùka wúrà ní imú ẹlẹ́dẹ̀ ni arẹwà obìnrin tí kò lọ́gbọ́n.
২২গাহৰিৰ নাকত সোণৰ নথ যেনে, সুবিবেচনা নথকা সুন্দৰী মহিলাও তেনে।
23 Ìfẹ́ inú olódodo yóò yọrí sí ohun rere ṣùgbọ́n ìrètí ènìyàn búburú yóò yọrí sí ìbínú.
২৩সত্যতাত চলা লোকৰ আকাংক্ষাৰ ফল উত্তম; কিন্তু দুষ্টলোকে কেৱল ক্ৰোধৰ আশা কৰে।
24 Ènìyàn kan ń fún ni lọ́fẹ̀ẹ́, síbẹ̀ ó ń ní sí i; òmíràn ń háwọ́ ju bí ó ti yẹ ṣùgbọ́n ó di aláìní.
২৪যি লোকে গুটি সিঁচে, তেওঁ অধিক সংগ্রহ কৰে; আৰু যি লোকে গুটি নিসিঁচে, তেনে লোকলৈ দৰিদ্ৰতাহে আহে।
25 Ẹni tí ń ṣoore yóò máa gbèrú sí i; ẹni tí ó tu ẹlòmíràn lára yóò ní ìtura.
২৫দয়ালু লোকৰ উন্নতি হয়, আৰু যি লোকে আনলোকক পানী দিয়ে, তেওঁ নিজৰ বাবেও পানী পায়।
26 Àwọn ènìyàn a ṣẹ́ èpè lé ènìyàn tí ń kó oúnjẹ pamọ́ ṣùgbọ́n ìbùkún a máa wá sórí ẹni tí ó ṣetán láti tà.
২৬যি লোকে শস্য বিক্রী কৰিবলৈ অমান্তি হয়, তেওঁক লোকসকলে শাও দিয়ে; কিন্তু যি লোকে বিক্রী কৰে, তেওঁ মুৰত মুকুট স্বৰূপ আশীৰ্ব্বাদ লাভ কৰে।
27 Ẹni tí ń lépa ohun rere yóò rí ohun rere ṣùgbọ́n ibi yóò dé bá ẹni tí ń lépa ibi.
২৭যিলোকে আগ্রহেৰে ভাল কৰিবলৈ বিচাৰে, তেওঁ অনুগ্ৰহো বিচাৰে; কিন্তু যি জনে দুষ্টতা বিচাৰে, তেওঁ তাকে পায়।
28 Ẹnikẹ́ni tí ó bá gbẹ́kẹ̀lé ọrọ̀ rẹ̀ yóò ṣubú; ṣùgbọ́n olódodo yóò gbilẹ̀ bí i koríko tútù.
২৮যিজনে নিজৰ ধন-সম্পত্তিত নির্ভৰ কৰে, তেওঁ পতিত হয়; কিন্তু সত্যতাত চলা জন পাতৰ দৰে লহপহকৈ বাঢ়ি উঠে।
29 Ẹni tí ó ń mú ìdààmú dé bá ìdílé rẹ̀ yóò jogún afẹ́fẹ́ lásán aláìgbọ́n yóò sì máa ṣe ìránṣẹ́ fún ọlọ́gbọ́n.
২৯যিজনে নিজৰ পৰিয়ালক দুখ দিয়ে, তেওঁৰ বায়ুৰূপ আধিপত্য হ’ব; আৰু অজ্ঞানী লোক বুদ্ধিমানৰ দাস হ’ব।
30 Èso òdodo ni igi ìyè ẹni tí ó sì jèrè ọkàn jẹ́ ọlọ́gbọ́n.
৩০সত্যতাত চলা জন জীৱনদায়ক গছৰ দৰে, কিন্তু হিংস্রতাই জীৱন কাঢ়ি নিয়ে।
31 Bí àwọn olódodo bá gba ìpín wọn lórí ilẹ̀ ayé mélòó mélòó ni ènìyàn búburú àti àwọn tó dẹ́ṣẹ̀!
৩১সত্যতাত চলা জনে যদি তেওঁ পাবলগীয়া প্ৰতিফল পায়, তেনেহ’লে কিমান অধিক পৰিমাণে দুষ্টলোক আৰু পাপীয়ে পাব।

< Proverbs 11 >