< Numbers 23 >

1 Balaamu wí fún Balaki pé, “Kọ́ pẹpẹ méje fún mi níbí, kí o sì mú akọ màlúù méje àti àgbò méje wá fún mi.”
বিলিয়মে বালাকক ক’লে, “তুমি এই ঠাইত মোৰ কাৰণে সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰোঁৱা আৰু এই ঠাইতে মোৰ বাবে সাতোটা ভতৰা আৰু সাতোটা মতা মেৰ আয়োজন কৰা।”
2 Balaki ṣe bí Balaamu ti sọ, àwọn méjèèjì fi akọ màlúù kọ̀ọ̀kan àti àgbò kọ̀ọ̀kan rú ẹbọ lórí pẹpẹ kọ̀ọ̀kan.
বালাকে বিলিয়মৰ কথাৰ দৰেই কৰিলে। তেতিয়া বালাক আৰু বিলিয়মে প্রত্যেকটা যজ্ঞবেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে।
3 Nígbà náà Balaamu sọ fún Balaki pé, “Dúró ti ẹbọ sísun rẹ kí èmi sì lọ sí ẹ̀gbẹ́ kan. Bóyá Olúwa yóò farahàn mí. Ohunkóhun tí ó bá fihàn mí, èmi yóò wí fún ọ.” Nígbà náà ó sì lọ sí ibi gíga.
তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি তোমাৰ হোম বলিৰ ওচৰত থিয় হোৱা, মই যাওঁ। কিজানি যিহোৱাই মোৰে সৈতে সাক্ষাৎ কৰিব। সেয়ে হলে তেওঁ মোক যিহকে দেখুৱাই, তাকেই মই তোমাক ক’ম।” পাছে তেওঁ গছ-গছনি নথকা এনে এখন ওখ ঠাইলৈ গ’ল।
4 Ọlọ́run sì pàdé rẹ̀, Balaamu sì sọ pé, “Mo tí ṣe pẹpẹ méje, lórí pẹpẹ kọ̀ọ̀kan mo ti fi akọ màlúù àti àgbò kọ̀ọ̀kan rú ẹbọ.”
তেতিয়া ঈশ্বৰে বিলিয়মেৰে সৈতে সাক্ষাৎ কৰিলত, বিলিয়মে তেওঁ ক’লে, “মই সাতোটা যজ্ঞবেদী যুগুত কৰিলোঁ আৰু প্ৰত্যেকটি যজ্ঞবেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলোঁ।”
5 Olúwa sì fi ọ̀rọ̀ sí ẹnu Balaamu ó wí pé, “Padà sí ọ̀dọ̀ Balaki kí o sì jẹ́ iṣẹ́ yìí fún un.”
তেতিয়া যিহোৱাই বিলিয়মৰ মুখত এক বাক্য দি তেওঁক ক’লে, “তুমি বালাকৰ ওচৰলৈ উলটি গৈ তেওঁক এই কথা কোৱা।”
6 Ó sì padà sí ọ̀dọ̀ rẹ̀ ó sì ba tí ó dúró ti ẹbọ sísun rẹ̀, pẹ̀lú gbogbo àwọn ìjòyè Moabu.
তেতিয়া বিলিয়ম বালাকৰ ওচৰলৈ উলটি গ’ল, চোৱা, সেই সময়ত মোৱাবৰ অধ্যক্ষসকলেৰে সৈতে বালাক নিজৰ হোম বলিৰ ওচৰত থিয় হৈ আছিল।
7 Nígbà náà ni Balaamu sọ ọ̀rọ̀-ìjìnlẹ̀ jáde wí pé, “Balaki mú mi láti Aramu wá, ọba Moabu láti òkè ìlà-oòrùn wá Ó wí pé, ‘Wá fi Jakọbu bú fún mi; wá, kí o sì jẹ́rìí sí Israẹli.’
তেতিয়া বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে, “বালাকে অৰামৰ পৰা মোক অনালে, মোৱাবৰ ৰজাই পূবফালৰ পৰ্ব্বতৰ পৰা মোক অনালে। ‘আহাঁ, মোৰ কাৰণে যাকোবক শাও দিয়া,’ তেওঁ ক’লে। আহাঁ, ইস্ৰায়েলক ধিক্কাৰ দিয়া।’
8 Báwo ní èmi ó ṣe fi bú àwọn tí Ọlọ́run kò fi bú? Báwo ni èmi ó ṣe bá wọn wí àwọn tí Olúwa kò bá wí?
কিন্তু ঈশ্বৰে শাও নিদিয়া লোকক মই কেনেকৈ শাও দিম? আৰু যিহোৱাই ধিক্কাৰ নিদিয়া লোকক মই কেনেকৈ ধিক্কাৰ দিম?
9 Láti ṣóńṣó ibi gíga orí àpáta ni mo ti rí wọn, láti orí ibi gíga ni mo ti ń wò wọ́n. Mo rí àwọn ènìyàn tí ń gbé lọ́tọ̀ wọn kò sì ka ará wọn kún ara àwọn orílẹ̀-èdè.
কিয়নো মই শিলবোৰৰ টিঙৰ পৰা সেইজনক দেখা পাইছোঁ; আৰু পৰ্ব্বতৰ পৰা সেইজনক দেখিছোঁ। চোৱা, তেওঁলোক অকলে বাস কৰা লোক জাতি সমূহৰ মাজত তেওঁলোক গণিত নহয়।
10 Ta ni ó lè ka eruku Jakọbu tàbí ka ìdámẹ́rin Israẹli? Jẹ́ kí èmi kú ikú olódodo, kí ìgbẹ̀yìn mi kí ó dà bí tirẹ̀!”
১০যাকোবৰ ধূলি কোনে লেখ কৰিব পাৰে? বা ইস্ৰায়েলৰ চাৰি ভাগৰ এভাগকে কোনে গণিব পাৰে? ধাৰ্মিকৰ মৃত্যুৰ নিচিনা মোৰ মৃত্যু হওঁক, আৰু তেওঁৰ শেষ গতিৰ নিচিনা মোৰ শেষগতি হওঁক।”
11 Balaki sọ fún Balaamu pé, “Kí lo ṣe fún mi? Mo gbé ọ wá láti fi àwọn ọ̀tá mi bú, ṣùgbọ́n o kò ṣe nǹkan kan, ṣùgbọ́n o bùkún wọn!”
১১তেতিয়া বালাকে বিলিয়মক ক’লে, “আপুনি মোলৈ এইয়া কি কৰিলে? মোৰ শত্ৰুবোৰক শাও দিবলৈ মই আপোনাক অনিলোঁ; আপুনি সিহঁতক সকলো ভাৱে আশীৰ্ব্বাদহে কৰিলে।”
12 Ó sì dáhùn wí pé, “Ṣé kí n má sọ nǹkan tí Olúwa fi sí mi lẹ́nu?”
১২তেতিয়া বিলিয়ামে উত্তৰ দি ক’লে, “যিহোৱাই মোৰ মুখত যি কথা দিব, সাৱধান হৈ মই তাকে নক’ম নে?”
13 Nígbà náà Balaki sọ fún un pé, “Wá pẹ̀lú mi sí ibòmíràn tí o ti lè rí wọn; wà á rí díẹ̀, ṣùgbọ́n kì í ṣe gbogbo wọn. Láti ibẹ̀, wá fi wọ́n bú fún mi.”
১৩পাছত বালাকে তেওঁক ক’লে, “মই বিনয় কৰোঁ, আপুনি যি ঠাইৰ পৰা তেওঁলোকক দেখিবলৈ পাব, এনেকুৱা আন ঠাইলৈ মোৰ লগত আহক। আপুনি তেওঁলোকৰ সকলোকে দেখা পোৱা নাই, কেৱল এফালহে দেখিবলৈ পাইছে, সেই ঠাইৰ পৰা মোৰ কাৰণে তেওঁলোকক শাও দিব।”
14 Ó sì lọ sí pápá Sofimu ní orí òkè Pisga, ó sì kọ́ pẹpẹ méje síbẹ̀ ó sì fi akọ màlúù àti àgbò kọ̀ọ̀kan rú ẹbọ lórí pẹpẹ kọ̀ọ̀kan.
১৪তেতিয়া বালাকে তেওঁক চোফীম পথাৰৰ মাজলৈ পিচগাৰ টিঙলৈ লৈ গ’ল; সেই ঠাইতে তেওঁ সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে আৰু প্ৰত্যেক যজ্ঞ-বেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে।
15 Balaamu ṣo fún Balaki pé, “Dúró níbí ti ẹbọ sísun rẹ nígbà tí mo bá lọ pàdé rẹ̀ níbẹ̀.”
১৫পাছত তেওঁ বালাকক ক’লে, “তুমি এই ঠাইতে তোমাৰ হোম-বলিৰ ওচৰত থিয় হৈ থাকা; মই হ’লে, সৌ তাত ঈশ্বৰৰ সাক্ষাৎ কৰোঁগৈ।”
16 Olúwa pàdé Balaamu ó sì fi ọ̀rọ̀ sí ní ẹnu wí pé, “Padà lọ sí ọ̀dọ̀ Balaki kí o sì jíṣẹ́ fún un.”
১৬তেতিয়া যিহোৱাই বিলিয়মেৰে সৈতে সাক্ষাৎ কৰি, তেওঁৰ মুখত এক বাক্য দি তেওঁক ক’লে, “তুমি বালাকৰ ওচৰলৈ উলটি গৈ তেওঁক এই কথা কোৱা।”
17 Nígbà náà ó lọ sí ọ̀dọ̀ rẹ̀ ó sì bá à tí ó dúró ti ẹbọ sísun rẹ̀ pẹ̀lú àwọn ìjòyè Moabu. Balaki sì béèrè lọ́wọ́ rẹ̀ pé, “Kí ni Olúwa wí?”
১৭বিলিয়ম তেওঁৰ ওচৰলৈ ঘূৰি আহিল; সেই সময়ত মোৱাবৰ অধ্যক্ষসকলেৰে সৈতে বালাক নিজৰ হোম-বলিৰ গুৰিত থিয় হৈ আছিল। তেতিয়া বালাকে তেওঁক সুধিলে, যিহোৱাই কি ক’লে?
18 Nígbà náà ó bẹ̀rẹ̀ ọ̀rọ̀ sísọ, “Dìde, Balaki; kí o sì gbọ́ mi ọmọ Sippori.
১৮বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে, তেওঁ ক’লে, “হে বালাক, উঠি শুনা, হে চিপ্পোৰৰ পুত্ৰ, মোৰ কথালৈ কাণ কৰা।
19 Ọlọ́run kì í ṣe ènìyàn, tí yóò fi purọ́, tàbí ọmọ ènìyàn, tí ó lè yí ọkàn rẹ̀ padà. Ǹjẹ́ ó sọ̀rọ̀ kí ó má ṣe é? Ǹjẹ́ ó ti ṣèlérí kí ó má mu un ṣẹ?
১৯ঈশ্বৰ মনুষ্য নহয়, যে তেওঁ মিছা কথা ক’ব, তেওঁ মানুহৰ সন্তানো নহয়, যে তেওঁ মন ঘূৰাব। তেওঁ কৈ জানো সিদ্ধ নকৰিব? তেওঁ বাক্য কৈ জানো সাম্ফল নকৰিব?
20 Èmi gba àṣẹ láti bùkún; Ó sì ti bùkún, èmi kò sì lè yípadà.
২০চোৱা, মই আশীৰ্ব্বাদ কৰিবলৈ আজ্ঞা পালোঁ। তেওঁ আশীৰ্ব্বাদ কৰিলে; মই তাৰ অন্যথা কৰিব নোৱাৰোঁ।
21 “Kò rí ẹ̀ṣẹ̀ kankan nínú Jakọbu, kò sì rí búburú kankan nínú Israẹli. Olúwa Ọlọ́run wọn sì wà pẹ̀lú wọn. Ìhó ọba sì wà pẹ̀lú wọn.
২১তেওঁ যাকোবত অধৰ্ম দেখা নাই, বা ইস্ৰায়েলৰ মাজত দুষ্টতা দেখা নাই; নিজ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থাকে, আৰু তেওঁলোকৰ মাজত ৰজাৰ জয়ধ্বনি আছে।
22 Ọlọ́run mú wọn jáde láti Ejibiti wá, wọ́n ní agbára màlúù ẹhànnà.
২২ঈশ্বৰে মিচৰ দেশৰ পৰা তেওঁলোকক আনিছে। তেওঁৰ বল মেঠনৰ বলৰ নিচিনা।
23 Kò ní àfọ̀ṣẹ sí Jakọbu, tàbí àfọ̀ṣẹ sí àwọn Israẹli. Nísinsin yìí a ó sọ nípa ti Jakọbu àti Israẹli, ‘Wo ohun tí Ọlọ́run ti ṣe!’
২৩নিশ্চয়ে যাকোবৰ মাজত লক্ষণ চোৱা দস্তুৰ নাই, ইস্ৰায়েলৰ মাজত মঙ্গল চোৱা কাৰ্য নাই। এতিয়া যাকোব আৰু ইস্ৰায়েলৰ বিষয়ে কোৱা যাব, ‘চোৱা ঈশ্বৰে কেনে কাৰ্য কৰিলে!’
24 Àwọn ènìyàn náà yóò dìde bí abo kìnnìún; wọ́n yóò sì gbé ara wọn sókè bí i kìnnìún òun kì yóò sì dùbúlẹ̀ títí yóò fi jẹ ohun ọdẹ títí yóò sì fi mu nínú ẹ̀jẹ̀ ohun pípa.”
২৪চোৱা, সেই লোক সমূহ সিংহীৰ দৰে উঠিছে, সিংহৰ দৰে নিজৰ গা দাঙিছে; তেওঁ ধৰা পশু নাখায়মানে নুশুব, আৰু বধ কৰা লোকৰ তেজ পান নকৰেমানে শয়ন নকৰিব।”
25 Nígbà náà ni Balaki wí fún Balaamu pé, “O kò kúkú fi wọ́n bú, bẹ́ẹ̀ ni o kò súre fún wọn rárá!”
২৫তেতিয়া বালাকে বিলিয়মক ক’লে, “আপুনি তেওঁলোকক সমূলি শাৱো নিদিব আৰু সমূলি আশীৰ্ব্বাদো নকৰিব।”
26 Balaamu dáhùn ó sì wí fún Balaki pé, “Ǹjẹ́ èmi kò ha ti wí fún ọ pé, gbogbo èyí tí Olúwa bá sọ, òun ni èmi yóò ṣe?”
২৬তেতিয়া বিলিয়মে উত্তৰ দি বালাকক ক’লে, “যিহোৱাই মোক যি যি ক’ব, মই তাকেই কৰিম, এইবুলি জানো মই তোমাক কোৱা নাছিলো?”
27 Nígbà náà Balaki sọ fún Balaamu pé, “Wá jẹ́ kí èmi kí ó mú ọ lọ sí ibòmíràn bóyá yóò tẹ́ Ọlọ́run lọ́rùn kí ó fi wọ́n bú láti ibẹ̀ lọ.”
২৭তথাপি বালাকে বিলিয়মক ক’লে, “বিনয় কৰি কওঁ, আহক, মই আপোনাক আন ঠাইলৈ লৈ যাওঁ। সেই ঠাইতে মোৰ কাৰণে আপুনি তেওঁলোকক শাও দিবলৈ কিজানি ঈশ্বৰ সন্তুষ্ট হ’ব পাৰে।”
28 Balaki gbé Balaamu wá sí orí òkè Peori, tí ó kọjú sí aginjù.
২৮গতিকে বালাকে যিচীমোনৰ ফাললৈ মুখ কৰা পিয়োৰৰ টিঙলৈ বিলিয়মক লৈ গ’ল।
29 Balaamu sì wí fún Balaki pé, “Mọ pẹpẹ méje fún mi níbí kí o sì pèsè akọ màlúù àti àgbò fún mi.”
২৯বিলিয়মে বালাকক ক’লে, “এই ঠাইত মোৰ বাবে সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰোঁৱা আৰু ইয়াতো মোৰ বাবে সাতোটা ভতৰা আৰু সাতোটা মতা মেৰ আয়োজন কৰা।”
30 Balaki sì ṣe bí Balaamu ti sọ fún un, ó sì gbé akọ màlúù kan àti àgbò lórí pẹpẹ kọ̀ọ̀kan.
৩০তেতিয়া বালাকে বিলিয়মৰ বাক্য অনুসাৰে কাৰ্য কৰি, প্ৰত্যেক যজ্ঞবেদীতে এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে।

< Numbers 23 >