< Numbers 25 >
1 Nígbà tí àwọn Israẹli dúró ní Ṣittimu, àwọn ènìyàn sì bẹ̀rẹ̀ sí í ṣe àgbèrè pẹ̀lú àwọn ọmọbìnrin Moabu,
১পাছত ইস্ৰায়েলে চিটীমত বাস কৰিলে আৰু লোকসকলে মোৱাবৰ জীয়ৰীসকলেৰে সৈতে ব্যভিচাৰ কৰিবলৈ ধৰিলে,
2 tí ó pè wọ́n sí ibi ẹbọ òrìṣà wọn. Àwọn ènìyàn náà jẹun wọ́n sì foríbalẹ̀ níwájú òrìṣà wọn.
২কিয়নো সেই জীয়ৰীসকলে তেওঁলোকক নিজ দেৱতাৰ বলিদান দিয়াবলৈ মাতিছিল। তেতিয়া লোকসকলে ভোজন কৰি তেওঁলোকৰ দেৱতাৰ আগত প্ৰণিপাত কৰিলে।
3 Báyìí ni Israẹli ṣe darapọ̀ mọ́ wọn tí wọ́n sì jọ ń sin Baali-Peori. Ìbínú Olúwa sì ru sí wọn.
৩ইস্ৰায়েল পিয়োৰৰ বাল দেৱতাত আসক্ত হোৱাত, ইস্ৰায়েলৰ অহিতে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল।
4 Olúwa sọ fún Mose pé, “Mú gbogbo àwọn olórí àwọn ènìyàn wọ̀nyí, pa wọ́n kí o sì fi wọ́n kọ́ sórí igi ní gbangba nínú oòrùn níwájú Olúwa, kí ìbínú Olúwa lè kúrò ní ọ̀dọ̀ Israẹli.”
৪যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ ইস্ৰায়েলৰ পৰা গুচিবৰ বাবে, তুমি লোকসকলৰ আটাই মূল মানুহক নি, যিহোৱাৰ উদ্দেশ্যে সূৰ্যৰ সন্মুখত তেওঁলোকক আঁৰি থোৱা।”
5 Mose sọ fún àwọn onídàájọ́ Israẹli, “Ẹnìkọ̀ọ̀kan yín gbọdọ̀ pa arákùnrin rẹ̀ èyí tí ó darapọ̀ ní fífi orí balẹ̀ fún Baali-Peori.”
৫তেতিয়া মোচিয়ে ইস্ৰায়েলৰ বিচাৰকৰ্ত্তাসকলক ক’লে, “তোমালোক প্ৰতিজনে পিয়োৰৰ বাল দেৱতাত আসক্ত হোৱা নিজ লোকসকলক বধ কৰা।”
6 Nítòótọ́ ọ̀kan lára àwọn ọmọkùnrin Israẹli sì mú obìnrin Midiani wá síwájú ojú Mose àti gbogbo ìjọ ti Israẹli wọ́n sì ń sọkún ní àbáwọlé àgọ́ ìpàdé.
৬পাছত ইস্ৰায়েলৰ সন্তান সকলে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ক্ৰন্দন কৰি থাকোঁতে, মোচিৰ আৰু গোটেই সমাজৰ সাক্ষাতে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ এজন পুৰুষে নিজ জ্ঞাতিসকলৰ গুৰিলৈ এজনী মিদিয়নীয়া মহিলাক আনিলে।
7 Nígbà tí Finehasi, ọmọ Eleasari, ọmọ Aaroni, àlùfáà, rí èyí, ó fi ìjọ sílẹ̀, pẹ̀lú ọ̀kọ̀ ní ọwọ́ rẹ̀.
৭তাকে দেখি, হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে সমাজৰ মাজৰ পৰা উঠি হাতত বৰচা ল’লে।
8 Ó sì tẹ̀lé arákùnrin Israẹli yìí lọ sínú àgọ́. Ó sì fi ọ̀kọ̀ gún àwọn méjèèjì ní àgúnyọ láti ara ọkùnrin Israẹli àti sí ara obìnrin náà. Nígbà náà ni àjàkálẹ̀-ààrùn lórí àwọn ọmọ Israẹli sì dúró;
৮সেই ইস্ৰায়েলীয়া পুৰুষৰ পাছে পাছে খেদি গৈ, কোঁঠালিত সোমাই সেই দুই জনক, সেই ইস্ৰায়েলীয়া পুৰুষক আৰু সেই মহিলাগৰাকীৰ পেটত খুচি মাৰিলে। তাতে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা মহামাৰী স্থগিত হ’ল।
9 ṣùgbọ́n gbogbo àwọn tí ó kú nínú àjàkálẹ̀-ààrùn náà jẹ́ ẹgbàá méjìlá.
৯আৰু যিসকল মহামাৰীত মৰিল, তেওঁলোক চব্বিশ হাজাৰ লোক আছিল।
10 Olúwa sì tún sọ fún Mose pé,
১০যিহোৱাই মোচিক ক’লে,
11 “Finehasi ọmọ Eleasari ọmọ Aaroni, àlùfáà, ti yí ìbínú mi padà kúrò lọ́dọ̀ àwọn ọmọ Israẹli, nítorí tí ó ní ìtara bí èmi náà ti ní ìtara fún iyì mi láàrín wọn, kí ó lè jẹ́ pé èmi ló pa wọ́n run nínú ìtara mi sí wọn.
১১“হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে ইস্ৰায়েলৰ মাজত মোৰ অন্তৰ্জ্বালাৰে জ্বলি উঠি ইস্ৰায়েলৰ সন্তান সকলৰ পৰা মোৰ ক্ৰোধ ঘূৰুৱাত মই নিজ অন্তৰ্জ্বালাৰে ইস্ৰায়েলৰ সন্তানসকলক বিনষ্ট নকৰিলোঁ।
12 Nítorí náà sọ fún un pé èmi ṣe májẹ̀mú àlàáfíà mi pẹ̀lú rẹ̀.
১২এই হেতুকে তুমি এই কথা কোৱা, ‘যিহোৱাই কৈছে, চোৱা, মই পিনহচক শান্তিদায়ক নিয়মটিৰ প্ৰতিজ্ঞা সিদ্ধ কৰোঁ;
13 Òun àti irú-ọmọ rẹ̀ yóò ní májẹ̀mú láéláé fún iṣẹ́ àlùfáà, nítorí pé ó ní ìtara fún Ọlọ́run rẹ̀ láti fi yẹ́ Ọlọ́run sí, ó sì ṣe ètùtù fún àwọn ọmọ Israẹli.”
১৩সেয়ে তেওঁৰ পক্ষে আৰু তেওঁৰ ভাবি-বংশৰ পক্ষেও চিৰস্থায়ী পুৰোহিত পদৰ নিয়ম হ’ব; কিয়নো তেওঁ নিজ ঈশ্বৰৰ পক্ষে অন্তৰ্জ্বালাৰে জ্বলিছিল আৰু ইস্ৰায়েলৰ সন্তানসকলক প্ৰায়শ্চিত্ত কৰিলে।”
14 Orúkọ ọmọ Israẹli tí a pa pẹ̀lú obìnrin Midiani náà ni Simri, ọmọ Salu, olórí ilé kan nínú àwọn ọmọ Simeoni.
১৪হত হোৱা যি ইস্ৰায়েলীয়া পুৰুষক সেই মিদিয়নীয়া তিৰোতাৰ লগত বধ কৰা হৈছিল, তেওঁৰ নাম চালূৰ পুতেক জিম্ৰী, তেওঁ চিমিয়োনীয়াসকলৰ পিতৃ-বংশৰ এজন অধ্যক্ষ আছিল।
15 Orúkọ ọmọbìnrin Midiani náà tí a pa ní Kosbi ọmọbìnrin Suri, tí ṣe olóyè àwọn ẹ̀yà kan nínú ìdílé kan ní Midiani.
১৫আৰু সেই হত হোৱা মিদিয়নীয়া মহিলাগৰাকিৰ নাম চূৰৰ জীয়েক কজ্বী, চূৰ মিদিয়নৰ মাজত পিতৃ-বংশৰ লোকসকলৰ মূল মানুহ আছিল।
16 Olúwa sì tún sọ fún Mose pé,
১৬গতিকে যিহোৱাই মোচিক কৈছিল আৰু ক’লে,
17 “Ka àwọn ará Midiani sí ọ̀tá, kí o sì pa wọ́n,
১৭“তুমি মিদিয়নীয়া লোকসকললৈ শত্ৰুতা আচৰণ কৰি সিহঁতক প্ৰহাৰ কৰা।
18 nítorí pé wọ́n ṣe sí yín gẹ́gẹ́ bí ọ̀tá nígbà tí wọ́n tàn yín nípa ìṣẹ̀lẹ̀ Peori, àti arábìnrin wọn Kosbi ọmọbìnrin ìjòyè Midiani kan, obìnrin tí a pa nígbà tí àjàkálẹ̀-ààrùn ṣẹlẹ̀ nítorí Peori.”
১৮কিয়নো পিয়োৰ দেৱতাৰ বিষয়ে আৰু সেই পিয়োৰৰ কাৰণে মহামাৰীৰ দিনা হত হোৱা তেওঁলোকৰ নিজ জাতিৰ কজ্বী নামেৰে মিদিয়নীয়া অধ্যক্ষৰ জীয়েকৰ বিষয়েও তেওঁলোকে তোমালোকক প্ৰতাৰণা কৰি ছলেৰে তোমালোকলৈ শত্ৰুতা আচৰণ কৰিলে।”