< Nehemiah 7 >
1 Lẹ́yìn ìgbà tí a tún odi mọ tán tí mo sì ri àwọn ìlẹ̀kùn sí ààyè wọn, a sì yan àwọn aṣọ́bodè, àwọn akọrin àti àwọn Lefi.
১দেৱালবোৰ যেতিয়া সাজি সমাপ্ত কৰা হৈছিল। তেতিয়া মই দুৱাৰবোৰ যথাস্থানত খুউৱাইছিলোঁ আৰু দুৱৰী, গায়ক, আৰু লেবীয়াসকলক নিযুক্ত কৰা হৈছিল,
2 Mo fún Hanani arákùnrin mi pẹ̀lú Hananiah olórí ilé ìṣọ́ ní àṣẹ lórí Jerusalẹmu, nítorí tí ó jẹ́ ènìyàn olóòtítọ́, ó sì bẹ̀rù Ọlọ́run jù bí ọ̀pọ̀lọpọ̀ ènìyàn ti ṣe lọ.
২মই মোৰ ভাই হনানীক, হননিয়াৰ সৈতে যিৰূচালেমৰ দ্বায়ীত্ব দিছিলোঁ, যদিও তেওঁ এজন বিশ্বাসী আৰু ঈশ্বৰলৈ বহুলোকতকৈ অধিক ভয়কাৰী আছিল, কিন্তু তেওঁ দুৰ্গৰ দ্বায়ীত্ব বহন কৰিব পৰা নাছিল।
3 Mo sọ fún wọn pé, “A kò gbọdọ̀ ṣí ìlẹ̀kùn Jerusalẹmu títí oòrùn yóò fi mú. Nígbà tí àwọn aṣọ́bodè bá sì wà lẹ́nu iṣẹ́, jẹ́ kí wọn ti ìlẹ̀kùn kí wọn sì há wọn. Bákan náà, yàn nínú àwọn tí ń gbé Jerusalẹmu gẹ́gẹ́ bí olùṣọ́. Àwọn mìíràn níbi tí a pín wọn sí àti àwọn mìíràn ní tòsí ilé e wọn.”
৩মই তেওঁলোকক ক’লোঁ, “যেতিয়ালৈকে টান ৰ’দ নহয়, তেতিয়ালৈকে যিৰূচালেমৰ দুৱাৰবোৰ মেলিব নালাগে। দুৱৰী সকলে পৰ দি থকাৰ সময়ত আপোনালোকে দুৱাৰবোৰ বন্ধ কৰিব, আৰু ডাং বোৰ দিব পাৰিব। আপোনালোকে যিৰূচালেমত নিবাস কৰা লোক সকলক প্রহৰীৰ বাবে নিযুক্ত কৰিব, কিছুমানে তেওঁলোকৰ প্রহৰী স্থানত, আৰু কিছুমানে নিজৰ ঘৰৰ সন্মুখত পহৰা দিব।”
4 Ìlú náà tóbi ó sì ní ààyè, ṣùgbọ́n ènìyàn inú rẹ̀ kéré, a kò sì tí ì tún àwọn ilé inú rẹ̀ kọ́.
৪এই নগৰ বহল আৰু ডাঙৰ আছিল, কিন্তু তাৰ ভিতৰত লোক কম আছিল, আৰু এতিয়াও ঘৰবোৰ পুনৰ নিৰ্ম্মাণ কৰা হোৱা নাছিল।
5 Nígbà náà ni Ọlọ́run mi fi sí mi ní ọkàn láti kó àwọn ọlọ́lá, àwọn ìjòyè, àti àwọn ènìyàn jọ fún ìforúkọsílẹ̀ ní ìdílé ìdílé. Mo rí ìwé àkọsílẹ̀ ìtàn ìran àwọn tí ó kọ́ gòkè padà wá láti ìgbèkùn. Èyí ni ohun tí mo rí tí a kọ sínú ìwé náà.
৫প্ৰধান লোক সকলক, কৰ্মচাৰী সকলক আৰু লোক সকলক বংশাৱলীত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে একগোট কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ হৃদয়ত কথা ক’লে। মই বাবিলৰ পৰা প্ৰথমে অহা লোকসকলৰ এখন বংশাৱলী-পত্ৰ পালোঁ, আৰু তলত উল্লেখিত এই সকলো বিচাৰি পালোঁ।
6 Èyí ni àwọn ènìyàn agbègbè náà tí wọ́n sọ̀kalẹ̀ wá láti ìgbèkùn, àwọn tí Nebukadnessari ọba Babeli ti kó ní ìgbèkùn (wọ́n padà sí Jerusalẹmu àti Juda, olúkúlùkù sí ìlú u rẹ̀.
৬“প্রদেশৰ এই লোক সকল, যি সকলক বাবিলৰ ৰজা নবূখদনেচৰে বন্দি কৰি লৈ গৈছিল, আৰু বন্দিত্ৱত ৰাখিছিল। তেওঁলোক বন্দিত্ৱৰ পৰা মুকলি হৈ যিৰূচালেম আৰু যিহূদাৰ নিজৰ নিজৰ নগৰলৈ উভটি আহিছিল।
7 Wọ́n jọ rìn wá pẹ̀lú u Serubbabeli, Jeṣua, Nehemiah, Asariah, Raamiah, Nahamani, Mordekai, Bilṣani, Misperi, Bigfai, Nehumu, àti Baanah). Àkọsílẹ̀ orúkọ àwọn ọkùnrin Israẹli,
৭তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, অজৰিয়া, ৰয়মিয়া, নহমানী, মৰ্দখয়, বিলচন, মিস্পৰৎ, বিগবয়, নহুম, আৰু বানা, এওঁলোকৰ লগত আহিল। উল্লেখিত ইস্ৰায়েল লোকৰ পুৰুষ সকলৰ সংখ্যা তলত অন্তৰ্ভুক্ত আছে।
8 àwọn ọmọ Paroṣi jẹ́ ẹgbàá ó lé méjìléláàádọ́sàn-án
৮পৰিয়োচৰ বংশধৰ দুই হাজাৰ এশ বাসত্তৰ জন।
9 Ṣefatia jẹ́ òjìdínnírinwó ó lé méjìlá
৯চফটিয়াৰ বংশধৰ তিনিশ বাসত্তৰ জন।
10 Arah jẹ́ ẹgbẹ̀tàléláàádọ́ta ó lé méjì
১০আৰহৰ বংশধৰ ছশ বাৱন্ন জন।
11 Pahati-Moabu (láti ipasẹ̀ ọmọ Jeṣua àti Joabu) jẹ́ ẹgbàá mẹ́rìnlá ó lé méjìdínlógún
১১যেচুৱা আৰু যোৱাবৰ বংশধৰ আৰু পহৎ-মোৱাবৰ বংশধৰসকল দুই হাজাৰ আঠশ ওঠৰ জন।
12 Elamu jẹ́ àádọ́ta lé lẹ́gbẹ̀fà ó lé mẹ́rin
১২এলমৰ বংশধৰসকল এক হাজাৰ দুশ চৌৱন্ন জন।
13 Sattu jẹ́ òjìlélẹ́gbẹ̀rin ó lé márùn-ún
১৩জত্তুৰ বংশধৰসকল আঠশ পঞ্চলিশ জন।
14 Sakkai jẹ́ òjìdínlẹ́gbẹ̀rin
১৪জক্কয়ৰ বংশধৰসকল সাতশ ষাঠি জন।
15 Binnui jẹ́ òjìlélẹ́gbẹ̀ta ó lé mẹ́jọ
১৫বিন্নুইৰ বংশধৰসকল ছশ আঠচল্লিশ জন।
16 Bebai jẹ́ ẹgbẹ̀ta ó lé méjìdínlọ́gbọ̀n
১৬বেবয়ৰ বংশধৰসকল ছশ আঠাইশ জন।
17 Asgadi jẹ́ ẹgbẹ̀ta ó dín méjìdínlọ́gọ́rin
১৭অজগদৰ বংশধৰসকল দুই হাজাৰ তিনিশ বাইশ জন।
18 Adonikami jẹ́ ọ̀tàlélẹ́gbẹ̀ta ó lé méje
১৮অদোনীকামৰ বংশধৰসকল ছশ সাতষষ্ঠি জন।
19 Bigfai jẹ́ ẹgbàá ó lé mẹ́tàdínláàádọ́rin
১৯বিগবয়ৰ বংশধৰসকল দুই হাজাৰ সাতষষ্ঠি জন।
20 Adini jẹ́ àádọ́ta lé lẹ́gbẹ̀ta ó lé márùn-ún
২০আদীনৰ বংশধৰসকল ছশ পচপন্ন জন।
21 Ateri (láti ipasẹ̀ Hesekiah) jẹ́ méjìdínlọ́gọ́rùn-ún
২১হিষ্কিয়াৰ আটেৰৰ বংশধৰসকল আঠানব্বৈ জন।
22 Haṣumu jẹ́ ọ̀rìndínnírinwó ó lé mẹ́jọ
২২হাচুমৰ বংশধৰসকল তিনি শ আঠাইশ জন।
23 Besai jẹ́ ọ̀rìndínnírinwó ó lé mẹ́rin
২৩বেচয়ৰ বংশধৰসকল তিনি শ চৌবিশ জন।
24 Harifu jẹ́ méjìléláàádọ́fà
২৪হাৰীফৰ বংশধৰসকল এশ বাৰ জন।
25 Gibeoni jẹ́ márùndínlọ́gọ́rùn.
২৫গিবিয়োনৰ বংশধৰসকল পঞ্চানব্বই জন।
26 Àwọn ọmọ Bẹtilẹhẹmu àti Netofa jẹ́ igba ó dín méjìlélógún
২৬বৈৎলেহেম আৰু নটোফাৰ পৰা অহা লোক এশ আঠাশী জন।
27 Anatoti jẹ́ méjìdínláàádóje
২৭অনাথোতৰ পৰা অহা লোক এশ আঠাইশ জন।
28 Beti-Asmafeti jẹ́ méjìlélógójì
২৮বৈৎআজমাবতৰ লোকসকল বিয়াল্লিশ জন।
29 Kiriati-Jearimu, Kefira, àti Beeroti jẹ́ ọ̀tàdínlẹ́gbẹ̀rin ó lé mẹ́ta
২৯কিৰিয়ৎ-যিয়াৰীম কফীৰা, আৰু বেৰোতৰ লোকসকল সাতশ তিয়াল্লিশ জন।
30 Rama àti Geba jẹ́ ẹgbẹ̀ta ó lé mọ́kànlélógún
৩০ৰামা আৰু গেবাৰ লোকসকল ছশ একৈশ জন।
31 Mikmasi jẹ́ méjìlélọ́gọ́fà
৩১মিকমচৰ লোকসকল এশ বাইশ জন।
32 Beteli àti Ai jẹ́ mẹ́tàlélọ́gọ́fà
৩২বৈৎএল আৰু অয়ৰ লোকসকল এশ তেইশ জন।
33 Nebo mìíràn jẹ́ méjìléláàádọ́ta
৩৩অন্য নবোতৰ লোকসকল বাৱন্ন জন।
34 Elamu mìíràn jẹ́ ẹgbẹ̀fà ó lé mẹ́rìnléláàádọ́ta
৩৪অন্য এলমৰ লোকসকল এক হাজাৰ দুশ চৌৱন্ন জন।
35 Harimu jẹ́ ọ̀rìndínnírinwó
৩৫হাৰীমৰ লোকসকল তিনি শ বিশ জন।
36 Jeriko jẹ́ ọ̀tàdínnírinwó ó lé márùn-ún.
৩৬যিৰীহোৰ লোকসকল তিনি শ পঞ্চল্লিশ জন।
37 Lodi, Hadidi, àti Ono jẹ́ ọ̀rìndínlẹ́gbẹ̀rin ó lé ọ̀kan
৩৭লোদ, হাদীদ, আৰু ওনোৰ লোকসকল সাত শ একৈশ জন।
38 Senaa jẹ́ ẹgbàajì ó dín àádọ́rin.
৩৮চনাৱাৰ লোকসকল তিনি হাজাৰ ন শ ত্ৰিশ জন।
39 Àwọn àlùfáà: àwọn ọmọ Jedaiah (láti ipasẹ̀ ìdílé Jeṣua) jẹ́ ogún dín lẹ́gbẹ̀rin ó dín méje
৩৯পুৰোহিতসকল: যিদয়াৰ বংশধৰসকল (যেচুৱাৰ ঘৰৰ) ন শ তেসত্তৰ জন।
40 Immeri jẹ́ àádọ́ta lé lẹ́gbẹ̀rún ó lé méjì
৪০ইম্মেৰৰ বংশধৰসকল এক হাজাৰ বাৱন্ন জন।
41 Paṣuri jẹ́ ẹgbẹ̀fà ó lé mẹ́tàdínláàádọ́ta
৪১পচহুৰৰ বংশধৰসকল এক হাজাৰ দুশ সাতচল্লিশ জন।
42 Harimu jẹ́ ẹgbẹ̀rún ó lé mẹ́tàdínlógún.
৪২হাৰীমৰ বংশধৰসকল এক হাজাৰ সোঁতৰ জন।
43 Àwọn ọmọ Lefi: àwọn ọmọ Jeṣua (láti ipasẹ̀ Kadmieli, láti ipasẹ̀ Hodafiah) jẹ́ mẹ́rìnléláàádọ́rin.
৪৩লেবীয়াসকল: হোদবাৰ বংশধৰ কদ্মীয়েল, আৰু কদমীয়েলৰ যেচুৱাৰ বংশধৰসকল চৌসত্তৰ জন।
44 Àwọn akọrin: àwọn ọmọ Asafu jẹ́ méjìdínláàádọ́jọ.
৪৪গায়কসকল: আচফৰ বংশধৰসকল এশ আঠচল্লিশ জন।
45 Àwọn aṣọ́nà: àwọn ọmọ Ṣallumu, Ateri, Talmoni, Akkubu, Hatita, àti Ṣobai jẹ́ méjìdínlógóje.
৪৫চল্লুম, আটেৰ, টল্মোন, অক্কুব, হটীটা, চোবয়ৰ বংশধৰৰ দুৱৰীসকল এশ আঠত্রিশ জন।
46 Àwọn ìránṣẹ́ tẹmpili. Àwọn ọmọ Siha, Hasufa, Tabboati,
৪৬মন্দিৰৰ দাসবোৰ: চীহা, হচুফা, টব্বায়োৎ,
48 Lebana, Hagaba, Ṣalmai,
৪৮লবানা, হগাবা, চলম্য়,
49 Hanani, Giddeli, Gahari,
৪৯হানন, গিদ্দেল, গহৰ,
50 Reaiah, Resini, Nekoda,
৫০ৰায়া, ৰচীন, নকোদা,
52 Besai, Mehuni, Nefisimu,
৫২বেচয়, মিয়ূনীম, নফূচীম,
53 Bakbu, Hakufa, Harhuri,
৫৩বকবুক, হকুফা, হৰ্হূৰ,
54 Basluti, Mehida, Harṣa,
৫৪বচলীৎ, মহীদা, হৰ্চা,
55 Barkosi, Sisera, Tema,
৫৫বৰ্কোচ, চীচৰা, তেমহ,
৫৬নচীহ, আৰু হটীফাৰ বংশধৰসকল।
57 Àwọn ọmọ àwọn ìránṣẹ́ Solomoni: àwọn ọmọ Sotai, Sofereti; Perida,
৫৭চলোমনৰ দাসৰ বংশধৰসকল: চোটয়, চোফেৰৎ, পৰীদা,
58 Jaala, Darkoni, Giddeli,
৫৮যালা, দৰ্কোণ, গিদ্দেল,
59 Ṣefatia, Hattili, Pokereti-Haṣṣebaimu, àti Amoni.
৫৯চফটিয়া, হত্তীল, পোখৰৎ-হচবয়িম, আমোনৰ বংশধৰসকল।
60 Àwọn ìránṣẹ́ tẹmpili àti àwọn ọmọ ìránṣẹ́ Solomoni jẹ́ irinwó ó dín mẹ́jọ.
৬০সকলো মন্দিৰৰ দাস আৰু চলোমনৰ দাসবোৰৰ বংশধৰসকল সৰ্ব্বমুঠ তিনি শ বিৰানব্বৈই জন আছিল।
61 Àwọn wọ̀nyí gòkè wá láti àwọn ìlú ti Teli-Mela, Teli-Harṣa, Kerubu, Addoni àti Immeri, ṣùgbọ́n wọn kò lè sọ pẹ̀lú ìdánilójú pé ìdílé àwọn wá láti ara ìran ẹ̀yà Israẹli.
৬১এওঁলোক তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দোন, আৰু ইম্মেৰৰ পৰা অহা লোক; কিন্তু তেওঁলোকে আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰিয়াল সকলে ইস্ৰায়েলৰ পৰা অহা বংশধৰ বুলি প্ৰমাণ দিব নোৱাৰিলে।
62 Àwọn ọmọ Delaiah, Tobiah àti Nekoda jẹ́ òjìlélẹ́gbẹ̀ta ó lé méjì.
৬২দলায়াৰ, টোবিয়াৰ, আৰু নকোদাৰ বংশধৰসকল ছশ বিয়াল্লিশ জন।
63 Lára àwọn àlùfáà ni: àwọn ọmọ Hobaiah, Hakosi àti Barsillai (ọkùnrin tí ó fẹ́ ọmọbìnrin Barsillai ará Gileadi, ẹni tí a ń fi orúkọ yìí pè).
৬৩পুৰোহিতসকলৰ: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয়ৰ বংশধৰসকল, বাৰ্জ্জিলয়ে গিলিয়দীয়া বাৰ্জিল্লয়ৰ জীয়েক এজনীক বিয়া কৰিছিল আৰু তেওঁক তেওঁলোক নামেৰেই মতা হৈছিল।
64 Àwọn wọ̀nyí wá àkọsílẹ̀ orúkọ ìran wọn, ṣùgbọ́n wọn kò rí í níbẹ̀, fún ìdí èyí, a yọ wọ́n kúrò nínú àwọn tí ń ṣiṣẹ́ àlùfáà gẹ́gẹ́ bí aláìmọ́.
৬৪বংশাৱলীত নাম লিখা লোকসকলৰ মাজত এওঁলোকে নিজৰ নিজৰ নাম বিচাৰি নাপালে, সেয়ে তেওঁলোকক অশুচি বুলি গণ্য কৰি, পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।
65 Baálẹ̀ sọ fún wọn nítorí náà pé wọn kò gbọdọ̀ kópa nínú jíjẹ oúnjẹ mímọ́ títí tí àlùfáà tí yóò wá tí ń ṣiṣẹ́ ìránṣẹ́ pẹ̀lú Urimu àti Tumimu yóò fi dé.
৬৫আৰু দেশাধ্যক্ষই তেওঁলোকক ক’লে যে, উৰীম আৰু তুম্মীমৰ পুৰোহিতৰ সৈতে যেতিয়ালৈকে তেওঁলোক থিয় নহয়, তেতিয়ালৈকে পুৰোহিতে ভগোৱা উৎসৰ্গিত আহাৰ তেওঁলোকক খাবলৈ অনুমতি দিয়া নহঁওক।
66 Gbogbo ìjọ ènìyàn náà jẹ́ ẹgbàá mọ́kànlélógún ó lé òjìdínnírinwó,
৬৬সমাজত সমবেত হোৱা লোকসকল সৰ্ব্বমুঠ বিয়াল্লিশ হাজাৰ তিনি শ ষাঠি জন আছিল।
67 yàtọ̀ sí àwọn ìránṣẹ́kùnrin àti ìránṣẹ́bìnrin tí wọ́n jẹ́ ẹgbẹ̀ta dín lẹ́gbàárin ó dín ẹ̀tàlélọ́gọ́ta; wọ́n sì tún ní àwọn akọrin ọkùnrin àti obìnrin tí wọ́n jẹ́ òjìlúgba ó lé márùn-ún.
৬৭তাৰ উপৰিও তেওঁলোকৰ সাত হাজাৰ তিনি শ সাতত্ৰিশ জন দাস-দাসী আছিল। তেওঁলোকৰ দুশ পঞ্চল্লিশ জন গায়ক আৰু গায়িকা আছিল।
68 Ẹṣin wọn jẹ́ ọ̀tàdínlẹ́gbẹ̀rin ó dín mẹ́rin, ìbákasẹ wọn jẹ́ òjìlúgba ó dín márùn-ún;
৬৮তেওঁলোকৰ সাত শ ছয়ত্ৰিশটা ঘোঁৰা, দুশ পঞ্চল্লিশটা খচ্ছৰ,
69 ìbákasẹ wọn jẹ́ òjìlénírinwó ó dín márùn-ún; kẹ́tẹ́kẹ́tẹ́ wọ́n jẹ́ ẹgbẹ̀rìnlélọ́gbọ̀n ó dín ọgọ́rin.
৬৯চাৰিশ পঁয়ত্ৰিশটা উট, আৰু ছয় হাজাৰ সাত শ বিশটা গাধ আছিল।
70 Díẹ̀ lára àwọn olórí ìdílé náà kópa nínú ṣíṣe iṣẹ́ náà. Baálẹ̀ fún ilé ìṣúra ní ẹgbẹ̀rún dariki wúrà, àádọ́ta àwo koto àti ọ̀rìndínlẹ́gbẹ̀ta lé mẹ́wàá ẹ̀wù fún àwọn àlùfáà.
৭০পূৰ্বপুৰুষৰ পৰিয়ালৰ মূখ্য লোক সকলৰ মাজৰ কিছুমানে সেই কামৰ বাবে দান দিলে। দেশাধ্যক্ষই ভঁৰালত এক হাজাৰ সোণৰ মূদ্রা, পঞ্চাশটা চৰিয়া, আৰু পুৰোহিতৰ বাবে পাঁচ শ ত্ৰিশ খন বস্ত্ৰ দিলে।
71 Díẹ̀ lára àwọn olórí ìdílé fún ilé ìṣúra ní ogún ẹgbẹ̀rún dariki wúrà àti ẹgbọ̀kànlá mina fàdákà.
৭১পূৰ্বপুৰুষৰ মূখ্য লোকসকলৰ কিছুমানে কামৰ বাবে ভঁৰালত বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ দুশ ৰূপ মূদ্রা দিলে।
72 Àròpọ̀ gbogbo ohun tí àwọn ènìyàn tókù fi sílẹ̀ jẹ́ ogún ẹgbẹ̀rún dariki wúrà, ẹgbẹ̀rún méjì mina fàdákà àti ẹẹ́tàdínláàdọ́rin ẹ̀wù fún àwọn àlùfáà.
৭২অৱশিষ্ট লোকসকলে বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ ৰূপৰ মূদ্রা, আৰু পুৰোহিতৰ বাবে সাতষষ্ঠি খন বস্ত্ৰ দিলে।
73 Àwọn àlùfáà, àwọn Lefi, àwọn aṣọ́bodè, àwọn akọrin, àwọn ènìyàn díẹ̀, àwọn ìránṣẹ́ ilé Ọlọ́run, àti gbogbo ènìyàn Israẹli wà ní ìlú wọn. Nígbà tí ó di oṣù keje, tí àwọn ọmọ Israẹli sì ti wà nínú ìlú u wọn,
৭৩পুৰোহিত, লেবীয়া, দুৱৰী, গায়ক, আৰু কিছু সংখ্যক লোকে, মন্দিৰৰ দাস, আৰু সকলো ইস্ৰায়েল লোকে নিজৰ নিজৰ নগৰত বাস কৰিলে। সপ্তম মাহত ইস্রায়েলৰ লোকসকলে নিজৰ নিজৰ নগৰত সংস্থাপন কৰিলে।