< Micah 7 >
1 Ègbé ni fún mi! Nítorí èmi sì dàbí ẹni tí ń kó èso ẹ̀ẹ̀rùn jọ, ìpèsè ọgbà àjàrà; kò sì ṣí odidi àjàrà kankan láti jẹ, kò sì ṣí àkọ́so ọ̀pọ̀tọ́ nítorí tí ebi ń pa mí.
১মোৰ সন্তাপ হ’ল! কাৰণ মই গ্রীষ্মকালৰ ফল চপাই শেষ হৈ যোৱাৰ নিচিনা, আৰু দ্ৰাক্ষাবাৰীত থাকি যোৱা দ্রাক্ষাগুটি গোটোৱাৰ দৰে হলোঁ, কাৰণ তাত পুনৰ কোনো ফলৰ থোপা বিচাৰি পোৱা নাযায়, তথাপিও মই প্ৰথমে পকা ডিমৰু ফল পাবলৈ ইচ্ছা কৰিছোঁ।
2 Àwọn olódodo sì ti kúrò ní ilẹ̀ náà, kò sì ṣí ẹnìkan tí ó ṣẹ́kù tí ó jọ olóòtítọ́; gbogbo wọn sì ń purọ́ ní dídúró nítorí ìtàjẹ̀ sílẹ̀, olúkúlùkù wọ́n sì ń fi àwọ̀n de arákùnrin rẹ̀.
২পৃথিবীৰ পৰা ঈশ্বৰ বিশ্বাসী লোক উচ্ছন্ন হ’ল, লোকসকলৰ মাজত এজনো ন্যায়পৰায়ণ লোক অৱশিষ্ট নাই; তেওঁলোক সকলোৱে ৰক্তপাত কৰিবলৈ খাপ দি থাকে, প্ৰতিজন লোক আৰু তেওঁৰ ভায়েকসকলে জালেৰে আনকোনো এজন লোকক ধৰে।
3 Ọwọ́ wọn méjèèjì ti múra tán láti ṣe búburú; àwọn alákòóso ń béèrè fún ẹ̀bùn, àwọn onídàájọ́ sì ń gba owó àbẹ̀tẹ́lẹ̀ alágbára sì ń pàṣẹ ohun tí wọ́n fẹ́, gbogbo wọn sì jùmọ̀ ń dìtẹ̀.
৩অনিষ্ট কাৰ্য কৰিবলৈ তেওঁলোকৰ হাত পাৰ্গত; শাসনকৰ্তাই ধন খোজে, বিচাৰকৰ্তাই উৎকোচ ল’বলৈ প্রস্তুত থাকে, আৰু প্রভাৱশালী লোকে যি পাবলৈ ইচ্ছা কৰে, তাক আনৰ আগত কয়; সেয়ে তেওঁলোকে একেলগে পৰিকল্পনা কৰে।
4 Ẹni tí ó sàn jùlọ nínú wọn sì dàbí ẹ̀gún, ẹni tí ó jẹ́ olódodo jùlọ burú ju ẹ̀gún ọgbà lọ. Ọjọ́ àwọn olùṣọ́ rẹ̀ ti dé, àti ọjọ́ tí Ọlọ́run bẹ̀ ọ́ wò. Nísinsin yìí ní àkókò ìdààmú wọn.
৪তেওঁলোকৰ মাজৰ শ্রেষ্ঠ জন জংঘলী গোলাপৰ দৰে, ন্যায়পৰায়ণ লোক জোপোহা কাঁইটীয়া গছৰ বেৰা; তোমাৰ প্ৰহৰীসকলৰ দ্বাৰাই কোৱা ভবিষ্যতবাণীৰ দিন এয়ে; তোমাৰ দণ্ডৰ দিন এয়া; এতিয়া তাত বিভ্রান্তিৰ সৃষ্টি হৈছে।
5 Ẹ má ṣe gba ọ̀rẹ́ kan gbọ́; ẹ má sì ṣe gbẹ́kẹ̀lé amọ̀nà kankan. Pa ìlẹ̀kùn ẹnu rẹ fún ẹni tí ó sùn ní oókan àyà rẹ.
৫কোনো চুবুৰীয়াক বিশ্বাস নকৰিবা, কোনো বন্ধুৰ ওপৰত আস্থা নাৰাখিবা, তুমি কি কৈছা, সেই বিষয়ে সাৱধান হোৱা, এনে কি, যি মহিলাই তোমাৰ আঁৰত মিছা কথা কয়, তেওঁৰ প্রতিও সাৱধান হোৱা;
6 Nítorí tí ọmọkùnrin kò bọ̀wọ̀ fún baba rẹ̀, ọmọbìnrin sì dìde sí ìyá rẹ̀, aya ọmọ sí ìyá ọkọ rẹ̀, ọ̀tá olúkúlùkù ni àwọn ará ilé rẹ̀.
৬কাৰণ পুত্রই নিজৰ পিতৃক অমান্য কৰে, জীয়েকে নিজৰ মাতৃৰ বিৰুদ্ধে উঠে, আৰু বোৱাৰীয়েকে নিজৰ শাহুৱেকৰ বিৰুদ্ধে উঠে; তেওঁৰ নিজৰ ঘৰৰ মানুহেই তেওঁৰ শত্ৰু হয়;
7 Ṣùgbọ́n ní tèmi, èmi ní ìwòye ní ìrètí sí Olúwa, èmi dúró de Ọlọ́run olùgbàlà mi; Ọlọ́run mi yóò sì tẹ́tí sí mi.
৭কিন্তু মই হ’লে, যিহোৱালৈ অপেক্ষা কৰিম; মই মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ অপেক্ষা কৰিম; মোৰ ঈশ্বৰে মোৰ কথা শুনিব।
8 Má ṣe yọ̀ mí, ìwọ ọ̀tá mi. Bí mó bá ṣubú, èmi yóò dìde. Nígbà tí mo bá jókòó sínú òkùnkùn Olúwa yóò jẹ́ ìmọ́lẹ̀ fún mi.
৮হে মোৰ শত্রু, মোৰ অহিতে আনন্দ নকৰিবা; মই পৰি যোৱাৰ পাছত, পুনৰ উঠিম, মই যেতিয়া অন্ধকাৰত বহোঁ, তেতিয়া যিহোৱা মোৰ বাবে পোহৰ হয়।
9 Nítorí èmi ti dẹ́ṣẹ̀ sí i, èmi yóò faradà ìbínú Olúwa, títí òun yóò ṣe gba ẹjọ́ mi rò, tí yóò sì ṣe ìdájọ́ mi. Òun yóò sì mú mi wá sínú ìmọ́lẹ̀; èmi yóò sì rí òdodo rẹ̀.
৯কাৰণ মই যিহোৱাৰ অহিতে পাপ কৰিলোঁ, তেওঁ মোৰ বিষয়ে বিচাৰ নকৰালৈকে, মই তেওঁৰ ক্ৰোধ সহন কৰিম, আৰু তেওঁ মোৰ বাবে ন্যায় বিচাৰ কৰিব, তেওঁ মোক পোহৰলৈ আনিব, তেতিয়া ন্যায় বিচাৰেৰে তেওঁ মোক ৰক্ষা কৰা, মই দেখিবলৈ পাম।
10 Nígbà náà ni ọ̀tá mi yóò rí i ìtìjú yóò sì bo ẹni tí ó wí fún mi pé, “Níbo ni Olúwa Ọlọ́run rẹ wà?” Ojú mi yóò rí ìṣubú rẹ̀; nísinsin yìí ni yóò di ìtẹ̀mọ́lẹ̀ bí ẹrẹ̀ òpópó.
১০তেতিয়া মোৰ শত্রুৱে সেয়া চাব, “তোমাৰ ঈশ্বৰ যিহোৱা ক’ত?” বুলি সোধা জন লাজত পৰিব, মোৰ দৃষ্টিয়ে তেওঁক চাব; তেওঁক বাটৰ বোকাৰ নিচিনাকৈ গচকা হ’ব।
11 Ọjọ́ tí a ó mọ odi rẹ yóò dé, ọjọ́ náà ni àṣẹ yóò jìnnà réré.
১১তোমাৰ দেৱালবোৰ নিৰ্মাণ কৰাৰ দিন আহিছে; সেই দিনা সীমাবোৰ দূৰলৈকে সম্প্ৰসাৰিত হ’ব।
12 Ní ọjọ́ náà àwọn ènìyàn yóò wá sọ́dọ̀ rẹ láti Asiria àti ìlú ńlá Ejibiti àní láti Ejibiti dé Eufurate láti Òkun dé Òkun àti láti òkè ńlá dé òkè ńlá.
১২সেই দিনা অচূৰৰ পৰা মিচৰত থকা নগৰবোৰলৈকে, মিচৰৰ পৰা বৃহত নদীলৈকে, সমুদ্ৰৰ পৰা সমুদ্রলৈকে, আৰু পৰ্ব্বতৰ পৰা পৰ্ব্বতলৈকে, আপোনাৰ লোকসকল আপোনাৰ ওচৰলৈ আহিব।
13 Ilẹ̀ náà yóò di ahoro fún àwọn olùgbé inú rẹ̀, nítorí èso ìwà wọn.
১৩এতিয়া তাত বাস কৰা লোকসকলৰ, আৰু তেওঁলোকৰ কৰ্মৰ ফলৰ কাৰণে, সেই দেশবোৰ উচ্ছন্ন হ’ব।
14 Fi ọ̀pá rẹ bọ́ àwọn ènìyàn, agbo ẹran ìní rẹ, èyí tí ó ń dágbé nínú igbó ní àárín Karmeli. Jẹ́ kí wọn jẹun ní Baṣani àti Gileadi bí ọjọ́ ìgbàanì.
১৪আপোনাৰ লোকসকলক আৰু আপোনাৰ আধিপত্যৰ পশুৰ জাকক, আপোনাৰ লাখুটিৰে চৰাওক; যদিও তেওঁলোক কর্মিল পাহাৰৰ অৰণ্যত অকলশৰে আছে, তথাপিও তেওঁলোকক আগৰ দৰেই, বাচানত আৰু গিলিয়দত খাবলৈ দিয়ক।
15 “Bí i ọjọ́ tí ó jáde kúrò ní Ejibiti wá, ni èmi yóò fi ohun ìyanu hàn án.”
১৫তোমালোক মিচৰৰ দেশৰ পৰা ওলাই অহা দিনৰ দৰে, মই তেওঁলোকক আচৰিত কাৰ্য দেখুৱাম।
16 Orílẹ̀-èdè yóò rí i, ojú yóò sì tì wọ́n, nínú gbogbo agbára wọn. Wọn yóò fi ọwọ́ lé ẹnu wọn, etí wọn yóò sì di.
১৬দেশবাসীয়ে সেই সকলো দেখিব আৰু নিজৰ সকলো পৰাক্ৰমৰ বিষয়ে লাজ্জিত হ’ব, তেওঁলোকে তেওঁলোকৰ হাত মুখত দিব, আৰু তেওঁলোকৰ কাণ কলা হ’ব।
17 Wọn yóò lá erùpẹ̀ bí ejò, wọn yóò sì jáde kúrò nínú ihò wọn bí ekòló. Wọn yóò bẹ̀rù Olúwa Ọlọ́run wa, wọn yóò sì bẹ̀rù nítorí rẹ̀.
১৭তেওঁলোকে সাপৰ দৰে ধূলি চেলেকিব, আৰু পৃথিবীত বগাই ফুৰা প্ৰাণীৰ দৰে, তেওঁলোকে গুহাৰ পৰা ভয়েৰে বাহিৰ ওলাব; তেওঁলোকে ভয়েৰে আমাৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ আহিব, আৰু আপোনাৰ কাৰণে তেওঁলোকে ভয় কৰিব।
18 Ta ni Ọlọ́run bí rẹ̀, ẹni tí ó dárí ẹ̀ṣẹ̀ jì, tí ó sì fojú fo ìrékọjá èyí tókù ìní rẹ̀? Kì í dúró nínú ìbínú rẹ̀ láéláé nítorí òun ní inú dídùn sí àánú.
১৮পাপ ক্ষমা কৰা, আৰু নিজৰ আধিপত্যৰ অৱশিষ্ট ভাগৰ অপৰাধ এৰি দিয়া, এনে আপোনাৰ দৰে ঈশ্বৰ কোন আছে? আপুনি আপোনাৰ ক্রোধ চিৰকাললৈকে ধৰি নাৰাখে, কাৰণ আপুনি আপোনাৰ নিৰ্ভৰযোগ্য চুক্তি আমাক দেখুৱাবলৈ ভাল পায়।
19 Òun yóò tún padà yọ́nú sí wa; òun yóò tẹ àwọn ẹ̀ṣẹ̀ wa mọ́lẹ̀, yóò sì fa gbogbo àìṣedéédéé wa sínú ibú Òkun.
১৯আপুনি পুনৰ আমাক দয়া কৰিব, আমাৰ অপৰাধবোৰ আপোনাৰ ভৰিৰে গচকিব; আপুনি আমাৰ সকলো পাপ গভীৰ সমুদ্ৰত পেলাই দিব।
20 Ìwọ yóò fi òtítọ́ hàn sí Jakọbu ìwọ yóò sì fi àánú hàn sí Abrahamu, bí ìwọ ṣe búra fún àwọn baba wa láti ọjọ́ ìgbàanì.
২০যি দৰে আপুনি অনাদি কালত আমাৰ পূৰ্বপুৰুষসকলৰ আগত শপত কৰিছিল, সেই দৰে আপুনি যাকোবলৈ সত্যতা আৰু অব্ৰাহামলৈ বিশ্বস্ততাৰ চুক্তি দেখুৱাব।