< Nahum 2 >

1 Àwọn apanirun ti dìde sí ọ, ìwọ Ninefe. Pa ilé ìṣọ́ mọ́, ṣọ́ ọ̀nà náà, di àmùrè, ẹ̀gbẹ́ rẹ kí ó le múra gírí.
যি জনে তোমালোকক ডোখৰ-ডোখৰকৈ ভাঙিব, তেওঁ তোমালোকৰ বিৰুদ্ধে উঠি আহি আছে। তোমালোকে দুৰ্গবোৰ দৃঢ় কৰা, বাটবোৰলৈ পহৰা দি থাকা, নিজকে অতিশয় বলৱান কৰা আৰু নিজ সৈন্যদলবোৰক একত্রিত কৰা।
2 Olúwa yóò mú ọláńlá Jakọbu padà sípò gẹ́gẹ́ bí ọláńlá Israẹli bí ó tilẹ̀ jẹ́ pé àwọn apanirun ti pa ibẹ̀ run, tí wọ́n sì ba ẹ̀ka àjàrà wọn jẹ́.
কিয়নো যদিও লুণ্ঠন কৰোঁতা সকলে তেওঁলোকক খালি কৰি উলিয়াই পঠিয়ালে আৰু তেওঁলোকৰ দ্ৰাক্ষালতাৰ ডালবোৰ নষ্ট কৰিলে তথাপিও যিহোৱাই ইস্ৰায়েলৰ মহত্ত্বৰ দৰে যাকোবৰ মহত্ত্ব পুনৰায় স্থাপন কৰিব।
3 Asà àwọn ọmọ-ogun rẹ̀ sì di pupa; àwọn ológun wọn sì wọ aṣọ òdòdó. Idẹ tí ó wà lórí kẹ̀kẹ́ ogun ń kọ mọ̀nàmọ́ná ní ọjọ́ tí a bá pèsè wọn sílẹ̀ tán; igi firi ni a ó sì mì tìtì.
তেওঁৰ বীৰ লোকসকলৰ ঢালৰ ৰং ৰঙা আৰু পৰাক্ৰমী লোকসকল সেন্দুৰ বৰণীয়া কাপোৰ পিন্ধা; যুদ্ধলৈ সাজু হোৱাৰ দিনা তেওঁলোকৰ ৰথবোৰৰ তীখা জিলিকে আৰু ছাইপ্রেচ গছবোৰৰ জাঠিবোৰ হাতত বৰকৈ বতাহত তুলি ধৰি লৰাবলৈ ল’লে।
4 Àwọn kẹ̀kẹ́ ogun yóò ya bo àwọn pópónà, wọn yóò sì máa sáré síwá àti sẹ́yìn ní àárín ìgboro. Wọn sì dàbí ètùfù iná; tí ó sì kọ bí i mọ̀nàmọ́ná.
ৰথবোৰ অতি বেগৰে বাটৰ মাজেদি চলিবলৈ ধৰিলে; তেওঁলোকে বহল মুকলি বাটবোৰত ইখনে সিখনক ইফালে-সিফালে চলালে। সেইবোৰ দেখিবলৈ আৰিয়াৰ নিচিনা আৰু সেইবোৰ বিজুলীৰ নিচিনাকৈ অতি বেগেৰে গৈছে।
5 Ninefe yóò ṣe àṣàrò àwọn ọlọ́lá rẹ̀; síbẹ̀ wọ́n ń kọsẹ̀ ní ojú ọ̀nà wọn; wọn sáré lọ sí ibi odi rẹ̀, a ó sì pèsè ààbò rẹ̀.
যি জনে তোমালোকক ডোখৰ-ডোখৰকৈ ভাঙিব, তেওঁ নিজ বিষয়াসকলক মাতি পঠিয়াইছে; এনেতে তেওঁলোকে বেগেৰে যাওঁতে যাওঁতে উজুটি খালে; তেওঁলোকে ততালিকে দুৰ্গটো আক্রমণ কৰিবলৈ যায়। আক্রমণ কৰোঁতা সকলক ৰক্ষা কৰিবলৈ ঢালবোৰ যুগুত কৰা হ’ল।
6 A ó ṣí ìlẹ̀kùn àwọn odò wọ̀n-ọn-nì sílẹ̀, a ó sì mú ààfin náà di wíwó palẹ̀.
নদীবোৰত থকা দুৱাৰবোৰ মুকলি হৈ গ’ল, তেতিয়া ৰাজগৃহ পানীত নাশ হৈ গ’ল।
7 A pa á láṣẹ pé ìlú náà, èyí tí a ti fi ìdí rẹ̀ múlẹ̀ ni a ó sì kó ní ìgbèkùn lọ. A ó sì mú un gòkè wá àti àwọn ìránṣẹ́bìnrin rẹ̀ yóò kérora bí ti ẹyẹ àdàbà, wọn a sì máa lu àyà wọn.
যিহোৱাই এই বিষয়ে কথা কৈছিল: ৰাণী হুচব অনাবৃতা হ’ল আৰু তেওঁক নিয়া হ’ল; তেওঁৰ দাসীসকলে বুকুত ভুকুৱাই কপৌৰ স্বৰেৰে শোক কৰিছে।
8 Ninefe dàbí adágún omi, tí omi rẹ̀ sì ń gbẹ́ ẹ lọ. “Dúró! Dúró!” ni wọ́n ó máa kígbe, ṣùgbọ́n ẹnìkankan kì yóò wo ẹ̀yìn.
কিন্তু নীনবি আগৰ কালৰে পৰা এটা জলপূ্ৰ্ণ পুখুৰীস্বৰূপ; তথাপি তেওঁলোক বৈ যোৱা পানীৰ দৰে পলাইছে। অন্য লোকসকলে “ৰ’বা ৰ’বা” বুলি চিঞৰে, কিন্তু কোনেও ঘূৰি নাচায়।
9 “Ẹ kó ìkógun fàdákà! Ẹ kó ìkógun wúrà! Ìṣúra wọn ti kò lópin náà, àti ọrọ̀ kúrò nínú gbogbo ohun èlò ti a fẹ́!”
তোমালোকে ৰূপ লুট কৰি নিয়া, সোণ লুট কৰি নিয়া, কিয়নো বস্তুবোৰৰ সৌন্দৰ্যৰ মহিমা সীমাহীন। ইয়াতে সকলো প্ৰকাৰ মনোহৰ বস্তু অতিশয় অধিক পৰিমাণে আছে।
10 Òun ti ṣòfò, ó si di asán, ó sì di ahoro: ọkàn pami, eékún ń lu ara wọn, ìrora púpọ̀ sì wà nínú gbogbo ẹgbẹ́ àti ojú gbogbo wọ́n sì rẹ̀wẹ̀sì.
১০সেই নীনবি শুদা আৰু উচ্ছন্ন; প্রতিজনৰ ভয়ত মন পমি গৈছে আৰু আঁঠুৱে আঁঠুৱে লগালগি হৈছে, সকলোৰে বেদনা, আৰু সকলোৰে মুখ বিবৰ্ণ হৈছে।
11 Níbo ni ihò àwọn kìnnìún wà àti ibi ìjẹun àwọn ọmọ kìnnìún, níbi tí kìnnìún, àní abo kìnnìún tí ń rìn, àti ọmọ kìnnìún, láìsí ohun ìbẹ̀rù.
১১যি ঠাইত কোনেও ভয় নথকাকৈ সিংহ, সিংহিনী আৰু সিংহ পোৱালিৰ দৰে ফুৰিছিল, সিংহৰ সেই গুহা আৰু যুবা সিংহৰ সেই খোৱা ঠাই ক’ত?
12 Kìnnìún tipa ọ̀pọ̀lọpọ̀ fún àwọn ọmọ rẹ̀, ó sì fún un ẹran ọdẹ ní ọrùn pa fún àwọn abo kìnnìún rẹ̀, ó sì fi ohun pípa kún ibùgbé rẹ̀ àti ihò rẹ̀ fún ohun ọdẹ.
১২সিংহই নিজৰ পোৱালিবোৰৰ কাৰণে জোৰাওকৈ অনেক পশু ছিৰিছিল আৰু নিজ সিংহিনীবোৰৰ কাৰণে ডিঙিত টেপা দি মাৰিছিল আৰু বলিৰ চিকাৰেৰে নিজৰ গুহাবোৰ আৰু ধৰি অনা নিজৰ চিকাৰবোৰ গাতবোৰত ভৰাই ৰাখিছিল।
13 “Kíyèsi i èmi dojúkọ ọ́,” ni Olúwa àwọn ọmọ-ogun wí. “Èmi yóò sì fi kẹ̀kẹ́ rẹ̀ wọ̀n-ọn-nì jóná nínú èéfín, idà yóò sì jẹ ọmọ kìnnìún rẹ̀ wọ̀n-ọn-nì run. Èmi yóò sì ké ohun ọdẹ rẹ kúrò lórí ilẹ̀ ayé. Ohùn àwọn ìránṣẹ́ rẹ ni a kì yóò sì tún gbọ́ mọ́.”
১৩বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই তোমালোকৰ বিপক্ষ;” “মই তোমালোকৰ ৰথবোৰ ধূঁৱাত পুৰি পেলাম আৰু তৰোৱালে তোমালোকৰ যুবা সিংহবোৰক গ্ৰাস কৰিব; মই তোমালোকৰ দেশৰ পৰা তোমালোকৰ চিকাৰ উচ্ছন্ন কৰিম আৰু তোমালোকৰ দূতবোৰৰ মাত আৰু শুনা নাজাব।

< Nahum 2 >