< Numbers 12 >
1 Miriamu àti Aaroni sọ̀rọ̀-òdì sí Mose nítorí pé ó fẹ́ obìnrin ará Etiopia.
১মোচিয়ে কুচ দেশীয় যি জনীক বিয়া কৰিছিল, সেই গৰাকীৰ বিষয়ে মিৰিয়ম আৰু হাৰোণে মোচিৰ অহিতে কথা কলে; কাৰণ তেওঁ এজনী কুচীয়া মহিলাৰ সৈতে বিয়া পাতিছিল।
2 Wọ́n sì wí pé, “Nípa Mose nìkan ni Olúwa ti sọ̀rọ̀ bí, kò ha ti ipa wa sọ̀rọ̀ bí?” Olúwa sì gbọ́ èyí.
২তেওঁলোকে ক’লে, “যিহোৱাই জানো কেৱল মোচিৰ যোগেদি কথা কয়? আমাৰ যোগেদি নকয় জানো?” আৰু যিহোৱাই সেই কথা শুনিলে।
3 (Mose sì jẹ́ ọlọ́kàn tútù ju gbogbo ènìyàn tó wà lórí ilẹ̀ ayé lọ).
৩পৃথিৱীত থকা লোকসকলৰ মাজত মোচি সকলোতকৈ অতিশয় নম্ৰ লোক আছিল।
4 Lẹ́ẹ̀kan náà ni Olúwa sọ fún Mose, Aaroni àti Miriamu pé, “Ẹ̀yin mẹ́tẹ̀ẹ̀ta, jáde wá sínú àgọ́ ìpàdé.” Àwọn mẹ́tẹ̀ẹ̀ta sì jáde síta.
৪পাছে যিহোৱাই পোনে পোনেই মোচি, হাৰোণ আৰু মিৰিয়মক ক’লে, “তোমালোক তিনিওজন বাহিৰ হৈ সাক্ষাৎ কৰা তম্বুৰ গুৰিলৈ আহাঁ।” তাতে তেওঁলোক তিনিওজন ওলাই গ’ল।
5 Nígbà náà ni Olúwa sọ̀kalẹ̀ nínú ọ̀wọ́n ìkùùkuu, ó sì dúró ní ẹnu-ọ̀nà àgọ́, ó ké sí Aaroni àti Miriamu. Àwọn méjèèjì sì bọ́ síwájú,
৫তেতিয়া যিহোৱাই মেঘ-স্তম্ভত নামি আহি, তম্বুৰ দুৱাৰ মুখত স্থিতি হৈ, হাৰোণ আৰু মিৰিয়মক মাতিলে। তেতিয়া তেওঁলোক দুয়ো আগ বাঢ়ি গ’ল।
6 Ó wí pé, “Ẹ gbọ́ ọ̀rọ̀ mi, “Bí wòlíì Olúwa bá wà láàrín yín, Èmi Olúwa a máa fi ara à mi hàn án ní ojúran, Èmi a máa bá a sọ̀rọ̀ nínú àlá.
৬যিহোৱাই ক’লে, “এতিয়া তোমালোকে মোৰ বাক্য শুনা। তোমালোকৰ মাজত যদি মোৰ কোনো ভাববাদী হয়, তেন্তে মই যিহোৱাই তেওঁৰ আগত কোনো দৰ্শনৰ দ্বাৰাই নিজকে চিনাকি দিম, নাইবা সপোনত তেওঁৰ লগত কথা হ’ম।
7 Ṣùgbọ́n èyí kò rí bẹ́ẹ̀ pẹ̀lú Mose ìránṣẹ́ mi; ó jẹ́ olóòtítọ́ nínú gbogbo ilé mi.
৭মোৰ দাস মোচি তেনে নহয়। তেওঁ মোৰ ঘৰৰ আটাই লোকৰ মাজত বিশ্বাসী।
8 Mo sì ń bá a sọ̀rọ̀ ní ojúkojú, ọ̀rọ̀ yékéyéké tí kì í ṣe òwe, ó rí àwòrán Olúwa. Kí ló wá dé tí ẹ̀yin kò ṣe bẹ̀rù láti sọ̀rọ̀-òdì sí Mose ìránṣẹ́ mi?”
৮তেওঁৰে সৈতে মই নিগূঢ় বাক্যৰ দ্বাৰাই কথা নহওঁ, কিন্তু মুখা-মুখি হৈ, স্পষ্টকৈ কথা হওঁ। আৰু তেওঁ মোৰ আকাৰ দেখে। এই হেতুকে মোৰ দাস মোচিৰ অহিতে কথা ক’বলৈ তোমালোকে কিয় ভয় নকৰিলা?”
9 Ìbínú Olúwa sì ru sókè sí wọn Olúwa sì fi wọ́n sílẹ̀.
৯তাতে তেওঁলোকলৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ প্ৰস্থান কৰিলে।
10 Nígbà tí ìkùùkuu kúrò lórí àgọ́ lójijì ni Miriamu di adẹ́tẹ̀, ó funfun bí i yìnyín. Aaroni sì padà wo Miriamu ó sì rí i pé ó ti di adẹ́tẹ̀,
১০পাছে তম্বুৰ ওপৰৰ পৰা মেঘ গুচিলত, চোৱা, মিৰিয়মৰ গাত হিমৰ দৰে কুষ্ঠৰোগ হ’ল - তেতিয়া হাৰোণে মিৰিয়মৰ ফাললৈ মুখ ঘূৰাই চাই তেওঁক কুষ্ঠৰোগ হোৱাতো তেওঁ দেখিলে।
11 Aaroni sì wí fún Mose pé, “Jọ̀wọ́ olúwa mi, má ṣe ka ẹ̀ṣẹ̀, èyí tí a fi ìwà òmùgọ̀ dá sí wa lọ́rùn.
১১তেতিয়া হাৰোণে মোচিক ক’লে, “হায় হায় মোৰ প্ৰভু, আমি মুৰ্খৰ দৰে কাৰ্য কৰি যি পাপ কৰিলোঁ, বিনয় কৰিছোঁ, সেই পাপৰ ফল আমাক ভোগ কৰিবলৈ নিদিয়ক।
12 Má ṣe jẹ́ kí ó dàbí òkú ọmọ tí a bí, tí ìdajì ara rẹ̀ ti rà dànù.”
১২মাকৰ গৰ্ভৰ পৰা ওলোৱা কালত যাৰ মাংস আধা নষ্ট, এনে মৰা গৰ্ভফলৰ দৰে এওঁক হ’বলৈ নিদিয়ক।”
13 Torí èyí Mose sì kígbe sí Olúwa, “Ọlọ́run, jọ̀wọ́, mú un láradá!”
১৩তেতিয়া মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “হে ঈশ্বৰ, বিনয় কৰিছোঁ, এওঁক সুস্থ কৰক।”
14 Olúwa sì dá Mose lóhùn, “Bí baba rẹ̀ bá tutọ́ sí i lójú, ojú kò wa ní í tì í fún ọjọ́ méje? Dá a dúró sí ẹ̀yìn ibùdó fún ọjọ́ méje, lẹ́yìn èyí ki a tó ó le mú wọlé.”
১৪পাছত যিহোৱাই মোচিক ক’লে, “তেওঁৰ বাপেকে তেওঁৰ মুখত যদি কেৱল থুই পেলালেহেঁতেন, তেনেহলে তেওঁৰ জানো সাত দিনলৈকে লাজ কৰি নাথাকিলহেঁতেন? এই হেতুকে তেওঁ সাত দিন ছাউনিৰ বাহিৰে বন্ধ হৈ থাওঁক, পাছত তেওঁক পুনৰায় ভিতৰলৈ আনিবা।”
15 Miriamu sì dúró sí ẹ̀yìn ibùdó fún ọjọ́ méje, àwọn ènìyàn kò sì tẹ̀síwájú nínú ìrìnàjò wọn títí tí Miriamu fi wọ inú ibùdó padà.
১৫তেতিয়া মিৰিয়মক সাদিন ছাউনিৰ বাহিৰত বন্ধ কৰি ৰখা হ’ল; যেতিয়ালৈকে মিৰিয়মক ভিতৰলৈ অনা নহ’ল, তেতিয়ালৈকে লোকসকলে যাত্ৰা নকৰিলে।
16 Lẹ́yìn èyí, àwọn ènìyàn kúrò ní Haserotu, wọ́n sì pa ibùdó sí aginjù Parani.
১৬পাছত লোকসকলে হচেৰোতৰ পৰা যাত্ৰা কৰি, পাৰণ মৰুভূমি ছাউনি পাতিলে।