< Numbers 29 >

1 “‘Ní ọjọ́ kìn-ín-ní, oṣù keje, kí ẹ ní àpéjọ mímọ́, ẹ kò gbọdọ̀ ṣe iṣẹ́ kankan. Ọjọ́ ìfùnpè ni ó jẹ́ fún yín.
আৰু সপ্তম মাহত, মাহৰ প্ৰথম দিনা যিহোৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকৰ কোনো দৈনন্দিন ব্যৱসায় কৰ্ম নকৰিবা। সেই দিনা তোমালোকৰ তূৰী বজোৱা দিন হ’ব।
2 Gẹ́gẹ́ bí òórùn dídùn sí Olúwa, ẹ pèsè ẹgbọrọ akọ màlúù kan, àgbò kan àti akọ ọ̀dọ́-àgùntàn ọlọ́dún kan aláìlábùkù, kí ẹ fi ẹbọ sísun.
সেই দিনা তোমালোকে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলিস্বৰূপে এটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা নিঘূণ এবছৰীয়া মতা মেৰ পোৱালি ৰাখিবা।
3 Pẹ̀lú ẹbọ ohun jíjẹ wọn, ìyẹ̀fun kíkúnná tí a fi òróró pò, ìdámẹ́ta nínú mẹ́wàá òsùwọ̀n fún akọ màlúù kan, àti ìdá méjì nínú mẹ́wàá, òsùwọ̀n fún àgbò kan,
আৰু সেই দমৰা গৰুটোৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ,
4 àti ìdámẹ́wàá òsùwọ̀n fún ọ̀dọ́-àgùntàn kan, àti fún ọ̀dọ́-àgùntàn méje.
আৰু মেৰ পোৱালিৰ সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা।
5 Àti òbúkọ kan fún ẹbọ ẹ̀ṣẹ̀ láti ṣètùtù fún yín.
আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা।
6 Pẹ̀lú ẹbọ sísun oṣù àti ẹbọ ohun jíjẹ rẹ̀ àti ẹbọ sísun ìgbà gbogbo àti ẹbọ mímu wọn gẹ́gẹ́ bí ìlànà wọn. Fún òórùn dídùn, ẹbọ tí a fi iná ṣe sí Olúwa.
নতুন জোনৰ হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য, নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও, সেইবোৰৰ বিধিমতে তোমালোকে সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে সেই সকলোকে উৎসৰ্গ কৰিবা।
7 “‘Ní ọjọ́ kẹwàá nínú oṣù keje, kí ẹ ṣe àpéjọ mímọ́. Kí ẹ̀yin kí ó sẹ́ ara yín, ẹ kò sì gbọdọ̀ ṣe iṣẹ́ kankan.
সেই সপ্তম মাহৰ দশম দিনা যিহোৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে নিজ নিজ প্ৰাণক দুখ দিবা আৰু কোনো কাৰ্য নকৰিবা।
8 Kí ẹ̀yin kí ó rú ẹbọ sísun olóòórùn dídùn sí Olúwa, ẹgbọrọ akọ màlúù kan, àgbò kan, àti akọ ọ̀dọ́-àgùntàn méje ọlọ́dún kan, kí wọn kí ó sì jẹ́ aláìlábùkù fún yín.
কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলি স্বৰূপে এটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ নিঘূণ পশু হ’ব লাগিব।
9 Pẹ̀lú akọ màlúù, pèsè ọrẹ ìdámẹ́wàá mẹ́ta, òsùwọ̀n ìyẹ̀fun tí a fi òróró pò àti ìdámẹ́wàá méjì òsùwọ̀n fún àgbò kan,
আৰু দমৰা গৰুটোৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ,
10 àti fún ọ̀dọ́-àgùntàn kọ̀ọ̀kan, ìdámẹ́wàá òsùwọ̀n.
১০আৰু মেৰ পোৱালি সাঁতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব।
11 Pẹ̀lú akọ ewúrẹ́ kan fún ẹbọ ẹ̀ṣẹ̀, pẹ̀lú ẹbọ ẹ̀ṣẹ̀ fún ètùtù àti ẹbọ sísun gbogbo ìgbà àti ẹbọ jíjẹ rẹ̀ àti ẹbọ mímu wọn.
১১আৰু পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। প্ৰায়শ্চিত্তৰ পাপাৰ্থক বলিৰ, নিত্য হোম বলিৰ, তাৰ ভক্ষ্য নৈবেদ্যৰ আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও, এই সকলোকে উৎসৰ্গ কৰিবা।
12 “‘Ní ọjọ́ kẹ́ẹ̀dógún oṣù keje, kí ẹ̀yin kí ó ní àpéjọ mímọ́, ẹ̀yin kò sì gbọdọ̀ ṣe iṣẹ́ kankan. Kí ẹ̀yin kí ó sì ṣe àjọyọ̀ fún Olúwa fún ọjọ́ méje.
১২আৰু সপ্তম মাহৰ পঞ্চদশ দিনা যিহোৱাৰ সন্মানৰ উদ্দেশ্যে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায় কৰ্ম নকৰিবা আৰু তোমালোকে সাত দিনলৈকে যিহোৱাৰ উদ্দেশ্যে উৎসৱ পালন কৰিবা।
13 Kí ẹ sì rú ẹbọ sísun kan, ẹbọ tí a fi iná ṣe, tí ó ní òórùn dídùn sí Olúwa, ẹbọ tí ẹgbọrọ akọ màlúù mẹ́tàlá, àgbò méjì àti akọ ọ̀dọ́-àgùntàn mẹ́rìnlá tí ó jẹ́ ọdún kan, tí gbogbo rẹ̀ sì jẹ́ aláìlábùkù.
১৩আৰু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰস্বৰূপে হোম-বলিৰ কাৰণে তেৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ প্রত্যেকটিয়েই নিৰ্ঘূণী পশু হ’ব লাগিব।
14 Àti ẹbọ ohun jíjẹ wọn, ìyẹ̀fun tí a fi òróró pò, ìdámẹ́wàá mẹ́ta òsùwọ̀n fún akọ màlúù kan, bẹ́ẹ̀ ni fún akọ màlúù mẹ́tẹ̀ẹ̀tàlá, ìdámẹ́wàá méjì òsùwọ̀n fún àgbò kan, bẹ́ẹ̀ ni fún àgbò méjèèjì,
১৪আৰু দমৰা গৰু তেৰটাৰ প্ৰত্যেক গৰুৰ কাৰণে দহ ভাগৰ তিনি ভাগ আৰু মতা মেৰ দুটাৰ প্ৰত্যেক মেৰৰ কাৰণে দহ ভাগৰ দুভাগ,
15 àti fún ọ̀kọ̀ọ̀kan ọ̀dọ́-àgùntàn kan. Bẹ́ẹ̀ ni fún ọ̀dọ́-àgùntàn mẹ́rẹ̀ẹ̀rìnlá.
১৫আৰু মতা মেৰ পোৱালি চৌধ্যটাৰ প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব।
16 Àti akọ ewúrẹ́ kan gẹ́gẹ́ bí ẹbọ ẹ̀ṣẹ̀, pẹ̀lú ẹbọ sísun gbogbo ìgbà ẹbọ ohun jíjẹ àti ẹbọ ohun mímu rẹ̀.
১৬আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
17 “‘Àti ní ọjọ́ kejì ni kí ẹ̀yin kí ó fi ẹgbọrọ akọ màlúù méjìlá, àgbò méjì àti ọ̀dọ́-àgùntàn mẹ́rìnlá ọlọ́dún kan aláìlábùkù rú ẹbọ.
১৭আৰু পবিত্র সভাৰ দ্বিতীয় দিনা বাৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।
18 Pẹ̀lú fún akọ màlúù, fún àgbò, àti fún ọ̀dọ́-àgùntàn kí ẹ pe ẹbọ ohun jíjẹ, àti ẹbọ ohun mímu, kí ó jẹ́ bí iye wọn, gẹ́gẹ́ bí ìlànà.
১৮আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব; আৰু পাপাৰ্থক বলিৰ নিমিত্তে এটা মতা ছাগলী আজ্ঞা দিয়াৰ দৰেই উৎসৰ্গ কৰিবা।
19 Àti òbúkọ fún ẹbọ ẹ̀ṣẹ̀ pẹ̀lú ẹbọ sísun gbogbo ìgbà pẹ̀lú ẹbọ jíjẹ àti ẹbọ ohun mímu.
১৯নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
20 “‘Ní ọjọ́ kẹta, pèsè akọ màlúù mọ́kànlá, àgbò méjì, akọ àgùntàn mẹ́rìnlá ti ọdún kan tí kò ní àbùkù.
২০আৰু পবিত্র সভাৰ তৃতীয় দিনা এঘাৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা, আৰু সেইবোৰ নিঘূণ পশু হ’ব লাগিব।
21 Pẹ̀lú akọ màlúù, àgbò, àti akọ àgùntàn, pèsè ọrẹ ohun jíjẹ àti ohun mímu gẹ́gẹ́ bí iye wọn.
২১আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
22 Pẹ̀lú akọ ewúrẹ́ kan fún ẹbọ ẹ̀ṣẹ̀, àti ẹbọ sísun ìgbà gbogbo pẹ̀lú ẹbọ jíjẹ àti ẹbọ mímu.
২২আৰু পাপাৰ্থক বলিৰ অৰ্থে এটা মতা ছাগলী, উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
23 “‘Ní ọjọ́ kẹrin, pèsè akọ màlúù mẹ́wàá, àgbò méjì, àti ọ̀dọ́-àgùntàn mẹ́rìnlá ti ọlọ́dún kọ̀ọ̀kan tí kò ní àbùkù.
২৩আৰু পবিত্র সভাৰ চতুৰ্থ দিনা দহোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণী মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।
24 Àti akọ màlúù, àgbò àti àgùntàn, pèsè ẹbọ jíjẹ àti ẹbọ mímu gẹ́gẹ́ bí iye wọn, gẹ́gẹ́ bí ìlànà.
২৪আৰু দমৰা গৰুৰ, মেৰৰ, আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
25 Àti akọ ewúrẹ́ kan fún ẹbọ ẹ̀ṣẹ̀ pẹ̀lú ẹbọ sísun gbogbo ìgbà, pẹ̀lú ẹbọ jíjẹ àti ẹbọ ohun mímu.
২৫আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
26 “‘Àti ní ọjọ́ karùn-ún, pèsè akọ màlúù mẹ́sàn-án, àgbò méjì àti akọ ọ̀dọ́-àgùntàn mẹ́rìnlá ti ọlọ́dún kọ̀ọ̀kan, tí gbogbo rẹ̀ kò ní àbùkù.
২৬আৰু পঞ্চম দিনা নটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া নিঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা, আৰু প্রত্যেকটি নিঘুণ পশু হ’ব লাগিব।
27 Pẹ̀lú akọ màlúù, àgbò àti ọ̀dọ́-àgùntàn, pèsè ẹbọ ohun jíjẹ àti ẹbọ ohun mímu gẹ́gẹ́ bí iye wọn sí ìlànà.
২৭আৰু দমৰা গৰুৰ, মেৰৰ, মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব;
28 Àti akọ ewúrẹ́ kan gẹ́gẹ́ bí ẹbọ ẹ̀ṣẹ̀ pẹ̀lú ẹbọ sísun ìgbà gbogbo pẹ̀lú ẹbọ ohun jíjẹ àti ẹbọ ohun mímu.
২৮আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
29 “‘Ní ọjọ́ kẹfà, pèsè akọ màlúù mẹ́jọ, àgbò ọlọ́dún kan tí gbogbo rẹ̀ kò ní àbùkù.
২৯আৰু পবিত্র সভাৰ ষষ্ঠ দিনা আঠোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।
30 Pẹ̀lú akọ màlúù, àgbò, àti ọ̀dọ́-àgùntàn, pèsè ẹbọ ohun jíjẹ àti ẹbọ ohun mímu gẹ́gẹ́ bí iye wọn.
৩০আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
31 Pẹ̀lú akọ ewúrẹ́ kan gẹ́gẹ́ bí ẹbọ ẹ̀ṣẹ̀, pẹ̀lú ẹbọ sísun gbogbo ìgbà pẹ̀lú ẹbọ ohun jíjẹ àti ẹbọ ohun mímu.
৩১আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
32 “‘Àti ní ọjọ́ keje, pèsè akọ màlúù méje, àgbò méjì, àti akọ ọ̀dọ́-àgùntàn mẹ́rìnlá ti ọlọ́dún kan, tí gbogbo rẹ̀ kò sì ní àbùkù.
৩২আৰু সপ্তম দিনা সাতোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌধ্যটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।
33 Pẹ̀lú akọ màlúù, àgbò, àti ọ̀dọ́-àgùntàn, pèsè ẹbọ ohun jíjẹ àti ẹbọ ohun mímu fún wọn gẹ́gẹ́ bí iye wọn.
৩৩আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
34 Pẹ̀lú akọ ewúrẹ́ kan fún ẹbọ ẹ̀ṣẹ̀, pẹ̀lú ẹbọ sísun gbogbo ìgbà, pẹ̀lú ẹbọ ohun jíjẹ àti ẹbọ ohun mímu.
৩৪আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্যবোৰৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
35 “‘Àti ní ọjọ́ kẹjọ kí ẹ̀yin kó ní àpéjọ, kí ẹ má sì ṣe iṣẹ́ kankan.
৩৫অষ্টম দিনা তোমালোকৰ আৰু এখন ধৰ্মীয় সভা হ’ব। সেইদিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায়ৰ কৰ্ম নকৰিবা।
36 Kí ẹ̀yin ṣe ìgbékalẹ̀ ẹbọ tí a fi iná ṣe tí ó ní òórùn dídùn sí Olúwa, ẹbọ sísun ti akọ màlúù kan, àgbò ọlọ́dún kan àti ọ̀dọ́-àgùntàn ọlọ́dún kan méje, gbogbo rẹ̀ tí kò ní àbùkù.
৩৬কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ স্বৰূপে হোম বলিৰ কাৰণে এটা দমৰা গৰু এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিঘূণ পশু হ’ব লাগিব।
37 Pẹ̀lú akọ màlúù, àgbò, àti ọ̀dọ́-àgùntàn, pèsè fún wọn ẹbọ ohun jíjẹ àti ẹbọ ohun mímu gẹ́gẹ́ bí iye wọn.
৩৭আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব।
38 Àti akọ ewúrẹ́ kan fún ẹbọ ẹ̀ṣẹ̀ pẹ̀lú ẹbọ sísun gbogbo ìgbà àti ẹbọ ohun jíjẹ àti ẹbọ ohun mímu.
৩৮আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।
39 “‘Pẹ̀lú ẹ̀jẹ́ yín, àti ẹbọ àtinúwá yín, kí ẹ̀yin kí o pèsè fún Olúwa ní àjọ̀dún tí a yàn yín, ẹbọ sísun, ẹbọ ohun jíjẹ, ẹbọ ohun mímu àti ẹbọ ìkẹ́gbẹ́ yín.’”
৩৯সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া আৰু ইচ্ছামতে এনেই দিয়া তোমালোকৰ উপহাৰৰ বাহিৰে, তোমালোকৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ কাৰণে আৰু তোমালোকৰ মঙ্গলাৰ্থক বলিৰ কাৰণে এইবোৰ তোমালোকৰ নিজৰ নিৰূপিত পৰ্ব্ববোৰত যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।”
40 Mose sì sọ fún àwọn ọmọ Israẹli gbogbo ohun tí Olúwa ti pàṣẹ fún un.
৪০মোচিয়ে যিহোৱাৰ পৰা পোৱা সকলো আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলক এই সকলো কথা ক’লে।

< Numbers 29 >