< Numbers 33 >
1 Wọ̀nyí ni ìrìnàjò àwọn ọmọ Israẹli ní ẹsẹẹsẹ, nígbà tí wọ́n tí ilẹ̀ Ejibiti jáde wá pẹ̀lú àwọn ogun wọn, nípa ọwọ́ Mose àti Aaroni.
১ইস্ৰায়েলৰ সন্তান সকলে মোচি আৰু হাৰোণৰ অধীনত নিজ সৈন্যদল অনুসাৰে মিচৰ দেশৰ পৰা ওলাই আহোঁতে, তেওঁলোকে যি যি যাত্ৰা কৰিছিল, সেই সকলো যাত্ৰাৰ বিৱৰণ এই।
2 Mose sì kọ̀wé ìjáde lọ wọn ní ẹsẹẹsẹ gẹ́gẹ́ bí ìrìnàjò wọn, nípa àṣẹ Olúwa, wọ̀nyí sì ni ìrìnàjò wọn gẹ́gẹ́ bí ìjáde lọ wọn.
২মোচিয়ে যিহোৱাৰ আজ্ঞামতেই তেওঁলোকৰ সকলো যাত্ৰা অনুসাৰে তেওঁলোকে থাকি ৰাওনা হোৱা ঠাইৰ তালিকা লিখিলে। তেওঁলোকে থাকি ৰাওনা হোৱা ঠাই অনুসাৰে তেওঁলোকৰ এই এই যাত্ৰা।
3 Àwọn ọmọ Israẹli jáde kúrò láti Ramesesi ní ọjọ́ kẹ́ẹ̀dógún oṣù kìn-ín-ní, ọjọ́ kan lẹ́yìn àjọ ìrékọjá. Wọ́n yan jáde pẹ̀lú ìgboyà níwájú gbogbo àwọn ará Ejibiti.
৩প্ৰথম মাহত, প্ৰথম মাহৰ পঞ্চদশ দিনা ইস্ৰায়েলৰ সন্তান সকলে ৰামিচেচৰ পৰা যাত্ৰা কৰি নিস্তাৰ-পৰ্ব্বৰ পাছদিনা আটাই মিচৰীয়া লোকৰ সাক্ষাতে যিহোৱাৰ পৰাক্ৰমী বাহুৰে ওলাই গ’ল।
4 Tí wọ́n sì ń sin gbogbo àkọ́bí wọn, ẹni tí Olúwa ti gbé lulẹ̀ láàrín wọn; nítorí tí Olúwa ti mú ẹ̀san wá sórí àwọn òrìṣà wọn.
৪তেতিয়া মিচৰীয়াসকলে, যিহোৱাই তেওঁলোকৰ মাজত বধ কৰা তেওঁলোকৰ প্ৰথমে ওপজাবোৰৰ মৰা শৱ পুতি আছিল, আৰু যিহোৱাই তেওঁলোকৰ দেৱতাবোৰকো দণ্ড দিছিল।
5 Àwọn ọmọ Israẹli kúrò ní Ramesesi wọ́n sì pàgọ́ sí Sukkoti.
৫ৰামিচেচৰ পৰা যাত্ৰা কৰি, ইস্ৰায়েলৰ সন্তান সকলে চুক্কোতত ছাউনি পাতিলে।
6 Wọ́n kúrò ní Sukkoti, wọ́n sì pàgọ́ sí Etamu, ní ẹ̀bá aginjù.
৬আৰু চুক্কোতৰ পৰা যাত্ৰা কৰি, মৰুভূমিৰ দাঁতিত থকা এথমত ছাউনি পাতিলে।
7 Wọ́n kúrò ní Etamu, wọ́n padà sí Pi-Hahirotu sí ìlà-oòrùn Baali-Ṣefoni, wọ́n sì pàgọ́ sí ẹ̀bá Migdoli.
৭আৰু এথমৰ পৰা যাত্ৰা কৰি, বাল-চফোনৰ আগত থকা পী-হহীৰোতলৈ ঘূৰি আহি মিগদোলৰ সন্মুখত ছাউনি পাতিলে।
8 Wọ́n sì dìde láti lọ kúrò ní iwájú Pi-Hahirotu, wọ́n sì la àárín òkun kọjá lọ sí aginjù. Wọ́n sì rin ìrìn ọjọ́ mẹ́ta ní aginjù Etamu, wọ́n sì pàgọ́ sí Mara.
৮তেতিয়া পী-হহীৰোতৰ সন্মুখৰ পৰা যাত্ৰা কৰি, সমুদ্ৰৰ মাজেদি গৈ মৰুভূমিত সোমাল আৰু এথন অৰণ্যত তিন দিনৰ বাট যাত্ৰা কৰি, মাৰাত ছাউনি পাতিলে।
9 Wọ́n kúrò ní Mara wọ́n sì lọ sí Elimu, níbi tí orísun omi méjìlá àti igi ọ̀pẹ àádọ́rin gbé wà, wọ́n sì pàgọ́ níbẹ̀.
৯আৰু মাৰাৰ পৰা যাত্ৰা কৰি, এলীম পালে; এলীমত বাৰটা জলৰ ভূমূক আৰু ষাঠী জোপা খাজুৰ গছ আছিল; তেওঁলোকে সেই ঠাইত ছাউনি পাতিলে।
10 Wọ́n kúrò ní Elimu wọ́n sì pàgọ́ sí ẹ̀bá Òkun Pupa.
১০পাছত এলীমৰ পৰা যাত্ৰা কৰি, চূফ সাগৰৰ ওচৰত ছাউনি পাতিলে।
11 Wọ́n kúrò ní ẹ̀bá Òkun Pupa wọ́n sì pàgọ́ sínú aginjù Sini.
১১আৰু চূফ সাগৰৰ পৰা যাত্ৰা কৰি, চীন অৰণ্যত ছাউনি পাতিলে।
12 Wọ́n kúrò nínú aginjù Sini wọ́n sì pàgọ́ sí aginjù Dofka.
১২পাছত চীন মৰুভূমিৰ পৰা যাত্ৰা কৰি দফকাত ছাউনি পাতিলে।
13 Wọ́n kúrò ní Dofka wọ́n sì pàgọ́ ní Aluṣi.
১৩আৰু দফকাৰ পৰা যাত্ৰা কৰি, আলূচত ছাউনি পাতিলে।
14 Wọ́n kúrò ní Aluṣi wọ́n sì pàgọ́ ní Refidimu níbi tí kò sí omi fún àwọn ènìyàn náà láti mu.
১৪আৰু আলূচৰ পৰা যাত্ৰা কৰি, ৰফীদীমত ছাউনি পাতিলে; সেই ঠাইত লোকসকলৰ খাবলৈ পানী নাছিল।
15 Wọ́n kúrò ní Refidimu wọ́n sì pàgọ́ ní aginjù Sinai.
১৫পাছত তেওঁলোকে ৰফীদীমৰ পৰা যাত্ৰা কৰি, চীনয় মৰুভূমিত ছাউনি পাতিলে।
16 Wọ́n kúrò ní aginjù Sinai wọ́n sì pàgọ́ ní Kibirotu-Hattaafa.
১৬আৰু চীনয় মৰুভূমিৰ পৰা যাত্ৰা কৰি, কিব্ৰোৎ-হত্তাবাত ছাউনি পাতিলে।
17 Wọ́n kúrò ní Kibirotu-Hattaafa wọ́n sì pàgọ́ ní Haserotu.
১৭আৰু কিব্ৰোৎ-হত্তাবাৰ পৰা যাত্ৰা কৰি, হচেৰোতত ছাউনি পাতিলে।
18 Wọ́n kúrò ní Haserotu wọ́n sì pàgọ́ ní Ritma.
১৮আৰু হচেৰোতৰ পৰা যাত্ৰা কৰি, ৰিৎমাত ছাউনি পাতিলে।
19 Wọ́n kúrò ní Ritma wọ́n sì pàgọ́ ní Rimoni-Peresi.
১৯আৰু ৰিৎমাৰ পৰা যাত্ৰা কৰি, ৰিম্মোন-পেৰচত ছাউনি পাতিলে।
20 Wọ́n kúrò ní Rimoni-Peresi wọ́n sì pàgọ́ ní Libina.
২০আৰু ৰিম্মোন-পেৰচৰ পৰা যাত্ৰা কৰি, লিবনাত ছাউনি পাতিলে।
21 Wọ́n kúrò ní Libina wọ́n sì pàgọ́ ní Rissa.
২১আৰু লিবনাৰ পৰা যাত্ৰা কৰি, ৰিচ্ছাত ছাউনি পাতিলে।
22 Wọ́n kúrò ní Rissa wọ́n sì pàgọ́ ní Kehelata.
২২আৰু ৰিচ্ছাৰ পৰা যাত্ৰা কৰি, কহেলাথাত ছাউনি পাতিলে।
23 Wọ́n kúrò ní Kehelata wọ́n sì pàgọ́ ní orí òkè Ṣeferi.
২৩আৰু কহেলাথাৰ পৰা যাত্ৰা কৰি, চেফৰ পৰ্ব্বতত ছাউনি পাতিলে।
24 Wọ́n kúrò lórí òkè Ṣeferi wọ́n sì pàgọ́ ní Harada.
২৪পাছত তেওঁলোকে চেফৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, হৰাদাত ছাউনি পাতিলে।
25 Wọ́n kúrò ní Harada wọ́n sì pàgọ́ ní Makhelotu.
২৫আৰু হৰাদাৰ পৰা যাত্ৰা কৰি, মখেলোতত ছাউনি পাতিলে।
26 Wọ́n kúrò ní Makhelotu wọ́n sì pàgọ́ ní Tahati.
২৬আৰু মখেলোতৰ পৰা যাত্ৰা কৰি, তহতত ছাউনি পাতিলে।
27 Wọ́n kúrò ní Tahati wọ́n sì pàgọ́ ní Tẹra.
২৭আৰু তহতৰ পৰা যাত্ৰা কৰি, তেৰহত ছাউনি পাতিলে।
28 Wọ́n kúrò ní Tẹra wọ́n sì pàgọ́ ní Mitka.
২৮আৰু তেৰহৰ পৰা যাত্ৰা কৰি, মিৎকাত ছাউনি পাতিলে।
29 Wọ́n kúrò ní Mitka wọ́n pàgọ́ ní Haṣmona.
২৯আৰু মিৎকাৰ পৰা যাত্ৰা কৰি, হচমোনাত ছাউনি পাতিলে।
30 Wọ́n kúrò ní Haṣmona wọ́n sì pàgọ́ ní Moserotu.
৩০আৰু হচমোনাৰ পৰা যাত্ৰা কৰি, মোচেৰোতত ছাউনি পাতিলে।
31 Wọ́n kúrò ní Moserotu wọ́n sì pàgọ́ ní Bene-Jaakani.
৩১আৰু মোচেৰোতৰ পৰা যাত্ৰা কৰি, বনেই-যাকনত ছাউনি পাতিলে।
32 Wọ́n kúrò ní Bene-Jaakani wọ́n sì pàgọ́ ní Hori-Haggidgadi.
৩২আৰু বনেই-যাকনৰ পৰা যাত্ৰা কৰি, হোৰহগ্গিদগদত ছাউনি পাতিলে।
33 Wọ́n kúrò ní Hori-Haggidgadi wọ́n sí pàgọ́ ní Jotbata.
৩৩আৰু হোৰহগ্গিদগদৰ পৰা যাত্ৰা কৰি, যটবাথাত ছাউনি পাতিলে।
34 Wọ́n kúrò ní Jotbata wọ́n sì pàgọ́ ní Abrona.
৩৪আৰু যটবাথাৰ পৰা যাত্ৰা কৰি, অব্ৰোণাত ছাউনি পাতিলে।
35 Wọ́n kúrò ní Abrona wọ́n sì pàgọ́ ní Esioni-Geberi.
৩৫আৰু অব্ৰোণাৰ পৰা যাত্ৰা কৰি, ইচিয়োন-গেবৰত ছাউনি পাতিলে।
36 Wọ́n kúrò ní Esioni-Geberi wọ́n sì pàgọ́ ní Kadeṣi nínú aginjù Sini.
৩৬আৰু ইচিয়োন-গেবৰৰ পৰা যাত্ৰা কৰি, ছিন মৰুভূমিত থকা কাদেচত ছাউনি পাতিলে।
37 Wọ́n kúrò ní Kadeṣi wọ́n sì pàgọ́ ní orí òkè Hori, lẹ́bàá Edomu.
৩৭আৰু কাদেচৰ পৰা যাত্ৰা কৰি, ইদোম দেশৰ কাষত থকা হোৰ পৰ্ব্বতত ছাউনি পাতিলে।
38 Nípa àṣẹ Olúwa, Aaroni àlùfáà gùn orí òkè Hori, níbẹ̀ ni ó kú. Ní ọjọ́ kìn-ín-ní oṣù karùn-ún, ọdún ogójì, lẹ́yìn tí àwọn ọmọ Israẹli ti ilẹ̀ Ejibiti jáde wá.
৩৮এই সময়ত হাৰোণ পুৰোহিত যিহোৱাৰ আজ্ঞা অনুসাৰে হোৰ পৰ্ব্বতত উঠি, মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকল ওলাই অহাৰ চল্লিশ বছৰৰ পঞ্চম মাহৰ প্ৰথম দিনা সেই ঠাইতে মৰিল।
39 Aaroni jẹ́ ẹni ọgọ́fà ọdún ó lé mẹ́ta ní ìgbà tí ó kú sí orí òkè Hori.
৩৯হোৰ পৰ্ব্বতত হাৰোণ মৰা সময়ত, তেওঁৰ এশ তেইশ বছৰ বয়স হৈছিল।
40 Àwọn ará Kenaani, ọba Aradi, tí ń gbé ìhà gúúsù ní ilẹ̀ Kenaani gbọ́ pé àwọn ọmọ Israẹli ń bọ̀.
৪০আৰু কনানৰ দক্ষিণ মৰুভূমিত থকা অৰাদৰ কনানীয়া ৰজাই ইস্ৰায়েলৰ সন্তান সকল অহা সম্বাদ পালে।
41 Wọ́n kúrò ní orí òkè Hori, wọ́n sì pàgọ́ ní Salmona.
৪১পাছত তেওঁলোকে হোৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, চল্মোনাত ছাউনি পাতিলে।
42 Wọ́n kúrò ní Salmona wọ́n sì pàgọ́ ní Punoni.
৪২আৰু চল্মোনাৰ পৰা যাত্ৰা কৰি, পুনোনত ছাউনি পাতিলে।
43 Wọ́n kúrò ní Punoni wọ́n sì pàgọ́ ní Obotu.
৪৩আৰু পুনোনৰ পৰা যাত্ৰা কৰি, এবোতত ছাউনি পাতিলে।
44 Wọ́n kúrò ní Obotu wọ́n sì pàgọ́ ní Iye-Abarimu, ní agbègbè Moabu.
৪৪আৰু এবোতৰ পৰা যাত্ৰা কৰি, মোৱাবৰ সীমাৰ ওচৰত থকা ইয়ে-অবাৰীমত ছাউনি পাতিলে।
45 Wọ́n kúrò ní Iyimu, wọ́n sì pàgọ́ ní Diboni-Gadi.
৪৫আৰু ইয়ীমৰ পৰা যাত্ৰা কৰি, দীবোন-গাদত ছাউনি পাতিলে।
46 Wọ́n kúrò ní Diboni-Gadi wọ́n sì pàgọ́ ní Alimon-Diblataimu.
৪৬আৰু দীবোন-গাদৰ পৰা যাত্ৰা কৰি, অল্মোনদিব্লাথয়িমত ছাউনি পাতিলে।
47 Wọ́n kúrò ní Alimon-Diblataimu wọ́n sì pàgọ́ sí orí òkè Abarimu lẹ́bàá Nebo.
৪৭আৰু অল্মোনদিব্লাথয়িমৰ পৰা যাত্ৰা কৰি, নবোৰ সন্মুখত থকা অবাৰীম পৰ্ব্বতৰ মাজত ছাউনি পাতিলে।
48 Wọ́n kúrò ní orí òkè Abarimu wọ́n sì pàgọ́ ní pẹ̀tẹ́lẹ̀ Moabu lẹ́bàá Jordani ní ìkọjá Jeriko.
৪৮আৰু অবাৰীম পৰ্ব্বতবোৰৰ পৰা যাত্ৰা কৰি, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ছাউনি পাতিলে।
49 Níbí ní pẹ̀tẹ́lẹ̀ Moabu wọ́n pàgọ́ lẹ́gbẹ́ Jordani láti Beti-Jeṣimoti títí dé Abeli-Ṣittimu.
৪৯আৰু তেওঁলোকে যৰ্দ্দনৰ ওচৰত বৈৎ-যিচীমোতৰ পৰা আবেল-চিটীমলৈকে মোৱাবৰ সমথলত ছাউনি পাতিলে।
50 Ní pẹ̀tẹ́lẹ̀ Moabu, lẹ́bàá Jordani, létí Jeriko, Olúwa sọ fún Mose pé,
৫০তেতিয়া যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত যিহোৱাই মোচিক ক’লে,
51 “Sọ fún àwọn ọmọ Israẹli kí o sì wí fún wọn pé, ‘Ní ìgbà tí ẹ̀yin bá ń rékọjá odò Jordani lọ sí Kenaani,
৫১“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘তোমালোকে যেতিয়া যৰ্দ্দন পাৰহৈ কনান দেশত সোমাবা,
52 lé gbogbo àwọn ará ilẹ̀ náà kúrò níwájú yín. Run gbogbo àwòrán ère wọn àti gbogbo ère dídá wọn, kí ẹ sì wó gbogbo ibi gíga wọn palẹ̀.
৫২তেতিয়া তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা। আৰু তেওঁলোকৰ সকলো নক্সা কটা শিলবোৰ আৰু আটাই সাঁচত ঢলা প্ৰতিমাবোৰ নষ্ট কৰিবা আৰু তেওঁলোকৰ আটাই ওখ ঠাইবোৰ উচ্ছন্ন কৰিবা।
53 Ẹ gba ilẹ̀ náà, kí ẹ̀yin sì máa gbé inú rẹ̀, nítorí èmi ti fi ilẹ̀ náà fún yín gẹ́gẹ́ bí ìní yín.
৫৩আৰু তোমালোকে সেই দেশ অধিকাৰ কৰি, তাৰ মাজত বাস কৰিবা; কিয়নো মই উত্তৰাধিকাৰৰ অৰ্থে সেই দেশ তোমালোকক দিলোঁ।
54 Ẹ̀yin pín ilẹ̀ náà pẹ̀lú kèké, gẹ́gẹ́ bí ìdílé yín. Fún ọ̀pọ̀ ni kí ẹ̀yin ó fi ilẹ̀ ìní púpọ̀ fún, àti fún díẹ̀, ni kí ẹ̀yin kí ó fi ilẹ̀ ìní díẹ̀ fún. Ohunkóhun tí ó bá bọ́ sí ọ̀dọ̀ wọn nípa kèké yóò jẹ́ tiwọn. Pín wọn gẹ́gẹ́ bí ẹ̀yà ìran wọn.
৫৪আৰু তোমালোকে চিঠি-খেলেৰে নিজ নিজ গোষ্ঠী অনুসাৰে দেশ অধিকাৰ কৰি ল’বা; অধিকক অধিক উত্তৰাধীকাৰ আৰু তাকৰক কম উত্তৰাধীকাৰ দিবা; আৰু যাৰ ভাগ যি ঠাইত পৰে, তাৰ ভাগ সেই ঠাইতে হ’ব; তোমালোকে নিজ নিজ পিতৃ-বংশ অনুসাৰে তাক অধিকাৰ কৰি ল’বা।
55 “‘Ṣùgbọ́n bí ẹ kò bá lé àwọn ará ilẹ̀ náà kúrò níwájú yín, àwọn tí ẹ bá jẹ́ kí ó kù yóò di ọfà nínú ojú yín, àti ẹ̀gún ní ìhà yín. Wọn yóò fún yín ní wàhálà ní ilẹ̀ náà tí ẹ̀yin yóò gbé.
৫৫কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসীসকলক দূৰ নকৰা, তেন্তে তোমালোকে যিসকলক অৱশিষ্ট ৰাখিবা, তেওঁলোকেই তোমালোকৰ চকুত কাঁইট আৰু তোমালোকৰ গাৰ কাষত হুলস্বৰূপ হ’ব আৰু তোমালোকে নিবাস কৰা সেই দেশত তেওঁলোকে তোমালোকক ক্লেশ দিব।
56 Nígbà náà, èmi yóò ṣe sí yín, ohun tí mo ti rò láti ṣe sí wọn.’”
৫৬আৰু মই তেওঁলোকলৈ যি কৰিবৰ মন কৰিছোঁ, তাক তোমালোকলৈ কৰিম’।”